Biography of Bishnu Prasad Rabha in Assamese | Life History of Bishnu Prasad Rabha in Assamese for Assam TET Exam

Bishnu Prasad Rabha's Life And Contributions : An Overall Evaluation | Contribution of Bishnu Prasad Rabha in Social Reformation in Assam

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন পৰিক্ৰমা

Hello, aspirants are you preparing for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important topic of Assamese Culture and Literature the Biography of Bishnu Prasad Rabha (কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা) in Assamese for Competitive Exam preparation. Therefore every aspirants need to know the Life History of Bishnu Prasad Rabha in Assamese for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams. In this regard "Assam GK Gyan" decides to provide you the Bishnu Prasad Rabha's Life And Contributions : An Overall Evaluation for Assam Tet exam. Infact the Contribution of Bishnu Prasad Rabha in Social Reformation in Assam will be a key topic in the Assamese Literature and Assam GK section for the upcoming Assam Govt Exams. So the Biography of Bishnu Prasad Rabha in Assamese Language for APSC/Assam TET 2022 will be a pedestrian to crack your exam.

Biography of Bishnu Prasad Rabha in Assamese | Life History of Bishnu Prasad Rabha in Assamese for Assam TET Exam

Life History of Bishnu Prasad Rabha

Bishnu Prasad Rabha's Life And Contributions

In this article we have provided you most important Assam GK on Assamese Culture and Literature topic Bishnu Prasad Rabha's Life And Contributions for the upcoming Assam TET exam. So, read this important article on Contribution of Bishnu Prasad Rabha in Social Reformation in Assam for Assam govt exams. These General Knowledge Quiz on Bishnu Prasad Rabha are extremely important and should be a part of your preparation.

GK Quiz on Bishnu Prasad Rabha : Assam APSC GK Questions

In order to succeed in the prestigious Assam TET, Assam Direct Recruitment Grade III and Grade IV Exam 2022, it is important that the aspirant has access to the all the Assam GK questions & Answers. Specially the toppers of APSC/Assam TET exams recommend that aspirant start their preparation with the most important topics of syllabus such as Assamese Culture and Literature of Assam for the upcoming exams.

A Brief note on Bishnu Prasad Rabha

Here we are discussing about the Biography of Bishnu Prasad Rabha in Assamese. Read this most important article on Life History of Bishnu Prasad Rabha in Assamese in order to answer the questions :

Biography of Bishnu Prasad Rabha in Assamese | Life History of Bishnu Prasad Rabha in Assamese

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন পৰিক্ৰমা

জন্ম : ১৯০৯ চনৰ ৩১ জানুৱাৰী

অন্য নাম : কলাগুৰু 

পিতৃ : গোপাল চন্দ্ৰ ৰাভা

মাতৃ : গেথীবালা ৰাভা

পেচা : কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু মুক্তি যুঁজাৰু 

দাম্পত্যসঙ্গী : প্ৰিয়বালা দত্ত

                     কনকলতা মেধি

                     মোহিনীবালা বসুমতাৰী

মৃত্যু : ১৯৬৯ চন

২০ জুন বুলি ক’লেই আমাৰ মনলৈ এটা নামেই আহে , সেইটো হৈছে “কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা” ; কিয়নো এইটো দিনতেই ১৯৬৯ চনত তেখেতৰ মৃত্যু হৈছিল আৰু সেইকাৰণে এই দিনটো তেখেতৰ নামত উৎসৰ্গিত কৰি ৰাভা দিৱস হিচাপে পালন কৰা হয়।

অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান অপৰিসীম। তেখেতে একেৰাহে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। 

১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ)-ৰ ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়।তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ'লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়ে 'ৰাভা' উপাধি গ্ৰহণ কৰে। ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া গোপালচন্দ্ৰ ৰাভাক 'ৰায়বাহাদুৰ' উপাধি যঁচা হৈছিল। গোপাল ৰাভাক বেংগলৰ গৱৰ্ণৰৰ এ.ডি.চি. (A.D.C. to the Governor of Bengal) পদলৈ পদোন্নতি দিয়া হৈছিল।  দৰং জিলাৰ চাবেক বাসিন্দা গোপাল ৰাভা, তেজপুৰৰ বাণ ৰঙ্গমঞ্চৰ লগত জড়িত আছিল। তেখেতে মূল থিয়েটাৰ ভৱনৰ নিৰ্মাণত যথেষ্ট অৱদান আগবঢ়াইছিল।

১৯৩৫ চনত বিষ্ণুপ্ৰসাদ ৰাভাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে। জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই 'জয়মতী' আৰু 'শোণিত কুঁৱৰী' নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল। ইয়াৰ পিছত ১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত 'তাণ্ডৱ নৃত্য' প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণণে তেখেতক '"কলাগুৰু"' উপাধি প্ৰদান কৰিছিল।

নাটক আৰু বোলছবিত অভিনয় :

অসমৰ নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই নাট্যাভিনয়ৰ পাতনি মেলিছিল আঠ বছৰ বয়সত। ঢাকা নগৰত মঞ্চস্থ এখন নাটকত প্ৰথমে ৰাজকোঁৱৰৰ ভাৱত ৰাভাই অভিনয় কৰিছিল। নাটকখনৰ নাম আছিল হৰিশ্চন্দ্ৰ। তেজপুৰৰ বাণ ৰঙ্গমঞ্চত নিয়মীয়াকৈ অভিনয় কৰা ৰাভাই পাছলৈ যাত্ৰা-পাৰ্টিৰ লগত নাটকত অভিনয় কৰাৰ উপৰিও কেবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল। তেখেতৰ অভিনীত বোলছবি এৰা বাটৰ সুৰ, প্ৰতিধ্বনি, ছিৰাজ। 

জ্যোতিপ্ৰসাদৰ আমন্ত্ৰণত অসমীয়া কথাছবি 'জয়মতী' নিৰ্মাণত তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাক নৃত্য পৰিচালনাৰ লগতে আন কেইবাটাও বিষয়ত সহায় কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'কাৰেঙৰ লিগিৰী" নাট পৰিচালনা কৰোঁতেও ৰাভাই সংগীত পৰিচালনাৰ দায়িত্ব লৈছিল আৰু 'সুদৰ্শন' চৰিত্ৰত অভিনয়ো কৰিছিল। 

ফণী শৰ্মাৰ সৈতে যুটীয়া ভাৱে পৰিচালনা কৰিছিল তেতিয়ালৈ আটাইতকৈ সফল বোলছবি ছিৰাজ। ভূপেন হাজৰিকাৰ এৰা বাটৰ সুৰত ৰাভাই ‘ভজলুংকা’ৰ ভাও আৰু প্ৰতিধ্বনি ছবিত খাচী চিয়েমৰ ভাও দিছিল৷

চিত্ৰকলা :

বিষ্ণু ৰাভা এগৰাকী নিপুন চিত্ৰকৰ আছিল। তেওঁ বৰপেটাৰ শ্ৰীমন্ত শংকৰদেৱৰ আৰু শংকৰ-মাধৱৰ যুগল ছবি আঁকি তিনিটা ৰঙত ছপাই ৰাইজৰ মাজত বিতৰণ কৰিছিল। ৰাভাৰ ৰচনাৱলীৰ পৰিশিষ্টত ১৯ খন ছবিৰ আলোকচিত্ৰ সংযোজিত হৈছে৷ 

ৰাভাই শংকৰদেৱৰ তিনিখন ছবি অংকন কৰিছিল৷ এখন ১৯৩৫ চনত, এখন ১৯৪০ চনত আৰু আনখন আঁকিছিল ১৯৪৫ চনত৷ ইয়াৰে ১৯৪০ চনত অংকিত ছবিখন বেছি সমাদৃত৷ শংকৰ-মাধৱৰ যুগল ছবিখন ১৯৩৫ চনত অঁকা৷ ৰাভাই অংকন কৰা আন ছবিসমূহৰ ভিতৰত আছে- চিত্ৰলেখা (১৯৩৫), নটৰাজ (১৯৩৭), স্নান (A Bathing lady, 1933), শকুন্তলা (১৯৩৯), গৰমৰ দিনৰ তিৰোতা (১৯৪০), বড়োসকলৰ বিবাহ সমদল (১৯৪৪), ভূমিকম্প (১৯৫০), গাঁৱৰ প্ৰাকৃতিক দৃশ্য (১৯৬৫) আদি। ‘বাঁহী’, ‘আমাৰ প্ৰতিনিধি’ আদি আলোচনীৰ বেটুপাতো তেওঁ অংকন কৰিছিল।

সাহিত্য পঞ্জী :

বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। তেওঁ ’বৃহত্তৰ অসমৰ পৰিকল্পনা’ নামৰ এলানি প্ৰবন্ধ ১৯৩০ চনৰ পৰা একেলেঠাৰিয়ে ’বাঁহী’ত প্ৰকাশ পাইছিল। 

তেওঁৰ উল্লেখনীয় প্ৰকাশিত পুথিসমূহ হ'ল :

অসমীয়া কৃষ্টিৰ চমু আভাস

অতীত অসম

মুক্তি দেউল

ন পৃথিৱীৰ নতুন যুগ

বড়ো জাতিৰ ইতিহাস

ৰাভা জাতিৰ ইতিবৃত্ত

বোঁৱতী সুতি

অসমীয়া কৃষ্টি

জনজাতীয় সংস্কৃতিত শিৱ

আলিয়াই-লিগাং

কেবা

দিমাছা কছাৰীৰ বুৰঞ্জী

বানে কেবাং

উপন্যাস :

সোণপাহি

মিচিং কনেং

জীৱন লালসা

নাটক

গেঙনি ৰেঙনি (নাটক)

গল্পসমূহ :

মামীৰ হাৰ

কুৰি বছৰ জেইল

জাল কেছ

হিয়াৰ পুং

ফুংকা (বড়ো ভাষাত ৰচিত)

সন্মান :

বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২০ জুন তাৰিখটো "বিষ্ণু ৰাভা দিৱস" ৰূপে পালন কৰা হয়। তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৩১.০১.২০০৯ তাৰিখে ভাৰত চৰকাৰে এটি বিশেষ ডাকটিকট উন্মোচন কৰে। তেখেতৰ স্মৃতিত সাংবাদিক তিলক দাসে "বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি" আৰু "বিষ্ণু ৰাভা পুনৰ আহিব উভতি" শীৰ্ষক দুখন জীৱনীও লিখি উলিয়াইছিল। 

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা :

বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত অসম চৰকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা মুকলি কৰে। অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক এই বঁটাৰে সন্মানীত কৰা হয়।

Must Read : Life History of Madhabdev in Assamese

Must Read : Life History of Ananta Kandali in Assamese

Must Read : Biography of Bhabendra Nath Saikia in Assamese

Must Read : Biography of Jyoti Prasad Agarwala in Assamese

Must Read : Biography of Lachit Barphukan in Assamess

Must Read : Biography of Chandra Kumar Agarwal in Assamese

Must Read : Biography of Lokpriya Gopinath Bordoloi in Assamese

Must Read : Biography of Jadav Payeng in Assamese

Must Read : Biography of Rishi Sunak in Assamese

Download General Knowledge E-book for Competitive Exam - Click Here

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

• অসম দিৱস বা ছ্যুকাফা দিৱসৰ বিষয়ে

• Renowned Writers of Assamese Literature and Culture

• Bir Chilarai-The Great Warrior of Koch Kingdom

Well if you like the Biography of Bishnu Prasad Rabha in Assamese | Life History of Bishnu Prasad Rabha in Assamese for Assam TET Exam do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.