Biography of Mahapurush Madhabdev in Assamese | Life History of Madhabdev in Assamese

Mahapurush Madhavdev's Life And Contributions : An Overall Evaluation | Contribution of Madhabdev in Social Reformation in Assam

মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জীৱন পৰিক্ৰমা

Hello, aspirants are you preparing for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important topic of Assamese Culture and Literature the Biography of Mahapurush Madhabdev in Assamese for Competitive Exam preparation. Therefore every aspirants need to know the Life History of Madhabdev in Assamese for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams. In this regard "Assam GK Gyan" decides to provide you the Mahapurush Madhavdev's Life And Contributions : An Overall Evaluation for Assam Tet exam. Infact the Contribution of Madhabdev in Social Reformation in Assam will be a key topic in the Assamese Literature and Assam GK section for the upcoming Assam Govt Exams. So the Biography of Mahapurush Madhabdev in Assamese Language for APSC/Assam TET 2022 will be a pedestrian to crack your exam.

Biography of Mahapurush Madhabdev in Assamese | Life History of Madhabdev in Assamese

Mahapurush Sri Sri Madhabdev

Mahapurush Madhavdev's Life And Contributions

In this article we have provided you most important Assam GK on Assamese Culture and Literature topic Mahapurush Madhavdev's Life And Contributions for the upcoming Assam TET exam. So, read this important article on Contribution of Madhabdev in Social Reformation in Assam for Assam govt exams. These General Knowledge Quiz on Mahapurush Madhavdev are extremely important and should be a part of your preparation.

GK Quiz on Mahapurush Madhavdev : Assam APSC GK Questions

In order to succeed in the prestigious Assam TET, Assam Direct Recruitment Grade III and Grade IV Exam 2022, it is important that the aspirant has access to the all the Assam GK questions & Answers. Specially the toppers of APSC/Assam TET exams recommend that aspirant start their preparation with the most important topics of syllabus such as Assamese Culture and Literature of Assam for the upcoming exams.

Mahapurush Sri Sri Madhabdev

Madhabadeva (1489-1596) is one of the most popular preceptors of Ekasarana Dharma. After Sankaradeva, he is the next outstanding figure in Assamese literature. Assam is known as the state of Ekasarana Dharma because of these two legends, Sankaradeva and Madhabadeva. Madhabadeva made a significant contribution to the development of his Guru Sankaradeva's legacy to enlighten the people of that era. There is also a graceful flow in Madhabadeva’s style which is as expressive and captivating as that of his master. 

Madhabadeva’s contributions to the modern dramas are also significant works for the Assamese literature of that period. He is known particularly for his book of hymns, the ‘Naam Ghosha’. This gave a strong impetus towards Assamese literature. The Borgeet written by both Sankardeva and Madhabadeva is known as the soul song of Assam. 

Biography of Mahapurush Madhabdev in Assamese | Life History of Madhabdev in Assamese

Here we are discussing about the Biography of Mahapurush Madhabdev in Assamese. Read this most important article on Life History of Madhabdev in Assamese in order to answer the questions :

মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জীৱন পৰিক্ৰমা

নাম : মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ

জন্ম চন : ১৪৮৯ খ্ৰীষ্টাব্দ অৰ্থাৎ ১৪১১ শকৰ জেঠ মাহৰ কৃষ্ণা প্ৰতিপদ তিথি

জন্ম স্থান : লক্ষীমপুৰৰ নাৰায়ণপুৰ

পিতৃৰ নাম : গোবিন্দগিৰি

মাতৃৰ নাম : মনোৰমা

ভ্ৰাতৃ আৰু ভগ্নী : দামোদৰ আৰু ঊৰ্বশী

মৃত্যু : ১৫৯৬ খ্রীষ্টাব্দ

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষ ভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। 

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্ম হৈছিল লক্ষীমপুৰৰ নাৰায়ণপুৰত ১৪৮৯ খ্ৰীষ্টাব্দ অৰ্থাৎ ১৪১১ শকৰ জেঠ মাহৰ কৃষ্ণা প্ৰতিপদ তিথিত। সেইদিনা আছিল ৰবিবাৰ। মাধৱদেৱৰ পিতৃ আছিল গোবিন্দগিৰি আৰু মাতৃ আছিল মনোৰমা। মাধৱদেৱৰ জন্মৰ সময়ত তেওঁৰ পিতৃ-মাতৃ হৰশিঙা বৰা উজীৰৰ ঘৰত। জন্মৰ পাছতে দৈৱজ্ঞই গণনা কৰোঁতে মাধৱদেৱৰ নামকৰণ কৰিলে ৰত্নাকৰ বুলি।মাধৱদেৱৰ ককায়েকৰ নাম আছিল দামোদৰ আৰু ভনীয়েকৰ নাম আছিল ঊৰ্বশী। এই ঊৰ্বশীৰ স্বামীৰ নাম আছিল ৰাম দাস।

মাধৱদেৱৰ জন্মস্থান, উজীৰৰ টোল

গুৰুচৰিতৰ আঁত ধৰি একাংশই হৰিশিঙা বৰা উজীৰৰ টোলত মাধৱদেৱৰ জন্ম হয় বুলি একাংশই নিশ্চিত কৰি অঞ্চলটোৰ পুৰ্বৰ বাসিন্দা আৰু আঢ্যৱন্ত লোকৰ সহায়ত উজীৰৰ টোল বুলি ৰঙাজান অঞ্চলৰ ১৫ পূৰা মাটিৰে উত্তৰে পাঁচটি আৰু পূবে পাঁচটি পুৰণি বৰ পুখুৰী আৰু ঢাপেৰে বৃহত বাহিৰ টোল, আহল বহল ছয়টি ঘৰৰ ভেটি আৰু ঢাপেৰে সৈতে এটি ভিতৰ টোলৰ উপযোগী স্থান চিনাক্তকৰণ কৰি ইয়াকে উজীৰৰ টোল হব বুলি ঠাৱৰ কৰে। ১৯২৬ চনৰ পৰাই উজীৰৰ টোলতে মাধৱদেৱৰ জন্মস্থান বুলি সাধাৰণভাৱে নামঘৰ সাজি নাম-কীৰ্তন কৰাৰ ব্যৱস্থাৰে মাধৱদেৱৰ জন্মস্থান, উজীৰৰ টোল, ৰঙাজান’ প্ৰতিষ্ঠা হয় বুলিব পাৰি।

পৰৱৰ্তী সময়ত মাধৱদেৱৰ জন্মস্থান নিৰ্ণয়ৰ ক্ষেত্ৰত স্থানীয় লোকৰ মতভেদ হোৱা দেখা যায়। শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান নিৰ্ণয় কৰিবৰ বাবে ১৯৫৬ চনত সাহিত্যিক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তদানীন্তন পদাধিকাৰ পণ্ডিত ডিম্বেশ্বৰ নেওগদেৱৰ সভাপতিত্বত গঠিত হোৱা জন্মস্থান নিৰ্ণয় সমিতিয়ে কাচিকটাৰ এৰাসুঁতিত শিলডুবিৰ সমীপ্যই তদুপৰি প্ৰথম আৰু প্ৰধানকৈ ৰাজবিষয়াৰ উপযোগী টোলৰ সুস্পষ্ট নিদৰ্শনে’ ৰঙাজান জন্মস্থান খনিকেই গুৰুজনাৰ জন্মস্থান বুলি মত দিয়ে। ফলত আজিও মাধৱদেৱৰ জন্মস্থান সম্পৰ্কে ভ্ৰান্তি আঁতৰা নাই। সেইবাবে ৰঙাজান আৰু লেতেকুপুখুৰী দুয়ো ঠাইতে মাধৱদেৱৰ জন্মস্থান বুলি দুয়োপক্ষই দাবী কৰি আহিছে।

মণি-কাঞ্চণ সংযোগ :

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ আগতে মহাপুৰুষ মাধৱদেৱ শাক্ত ধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে যদিহে মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনীজোঁৱায়েকক পাচিলে। ভনীজোঁৱায়েকে তেওঁৰ কথা নুশুনি ক’লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপাই। ভনীজোঁৱায়েকে তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা ক’লে আৰু তেওঁকো শংকৰদেৱৰ ওচৰত শৰণ ল’বৰ বাবে উপদেশ দিলে। এই কথা শুনি মাধৱদেৱে শংকৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে। শেষত শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি তেওঁ শংকৰদেৱে প্ৰৱৰ্তন কৰা একশৰণ ধৰ্মত দীক্ষা ল’লে। শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক মণি-কাঞ্চণ সংযোগ বুলি জনা যায়।

অসমীয়া বৈষ্ণৱ সাহিত্যলৈ মাধৱদেৱৰ অৱদান

সাহিত্য ৰচনা

ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা। এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি এঘাৰটা (এশ একান্নবৈটা) মান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ’ল – তেজৰে কমলাপতি

• আখ্যানমূলক ৰচনা

ৰাজসূয় কাব্য

আদিকাণ্ড ৰামায়ণ(অনুবাদ)

• তত্ত্বমূলক ৰচনা

জন্মৰহস্য

ভক্তি ৰত্নাৱলী

নামমালিকা

• নাট

অৰ্জুন ভঞ্জন প্ৰথমখন নাট।

দধিমথন

চোৰ-ধৰা

পিম্পৰা-গুচোৱা

ভূমি-লেটোৱা

ভোজন-বিহাৰ

• ঝুমুৰা

চোৰধৰা

পিম্পৰা গুচোৱা

ভোজন বিহাৰ (ঝুমুৰা)

ভূমি লেটোৱা (ঝুমুৰা)

কোটোৰা খেলা

• অন্যান্য ৰচনা

ৰাস ঝুমুৰা

আখ্যানমূলক ৰচনা : মাধৱদেৱে ৰচনা কৰা আখ্যানমূলক ৰচনা দুখন৷ ইয়াৰে প্ৰথমখন এখন অনুবাদমূলক ৰচনা৷ প্ৰাক্‌-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলিয়ে ৰচনা কৰা ৰামায়ণখনৰ আদি আৰু উত্তৰা কাণ্ডটো বিচাৰি নোপোৱা হেতু শংকৰদেৱৰ নিৰ্দেশ অনুসৰি মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ডটো অনুবাদ কৰে৷ উল্লেখযোগ্য যে মাধৱদেৱৰ  এই অনুবাদটি সৰ্ম্পূণৰূপে  বাল্মীকি ৰামায়ণৰ আদিকাণ্ডৰ আধাৰত ৰচিত হোৱা নাই, কাৰণ ইয়াত মাধৱদেৱে নিজস্ব ধৰণে ৰাম কথা সংযোগ কৰিছে৷ কবিজনাই নিজস্ব মৌলিক প্ৰতিভাৰ প্ৰমাণ দি  তদানীন্তন সমাজত মৌখিক পৰম্পৰাত প্ৰচলিত ৰামকথাৰ আধাৰত এই কাণ্ডটি নতুন ধৰণে সজাইছে৷ এই সন্দৰ্ভত সত্যেন্দ্ৰনাথ শৰ্মাৰ এষাৰ মন্তব্য স্মৰ্তৱ্য— ‘‘আদিকাণ্ডৰ বহুখিনি কথা আৰু বৰ্ণনা কৃত্তিবাসী ৰামায়ণৰ লগত মিলে, বাল্মীকিত এইবোৰ কথা নাই৷ সম্ভৱতঃ বাণ্ডুকাত থাকোতে কৃত্তিবাসী ৰামায়ণৰ লগত মাধৱদেৱৰ পৰিচয় ঘটিছিল, তাৰ প্ৰভাৱ তেওঁৰ আদিকাণ্ডত লক্ষ্য কৰা যায়৷’’

মাধৱদেৱৰ 'ৰাজসূয় কাব্য' হ'ল দ্বিতীয়খন আখ্যানমূলক ৰচনা৷ তেওঁৰ কবিত্বৰ উজ্বল নিদৰ্শনস্বৰূপ এইখন কাব্যৰ বিষয়বস্তু শ্ৰীমদ্ভাগৱত পুৰাণৰ অন্তৰ্গত দশম স্কন্ধৰ ৭০-৭৫ অধ্যায়ৰ পৰা আহৃত৷ ইয়াৰ উপৰি কাব্যখন অধিক মনোগ্ৰাহী কৰি তুলিবলৈ কবিবৰে মাজে মাজে মহাভাৰতৰ সভাপৰ্বৰ বিষয়বস্তুও সংযোজন কৰিছে৷  

মাধৱদেৱৰ সূক্ষ্ম আৰু ৰসাল বৰ্ণনা ৰীতিৰ নিদৰ্শন বহন কৰিছে এইখন কাব্যই৷ ইয়াৰ উদাহৰণ হিচাপে আমি কাব্যখনত সন্নিবিষ্ট  'শ্ৰীকৃষ্ণ সমদলে দ্বাৰকাৰ পৰা ইন্দ্ৰপ্ৰস্থলৈ যাত্ৰাৰ বৰ্ণনা', 'ভীম-জৰাসন্ধৰ থৈয়া-নথৈয়া যুদ্ধ', 'পাণ্ডৱৰ যজ্ঞশালাত শিশুপালৰ গৰ্ববাক্য' আদি বৰ্ণনালৈ আঙুলিয়াব পাৰোঁ৷ বিভিন্ন চিত্তচমৎকাৰী আৰু বীৰত্বব্যঞ্জক বৰ্ণনাই কাব্যখনত স্থান লভিছে যদিও কবিৰ মূল আদৰ্শ ভক্তি ৰসৰ প্ৰকাশ আন্তঃসলিলা ফল্গুৰ দৰে গোটেই কাব্যখনতে বিৰাজমান৷

তত্ত্বমূলক ৰচনা : মাধৱদেৱে ৰচনা কৰা তত্ত্বমূলক ৰচনা চাৰিখিন৷ তাৰে এখন হ'ল 'জন্মৰহস্য' ৷ চিলাৰায়ৰ পত্নী ৰাণী ভুৱনেশ্বৰীৰ অনুৰোধত মাধৱদেৱৰ ৰচনা কৰা এই সৰু গ্ৰন্থখনত সৃষ্টি আৰু প্ৰলয়ৰ বৰ্ণনাৰে হৰি শ্ৰেষ্ঠত্ব ঘোষণা কৰা হৈছে৷ মাধৱদেৱৰ তত্ত্বপূৰ্ণ ৰচনাৰ ভিতৰত 'ভক্তি ৰত্নাৱলী'খনৰ স্থান ভক্ত সমাজত অতি ওপৰত৷ আনকি নৱ-বৈষ্ণৱ পৰম্পৰাৰ চাৰি পুথিৰ ভিতৰত ভক্তি ৰত্নাৱলীও এখন৷ মূল সংস্কৃত 'ভক্তি ৰত্নাৱলী'খন ৰচনা কৰিছিল বিষুপুৰী সন্ন্যাসীয়ে৷ এইগৰাকী পণ্ডিতেই ভক্তি ৰত্নাৱলীৰ 'কান্তিমালা' নামৰ এখন টীকাও ৰচনা কৰিছিল৷ এই দুখন গ্ৰন্থৰ আধাৰত মহপুৰুষ মাধৱদেৱে 'পদবন্ধে' ভক্তি ৰত্নাৱলীখন অনুবাদ কৰে৷ নৱবিধাভক্তি আৰু সৎসংগৰ মাহাত্ম্য বৰ্ণনা কৰা এই পুথিখন নান্দনিক দিশৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ নহয় যদিও তাত্ত্বিক দিশৰ পৰা অসমীয়া বৈষ্ণৱ পৰম্পৰাত বিশেষ তাৎপৰ্য বহন কৰিছে৷মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা হিচাপে পৰিচিত পুথিখন হ'ল 'নামঘোষা'৷

নামঘোষা প্ৰায় এহেজাৰ পদৰ সমষ্টি আৰু সেইবাবে এই গ্ৰন্থৰ আন এটা  নাম 'হেজাৰী ঘোষা'৷ এই গ্ৰন্থখনৰ প্ৰায় ছশমান পদ বিভিন্ন সংস্কৃত শ্লোকৰ অনুবাদ আৰু বাকী চাৰিশ মাধৱদেৱৰ স্বকীয় সৃষ্টি৷ উল্লেখ্য যে বিভিন্ন পুৰাণৰ পৰা অনূদিত বিষয়খিনি  তেওঁ এনেদৰে আত্মভূত কৰি পেলাইছিল যে তাত অনুবাদৰ ক্লিষ্টতা মুঠেই অনুভৱ কৰা নাযায়৷ আনহাতে মাধৱদেৱ আছিল এগৰাকী সুপণ্ডিত, সুগায়ক আৰু সুকবি৷ এই তিনিওটা গুণৰ সমাৱেশ ঘটিছে তেওঁৰ আধ্যাত্মিক জীৱনৰ ছন্দোময় প্ৰকাশ নামঘোষাত৷ নামঘোষাখন মাধৱদেৱৰ 'মহাপ্ৰস্থানিক গীত' হিচাপেও বাণীকান্ত কাকতিয়ে আখ্যা দিছে৷

জীৱনৰ শেষৰ ফালে কোচবিহাৰত থকা সময়ছোৱাতে প্ৰণয়ন কৰা নামঘোষাখনত বাণীকান্ত কাকতিয়ে তিনিটা ভাবৰ ধাৰা মিহলি হৈ আছে বুলি কৈছে, যথা (ক) পুণ্যশ্লোক শঙ্কৰৰ স্মৃতি (খ) মাধৱদেৱৰ আত্মলঘিমা আৰু (গ) কৃষ্ণ ভক্তি মাহাত্ম্য৷ অৱশ্যে এই ত্ৰিধাৰাৰো মূল উৎস এটাইসেইটো হৈছে মাধৱদেৱৰ ৰসময়ী ভক্তিৰ গভীৰ আবেগ৷সত্যেন্দ্ৰনাথ শৰ্মাই বিষয়বস্তু অনুসৰি নামঘোষাখনক তিনিটা খণ্ডত ভাগ কৰিছে৷  সেই কেইটা হ'ল প্ৰথম খণ্ডত নামধৰ্মৰ বৈশিষ্ট্যপূৰ্ণ মতবাদ প্ৰতিষ্ঠা, শৰণ ছন্দ নামৰ দ্বিতীয় খণ্ডত লেখকৰ ঐকান্তিক আৰু আত্মবিলুপ্ত হোৱা ভক্তিভাৱৰ কবিত্বময় প্ৰকাশ আৰু তৃতীয় খণ্ডত বিষু-নাৰায়ণৰ নাম, গুণ আৰু মাহাত্ম্য শৃঙ্খলাবদ্ধভাৱে কীৰ্তনৰ সুবিধাৰ বাবে দিয়া হৈছে৷

নামঘোষাৰ দাৰ্শনিক ভিত্তি বেদান্ত দৰ্শন৷ এই কাব্যখনত 'মুক্তিতো নিস্পৃহ যিটো, সেহি ভকতকো নমো' বুলি কৈ মাধৱদেৱে ৰসময়ী ভক্তিৰ ৰস প্ৰবাহত আত্মনিমজ্জন কৰি থাকিব বিচৰা ভকতৰ প্ৰতি নমস্কাৰ জনাইছে৷ আৰু তেওঁ কামনা কৰিছে ভগৱন্ত কৃষ্ণৰ চৰণ প্ৰান্তত আত্মবিসৰ্জন দি ৰসসিক্ত ভক্তিহে৷ মাধৱদেৱে ৰচনা কৰা চতুৰ্থখন তত্ত্বমূলক ৰচনা হ'ল 'নাম-মালিকা'৷

মূলতঃ নামৰ মহিমা আৰু নামলোৱাৰ ফললাভ বৰ্ণনা কৰা এই পুথিখন লক্ষ্মীনাৰায়ণ ৰজাৰ পাত্ৰ বিৰূকাজীৰ অনুৰোধ মতে কৰা এখন অনুবাদ গ্ৰন্থ৷ কোচবিহাৰত থকা কালছোৱাতে মাধৱদেৱে পুৰুষোত্তম গজপতিৰ 'নাম-মালিকা' নামৰ গ্ৰন্থখন সৰল আৰু সৰসভাৱে একে নামেৰে অসমীয়ালৈ অনুবাদ কৰে৷

নাট : মাধৱদেৱে তেওঁৰ গুৰু শঙ্কৰদেৱক অনুসৰণ কৰি  ছখন নাট ৰচনা কৰিছিল— অৰ্জুন ভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন ব্যৱহাৰ আৰু ভূষণ হৰণ (ব্ৰহ্মামোহন)৷ ইয়াৰে প্ৰথম পাঁচখন নাট যে মাধৱদেৱৰ সৃষ্টি তাত সন্দেহ নাই; কিন্তু শেহৰ নাটখন সম্পৰ্কে নানা পণ্ডিতৰ নানা মত৷ কোনো কোনোৰ মতে ভূষণ হৰণ মাধৱদেৱৰ ৰচনা নহয়, ব্ৰহ্মামোহনহে মাধৱদেৱৰ নাট ৷ মাধৱদেৱৰ গুৰুজনাক অনুসৰণ কৰি নাট ৰচনাত প্ৰবৃত্ত হৈছিল যদিও নিজস্ব স্বকীয়তাৰ পৰিচয় দাঙি ধৰি 'ঝুমুৰা' নামেৰে এক নৱ-নাট্য ধাৰাৰ আৰম্ভ কৰে৷

মাধৱদেৱে ৰচনা কৰা অৰ্জুনভঞ্জন বা দধিমথনখনহে নাট বুলি কোৱাৰ বিপৰীতে বাকীখিনিক ঝুমুৰা নামেৰেহে জনা যায়৷ বাল-কৃষ্ণৰ লীলা-খেলা, ভেম-অভিমান, চৌৰ-চাতুৰি চৰ্চৗযক্রিয়াদিৰ মনোৰম বৰ্ণনাৰে মাধৱদেৱৰ নাট কেইখন সিক্ত৷ অৰ্জুনভঞ্জনৰ বাহিৰে বাকী কেইখনত পৰিপূৰ্ণ ঘটনাৰ চিত্ৰণৰ বিপৰীতে ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিস্থিতি বিশেষৰহে বৰ্ণনা চিত্ৰিত হৈছে৷ বাৎসল্যভাৱৰ সুন্দৰ প্ৰকাশ আৰু লঘু কৌতুকপ্ৰদ পৰিস্থিতি বৰ্ণনা কৰি মাধৱদেৱে তেওঁৰ নাট কেইখন সজীৱ আৰু জনপ্ৰিয় কৰি তুলিছে৷

গীত : শঙ্কৰদেৱে ৰচনা কৰা বৰগীতসমূহৰ অধিকাংশই বনপোৰা জুয়ে পোৰাত তেওঁ মনৰ দুখত গীত ৰচনা নকৰোঁ বুলি কৈ মাধৱদেৱক গীত ৰচনা কৰিবলৈ নিৰ্দেশ দিয়ে৷ গুৰু আজ্ঞা শিৰপাতি লৈ মাধৱদেৱে সৰ্বমুঠ ১৫৭ টা গীত ৰচনা কৰে৷

দাস্য আৰু বাৎসল্য দুয়োটা ভাববিশিষ্ট গীত তেওঁ ৰচনা কৰিছে; যদিও মূলতঃ বাৎসল্য ভাব প্ৰধান গীতহে বেছি৷ এই গীতসমূহত মাধৱদেৱৰ ভক্তপ্ৰাণৰ মৰ্মস্পৰ্শী প্ৰকাশ ঘটিছে৷ বাল-গোপালৰ লীলা-খেলা আৰু চৌৰ-চাতুৰীৰ-বৰ্ণনাৰে মাধৱদেৱৰ বৰগীতসমূহ ঋদ্ধ হৈ উঠিছে৷ মাধৱদেৱৰ বৰগীত সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই কোৱা এষাৰ মন্তব্য স্মৰ্তৱ্য— ‘‘গীতবোৰত (বৰগীতবোৰত) শিশু চৰিত্ৰৰ অভিব্যক্ত, বৰ্ণনাৰ সজীৱতা, ভাষাৰ মাধুৰ্য আৰু কবি প্ৰাণৰ উচ্ছাস আৰু হৃদয়ানুভূতি অতি সাৰ্থকভাৱে প্ৰকাশ পাইছে৷ এই ফালৰ পৰা মাধৱদেৱৰ এই বৰগীতবোৰ মহাৰাষ্ট্ৰৰ তুকাৰাম আৰু উত্তৰ ভাৰতৰ সুৰদাসৰ গীতসমূহৰ লগত ৰিজাব পাৰি৷’’

ইতিমধ্যে শংকৰদেৱৰ গীত সম্পৰ্কে কৰা আলোচনাত আমি উল্লেখ কৰিছোঁ যে শংকৰদেৱে তিনিবিধৰ ভটিমা ৰচনা কৰিছিল আৰু তাৰ লগতে মাধৱদেৱে আন এটি শ্ৰেণীৰ ভটিমা যোগ দিয়ে৷ এই শ্ৰেণীটোৰ নামেই 'গুৰু ভটিমা'৷ মাধৱদেৱে তেওঁৰ গুৰু শংকৰদেৱৰ স্তুতি কৰিছে এই শ্ৰেণীৰ ভটিমাত৷

মাধৱদেৱৰ তিৰােভাৱ

মহাপুৰুষ মাধৱদেৱৰ মহিমা আৰু অসাধাৰণ আধ্যাত্মিক ব্যক্তিত্বৰ ওচৰত নতজানু হৈ গুৰু ধৰ্মৰ মহিমা অনুভৱ কৰি ৰজা লক্ষ্মীনাৰায়ণে মাধৱ গুৰুৰ ওচৰত শৰণ কামনা কৰিছিল যদিও ১৫৯৬ খ্রীষ্টাব্দ [১৫১৮ শক]ৰ ভাদ মাহৰ ২৭ দিনৰ দিনা কৃষ্ণা পঞ্চমী তিথিত মাধৱপুৰুষে নৰনাট সামৰে।

এনেই দৰে ধর্ম, মানুহ আৰু গুৰুৰ অৰ্থে উৎসর্গিত মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ পৰিসমাপ্তি ঘটে।

Must Read : Life History of Ananta Kandali in Assamese

• Must Read : Biography of Ram Saraswati in Assamese

• Must Read : Life History of Madhab Kandali in Assamese

• Must Read : Biography of Jadav Payeng in Assamese

• Must Read : Biography of Chandra Kumar Agarwala in Assamese

30 General Knowledge Quiz on Mahapurush Madhavdev : Assam APSC GK Questions

১) 'বঢ়াৰ পো' কোন ?

উত্তৰ- মাধৱদেৱ।

২) শংকৰদেৱে 'বঢ়াৰ পো' বুলি কোনজনা শিষ্যক সম্বোধন কৰিছিল ?

উত্তৰ- মাধৱদেৱক।

৩) মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰ- ১৪৮৯ খ্ৰীঃত।

৪) মাধৱদেৱৰ জন্মস্থান ক'ত ?

উত্তৰ- লক্ষীমপুৰৰ নাৰায়ণপুৰ অঞ্চলত।

৫) মাধৱদেৱৰ পিতৃৰ নাম কি ?

উত্তৰ- গোবিন্দগিৰি।

৬) মাধৱদেৱৰ মাতৃৰ নাম কি ?

উত্তৰ- মনোৰমা।

৭) মাধৱদেৱৰ শিক্ষাগুৰু জনাৰ নাম কি ?

উত্তৰ- ৰাজেন্দ্ৰ অধ্যাপক।

৮) মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল ?

উত্তৰ- ১৫৯৬ খ্ৰীঃত।

৯) মাধৱদেৱৰ মৃত্যু কোন স্থানত হৈছিল ?

উত্তৰ- কোচবিহাৰত।

১০) 'ৰাজসূয় কাব্য' আৰু 'জন্মৰহস্য' কাৰ ৰচনা ?

উত্তৰ- মাধৱদেৱৰ।

১১) 'নামঘোষা' কোনে ৰচনা কৰিছিল ?

উত্তৰ- মাধৱদেৱে।

১২) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ?

উত্তৰ- 'নামঘোষা'।

১৩) 'নামঘোষা'ৰ আন এটা নাম কি ?

উত্তৰ- 'হেজাৰী ঘোষা'।

১৪) ড০ বাণীকান্ত কাকতিয়ে 'নামঘোষা'ক কি আখ্যা দিছে?

উত্তৰ: মহাপ্রস্থানিক গীত।

১৫) 'নামঘোষা'ত কিমানটা ঘোষা আছে?

উত্তৰ: এহেজাৰ।

১৬) মাধৱদেৱৰ নাট কেইখনৰ নাম লিখা।

উত্তৰ: 'অৰ্জুন ভঞ্জন', 'চোৰধৰা', 'পিম্পৰা গুচোৱা', 'ভূমি লেটোৱা' আৰু 'ভোজন বিহাৰ'।

১৭) 'অৰ্জুন ভঞ্জন' নাটৰ আন এটা নাম কি? 

উত্তৰ: 'দধি মথন'।

১৮) 'অৰ্জুন ভঞ্জন' নাটৰ মূল কি?

উত্তৰ: ভাগৱত পুৰাণ।

১৯) মাধৱদেৱৰ 'অৰ্জুন ভঞ্জন' নাটৰ বাহিৰে বাকী কেইখন নাটক কি বোলা হৈছে?

উত্তৰ: ঝুমুৰা।

২০) মাধৱদেৱৰ ঝুমুৰাসমূহৰ মূল কি?

উত্তৰ: কৃষ্ণকর্ণামৃত।

২১) 'ভূষণ হৰণ' কাৰ ৰচনা?

উত্তৰ: মাধৱদেৱৰ।

২২) মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান?

উত্তৰ: ১৫৭ টা।

২৩) মাধৱদেৱৰ 'তেজৰে কমলাপতি' শীর্ষক বৰগীতটি কি বিষয়ক?

উত্তৰ: জাগন বা জাগৰণ।

২৪) মাধৱদেৱৰ একমাত্ৰ কাব্যখনৰ নাম কি?

উত্তৰ: 'ৰাজসূয় কাব্য'।

২৫) মাধৱদেৱৰ 'ৰাজসূয় কাব্য'খন কোন শ্ৰেণীৰ ৰচনাৰ ভিতৰত পৰে?

উত্তৰ: আখ্যানমূলক।

২৬) মাধৱদেৱে কোনখন পুথি চিলাৰায়ৰ পত্নী ৰাণী ভূৱনেশ্বৰীৰ আদেশত ৰচনা কৰিছিল? 

উত্তৰ: 'ৰাজসূয় কাব্য'।

২৭) 'ভক্তি ৰত্নাৱলী' আৰু 'নাম-মালিকা' কাৰ ৰচনা?

উত্তৰ: মাধৱদেৱৰ।

২৮) 'আদিকাণ্ড ৰামায়ণ' কোনে ৰচনা কৰিছিল?

উত্তৰ: মাধৱদেৱে।

২৯) অসমীয়া সাহিত্যত কিমানটা বৰগীত প্ৰচলিত হৈ আছে? নাইবা, অসমত মহাপুৰুষ দুগৰাকীৰ নামত প্ৰচলিত বৰগীত কেইটা?

উত্তৰ: ১৯১ টা।

৩০) অসমৰ বৈষ্ণৱ ধৰ্মৰ 'চাৰিপুথি'ৰ ভিতৰত কোন কেইখন গ্রন্থক সামৰা হয়?

উত্তৰ: শংকৰদেৱৰ 'কীর্তন' আৰু 'দশম' আৰু মাধৱদেৱৰ 'নামঘোষা' আৰু 'ভক্তি-ৰত্নাৱলী'। 

Assamese Culture and Literature GK Set 2

Assamese Culture and Literature GK Set 3

Assamese Culture and Literature GK Set 4

Assamese Culture and Literature GK Set 5

Assamese Culture and Literature GK Set 6

Download General Knowledge E-book for Competitive Exam - Click Here

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

Cultural History of Ahom Kingdom

• Renowned Writers of Assamese Literature and Culture

• Famous Assamese Books and Authors

Well if you like the Biography of Mahapurush Madhabdev in Assamese | Life History of Madhabdev in Assamese for Competitive Exam do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.