Biography of Desh Vakta Tarun Ram Phukan in Assamese | Life History of Tarun Ram Phukan in Assamese

Tarun Ram Phukan's Life And Contributions : An Overall Evaluation | Contribution of Tarun Ram Phukan in Social Reformation in Assam

দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন পৰিক্ৰমা

Hello, aspirants are you preparing for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important topic of Assamese Culture and Literature the Biography of Tarun Ram Phukan (তৰুণৰাম ফুকন) in Assamese for Competitive Exam preparation. Therefore every aspirants need to know the Life History of Desh Vakta Tarun Ram Phukan in Assamese for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams. In this regard "Assam GK Gyan" decides to provide you the Tarun Ram Phukan's Life And Contributions : An Overall Evaluation for Assam Tet exam. Infact the Contribution of Desh Vakta Tarun Ram Phukan in Social Reformation in Assam will be a key topic in the Assamese Literature and Assam GK section for the upcoming Assam Govt Exams. So the Biography of Desh Vakta Tarun Ram Phukan in Assamese Language for APSC/Assam TET 2022 will be a pedestrian to crack your exam.

Biography of Desh Vakta Tarun Ram Phukan in Assamese | Life History of Tarun Ram Phukan in Assamese

Life History of Tarun Ram Phukan

Desh Vakta Tarun Ram Phukan's Life And Contributions

In this article we have provided you most important Assam GK on Assamese Culture and Literature topic Desh Vakta Tarun Ram Phukan's Life And Contributions for the upcoming Assam TET exam. So, read this important article on Contribution of Desh Vakta Tarun Ram Phukan in Social Reformation in Assam for Assam govt exams. These General Knowledge Quiz on Tarun Ram Phukan are extremely important and should be a part of your preparation.

GK Quiz on Tarun Ram Phukan : Assam APSC GK Questions

In order to succeed in the prestigious Assam TET, Assam Direct Recruitment Grade III and Grade IV Exam 2022, it is important that the aspirant has access to the all the Assam GK questions & Answers. Specially the toppers of APSC/Assam TET exams recommend that aspirant start their preparation with the most important topics of syllabus such as Assamese Culture and Literature of Assam for the upcoming exams.

A Brief note on Desh Vakta Tarun Ram Phukan

Here we are discussing about the Biography of Desh Vakta Tarun Ram Phukan in Assamese. Read this most important article on Life History of Desh Vakta Tarun Ram Phukan in Assamese in order to answer the questions :

Biography of Desh Vakta Tarun Ram Phukan in Assamese | Life History of Tarun Ram Phukan in Assamese

দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন পৰিক্ৰমা

জন্ম : ২২ জানুৱাৰী ১৮৭৭

জন্ম স্থান - গুৱাহাটীৰ ভৰলুমুখ

অন্য নাম : দেশভক্ত

পিতৃ : বলৰাম ফুকন

মাতৃ : ভাগীৰথী

পেচা : স্বাধীনতা সংগ্ৰামী, ৰাজনৈতিক নেতা, লেখক

দাম্পত্যসঙ্গী : বিদ্যুৎপ্ৰভা

মৃত্যু : ২৮ জুলাই ১৯৩৯

ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ যিসকল নেতাই যোগদান কৰিছিল সেই সকলৰ ভিতৰত অন্যতম এগৰাকী প্ৰধান আছিল তৰুণ ৰাম ফুকন। অসম সাহিত্য সভাৰ দশমগৰাকী সভাপতি তৰুণৰাম ফুকনক স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে দেশভক্ত উপাধিৰে বিভূষিত কৰা হয়।

জন্ম আৰু শিক্ষা :

জীৱনৰ প্ৰথমছোৱাত তৰুণৰাম ফুকন দেৱে ঘৰত থাকিয়েই গুৰুৰ অধীনত সংস্কৃত শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীৰ কলেজিয়েট স্কুলত (Collegiate School) নামভৰ্তি কৰে আৰু, তাৰ পৰাই ১৮৯৫ চনত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।পিছলৈ উচ্চ শিক্ষা লাভৰ বাবে কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা তেওঁ এফ এ পাছ কৰি বি এ ত নামভৰ্তি কৰে। কিন্তু বি এ পৰীক্ষা নিদিয়াকৈয়ে লণ্ডনত বেৰিষ্টাৰি (Barrister-at-Law) পঢ়িবলৈ যায়। তৰুণৰাম ফুকন আছিল অসমৰ তৃতীয়জন বেৰিষ্টাৰ। প্ৰথমজন- আনন্দৰাম বৰুৱা আৰু দ্বিতীয়জন আছিল আব্দুল মজিদ ।

তেনে সময়তে ১৯১৪ চনত ইতিমধ্যেই আৰম্ভ হোৱা ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতীয় স্বাধীনতা সংগ্ৰামত তেওঁ  অংশগ্ৰহণ কৰে আৰু স্বাধীনতা আন্দোলনৰ এই।সময়তে তেওঁ মহাত্মা গান্ধীৰ সান্নিধ্যলৈ আহে৷ বিশেষকৈ তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ আদিৰ নেতৃত্বত অসমত আইন অমান্য আন্দোলন প্ৰবল হৈছিল ৷ সদৌ অসম যুৱক সংঘ আৰু স্কুলীয়া ছাত্ৰসমাজক লগত লৈ তৰুণৰাম ফুকনে কংগ্ৰেছৰ পতাকা উত্তোলন কৰিছিল৷  মন কৰিবলগীয়া যে ১৯৩৬ চনত তৰুণৰাম ফুকনে এটা ৰাজনৈতিক দল গঠন কৰিছিল৷

দাম্পত্য জীৱন :

অসমৰ প্ৰথম ডেপুটী কমিছনাৰ ডিব্ৰুগড়ৰ পৰশুৰাম খাওণ্ডৰ তৃতীয় কন্যা বিদ্যুৎপ্ৰভাৰ লগত ১৯০৯ চনৰ ১৬ জুন বৃহস্পতিবাৰে তৰুণৰাম ফুকনৰ বিবাহ হয়৷ বিদ্যুৎপ্ৰভাৰ ঘৰত মতা নাম আছিল বিজুলী৷  তৰুণৰাম ফুকন আৰু বিজুলীৰ চাৰিটি সন্তান হয়- প্ৰতিভা দেৱী, বলেন্দ্ৰৰাম ফুকন, ৰেণু দেৱী আৰু নৃপেন্দ্ৰৰাম ফুকন।

কৰ্মজীৱন :

১৯০৩ চনত অসমৰ মধ্যবিত্ত শ্ৰেণীৰ নেতাসকলে আসাম এছোছিয়েছন নামৰ এটা ৰাজনৈতিক সংগঠন গঢ়ি তোলে৷ গৌৰীপুৰৰ ৰজা প্ৰতাপ চন্দ্ৰ বৰুৱা সভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱা সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়৷ ১৯০৪ চনৰ আসাম এছোছিয়েছনৰ সভাত অসমৰ সৈতে ভাষিক আৰু সাংস্কৃতিক মিল থকা ৰংপুৰ, কোচবিহাৰ, জলপাইগুৰি জিলাক অসমৰ সৈতে চামিল কৰিবলৈ চৰকাৰক দাবী জনাই। তেনে সময়তে ১৯০৫ চনত লণ্ডনৰপৰা বেৰিষ্টাৰ পৰীক্ষা পাছ কৰি উভতি আহি তৰুণৰাম ফুকনে কিছুদিন কলিকতাত ওকালতি কৰিবলৈ লয়। পিছলৈ গুৱাহাটীলৈ উভতি আহি ওকালতি আৰম্ভ কৰে। ১৯১৪ চনৰ পৰা গুৱাহাটীৰ আৰ্ল ল কলেজত (Earle Law College) কিছুদিন শিক্ষক হিচাপে কৰ্মজীৱন অতিবাহিত কৰিছিল। ১৯১৮ চনৰ ডিচেম্বৰ মাহত তৰুণৰাম ফুকনৰ সভাপতিত্বত গোৱালপাৰাত আসাম এছোছিয়েছনৰ সপ্তম অধিৱেশন অনুষ্ঠিত হৈছিল৷

১৯২১ চনত তৰুণ ৰাম ফুকনে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়ে। ১৯২৩ চনত তৰুণ ৰাম ফুকনে দেশবন্ধু চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে গঠন কৰা স্বৰাজ দলত যোগদান কৰে। অসমৰ স্বৰাজ্য দলৰ সভাপতি আৰু সম্পাদক আছিল ক্ৰমে তৰুণৰাম ফুকন আৰু ৰোহিনী কুমাৰ চৌধুৰী৷ সহকাৰী সম্পাদক আছিল, গোপীনাথ বৰদলৈ৷ আন আন সদস্যসকল আছিল, বিষ্ণুৰাম মেধি, কামাখ্যাৰাম বৰুৱা, ধনীৰাম তালুকদাৰ আৰু যাদৱ চন্দ্ৰ দাস৷ ১৯১৯ চনৰ ভাৰত শাসন আইনমতে ১৯২৩ চনৰ নৱেম্বৰ মাহত অসম বিধান পৰিষদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ তৰুণৰাম ফুকন এই নিৰ্বাচনত জিকি কেন্দ্ৰীয় বিধান পৰিষদলৈ নিৰ্বাচিত হৈছিল৷

১৯২৭ চনৰ অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল। পিছলৈ তেখেতে অসম সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব লয় আৰু সভাৰ কাৰ্য্যপন্থাক নৰম-পন্থাৰপৰা চৰম-পন্থালৈ ৰূপান্তৰিত কৰে।

১৯৩৬ চনত 'ভাৰত চৰকাৰ আইন'ৰ (Government of India Act, 1935) অধীনত হোৱা 'সাধাৰণ নিৰ্বাচন'ৰ সময়ত তৰুণ ৰাম ফুকনে 'ইউনাইটেড পিপুলছ পাৰ্টি' (United People's Party) গঠন কৰে। এইক্ষেত্ৰত অসমৰ কেইবাগৰাকী নেতাই তেখেতক সমৰ্থন আগবঢ়াইছিল।

১৯৩৮ চনত ছাদুল্লা চৰকাৰে পদত্যাগ কৰাৰ পাছত গোপীনাথ বৰদলৈৰ নেতৃত্বত সন্মিলিত চৰকাৰ (Coalition Government) গঠন কৰাত তৰুণ ৰাম ফুকনে বিশেষ কূটনৈতিক ভূমিকা গ্ৰহণ কৰিছিল

সাহিত্যিক কৰ্মৰাজি :

ৰাজনীতিৰ দৰেই সাহিত্যৰ ক্ষেত্ৰতাে তৰুণৰাম ফুকনৰ আছিল অবাধ বিচৰণ। আন এটি বিশেষত্ব এয়াই আছিল যে তেখেতৰ বঙালী, উৰিয়া, হিন্দী, সংস্কৃত, পাৰ্চী, উর্দু, ইংৰাজী আদি বহু ভাষা-সাহিত্যৰ যথেষ্ট জ্ঞান আছিল। দেশভক্ত ফুকনে অসহযােগ আন্দোলনত নেতৃত্ব দি কাৰবাস খাটিব লগা হােৱা সময়ছােৱাতাে প্রবন্ধকবিতা আদি লিখিছিল। প্রখ্যাত চিকাৰী ফুকনে চিকাৰ বিষয়ক লিখা বহু প্রবন্ধই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। তেওঁৰ ‘স্তুতিমালা’ কাব্যগ্রন্থই যথেষ্ট জনপ্রিয়তা পাইছিল। সর্বেশ্বৰ শৰ্মা কটকীয়ে ফুকনৰ বিষয়ে লিখিছে— “..ধুবুৰীত বহা সাহিত্য সন্মিলনীত দৈৱাৎ অসমীয়া আৰু বঙালী ভাষাৰ সম্বন্ধ লৈ এক বিষম সমস্যাৰ উদ্ভৱ হয় আৰু ডাঙৰ এটা সংঘর্ষ ঘটিবৰ উপক্রম হয়। সেই সভাত দেশভক্ত ফুকনে মাতৃভাষাৰ পৰিস্থিতি সম্পর্কে কেনে হৃদয়গ্রাহী, সময়ােপযােগী তেজোময়ী বক্তৃতাৰে দীপ্তিমান জন-মণ্ডলীক সাম্য কৰিছিল, তাক দেখােতাসকলে পাহৰিব নােৱাৰে, অসমীয়া ভাষাৰ প্ৰাণময়ী মূর্তি যেন ফুকনৰ মুখেদি প্রকাশিত হৈছিল।… তেওঁৰ অসমীয়া লিখাৰ নীতি সৰল আৰু ৰসময় আছিল; ভাষা প্রাঞ্জল আৰু শব্দযােজনা মধুৰ আছিল। তেওঁ ঠাই বুজি খুহুটীয়া কথাৰ অৱতাৰণা কৰি শ্রোতা-পাঠকৰ মনত হাস্যৰসৰ উদ্রেক কৰিব পাৰিছিল, গভীৰ ভাবৰ কথাত সংস্কৃত, উর্দু আদি উক্তি দিব পাৰিছিল। তেওঁ মহাকবি ছেক্সপীয়েৰৰ বিখ্যাত উক্তিবােৰ মুখস্থ মাতিব পাৰিছিল।“

ৰাজনীতি, ওকালতি, সাহিত্য চর্চা, চিকাৰ আদি যিয়েই নকৰক, সকলােতে ফুকনে শ্রেষ্ঠতম প্রতিভাৰ পৰিচয় দিছিল। বিলাসিতা আৰু ভ্ৰমণত তেওঁ আছিল আগৰণুৱা। আজি অত কাইলৈ ত‘ত ঘূৰি ফুৰা ফুকনৰ স্বভাৱ আছিল। জীৱনত তেওঁ কেইবাবাৰাে বিলাতলৈ গৈছিল, ঠিক তেনেদৰে ঘূৰি ফুৰা বাহন মটৰ গাড়ীও সলাইছিল বাৰে বাৰে। পৰ্বতীয়া জনজাতীয় লােকসকলকো মুহিছিল তেওঁলােকৰ নিজৰ ভাষা বা দোৱানত ভাষণ দি। সকলাে জাতৰ, সকলাে ধৰ্মৰ মানুহৰ সৈতে তেওঁৰ আছিল হৃদয়ৰ সম্পর্ক।

অন্যান্য ক্ষেত্ৰত অৱদান :

তৰুণ ৰাম ফুকনক অসমৰ মানুহে দেশবন্ধু বুলি সন্মান দিছিল। ডেকা সকলক ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ উদ্বুদ্ধ কৰাত তেখেতৰ অৱদান আছিল উল্লেখনীয়। ডেকা নেতাসকলত তৈয়াৰ কৰাতো তেখেতে যথেষ্ট অৰিহণা যোগাইছিল। অসমীয়াৰ বাহিৰেও তেখেতে উড়িয়া, হিন্দী, বঙালী, সংস্কৃত, ফাৰ্ছী আৰু উৰ্দু ভাষাত লিখা-মেলা কৰিব পাৰিছিল। সুদক্ষ বক্তা তৰুণ ৰাম ফুকনে অসমীয়া আৰু অসমত প্ৰচলিত অন্য দোৱানত সাৱলীল ভাষণ দিব পাৰিছিল। জীৱনৰ শেষৰ কেইটামান বছৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত তৰুণ ৰাম ফুকনৰ বিৰোধ চলি আহিছিল যদিও, দেশপ্ৰেমৰ কামত তেওঁ কেতিয়াও পিছ হুঁহকি অহা নাছিল। স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ফুকনক ‘দেশভক্ত’ উপাধিৰে বিভূষিত কৰা হয়।

তৰুণৰাম ফুকনে কলিকতাত পঢ়ি থকা অৱস্থাত কলিকতাৰ ৰাজ পথত চাইকেল চলোৱা প্ৰথম গৰাকী অসমীয়া আছিল।

মৃত্যু :

তৰুণৰাম ফুকনৰ মৃত্যু আছিল অতি আকস্মিক। ১৯৩৯ চনৰ ২৮ জুলাইৰ আবেলি গা ধােৱা ঘৰত পিছলি তেওঁৰ হৃদক্রিয়া বন্ধ হয়। তেওঁৰ মৃতদেহ হেজাৰ হেজাৰ মানুহে শােভাযাত্রা কৰি কঢ়িয়াই নিছিল কামাখ্যা শ্মশানলৈ। দেশভক্ত ফুকনৰ আকস্মিক মৃত্যুৰ বাতবিত ড°ৰাজেন্দ্র প্রসাদে মর্মাহত হৈ লিখিছিল— “ফুকনৰ মৃত্যুৰ বাতৰি পাই মর্মাহত হৈছাে। সেই তাহানিৰ অসহযােগ আন্দোলনৰ দিনৰ পৰা তেওঁক জানিবলৈ সুযােগ পাইছিলাে। তেওঁ এজন সাহসী আৰু সুনিপুণ যােদ্ধা আছিল। দেশৰ কাৰণে বিস্তৰ ত্যাগ কৰিছিল। যদিও শেহৰ কালডােখৰত সহকৰ্মীসকলৰ লগত মত-বিৰােধ হৈ অকলশৰীয়াকৈ জীৱন-যাপন কৰিছিল, তথাপি দেশকর্মী আৰু প্রসিদ্ধ নেতা হিচাপে তেওঁৰ স্থান অকণাে কমা নাছিল। এই সন্ধিক্ষণত তেওঁৰ মৃত্যু এটা ডাঙৰ ক্ষতি।”

নীতি-আদৰ্শৰ ক্ষেত্ৰত কাহানিও আপােচ নকৰা, ৰাইজক মন্ত্রমুগ্ধ কৰা বাগ্মী পুৰুষ ফুকনে ইচ্ছা কৰা হলে বহু সুবিধা ভােগৰ সুযােগ পালেহেঁতেন। কিন্তু সেয়া নকৰিলে, কাৰণ তেওঁ বুজিছিল যে জীৱনৰ মহত্ত্ব সেইখিনিতে, য’ত থাকে ত্যাগৰ মানসিকতা। সচৰাচৰ অৰ্থত তেওঁ ‘ভােগী’ হলেও তেওঁৰ তেজত আছিল যােগী‘ৰ চৰিত্ৰ। সেইবাবেই তেওঁ মহৎ। দেশভক্ত তৰুণ ৰাম ফুকনে স্বাধীন ভাৰত নেদেখিলেও স্বাধীনতা আন্দোলনৰ আছিল অগ্ৰণী নেতা। ৬২ বছৰ বয়সত মৃত্যুবৰণ কৰা এইগৰাকী নেতাৰ মৃত্যু বাৰ্ষিকী আজি পাহৰণিৰ গৰ্ভত।

FAQs :

ক) তৰুণৰাম ফুকনে কাৰ পৰা চিকাৰৰ বিষয়ে সবিশেষ কথা আয়ত্ত কৰিছিল?

উত্তৰঃ তৰুণৰাম ফুকনে ককায়েকৰ পৰা চিকাৰৰ বিষয়ে সবিশেষ কথা আয়ত্ত কৰিছিল।

খ) তৰুণৰাম ফুকনৰ পিতৃ-মাতৃ কেনে আছিল?

উত্তৰঃ তৰুণৰাম ফুকনৰ পিতৃ বলৰাম ফুকন এগৰাকী সুদক্ষ চিকাৰী আৰু হাতীৰ ব‍্যৱসায়ী আছিল আৰু তেওঁৰ মাতৃ ভাগীৰথী দেৱী এগৰাকী অতিকে ধৰ্মপৰায়ণা নাৰী আছিল।

গ ) তৰুণৰাম ফুকনে কিদৰে সংস্কৃত শিক্ষা আৰম্ভ কৰিছিল?

উত্তৰঃ তেওঁ আভিজাত পৰম্পৰাৰ লোক হোৱাৰ বাবে ঘৰতে শিক্ষক-অধ্য়াপকৰ জৰিয়তে সংস্কৃত শিক্ষা আৰম্ভ কৰিছিল।

ঘ ) তৰুণৰাম ফুকনে ক'ত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল?

উত্তৰঃ তৰুণৰাম ফুকনে গুৱাহাটীৰ চেমিনাৰীত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল।

ঙ) তৰুণৰাম ফুকনে উচ্চ শিক্ষাৰ বাবে ক'লৈ গৈছিল আৰু ক'ত নামভৰ্তি কৰিছিল?

উত্তৰঃ তৰুণৰাম ফুকনে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল আৰু কলিকতাৰ প্ৰেছিডেন্সি কলেজত নামভৰ্তি কৰিছিল।

চ) লণ্ডনত পঢ়ি থকা সময়ছােৱাত তেওঁৰ অন্তৰংগ বন্ধু কোন আছিল?

উত্তৰঃ লণ্ডনত পঢ়ি থকা সময়ছােৱাত তেওঁৰ অন্তৰংগ বন্ধু আছিল - জ্ঞানদাভিৰাম বৰুৱা।

ছ) অসমৰ প্ৰথম আৰু দ্বিতীয়গৰাকী বেৰিষ্টাৰ কোন কোন?

উত্তৰঃ অসমৰ প্ৰথম বেৰিষ্টাৰ হৈছে আনন্দৰাম বৰুৱা আৰু দ্বিতীয়গৰাকী বেৰিষ্টাৰ হৈছে ক্ৰমে কৃষ্ণকান্ত সন্দিকৈ।

জ) তৰুণৰাম ফুকনে কাক বিয়া কৰাইছিল?

উত্তৰঃ তৰুণৰাম ফুকনে অসমীয়া ৰায়বাহাদুৰ পৰশুৰাম খাউণ্ডৰ তৃতীয়া জীয়াৰী বিদ্যুৎপ্ৰভা দেৱীক বিয়া কৰাইছিল।

ঝ) ফুকনদেৱক কোনে ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আদৰি আনিছিল?

উত্তৰঃ ফুকনদেৱক কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈয়ে ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আদৰি আনিছিল।

ঞ) তেওঁৰ প্রথম কবিতাপুথি কি?

উত্তৰঃ তেওঁৰ প্রথম কবিতাপুথি স্তুতিমালা।

Must Read : Life History of Madhabdev in Assamese

Must Read : Life History of Ananta Kandali in Assamese

Must Read : Life History of Madhab Kandali in Assamese

Must Read : Biography of Jyoti Prasad Agarwala in Assamese

Must Read : Biography of Lachit Barphukan in Assamess

Must Read : Biography of Chandra Kumar Agarwal in Assamese

Must Read : Biography of Lokpriya Gopinath Bordoloi in Assamese

Must Read : Biography of Bhabendra Nath Saikia in Assamese

Must Read : Biography of Jadav Payeng in Assamese

Download General Knowledge E-book for Competitive Exam - Click Here

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

• অসম দিৱস বা ছ্যুকাফা দিৱসৰ বিষয়ে

• Renowned Writers of Assamese Literature and Culture

• Bir Chilarai-The Great Warrior of Koch Kingdom

Well if you like the Biography of Desh Vakta Tarun Ram Phukan in Assamese | Life History of Tarun Ram Phukan in Assamese for Assam TET Exam do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.