Biography of Chandra Kumar Agarwala in Assamese | Life History of Chandra Kumar Agarwala in Assamese for Competitive Exam

Chandra Kumar Agarwala's Life And Contributions : An Overall Evaluation | Contribution of Chandra Kumar Agarwala in Social Reformation in Assam

চন্দ্রকুমাৰ আগৰৱালাৰ জীৱন পৰিক্ৰমা

Hello, aspirants are you preparing for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important topic of Assamese Culture and Literature the Biography of Chandra Kumar Agarwala (চন্দ্রকুমাৰ আগৰৱালা) in Assamese for Competitive Exam preparation. Therefore every aspirants need to know the Life History of Chandra Kumar Agarwala in Assamese for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams. In this regard "Assam GK Gyan" decides to provide you the Chandra Kumar Agarwala's Life And Contributions : An Overall Evaluation for Assam Tet exam. Infact the Contribution of Chandra Kumar Agarwala in Social Reformation in Assam will be a key topic in the Assamese Literature and Assam GK section for the upcoming Assam Govt Exams. So the Biography of Chandra Kumar Agarwala in Assamese Language for APSC/Assam TET 2022 will be a pedestrian to crack your exam.

Biography of Chandra Kumar Agarwala in Assamese | Life History of Chandra Kumar Agarwala in Assamese for Competitive Exam

Life History of Chandra Kumar Agarwala

Chandra Kumar Agarwala's Life And Contributions

In this article we have provided you most important Assam GK on Assamese Culture and Literature topic Chandra Kumar Agarwala's Life And Contributions for the upcoming Assam TET exam. So, read this important article on Contribution of Chandra Kumar Agarwala in Social Reformation in Assam for Assam govt exams. These General Knowledge Quiz on Chandra Kumar Agarwala are extremely important and should be a part of your preparation.

GK Quiz on Chandra Kumar Agarwala : Assam APSC GK Questions

In order to succeed in the prestigious Assam TET, Assam Direct Recruitment Grade III and Grade IV Exam 2022, it is important that the aspirant has access to the all the Assam GK questions & Answers. Specially the toppers of APSC/Assam TET exams recommend that aspirant start their preparation with the most important topics of syllabus such as Assamese Culture and Literature of Assam for the upcoming exams.

A Brief note on Chandra Kumar Agarwala

Here we are discussing about the Biography of Chandra Kumar Agarwala in Assamese. Read this most important article on Life History of Chandra Kumar Agarwala in Assamese in order to answer the questions :

Chandra Kumar Agarwala (Assamese: চন্দ্ৰকুমাৰ আগৰৱালা; 1867–1938) was an eminent writer, poet, journalist from Assam. He is a pioneer people of Jonaki Era, the age of romanticism of Assamese literature. Agarwala was titled as Pratimar Khonikor in Assamese literature. Agarwala was the first editor and financer of the Jonaki magazine and a founder member of Oxomiya Bhaxa Unnati Xadhini Xobha, a literary organization of Assam with his intimate friends Lakshminath Bezbarua and Hemchandra Goswami. Agarwala, along with his friend Lakshminath and Hemchandra, are known as "Trimurti of Assamese literature" for their remarkable contribution to the very beginning of modern Assamese literature. Chandra Kumar Agarwala was the brother of writer and poet Ananda Chandra Agarwala and uncle of Jyoti Prasad Agarwala, a noted poet, playwright, composer, lyricist, writer and first Assamese Filmmaker.

Agarwala was the founder member of Asamiya Bhasar Unnati Sadhini Sabha (Assamese Language Developing Society), which was a literary organization formed by few talented Assamese students studying in Calcutta. In 1889, the Asamiya Bhasar Unnati Sadhini Sabha started their mouthpiece – Assamese monthly Jonaki. Chandra Kumar Agarwala was the editor of the Jonaki.

Biography of Chandra Kumar Agarwala in Assamese | Life History of Madhab Kandali in Assamese

চন্দ্রকুমাৰ আগৰৱালাৰ জীৱন পৰিক্ৰমা

চন্দ্ৰ কুমাৰ আগৰৱালাক যদিও আমি প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা ‘বনকুঁৱৰী’ৰ ৰচয়িতা বুলি জানো, কিন্তু অসমীয়া জাতিলৈ তেখেতেৰ তাতকৈও মহত্বৰ অৱদান হৈছে সাহিত্য আলোচনী ‘জোনাকী’ৰ প্ৰতিষ্ঠা। ছাত্ৰ অৱস্থাতেই কলিকতাৰ পৰা ‘জোনাকী’ আলোচনীৰ প্ৰকাশ কৰিবলৈ গৈ তেখেতে যি সাহসৰ পৰিচয় দাঙি ধৰিছিল সেয়া আজিও অসমীয়া ভাষা প্ৰেমী উদ্যোগীসকলৰ বাবে এক উজ্জ্বল দৃষ্টান্ত। তেখেতে সময়োপযোগী এই সিদ্ধান্তটো  নোলোৱা হ’লে অসমীয়া সাহিত্যই হয়তো আজিৰ তাৰিখতকৈও কেইবাদশকো পিছ পৰি থাকিব লাগিলহেতেঁন।

জন্ম আৰু বংশ পৰিচয়

চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল ১৮৬৭ চনৰ ২৭ নৱেম্বৰত, বৰ্তমানৰ বিশ্বনাথ জিলাৰ কলংপাৰ মৌজাৰ ব্ৰহ্মজানত। তেখেতৰ পিতৃৰ নাম আছিল হৰিবিলাস আগৰৱালা আৰু মাতৃৰ নাম আছিল মালমা। তেওঁ পিতৃ-মাতৃৰ ছগৰাকী সন্তানৰ ভিতৰত দ্বিতীয় আছিল।চন্দ্ৰকুমাৰ আগৰৱালাৰ শৈশৱ আৰু কৈশোৰ বিশ্বনাথ জিলাৰ ব্ৰহ্মজান আৰু গমিৰীত চন্দ্ৰকুমাৰ আগৰৱালাৰ শৈশৱকাল অতিবাহিত হয়। তাৰ পাছত তেওঁৰ দেউতাক হৰিবিলাসে ব্যৱসায়ৰ উন্নতি আৰু সন্তানসকলৰ সুশিক্ষাৰ বাবে তেজপুৰলৈ উঠি আহে। তাৰ পাছত তেওঁলোকে সপৰিয়ালে কলিকতালৈ যায় আৰু তাতে চন্দ্ৰকুমাৰক হায়াৰ স্কুলত নাম লগায় দিয়ে। কিন্তু এন্ট্ৰেন্স পৰীক্ষা দিয়াৰ আগতেই তেওঁলোকৰ পৰিয়ালটোৱে কলিকতা এৰি গুছি অহাত চন্দ্ৰকুমাৰে আকৌ তেজপুৰৰ হাইস্কুলত পঢ়িবলৈ লয়। তেজপুৰত পঢ়ি থকাৰ সময়ত তেওঁৰ সহপাঠী আছিল আনন্দচন্দ্ৰ আগৰৱালা আৰু লম্বোদৰ বৰা। সেইসময়তে তেওঁলোক তিনিওৰে মনত অসমীয়া সাহিত্য চৰ্চাৰ বীজ অংকুৰিত হৈছিল ধাৰণা কৰা হয়। যি বীজ পাছৰ পৰ্যায়ত কলিকতালৈ গৈ ফলে-ফুলে জাতিষ্কাৰ হৈছিলগৈ।

শিক্ষা জীৱন

স্কুলীয়া অৱস্থাতে কলিকতাত শিক্ষা গ্ৰহণ কৰিছিল যদিও অসমলৈ আহি প্ৰৱেশিকা পৰীক্ষা পাছ কৰাৰ পাছত চন্দ্ৰকুমাৰ আগৰৱালাই পুনৰ কলিকতালৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে যায় আৰু কলিকতাৰ বিখ্যাত প্ৰেচিডেন্সী কলেজত নামভৰ্তি কৰে আৰু সেই সময়তে তেওঁ লগ পালে ৰসৰাস লক্ষ্মীনাথ বেজবৰুৱাক। শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগৰ দৰে তেওঁলোকৰ এই মিলনে অসমীয়া ভাষা-সংস্কৃতিলৈ নতুন ধাৰা বোৱাই আনিলে। এই সম্পৰ্কে লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে- “ইংৰাজী সাহিত্য চৰ্চা, সংস্কৃত সাহিত্য চৰ্চা আৰু ঘাইকৈ অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ হাবিয়াসেই জয় জয়তে আমাৰ ভিতৰত বন্ধুত্বৰ সূত্ৰপাত কৰে। তাৰ ফলত জোনাকী নামৰ মাহেকীয়া কাকতৰ জন্ম আৰু বৃদ্ধি হ’ল।”

লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ লগত সেই সময়ত আহি যোগ দিয়েহি হেমচন্দ্ৰ গোস্বামীয়ে। আৰু এই তিনিজন মহান অসমীয়াই ১৮৮৯ চনত জোনাকী আলোচনীৰ জন্ম দি অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰিছিল। সেই সময়ত চন্দ্ৰকুমাৰ আগৰৱালাৰ বয়স আছিল মাত্ৰ ২১ বছৰ। এইদৰে এফ.এ পৰীক্ষা পাছ কৰাৰ পাছত আগৰৱালাই বিলাতলৈ যাবলৈ মন কৰিলে। তেওঁৰ সপোন আছিল বিলাতলৈ গৈ তাৰ পৰা বেৰিষ্টাৰী পাছ কৰি আহি কলিকতাত অসমীয়া ভাষা-সাহিত্যৰ উন্নয়নৰ হকে কিছু কাম কৰা। কিন্তু তেওঁৰ পিতৃয়ে অনুমতি নিদিয়াৰ বাবে বিলাতলৈ নগৈ অসমলৈ ঘূৰি আহে। 

পাৰিবাৰিক জীৱন

চন্দ্ৰকুমাৰ আগৰৱালাই গোলাঘাটৰ দণ্ডধৰ বৰুৱাৰ প্ৰথমা কন্যা মুক্তা প্ৰভাক বিয়া কৰাইছিল। তেওঁলোকৰ তিনিজন পুত্ৰ সন্তান আছিল- ১) নৱীনকুমাৰ আগৰৱালা ২) অৰুণকুমাৰ আগৰৱালা আৰু ৩) তৰুণকুমাৰ আগৰৱালা। তেওঁৰ দ্বিতীয় পুত্ৰই অৰুণকুমাৰে ডেকা বয়সতে ডিব্ৰুগড়ৰ বাসগৃহত আত্মহত্যা কৰা ঘটনাই তেওঁক বিশেষ মনোকষ্ট দিছিল বুলি জনা যায়। আৰু সেই শোকেই তেওঁৰ জীৱনী শক্তিকো অতি ক্ষীপ্ৰতাৰে কমাই আনিছিল।

সাহিত্যিক চন্দ্ৰকুমাৰ আগৰৱালা

চন্দ্ৰকুমাৰ আগৰৱালা এজন বৰেণ্য অসমীয়া সাহিত্যিক আছিল। অসমীয়া সাহিত্যক বৰ্তমানৰ ৰূপ দিয়াত চন্দ্ৰকুমাৰ আগৰৱালাৰ যথেষ্ট অৱদান আছিল। লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাৰ সৈতে লগ লাগি চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া সাহিত্যত এক জোৱাৰ সৃষ্টি কৰিছিল। এই জোৱাৰেই অসমীয়া সাহিত্যক এক নতুন ৰূপত প্ৰতিষ্ঠা কৰিছিল। 

চন্দ্ৰকুমাৰ আগৰৱালাদেৱে তেজপুৰতেই শৈক্ষিক জীৱন আৰম্ভ কৰিছিল আৰু তেতিয়াৰ তেওঁৰ সাহিত্যিক প্ৰতিভা বিকশিত হৈছিল। লম্বোদৰ বৰা, আনন্দ চন্দ্ৰ আগৰৱালা আদিৰ অনুপ্ৰেৰণাত চন্দ্ৰকুমাৰ আগৰৱালাদেৱে সাহিত্য চৰ্চাত মনোযোগ দিছিল। কিন্তু সাহিত্য চৰ্চাৰ ক্ষেত্ৰত তেওঁক অধিক অনুপ্ৰেৰণা যোগাইছিল তেখেতৰ পিতৃ হৰিবিলাস আগৰৱালাদেৱে।

চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্য চৰ্চা 

চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া কাব্য কাননত ৰমন্যাসবাদৰ সৃষ্টি কৰিছিল। তেওঁ আছিল অসমীয়া ৰোমান্টিকতাবাদৰ পথিকৃত। জোনাকী আলোচনীৰ পাততেই চন্দ্ৰকুমাৰ আগৰৱালাদেৱে নিজৰ কবি প্ৰতিভাৰ বিকাশ ঘটাইছিল। চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকী আলোচনীৰ প্ৰথম বৰ্ষৰ প্ৰথম মাহতেই “বনকুঁৱৰী” নামৰ ৰোমান্টিক কবিতাটি প্ৰকাশ কৰে। “বনকুঁৱৰী”য়েই হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। “বনকুঁৱৰী”য়ে অসমীয়া সাহিত্য ভগতত জগতত ৰমন্যাসবাদৰ জোৱাৰ সৃষ্টি কৰে। ইয়াৰ পাছতেই চন্দ্ৰকুমাৰ আগৰৱালাদেৱে জলকুঁৱৰী, তেজীমলা আদি ৰোমান্টিক ভাৱধাৰাৰ কবিতাৰ জৰিয়তে জোনাকীৰ পাত শুৱনি কৰিছিল আৰু পৰৱৰ্তী সময়ত বাঁহী আলোচনীতো তেওঁৰ কবিতা প্ৰকাশিত হৈছিল।

চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা কবিতাপুথি দুখন আৰু সেইকেইখন হ’ল – প্ৰতিমা আৰু বীণ-বৰাগী। এই দুখন কবিতাপুথিত প্ৰকাশ পোৱা কবিতাবোৰৰ অধিকাংশই জোনাকী আৰু বাঁহী আলোচনীত প্ৰকাশিত কবিতা আছিল। প্ৰতিমা কবিতাপুথিখন প্ৰকাশ কৰা পাইছিল ১৯১৩ চনত। 

অকালতে মৃত্যুবৰণ কৰা চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ প্ৰথম কন্যা প্ৰতিমাৰ নামানুসাৰেই তেওঁৰ প্ৰথম কবিতাপুথিখনক প্ৰতিমা নামেৰে নামাকৰণ কৰিলে। জোনাকী আলোচনীত প্ৰকাশ পোৱা কবিতাসমূহ প্ৰতিমা কবিতাপুথিত সন্নিৱিষ্ট কৰা হৈছে। প্ৰতিমাত পঁচিশ(২৫) টা কবিতা আছে। এই সুপাঠ্য কবিতাপুথিখনৰ বাবেই চন্দ্ৰকুমাৰ আগৰৱালাদেৱক “প্ৰতিমাৰ খনিকৰ” বুলি অভিহিত কৰা হয়। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কবিতাপুথিখনৰ বিষয়ে এনেদৰে মন্তব্য আগবঢ়াই থৈ গৈছে “প্ৰতিমাখনি সৰু কিন্তু নিভাঁজ সোণৰ”।

প্ৰতিমাৰ পাছতেই চন্দ্ৰকুমাৰ আগৰৱালাদেৱে “বীণ-বৰাগী” নামৰ কবিতাপুথিখন ৰচনা কৰিছিল। ১৯২৩ চনত “বীণ-বৰাগী” কবিতাপুথিখন প্ৰকাশ কৰা হয়। চন্দ্ৰকুমাৰ আগৰৱালাৰ বাঁহী আলোচনীত প্ৰকাশ পোৱা কবিতাসমূহ “বীণ বৰাগী”ত সন্নিৱিষ্ট কৰা হৈছে। ইয়াত মুঠ বাৰ(১২) টা কবিতা আছে।

তদুপৰি ১৯৬৭ চনত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে “চন্দ্ৰামৃত”ৰূপে নামকৰণ কৰি তেওঁৰ অ-প্ৰকাশিত কবিতাসমূহৰ সংকলন প্ৰস্তুত কৰা হয়।

চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কবিতাসমূহ লক্ষ্য কৰিলে দেখা যায় যে তেওঁৰ কবিতাসমূহত মূলতঃ তিনিটা প্ৰকাশ পায়। সেইকেইটা হৈছে – ১) মানৱ প্ৰেমমূলক, ২) প্ৰকৃতিপ্ৰেমমূলক আৰু ৩) বিশ্বপ্ৰেমমূলক। এইকেইটাৰ উপৰিও আন বহুতো ভাৱধাৰা চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কবিতাত পৰিলক্ষিত হয়।

আলোচনী সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা

চন্দ্ৰকুমাৰ আগৰৱালাদেৱে অসমীয়া ভাষা উন্নতি সাধিনী সভা(অ ভা উ সা)ৰ মুখপত্ৰ জোনাকীৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। জোনাকীৰ সম্পাদনাৰ লগতে জোনাকী আলোচনী প্ৰকাশৰ বাবে তেঁৱেই অধিকাংশ অৰ্থৰ যোগান ধৰিছিল। চন্দ্ৰকুমাৰ আগৰৱালা কলিকতাৰ পৰা অসমলৈ ব্যৱসায় সংক্ৰান্তত পৰৱৰ্তী কালত গুচি আহিছিল যদিও জোনাকীৰ প্ৰকাশৰ বাবে তেওঁ যিমান পাৰি পুঁজিৰ যোগান ধৰি আছিল। লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগতে জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ তৃতীয়জন মূৰ্তিয়েই আছিল চন্দ্ৰকুমাৰ আগৰৱালা। লক্ষ্মীনাথ বেজবৰুৱা কলিকতাৰ পৰা ব্যৱসায় সংক্ৰান্তত সম্বলপুৰলৈ যোৱাত তেওঁ বাঁহী আলোচনী প্ৰকাশ কৰিব নোৱাৰাত পৰে। এনেক্ষেত্ৰত চন্দ্ৰকুমাৰ আগৰৱালা আগবাঢ়ি আহি নিজেই বাঁহী আলোচনী গুৱাহাটীৰ পৰা প্ৰকাশৰ দায়িত্ব লয়।

চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্য

প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ১৯৩৮ চনৰ ২ মাৰ্চ তাৰিখে মৃত্যুক সাৱটি লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ। গুৱাহাটীৰ উজান বজাৰৰ তেওঁৰ ব্যক্তিগত বাসগৃহতে তেওঁ মৃত্যুক সাৱটি লয়।

চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যৰ পূজাৰী আছিল। তেওঁ ব্যৱসায়ৰ লগত ব্যস্ত হৈ আছিল যদিও তাৰ সমান্তৰালভাৱে তেওঁ অসম তথা অসমীয়া সাহিত্যৰ বাবেও যথেষ্ট অৱদান দি থৈ যায়। তেওঁ এজন জাতীয়তাবাদী ব্যক্তিও আছিল। ১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ত মহাত্মা গান্ধী ডিব্ৰুগড়লৈ আহোঁতে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে তেওঁক ডিব্ৰুগড়ৰ খলিহামাৰীৰ নিজা বাসভৱনত ৰাখিছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ দৰে অসমীয়া সাহিত্যপ্ৰেমী বা জাতিপ্ৰেমী ব্যক্তি আমাৰ সকলোৰে বাবে আদৰ্শ। অসমীয়া ৰোমান্টিক সাহিত্যৰ জন্মদাতা হিচাপে চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ নাম সকলোৱে চিৰদিন মনত ৰাখিব।

General Knowledge Quiz on Chandra Kumar Agarwala : Assam APSC GK Questions

1. The first Assamese romantic poem 'Bon Kunwori' was written by

Ans : Chandra Kumar Agarwala

2. What is the pen name of Chandra Kumar Agarwala?

Ans : Bhangoni Kunwor

3. Who is the first editor of Jonaki?

Ans : Chandra Kumar Agarwala

4. Who wrote first Assamese romantic poem?

Ans : Chandra Kumar Agarwala

5. Who published Jonaki magazine?

Ans : Oxomiya Bhaxa Unnati Xadhini Xobha

6. When did Jonaki magazine published?

Ans : 9 February 1889

7. What is Jonaki era? 

Ans : modern period during the 19th century

Must Read : Biography of Jadav Payeng in Assamese

Must Read : Life History of Madhabdev in Assamese

Must Read : Life History of Ananta Kandali in Assamese

Must Read : Life History of Madhab Kandali in Assamese

Must Read : Biography of Ram Saraswati in Assamese

Must Read : Biography of Bishnu Prasad Rabha in Assamese

Download General Knowledge E-book for Competitive Exam - Click Here

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

• অসম দিৱস বা ছ্যুকাফা দিৱসৰ বিষয়ে

• Renowned Writers of Assamese Literature and Culture

Biography of Lokpriya Gopinath Bordoloi

Well if you like the Biography of Chandra Kumar Agarwala in Assamese | Life History of Chandra Kumar Agarwala in Assamese for Competitive Exam do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.