Biography of Ananta Kandali in Assamese | Life History of Ananta Kandali in Assamese for Competitive Exam

Ananta Kandali's Life And Contributions : An Overall Evaluation | Contribution of Ananta Kandali in Social Reformation in Assam

অনন্ত কন্দলীৰ জীৱন পৰিক্ৰমা

Hello, aspirants are you preparing for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important topic of Assamese Culture and Literature the Biography of Ananta Kandali (অনন্ত কন্দলী) in Assamese for Competitive Exam preparation. Therefore every aspirants need to know the Life History of Ananta Kandali in Assamese for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams. In this regard "Assam GK Gyan" decides to provide you the Ananta Kandali's Life And Contributions : An Overall Evaluation for Assam Tet exam. Infact the Contribution of Ananta Kandali in Social Reformation in Assam will be a key topic in the Assamese Literature and Assam GK section for the upcoming Assam Govt Exams. So the Biography of Ananta Kandali in Assamese Language for APSC/Assam TET 2022 will be a pedestrian to crack your exam.

Biography of Ananta Kandali in Assamese | Life History of Ananta Kandali in Assamese for Competitive Exam

Ananta Kandali

Ananta Kandali's Life And Contributions

In this article we have provided you most important Assam GK on Assamese Culture and Literature topic Ananta Kandali's Life And Contributions for the upcoming Assam TET exam. So, read this important article on Contribution of Ananta Kandali in Social Reformation in Assam for Assam govt exams. These General Knowledge Quiz on Ananta Kandali are extremely important and should be a part of your preparation.

GK Quiz on Ananta Kandali : Assam APSC GK Questions

In order to succeed in the prestigious Assam TET, Assam Direct Recruitment Grade III and Grade IV Exam 2022, it is important that the aspirant has access to the all the Assam GK questions & Answers. Specially the toppers of APSC/Assam TET exams recommend that aspirant start their preparation with the most important topics of syllabus such as Assamese Culture and Literature of Assam for the upcoming exams.

A Brief note on Ananta Kandali

Ananta Kandali (Assamese: অনন্ত কন্দলী; 1540–1580) was a 16th century Assamese Vaishnavite poet from Hajo, Kamrup district. Ananta Kandali's real name was Haricharan, but he is popularly known by his scholastic title "Ananta Kandali". His father, Ratna Pathak, was a renowned scholar and expounder of the Bhagavata at the Madhava temple. As a prolific writer, Kandali gained many literary distinctions, and acquired titles like "Ananta Kandali". Ananta Kandali was a poet of the period of SriSri Sankardev and Maharaj Naranarayan. He was a big follower of Sri Sri Sankardev. He became a disciple of Sankardev and attracted towards Vaisnava cult.

After Madhab Kandali’s Ramayan, Ananta Kandali’s Ramayan is mentionably the second Assamese Ramayan. It was based on the Ramayan of Madhab Kandali with a good addition of many Bhagawat Kathas. It is said that SriSri Sankardev did not like the Ramayana, Ananta Kandali wrote and that was why Sri Sri Sankardev completed the Pancha Kanda Ramayan wrote by Madhab Kandali, by writing Uttarakanda himself and Aadikanda by Madhabdeb.

Biography of Ananta Kandali in Assamese | Life History of Ananta Kandali in Assamese

Here we are discussing about the Biography of Ananta Kandali in Assamese. Read this most important article on Life History of Ananta Kandali in Assamese in order to answer the questions :

অনন্ত কন্দলীৰ জীৱন পৰিক্ৰমা

অনন্ত কন্দলি ষোড়শ শতিকাৰ তথা শঙ্কৰী যুগৰ এগৰাকী অন্যতম প্রতিভাৰ অসমীয়া বৈষ্ণৱ কবি। তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিষ্য আছিল। অনন্ত কন্দলিয়ে নিজে ভাগৱতৰ ষষ্ঠ স্কন্ধ আৰু দশম স্কন্ধৰ অনুবাদ প্ৰসঙ্গত নিজৰ আত্মপৰিচয় দিছে। সেই বিৱৰণ অনুসৰি তেওঁৰ ঘৰ হাজোত। দেউতাকৰ নাম ৰত্ন পাঠক। জন্মসূত্ৰে ব্ৰাহ্মণ অনন্ত কন্দলিৰ প্ৰকৃত নাম আছিল হৰিচৰণ।পিছলৈ তৰ্ক শাস্ত্ৰত ব্যুৎপত্তি লাভ কৰি অনন্ত কন্দলি নাম লাভ কৰে। পিছলৈ চন্দ্ৰভাৰতী, ভাগৱতাচাৰ্য, ভাগৱত ভট্টাচাৰ্য আদি বিভূষণেৰে বিভূষিত হয়। অনন্ত কন্দলি খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ তৃতীয় আৰু চতুৰ্থ দশকৰ ভিতৰত অৰ্থাৎ ১৫২০-১৫৩০ খ্ৰীষ্টাব্দৰ ভিতৰত সম্ভৱতঃ জন্ম গ্ৰহণ কৰি ষোড়শ শতাব্দীৰ শেষ ভাগলৈকে জীৱিত আছিল।

অনন্ত কন্দলিৰ সাহিত্যিক জীৱনৰ কীৰ্তিৰাজি

অনন্ত কন্দলিৰ ৰচনাৰাজি অসমীয়া বৈষ্ণৱ সাহিত্যৰ অন্যতম অঙ্গ স্বৰূপ, য'ত সন্নিৱিষ্ট হৈ আছে কবি গৰাকীৰ সাহিত্য প্রতিভাৰ স্বাক্ষৰ। আলােচনাৰ সুবিধাৰে তেওঁৰ ৰচনাৱলীক তলত উল্লেখ কৰা ধৰণে ভাগ কৰিব পাৰি

ক) কাব্য : কুমৰ হৰণ আৰু বৃত্রাসুৰ বধ।

খ) অনুবাদঃ ৰামায়ণ (অযােধ্যাকাণ্ড, অৰণ্যকাণ্ড, কিস্কিন্ধা কাণ্ড, সুন্দৰাকাণ্ড আৰু লংকা কাণ্ড; ভাগৱতৰ দশম স্কন্ধ (মধ্য আৰু অন্ত্য)।

গ) নাট : সীতাৰ পাতাল প্রৱেশ।

ঘ) তত্ত্বমূলক : ভক্তি-সাধন বা বৈষমৃত আৰু জন্ম ৰহস্য।

ঙ) স্মৃতি শাস্ত্র : নীতিৰত্ন আৰু কল্পদ্রুম।

অনন্ত কন্দলিয়ে মহিলা আৰু শূদ্ৰকে ধৰি সমাজৰ সকলোৰে মাজত ধৰ্মবিশ্বাস জগাবলৈ শাস্ত্ৰ ৰচনা কৰিছিল। গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অনুৰোধত তেওঁ ভাগৱত-পুৰাণৰ দশম কাণ্ড অনুবাদ কৰি উলিয়াইছিল। এই ৰচনাত শঙ্কৰদেৱৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। তেওঁ মাধৱ কন্দলিৰ মূল পুথিখনৰ সহায়ত ৰামায়ণৰ পাঁচটা কাণ্ড লিখিছিল। সেইখিনিক মাধৱ কন্দলিৰ ৰামায়ণৰ বৈষ্ণৱ সংস্কৰণ বুলি অভিহিত কৰা হয়।তেওঁ ভাগৱতৰ পঞ্চম আৰু ষষ্ঠ কাণ্ড অনুবাদ কৰিছিল বুলিও কোৱা হয়। 

অনন্ত কন্দলিৰ কাব্য ৰচনাসমূহ

কুমৰ হৰণ অনন্ত কন্দলি প্রণীত প্রথম কাব্য। অৱশ্যে কবিয়ে এই কাব্যখন শ্রীচন্দ্ৰ ভাৰতীনামেৰে ৰচনা কৰা। চন্দ্ৰ ভাৰতী অনন্ত কন্দলিৰ ডেকা কালৰ নাম। এই প্রসঙ্গত ঘনকান্ত বৰাৰ এষাৰি মন্তব্য প্রণিধানযােগ্য। কুমৰ হৰণকাব্যখনি কবিয়ে ডেকা কালত ৰচনা কৰা বাবেই তৰুণ কবিৰ চপলতা, সৌন্দর্য্যপ্রিয়তা আৰু আবেগপ্ৰৱণ মনৰ চিনাকি পােৱা যায় কাব্যখনিত।

কুমাৰ হৰণৰ কাহিনী বিষ্ণুপুৰাণ, ভাগৱত পুৰাণ আৰু হৰিবংশত পােৱা যায় যদিও কবিয়ে ভাগৱত পুৰাণ আৰু হৰিবংশ পৰাহে কথাবস্তু গ্রহণ কৰিছে। অর্থাৎ চন্দ্ৰ ভাৰতীৰ কুমৰ হৰণৰ মূল উৎস গ্রন্থ ভাগৱত পুৰাণ আৰু হৰিবংশ। মূলৰ লগত সঙ্গতি ৰাখি কাব্যখনৰ কাহিনী বিন্যাস, চৰিত্ৰ সৃষ্টি আৰু পৰিবেশ সংৰচনাত কবিয়ে মৌলিকতাৰ পৰিচয় দাঙি ধৰিছে। ফলত কাব্যখন ৰসােত্তীৰ্ণ হৈছে। কুজী বুঢ়ীৰ চৰিত্ৰ সৃষ্টি আৰু কাৰ্য্যাৱলী কবিৰ স্বকীয় উদ্ভাৱন। মূলত এই বিষয়ে উল্লেখ পােৱা নাযায়।

ঊষা-অনিৰুদ্ধৰ প্রেম, বিৱাহ আৰু হৰিহৰৰ যুদ্ধ বর্ণনাযুক্ত কুমৰ হৰণ কাব্যৰ বিষয়বস্তু গ্রহণ, ৰচনা কৌশল, তথা আদর্শগত দিশত শঙ্কৰদেৱৰ ৰচনাৰ প্ৰভাৱ উজ্বল ৰূপত অনুভূত। কাব্যখনৰ ৰস সৃষ্টিতাে কবি সফল হৈছে। শৃঙ্গাৰ, বীৰ, হাস্য, কৰুণ, অদ্ভূত, বীভৎস আদি ৰসেৰে পূর্ণ কুমাৰ হৰণত শৃঙ্গাৰ আৰু বীৰ ৰসে প্রাধান্য লাভ কৰিছে। কিন্তু শেষলৈ শৃঙ্গাৰ ৰস ভক্তি ৰসলৈ পর্যবসিত হৈছে। অসমীয়া বৈষ্ণৱ সাহিত্যত কুমাৰ হৰণকাব্য ৰূপে অতি জনপ্রিয়।

অনন্ত কন্দলিয়ে ৰচনা কৰা আন এখন কাব্য বৃত্রাসুৰ বধ। এই কাব্যখনৰ আধাৰ গ্রন্থ হ’ল ভাগৱতৰ ষষ্ঠ স্কন্ধ। শ্রীচন্দ্ৰ ভাৰতীৰ নামেৰে ভণিতা পেলােৱা বৃত্রাসুৰ বধ কাহিনী বর্ণনাত মূলৰ পৰা আঁতৰি যােৱা নাই যদিও পৰিৱেশ পৰিস্থিতি নিৰূপণত যৎসামান্য স্বকীয় সৃষ্টিৰ ৰহণ সানিছে। কাব্যখনৰ ভাষা প্রাঞ্জল আৰু সৰস। দুঃশক্তিৰে বলীয়ান বৃত্রাসুৰক দেৱৰাজ ইন্দ্রই দধীচি মুনিৰ অস্থিৰ দ্বাৰা নিৰ্মাণ কৰা ব্ৰজৰ দ্বাৰা কেনেকৈ বধ কৰিলে তাকেই কাব্যখনত বর্ণোৱা হৈছে। বিষ্ণু বা কৃষ্ণৰ মাহাত্ম প্রকাশ বৃত্রাসুৰ বৰ আন এটা মনকৰিব লগা দিশ। কাব্যখন পয়াৰ ছন্দত ৰচিত।

অনন্ত কন্দলিৰ সাহিত্যিক জীৱনৰ অনুবাদ কৃতি

অনুবাদমূলক ৰচনাতাে অনন্ত কন্দলিয়ে দক্ষতাৰ পৰিচয় দিছে। ৰামায়ণ এই ক্ষেত্ৰৰ উল্লেখনীয় গ্রন্থ। মাধৱ কন্দলিৰ ৰামায়ণৰ আৰ্হিত ৰচনা কৰা অনন্ত কন্দলিৰ ৰামায়ণত অযােধ্যাকাণ্ড, অৰণ্যকাণ্ড, কিস্কিন্ধাকাণ্ড, সুন্দৰাকাণ্ড আৰু লঙ্কাকাণ্ডহে পােৱা যায়। ৰামায়ণখনক কবিয়ে ভকতীয়া ৰূপ দিবলৈ যত্ন কৰাত এইখনক মাধৱ কন্দলিৰ ৰামায়ণৰ ভাগৱত বা বৈষ্ণৱ সংস্কৰণ বুলিব পাৰি।

অনন্ত কন্দলিয়ে অনুবাদ কৰা শ্রেষ্ঠ ৰচনা হ’ল ভাগৱতৰ মধ্য, দশম আৰু শেষ দশম। শঙ্কৰদেৱে মূল ভাগৱত্ৰ ১ম অধ্যায়ৰ পৰা ৪৯তম অধ্যায়লৈ আদি দশম অনুবাদ কৰি পৰৱর্তী ৫০তম অধ্যায়ৰ পৰা ৮১তম অধ্যায়লৈ মধ্য দশম আৰু ৮২তম অধ্যায়ৰ পৰা ৯০তম অধ্যায়লৈ শেষ দশম অনুবাদ কৰিবলৈ অনন্ত কন্দলিক দায়িত্ব দিয়ে। অৱশ্যে শেষ দশমৰ কেইবাটাও অধ্যায় শঙ্কৰদেৱেও অনুবাদ কৰিছে। সি যি কি নহওক, দশমৰ অনুবাদত অনন্ত কন্দলিয়ে নিজৰ পাণ্ডিত্যপূর্ণ জ্ঞান, দর্শন আৰু জটিল তত্ত্ব প্রাঞ্জলভাৱে বৰ্ণন কৰাৰ গুণ প্রকাশ কৰিছে।

ভাগৱত্ৰ অনুবাদত কন্দলিয়ে শ্রীধৰ স্বামীৰ ভাগৱত-ভাবার্থ দীপিকাৰসহায় লৈছে। অনুবাদৰ ক্ষেত্ৰত অনন্তকন্দলি মুখ্যতঃ শঙ্কৰদেৱৰ ৰচনাৰীতিৰ দ্বাৰা অনুপ্রাণিত যদিও যুদ্ধৰ বৰ্ণনা আদিত কন্দলিৰ উৎসাহ অধিক দেখিয়েই শঙ্কৰদেৱে কৈছিল—

“বামুণীৰ পাে হৈ টোকৰ মাৰিলা, বেল শিৰত নপৈল, ভক্তিপৰ হ’ল হ্রস্ব, যুদ্ধত কৈলা দীর্ঘ।” মুঠতে অনন্ত কন্দলিৰ ভাগৱতৰ দশম স্কন্ধ (মধ্য আৰু অন্তৰ ভাঙনি অসমীয়া বৈষ্ণৱ সাহিত্যৰ আদৰৰ বস্তু।

গ) নাট : অনন্ত কন্দলিৰ সীতাৰ পাতাল প্রৱেশ’নাটখনৰ বিষয়বস্তু উত্তৰাকাণ্ড ৰামায়ণৰ পৰা গ্ৰহণ কৰা।নাটখন সম্প্রতি পােহৰলৈ অহানাই যদিও দেৱেন্দ্ৰ নাথ বেজবৰুৱাই নাটখনি সর্বাঙ্গ সুন্দৰ আৰু লােকৰঞ্জক বুলি উল্লেখ কৰিছে।

ঘ) তত্ত্বমূলক ও অনন্ত কন্দলিৰ ভণিতা থকা দুখন ধর্মতত্ত্ব পুথি হ’ল — ভক্তি-সাধন বা বৈষ্ণৱামৃত আৰু জন্মৰহস্য বা জীৱতুতি। দুয়ােখন গ্রন্থ মূলতঃ ভক্তি ধর্ম আৰু দর্শন সম্পকীয়।

ঙ) স্মৃতি শাস্ত্র ও অনন্ত কন্দলিয়ে সঙ্কলন কৰা দুখন স্মৃতিশাস্ত্র হ’ল নীতিৰত্ন আৰু কল্পদ্রুম।

সন্মান

ব্যাকৰণ শাস্ত্ৰত লাভ কৰা ব্যুৎপত্তিৰ বাবে তেওঁক শ্ৰীচন্দ্ৰভাৰতী উপাধি প্ৰদান কৰা হয়। তৰ্ক আৰু ন্যায়ত থকা পণ্ডিত্যৰ বাবে অনন্ত কন্দলি বিভূষণ আৰু ভাগৱত-শাস্ত্ৰত থকা পাণ্ডিত্যৰ বাবে ভাগৱতাচাৰ্য আৰু ভাগৱত-ভট্টাচাৰ্য সন্মান প্ৰদান কৰা হয়।

General Knowledge Quiz on Ananta Kandali : Assam APSC GK Questions

(১) ভাগৱত পুৰাণত কিমানটা স্কন্ধ আছে? 

উত্তৰ: ১২ টা।

(২) 'কুমাৰ-হৰণ' কাব্য কাৰ ৰচনা?

উত্তৰ: অনন্ত কন্দলীৰ।

(৩) 'বৃত্তাসুৰ বধ', 'শেষ দশম', 'মহীৰাৱণ বধ' কাব্য কোনে ৰচনা কৰিছিল?

উত্তৰ: অনন্ত কন্দলীয়ে।

(৪) অনন্ত কন্দলীৰ 'বৃত্তাসুৰ বধ' ভাগৱতৰ কোনটো স্কন্ধৰ ওপৰত আধাৰিত?

উত্তৰ: ষষ্ঠ।

(৫) অনন্ত কন্দলীৰ একমাত্ৰ নাটখনৰ নাম কি?

উত্তৰ: 'সীতাৰ পাতাল প্রৱেশ'।

(৬) "বামুণীৰ পুতেক হৈ টোকৰ মাৰিলা, বেল শিৰত নোমল, ভক্তি-পৰ হ'ল ৰছ, যুদ্ধক কৈল দৃঢ়।" কথাষাৰ কোনে, কাক কৈছিল?

উত্তৰ: শংকৰদেৱে, অনন্ত কন্দলীক ।

(৭) 'শ্রীচন্দ্র ভাৰতী' নাম কোনজন অসমীয়া কবিক দিছিল?

উত্তৰ: অনন্ত কন্দলীক।

Must Read : Biography of Jadav Payeng in Assamese

Must Read : Life History of Madhabdev in Assamese

Must Read : Biography of Ram Saraswati in Assamese

• Must Read : Life History of Madhab Kandali in Assamese

• Must Read : Biography of Chandra Kumar Agarwala in Assamese

Must Read : Biography of Bishnu Prasad Rabha in Assamese

Download General Knowledge E-book for Competitive Exam - Click Here

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

• Cultural History of Ahom Kingdom

• Renowned Writers of Assamese Literature and Culture

• Famous Assamese Books and Authors

Well if you like the Biography of Ananta Kandali in Assamese | Life History of Ananta Kandali in Assamese for Competitive Exam do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.