Biography of Jadav Payeng in Assamese | Jadav Payeng:The Forest Man Of India Life History

Jadav Payeng's Life And Contributions : An Overall Evaluation | Contribution of Jadav Payeng in Social Reformation in Assam

অৰণ্য মানৱ যাদৱ পায়েংৰ জীৱন পৰিক্ৰমা

Hello, aspirants are you preparing for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important topic of Assamese Culture and Literature the Biography of Jadav Payeng (যাদৱ পায়েং) in Assamese for Competitive Exam preparation. Therefore every aspirants need to know the Life History of Jadav Payeng in Assamese for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams. In this regard "Assam GK Gyan" decides to provide you the Madhab Kandali's Life And Contributions : An Overall Evaluation for Assam Tet exam. Infact the Contribution of Jadav Payeng in Social Reformation in Assam will be a key topic in the Assamese Literature and Assam GK section for the upcoming Assam Govt Exams. So the Biography of Jadav Payeng in Assamese Language for APSC/Assam TET 2022 will be a pedestrian to crack your exam.

Biography of Jadav Payeng in Assamese | Jadav Payeng:The Forest Man Of India

Life History of Jadav Payeng

Jadav Payeng's Life And Contributions

In this article we have provided you most important Assam GK on Assamese Culture and Literature topic Jadav Payeng's Life And Contributions for the upcoming Assam TET exam. So, read this important article on Contribution of Jadav Payeng in Social Reformation in Assam for Assam govt exams. These General Knowledge Quiz on Jadav Payeng are extremely important and should be a part of your preparation.

GK Quiz on Jadav Payeng : Assam APSC GK Questions

In order to succeed in the prestigious Assam TET, Assam Direct Recruitment Grade III and Grade IV Exam 2022, it is important that the aspirant has access to the all the Assam GK questions & Answers. Specially the toppers of APSC/Assam TET exams recommend that aspirant start their preparation with the most important topics of syllabus such as Assamese Culture and Literature of Assam for the upcoming exams.

A Brief note on Jadav Payeng

Here we are discussing about the Biography of Jadav Payeng in Assamese. Read this most important article on Life History of Forest Man Of India Jadav Payeng in Assamese in order to answer the questions :

Biography of Jadav Payeng in Assamese | Life History of Jadav Payeng in Assamese

অৰণ্য মানৱ যাদৱ পায়েংৰ জীৱন পৰিক্ৰমা

জন্ম : ১৯৬৩ অসম, ভাৰত

অন্য নাম : মুলাই 

পেচা :অৰণ্য নিৰ্মাতা 

সক্ৰিয় হৈ থকা সময় : ১৯৮০ চনৰ পৰা বৰ্তমানলৈ

দাম্পত্যসঙ্গী : বিনীতা পায়েং

বঁটা, সন্মান, পুৰস্কাৰ আদি: পদ্মশ্ৰী বঁটা (২০১৫) 

অৰণ্য মানৱ যাদৱ পায়েং এগৰাকী পৰিৱেশ কৰ্মী। মুলাই তেখেতৰ উপনাম। তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা এই অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে 'মুলাই কাঠনি' নামেৰে নামকৰণ কৰাহৈছে । ঔনামুখ চাপৰিটো ব্ৰহ্মপুত্ৰৰ এটা বৃহৎ চৰ ৷ ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৭ কিলোমিটাৰ আৰু বহলে প্ৰায়১৫ কিলোমিটাৰ ৷

১৯৮০ চনত তেখেতে অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰে। আজি সেই অৰণ্যত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী দেখা যায়। কেইবিধমান মূল্যবান উদ্ভিদ হ'ল- অৰ্জুন,এজাৰ, গোলমোহৰ, কৰৈ, মজ,শিমলু আদি।

প্ৰাণীৰ ভিতৰত গঁড়, ঢেকিয়া পতীয়া বাঘ,হৰিণা, বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই, শগুন আদিয়েই প্ৰধান।শেহতীয়াকৈ নতুন দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক 'ভাৰতৰ অৰণ্যমানৱ’ (ফৰেষ্ট মেন অৱইণ্ডিয়া) উপাধি প্ৰদান কৰিছেতেওঁক ২০১৫ চনৰ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। 

অৰণ্য মানৱ যাদৱ পায়েংৰ কৰ্ম জীৱন - 

১৯৭৯ চনত ষোল্ল বছৰ বয়সত যাদৱ পায়েঙে বানপানীয়ে উটুৱাই অনা বহু সাপ মৃত্যুমুখত পৰা প্ৰত্যক্ষ কৰে আৰু অন্তৰত দুখ পায়। ১৯৮০চনত গোলাঘাট জিলাৰ বনবিভাগে ককিলামুখৰ পৰা ৫ কিলোমিটাৰ দূৰত ঔনামুখ চাপৰিৰ ২০০ হেক্টৰ অঞ্চলত বৃক্ষৰোপণৰ আঁচনিগ্ৰহণ কৰে। পাঁচ বছৰত সম্পূৰ্ণ হোৱা এই প্ৰকল্পত মুলাই ডাঙৰীয়াও আছিল এজন কৰ্মী। প্ৰকল্প শেষ হোৱাৰ পিছত আনবোৰ কৰ্মী গুছি গ'লেও মুলাই ডাঙৰীয়াই অধিক গছ ৰোৱা আৰু সেইবোৰৰ চোৱা-চিতা কৰা কাম আৰম্ভ কৰে। এতিয়া 'মুলাই কাঠনিবাৰী 'নামৰে জনা যোৱা হাবিখনত ঢেঁকীয়াপতীয়া বাঘ,এশিঙীয়া গঁড়, এশৰো অধিক হৰিণা, শহাপহু, বান্দৰ আৰু অনেক প্ৰজাতিৰ চৰাই আছে। তাত থকা কেইবাহাজাৰো গছৰ ভিতৰত শিমলু, বাঁহ,শিশু, ডিমৰু, ভেলকৰ, অৰ্জুন,এজাৰ, বগৰী, গমাৰি,সোণাৰু, কৃষ্ণচূড়া, চেগুন আদি প্ৰধান। ৫৫০ হেক্টৰ জুৰি কেৱল বাঁহ গছেই আছে। ১০০টা হাতীৰ এটা জাক প্ৰতিবছৰে হাবিখনলৈ আহে আৰু প্ৰায় ছমাহমান সময় থাকে। যোৱা কেইটা মানবছৰত হাবিখনত জাকটোৰ ১০টা পোৱালিও জন্ম হৈছে। 

২০০৮ চনত হাতীৰ এটা জাকে হাবি খনৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দূৰৰ ঔনাচাপৰি গাঁৱত সম্পত্তিৰ হানি কৰিছিল আৰু সেই হাতী জাকৰ সন্ধান কৰোঁতেই বন বিভাগে এই হাবিখনৰ কথা জানিবলৈ পায়।কেইবছৰমান আগতে চোৰাং চিকাৰীয়ে হাবিখনত থকা গঁড় হত্যা কৰিবলৈ চেষ্টা চলায় যদিও মুলাইয়ে বনবিষয়াক এই কথা জনায়। বনবিষয়া আহি চোৰাং চিকাৰীয়ে পাতি থোৱা বিভিন্ন বস্তু জব্দ কৰে। যাদৱ পায়েঙ দেৱে হাবি খনৰ চোৱা-চিতা আৰু ভালকৈ কৰিবলৈ আৰু অসমৰ আন ঠাইত এনে কাম আৰম্ভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। ব্ৰহ্মপুত্ৰ নদীৰ আন এটা চাপৰিতো গছ ৰোৱা তেওঁৰ আন এটা লক্ষ্য। 

অৰণ্য মানৱ যাদৱ পায়েং ব্যক্তিগত জীৱন - 

'মুলাই অৰণ্য'তে পঁজাঘৰ সাজি পত্নী বিনীতা পায়েং, দুজন পুত্ৰ আৰুএগৰাকী কন্যাৰ সৈতে মিচিং জনগোষ্ঠীয় যাদৱ পায়েঙে বাস কৰে। গৰু আৰু ম'হৰ গাখীৰ বিক্ৰী কৰাই তেখেতৰ একমাত্ৰ জীৱিকা। শেহতীয়া সাক্ষাৎকাৰ এটাত তেওঁ কয় যে তেওঁৰ প্ৰায় ১০০ টা মান গৰু আৰু ম'হ বাঘে বধ কৰিছে। কিন্তু ইয়াৰ বাবে তেওঁ হাবি-বন ধ্বংস কৰা মানুহকহে দোষাৰোপ কৰে। 

অৰণ্য মানৱ যাদৱ পায়েং সন্মান আৰু স্বীকৃতি -

২০১২ চনৰ ২২ এপ্ৰিলৰ দিনা ধৰিত্ৰী দিৱসৰ(Earth Day) লগত সংগতি ৰাখি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালৰ পৰিবেশ বিজ্ঞান বিভাগে যাদৱ পায়েঙক সন্মান জনাবলৈ এখন জনসভাৰ আয়োজন কৰে। সেইদিনা তেখেতে বিশ্ববিদ্যালয় চৌহদত প্ৰতীকী ৰূপত পাঁচজোপা বৃক্ষৰোপণ কৰে। মেগচেচে বঁটা বিজয়ী, জলমানৱ ৰূপেখ্যাত ৰাজেন্দ্ৰ সিং আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুধীৰ কুমাৰ সোপোৰিয়ে অংশ লোৱা এটা প্ৰশ্নোত্তৰ অনুষ্ঠানত পায়েঙে তেখেতৰ অভিজ্ঞতাৰ বৰ্ণনা কৰে। এই অনুষ্ঠানতে উপাচাৰ্য সোপোৰিয়ে তেখেতক "ভাৰতৰ অৰণ্য মানৱ" (Forest Man of India) আখ্যা দিয়ে। তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।

২০২০ চনত যাদৱ পায়েঙক ১২৮ সংখ্যক "কমনৱেলথ পইণ্টছ্ অৱ লাইট এৱাৰ্ড" বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। পৰিৱেশ সুৰক্ষালৈ আগবঢ়োৱা স্বেচ্ছামূলক অৱদানৰ বাবে ৰাণী দ্বিতীয় এলিজাবেথে তেওঁক এই স্বীকৃতি দিয়ে। 

মেক্সিকোত বৃক্ষৰোপণ :

২০২০ চনৰ ডিচেম্বৰত যাদৱ পায়েঙে মেক্সিকোৰ 'আজটেকা নামৰ বেচৰকাৰী সংস্থা এটাৰ সৈতে এখন বিশেষ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি পায়েঙৰ সহযোগিতাত উত্তৰ আমেৰিকাৰ মেক্সিকো দেশৰ আঠ লাখ হেক্টৰ ভূমিত সত্তৰ লাখ গছপুলি ৰোৱাৰ সিদ্ধান্ত লোৱা হয়। ২০২১ চনত যাদৱ পায়েঙক মেক্সিকো চৰকাৰে দহবছৰৰ বাবে ভিছা প্ৰদান কৰে। বিশেষ কৰ্মটো সম্পাদন কৰাৰ উদ্দেশ্যেৰে পায়েঙে ২০২১ চনত মেক্সিকোলৈ তিনিমাহৰ বাবে গমন কৰিব। এই বিদেশ-যাত্ৰা বছৰেকীয়া হ'ব। মেক্সিকোৰ পৰিৱেশ আৰু জলবায়ু ছেপ্টেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ মাহতহে গছ ৰোৱাৰ বাবে অনুকূল। পায়েংৰ এই কৰ্মত দেশখনৰ এক লাখ শিক্ষাৰ্থীয়ে প্ৰতি দিনাই অংশগ্ৰহণ কৰিব।

এই সন্দৰ্ভত পায়েঙে কয় যে, “The Mexico government has provided me visa for 10 years. I shall be in Mexico for three months every year -- September, October and November -- That time is suitable to plant trees in Mexico. I will have to involve myself with one lakh students per day for the massive plantation drive.” পায়েঙে অসমৰ পৰা মেক্সিকোত ৰুবৰ বাবে তামোল আৰু নাৰিকলৰ পুলি লৈ যাব।

যাদৱ পায়েঙৰ জীৱন আৰু কৰ্ম-আধাৰিত এখনি সচিত্ৰ ইংৰাজী ভাষাৰ গ্ৰন্থ ২০১৯ চনৰ ১৫ মাৰ্চত প্ৰকাশ হৈ ওলায়। গ্ৰন্থখনৰ নাম হৈছে 'The Boy who grew a forest: The True Story of Jadav Payeng' (অৰণ্য গঢ়া ল'ৰাজন: যাদৱ পায়েঙৰ সঁচা কাহিনী)। শিশু-কিশোৰৰ বাবে যুগুতোৱা এই বিশেষ গ্ৰন্থখনৰ লেখিকা হৈছে ছ'ফিয়া গোলজ্ (Sophia Gholz)। ৩২ পৃষ্ঠাৰ এই গ্ৰন্থখনৰ ভিতৰৰ ছবিসমূহ আঁকিছে কায়লা হাৰেনে। গ্ৰন্থখনে কেইবাটাও পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰে ভিতৰত ফ্লৰিডা ষ্টেট বুক বঁটা (সোণৰ পদক), গ্ৰীণ আৰ্থ বুক বঁটা, ইউৰেকা অকাহিনীমূলক শিশু গ্ৰন্থৰ সন্মান আদি প্ৰধান। গ্ৰন্থখনে পাঠক-সমালোচকৰ পৰাও ইতিবাচক মন্তব্য লাভ কৰে। আমেৰিকান আলোচনী "বুকলিষ্ট"-এ কয় যে, “পায়েঙৰ কাহিনীটো স্বতঃস্ফূৰ্ততাৰে কোৱা হৈছে আৰু সুন্দৰকৈ চিত্ৰিত কৰা হৈছে। পাঠকসকলে কিতাপখনৰ জৰিয়তে নিজস্ব দৃঢ়তাৰ শক্তিৰ উমান পাব।” (“Payeng’s story is eloquently told and beautifully illustrated. It will inspire readers to recognize the power of individual determination…”)

Must Read : Life History of Madhabdev in Assamese

Must Read : Life History of Ananta Kandali in Assamese

Must Read : Life History of Madhab Kandali in Assamese

Must Read : Biography of Ram Saraswati in Assamese

Must Read : Biography of Chandra Kumar Agarwal in Assamese

Must Read : Biography of Lokpriya Gopinath Bordoloi in Assamese

Must Read : Biography of Bishnu Prasad Rabha in Assamese

Download General Knowledge E-book for Competitive Exam - Click Here

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

• অসম দিৱস বা ছ্যুকাফা দিৱসৰ বিষয়ে

• Renowned Writers of Assamese Literature and Culture

Bir Chilarai-The Great Warrior of Koch Kingdom

Well if you like the Biography of Jadav Payeng in Assamese | Life History of Jadav Payeng in Assamese for Competitive Exam do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.