Biography of Lakshminath Bezbaruah in Assamese | Life History of Lakshminath Bezbaruah in Assamese for Assam TET Exam

Lakshminath Bezbaruah's Life And Contributions : An Overall Evaluation | Contribution of Lakshminath Bezbaruah in Assamese Culture & Literature

লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন পৰিক্ৰমা

Hello, aspirants are you preparing for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams? If yes, then you must be aware of the most important topic of sports the Biography of Lakshminath Bezbaruah (লক্ষ্মীনাথ বেজবৰুৱা) in Assamese for Competitive Exam preparation. Therefore everyone need to know the Life of Lakshminath Bezbaruah in Assamese for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams. In this regard "Assam GK Gyan" decides to provide you the Lakshminath Bezbaruah's Life And Contributions : An Overall Evaluation for Assam Tet exam. Infact the Contribution of Lakshminath Bezbaruah in Assamese Culture & Literature will be a key topic in the sports GK section for the upcoming Assam Govt Exams. So the Biography of Lakshminath Bezbaruah in Assamese Language for APSC/Assam TET will be a pedestrian to crack your exam.

Biography of Lakshminath Bezbaruah in Assamese | Life History of Lakshminath Bezbaruah in Assamese for Assam TET Exam

Life History of Lakshminath Bezbaruah

Lakshminath Bezbaruah's Life And Contributions

In this article we have provided you most important Assam GK on Assamese Culture and Literature topic Lakshminath Bezbaruah's Life And Contributions for the upcoming Assam TET exam. So, read this important article on Contribution of Lakshminath Bezbaruah in Assamese Culture & Literature for Assam govt exams. These General Knowledge Quiz on Lakshminath Bezbaruah are extremely important and should be a part of your preparation.

GK Quiz on Lakshminath Bezbaruah : Assam APSC GK Questions

In order to succeed in the prestigious Assam TET, Assam Direct Recruitment Grade III and Grade IV Exam, it is important that the aspirant has access to the all the Assam GK questions & Answers. Specially the toppers of APSC/Assam TET exams recommend that aspirant start their preparation with the most important topics of syllabus such as Assamese Culture and Literature of Assam for the upcoming exams.

A Brief essay on Lakshminath Bezbaruah

Here we are discussing about the Biography of Lakshminath Bezbaruah in Assamese. Read this most important article essay on Life History of Lakshminath Bezbaruah in Assamese in order to answer the questions :

Lakshminat Bezbaruah was an Indian poet, short story writer, novelist and playwright of recent Assamese literature. He was one among the literary stalwarts of the Jonaki Era, the age of romanticism in Assamese literature when through his essays, plays, fiction, poetry, satires, he gave a replacement impetus to the then stagnating Assamese literary caravan. He knowledgeable the prevailing social environment through his satirical works to bring the sustain positive changes to the previous His literature reflected the deeper urges of the people of Assam. 

Bezbaruah was honoured by a singular title on 29 December 1931 as 'Roxoraj' by Assam Sahitya Sabha at its Sibsagar session. Within the felicitation letter by Assam Sahity Sabha, the word 'Sahityarathi' was used for the primary time for Bezbaruah. Roxoraj meaning The King of Humour' in Assamerse literature for his ever popular satirical writings under the nom de plume 'Kripaabar Borboruah' a pseudo personality that he created and portrayed and the lead character in such works. 

He also knew in Assamese literary society and also the 'Sahityarathi' which means 'Chariateer of Literature' for his expertise altogether branches of literature. Bezbaruah started his literary career with a farce, Litikai in 1890, serialised from the primary issue of Jonaki megazine. 'O mur apunar desh' is the state song or state anthem of the Assam. It was written by Lakshminath Bezbaruah and attuned by Kamala Prasad Agarwala. The song itself is from among the finest poems created by Lakshminath Bezbaruah.It was first published in 1909 in an Assamese megazine named Banhi.

Biography of Lakshminath Bezbaruah in Assamese | Life History of Lakshminath Bezbaruah in Assamese

লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন পৰিক্ৰমা

নাম : লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbaruah)

জন্ম চন : ১৮৬৪, ১৪ অক্টোবৰ

জন্ম  স্থান : আহঁতগুৰি

পিতৃৰ নাম : দীননাথ বেজবৰুৱা

মাতৃৰ নাম : থানেশ্বৰী দেৱী

দাম্পত্যসঙ্গী : প্ৰজ্ঞাসুন্দৰী দেৱী

সন্তান : তিনিজনী কন্যা সুৰভি, অৰুণা আৰু ৰত্না

শিক্ষা : কলিকতাৰ চিটি কলেজৰপৰা বি.এ.

মৃত্যু : ১৯৩৮, ২৬ মাৰ্চ ডিব্ৰুগড়

‘অ’ মোৰ আপোনাৰ দেশ, অ’ মোৰ চিকুণী দেশ’ শীৰ্ষক জাতীয় সংগীতটিৰে অসমীয়া ভাষা-সাহিত্যৰ ভৰাঁল চহকী কৰা অসমীয়া সাহিত্যিক গৰাকীয়েই হ’ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া সাহিত্যত ক্ষুৰধাৰ হাস্য-কৌতুক মিহলি ৰচনাৰাজিৰ পয়োভৰ ঘটোৱা বাবে এইগৰাকী মহান সাহিত্যিকক ৰসৰাজ উপাধিৰে অলংকৃত কৰা হয়‌। এইগৰাকী মহান সাহিত্যিকৰ হাততেই জন্ম লাভ কৰিছিল অসমীয়া গল্প সাহিত্যই। 

কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি কৰি এজন সমাজ-সংস্কাৰক হিচাপে নিজৰ চিনাকি দিছিল। শংকৰ-মাধৱৰ জীৱনী ৰচনা কৰি বেজবৰুৱাই শংকৰদেৱক কেৱল এজন ধৰ্মগুৰু ৰূপেই নহয়, ভাষা-সাহিত্য-সংস্কৃতিৰ গুৰি-ধৰোঁতা আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা বুলি প্ৰমাণ কৰি থৈ গৈছে। ব্ৰিটিছৰ ৰাজত্বকালত এই অসমীয়া জাতিয়ে যেতিয়া আত্ম-বিস্মৃতিত ভুগিছিল, অসমীয়া মানুহৰ মনোবল আৰু স্ব-জ্ঞান ঘূৰাই আনি অসমীয়া জাতিৰ পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত বেজবৰুৱাই অধিনায়কৰ ভূমিকা গ্ৰহণ কৰিছিল।

জন্ম আৰু বংশ পৰিচয়

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল অসমৰ বিখ্যাত ৰাজবৈদ্য বেজবৰুৱা বংশত। তেওঁলোকৰ উপৰি পুৰুষৰ নাম আছিল কলিবৰ। তেওঁ শাস্ত্ৰবিদ্যাত পাৰ্গত এজন কনৌজ দেশীয় ব্ৰাহ্মণ আছিল। তেওঁ আয়ুৰ্বেদ শাস্ত্ৰত  বিশেষভাৱে পাৰ্গত হোৱাৰ বাবে স্বৰ্গদেউ জয়ধ্বজ সিংহই তেওঁক বেজসকলৰ প্ৰধান হিচাপে বেজবৰুৱা পাতিছিল। সেই কলিবৰ বেজবৰুৱাৰে বংশধৰ দীননাথ বেজবৰুৱাৰ পুত্ৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। পূৰ্বপুৰুষ সকলৰ দৰেই বেজবৰুৱাৰ পিতৃ  দীননাথ বেজবৰুৱাও আহোম ৰজা পুৰন্দৰ সিংহৰ ব্যক্তিগত চিকিৎসক আছিল। পিছলৈ অসমত ৰাজশাসনৰ অন্ত পৰাত তেওঁ ইংৰাজ চৰকাৰৰ অধীনত মুন্সীফ, এক্সট্ৰা এছিচটেন্ট কমিছনাৰ আদি পদবীতো নিযুক্ত হৈছিল।

পিতৃ দীননাথ বেজবৰুৱাৰ দুগৰাকী পত্নী আছিল। লক্ষ্মীনাথ দীননাথ বেজবৰুৱাৰ দ্বিতীয় গৰাকী পত্নী থানেশ্বৰী বেজবৰুৱানীৰ সন্তান আছিল। দীননাথ বেজবৰুৱাৰ মুঠ তেৰজন পুত্ৰ সন্তানৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা পঞ্চমজন আছিল বুলি জনা যায়।

বেজবৰুৱাৰ শিক্ষাজীৱন 

লক্ষীমপুৰত থাকোতে ৰবি ককাৰ তত্বাৱধানতেই অ আ ক খ শিকিছিল যদিও গুৱাহাটীতহে পোনপ্ৰথম বাৰৰ বাবে পঢ়াশালিত প্ৰৱেশ কৰে লক্ষ্মীনাথ বেজবৰুৱাই। স্কুলীয়া জীৱনটো তেওঁ সমূলি ভাল পোৱা নাছিল। এই ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰেই তিক্ত। কিন্তু তেওঁ ৰবীন্দ্ৰনাথৰ দৰে স্কুল এৰি দিয়া নাছিল। অসীম ধৈৰ্য্যৰে তেওঁ বি এ., এম এ. আনকি আইনৰ স্নাতক পৰ্যন্ত শিক্ষা লাভ কৰিলে। পঢ়া-শুনাৰ ক্ষেত্ৰত তেওঁ মজলীয়া বুদ্ধিৰ ছাত্ৰ আছিল বুলি নিজেই উল্লেখ কৰি গৈছে। পঢ়া- শুনাতকৈও তেওঁ বিভিন্ন খেলা-ধূলা কৰা, মাছ মৰা, বৰশী বোৱা আদি কামতহে বেছি মনোযোগ দিছিল। 

তেওঁ ল’ৰালি কালৰ বিষয়ে তেওঁৰ ভতিজাক মাধৱচন্দ্ৰ বেজবৰুৱাই লিখিছে- ‘সৰু কালত লক্ষ্মীনাথে বৰশী বোৱা, দল চেলাই মাছ ধৰা, গছত উঠা, সাঁতোৰা, তামোল গছত বগোৱা, ভুৰ খেলা আদি বিদ্যাত আঘাইতং বুলি খ্যাতি আৰ্জিছিল। দিখৌ নৈৰ বুকুলৈ মাৰ নাৱত উঠি গৈ মাজ পানীত জাপ দি বুৰ মাৰি উভত গোৰে নচা আজিকালি কেইটা কুৰি শতিকাৰ ডেকা ওলাব কব নোৱাৰোঁ’।

লক্ষ্মীনাথ বেজবৰুৱাই তেওঁ আত্মজীৱনীত উল্লেখ কৰা মতে, চাৰিবাৰকৈ এন্ট্ৰেন্স পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ পাছত ১৮৮৬ চনত শিৱসাগৰৰ হাইস্কুলৰ পৰা দ্বিতীয় বিভাগত এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছতেই তেওঁ দেউতাকৰ বিভিন্ন বাধা-আপত্তিক অশেষ কষ্টৰে অতিক্ৰম কৰি কলিকতালৈ উচ্চ শিক্ষাৰ বাবে ঢাপলি মেলিলে। বেজবৰুৱাৰ মতে তেওঁৰ দেউতাকে তেওঁক এইবাবেই কলিকতালৈ পঢ়িবলৈ পঠাবলৈ বিচৰা নাছিল কিয়নো লক্ষ্মীনাথৰ আগত কলিকতালৈ পঢ়িবলৈ যোৱা দুজন ককায়েকে অসমীয়া ঢং গতি পাহৰি একেবাৰেই চাহাবী হৈ পৰিছিল। যি কথাই নৈষ্ঠিক অসমীয়া ব্ৰাহ্মণ দীননাথ বেজবৰুৱাৰ মনত বাৰুকৈয়ে আঘাত দিছিল। দীননাথ বেজবৰুৱাই লক্ষ্মীনাথৰ লগতো সেই কথাৰ পুনৰাবৃত্তি হওঁক সেয়া একেবাৰেই বিচৰা নাছিল।

ভাষা আন্দোলন

লক্ষ্মীনাথ বেজবৰুৱাই কলিকতাত অধ্যয়ন কৰি থকাৰ সময়তে পাশ্চাত্য সাহিত্য সংস্কৃতিৰ লগত পৰিচিত হৈছিল। সেই সময়ত কলিকতাত বসবাস কৰা প্ৰবাসী অসমীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে  লক্ষ্মীনাথ বেজবৰুৱাকে প্ৰমুখ্যে কৰি হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালাই ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা চমুকৈ অ.ভা.উ.সা. নামৰ এটা অনুষ্ঠান গঠন কৰিছিল। এই অ.ভা.উ.সা. ই অসমীয়া ভাষা পুনৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালাৰ ঐকান্তিক প্ৰচেষ্টাত অসমীয়া ভাষা সাহিত্যত নতুনত্বৰ সূচনা হৈছিল। 

১৮৮৯ চনত প্ৰকাশ পাইছিল ‘জোনাকী’ আলোচনী। জোনাকী আলোচনীৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া জাতিটোক অসমৰ অতীত, ঐতিহ্য আৰু গৌৰৱৰ সৈতে চিনাকি কৰাই দি সাহিত্যৰ মাজেৰে অসমীয়া জাতি, ভাষা আৰু সংস্কৃতিক এক সুকীয়া মৰ্যাদা প্ৰদানৰ বাবে চেষ্টা চলাইছিল।

১৮৯১ চনত জোড়াসাঁকোৰ ঠাকুৰ পৰিয়ালৰ জীয়ৰী প্ৰজ্ঞাসুন্দৰীৰ লগত লক্ষ্মীনাথ বেজবৰুৱাৰ বিবাহ সম্পন্ন হৈছিল। গুৰুত্বপূৰ্ণ কথা যে প্ৰজ্ঞাসুন্দৰী হ’ল মহৰ্ষি দেবেন্দ্ৰ নাথ ঠাকুৰৰ তৃতীয় পুত্ৰ হেমেন্দ্ৰ নাথ ঠাকুৰৰ জীয়ৰী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজি।

ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ ১৮৯৩ চনত অসমৰ বিখ্যাত ব্যৱসায়ী ভোলানাথ বৰুৱাৰ সৈতে লগ লাগি কাঠৰ ব্যৱসায় আৰম্ভ কৰিছিল। ১৯০৯ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশ পাইছিল অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত উল্লেখযোগ্য ভূমিকা পালন কৰা বাঁহী আলোচনী। লক্ষ্মীনাথ বেজবৰুৱাই ১৯১৬ চনত গুৱাহাটীত অনুষ্ঠিত অসমীয়া ছাত্ৰৰ সাহিত্য সন্মিলনৰ অধিৱেশনত সভাপতিৰ দায়িত্ব পালন কৰিছিল। 

গুৰুত্বপূৰ্ণ কথা যে লক্ষ্মীনাথ বেজবৰুৱাক ১৯২৩ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত “ৰসৰাজ” উপাধিৰে বিভূষিত কৰা হৈছিল। ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তম অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই।

সাহিত্যিক জীৱন

বেজবৰুৱাৰ সাহিত্যিক জীৱন কলিকতাত পঢ়ি থকাৰ সময়তে আৰম্ভ হৈছিল। সেই সময়তেই তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক লগ পায়। সেই সময়ত অসমত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তিনিও মিলি কলিকতাত পঢ়ি থকা আন ছাত্ৰ সকলক লগত লৈ "অসমীয়া ভাষা উন্নতি সাধিনী সভা"(অ. ভা. উ. সা. সভা) নামে এখন সভা স্থাপন কৰে। এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে 'জোনাকী' নামে এখন আলোচনী প্ৰকাশ কৰিছিল। এই 'জোনাকী'ৰ পাততেই বেজবৰুৱাই প্ৰথম সাহিত্য সাধনাত মনোনিবেশ কৰে। 

বেজবৰুৱাৰ সাহিত্য জীৱনৰ আৰম্ভণি হয় “জোনাকী”ত প্ৰকাশিত “লিতিকাই” নামৰ নাটকেৰে। ইয়াৰ পিছত তেওঁ সাহিত্যৰ বিভিন্ন দিশত হাত বুলাই একুৰি পাঁচখন গ্ৰন্থ ৰচনা কৰে। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে।

তেওঁৰ উল্লেখনীয় ৰচনাসমূহ হ’ল- “কামত কৃতিত্ব লভিবৰ সংকেত”, ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘পদুম কুঁৱৰী’(উপন্যাস), ‘কৃপাবৰ বৰুৱাৰ ওভটনি’, ‘দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত’, ‘সুৰভি’, ‘সাধুকথাৰ কুকি’(গল্প), ‘শংকৰদেৱ’, ‘বুঢ়ি আইৰ সাধু’, ‘ককাদেউতা আৰু নাতি ল’ৰা’, ‘কদম কলি’(কবিতা), ‘জোনবিৰি’(চুটিগল্প), ‘জুনুকা’(গল্প), ‘পাচনি’(নাটক), ‘নোমল’(নাটক), ‘চিকৰ পতি নিকৰ পতি’(নাটক), ‘বাখৰ’, শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ’, ‘ভাগৱত কথা’, ‘চক্ৰধ্বজ সিংহ’(নাটক), ‘বেলিমাৰ’(নাটক), ‘জয়মতি’(নাটক), ‘ভাৰতবৰ্ষৰ বুৰঞ্জী’, “History of Vaisnavites in India, Rasalila & Sri Krishna”, “Border State Lecture”, ‘মোৰ জীৱন সোঁৱৰণ’, ‘কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি, ‘তত্ত্বকথা’, ‘কৃপাবৰ বৰুৱাৰ বুলনি’, ‘শ্ৰীকৃষ্ণ কথা’, 'Religion & Devotion', ‘পত্ৰলেখা’, ‘দিনলেখা’ আদি।

জোনাকী কাকতে অসমীয়া কাব্য ইতিহাসৰ গতিলৈ নৱ ৰূপান্তৰ আনে আৰু এই ক্ষেত্ৰত যি ত্ৰিমূৰ্তিয়ে বিশেষ ভূমিকা পালন কৰিছিল তাৰ অন্যতম হ’ল লক্ষ্মীনাথ বেজবৰুৱা। চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী আছিল আন দুজন ৰূপকাৰ। ‘জোনাকী’ কাকতৰে কাব্য জীৱনৰ পাতনি মেলা লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কদমকলি’ প্ৰথম কাব্য সংকলন। তেওঁৰ নিজৰ কথামতে এই কথাখিনি ‘কবিতা হয় যদি হওক নহয় যদি নহওক’ বুলিয়ে তেওঁ ৰচনা কৰিছিল। কিন্তু ইয়াৰ প্ৰায়ভাগ কবিতাতে কবিৰ নিজস্ব শৈলী প্ৰকাশ পোৱাত সেইবোৰ হৈ পৰিছে বৈশিষ্ট্যপূৰ্ণ।

নাট্যকাৰ হিচাপে বেজবৰুৱাই প্ৰহসনত হাত দিয়ে। সেই প্ৰহসনবোৰক নিভাঁজ হাস্যৰসে সঞ্জীৱিত কৰিছে। সৰল আৰু নিৰ্বোধ চহা চৰিত্ৰৰ ব্যৱহাৰ আৰু কথা-বৰ্তাৰ হাস্যাস্পদ ৰূপ নাটকেইখনত দাঙি ধৰিছে। তেওঁ ‘জয়মতি কুঁৱৰী’, ‘বেলিমাৰ’ বিয়োগান্তক নাটক । আকৌ ‘চক্ৰধ্বজ সিংহ’, 'সুখান্তক' ঐতিহাসিক নাটক।

তত্ত্বমূলক গ্ৰন্থৰেও তেওঁ অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰিছে। ‘তত্ত্বকথা’ এই প্ৰসংগত উল্লেখযোগ্য সৃষ্টি। হাস্যমূলক ৰচনাৰে অসমীয়া সাহিত্যত তেওঁ ‘ৰসৰাজ’ নামেৰে পৰিচিত হৈছে।

গল্পকাৰ লক্ষ্মীনাথ বেজবৰুৱা

লক্ষ্মীনাথ বেজবৰুৱা আছিল অসমীয়া চুটিগল্পৰ বাটকটীয়া। তেওঁ অসমীয়া সমাজ জীৱনৰ দোষ-ত্ৰুটি, অন্ধবিশ্বাস, কু-সংস্কাৰ, জাতীয় চেতনা আদিক তেওঁৰ মূল্যৱান চুটিগল্পসমূহৰ মাজেৰে প্ৰকাশ কৰি থৈ গৈছে। তেওঁৰ চুটিগল্পসমূহত সেইসময়ৰ অসমীয়া সমাজখনৰ ছবি ফুটি উঠিছে। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰথম চুটিগল্পৰূপে বহুতে ‘কন্যা’ গল্পটোক স্বীকৃতি দিয়ে যদিও প্ৰকৃততে বেজবৰুৱাদেৱৰ প্ৰথমটো প্ৰকাশিত চুটিগল্প আছিল ‘সেউতী’। এই ‘সেউতী’ গল্পটো জোনাকী আলোচনীৰ চতুৰ্থ বছৰৰ চতুৰ্থটো সংখ্যাত প্ৰকাশ পায়।

‘সেউতী’ৰ জৰিয়তে অসমীয়া চুটিগল্পৰ পাতনি মেলা লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ চাৰিখন গল্পৰ পুথি আছে। তাৰে তিনিখন তেওঁৰ জীৱিতকালতে প্ৰকাশ পোৱা আৰু এখন মৰণোত্তৰভাৱে প্ৰকাশ হৈছে। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱিতকালতে প্ৰকাশ পোৱা গল্পৰ পুথি তিনিখন হৈছে – ‘সুৰভি’, ‘সাধুকথাৰ কুকি’ আৰু ‘জোনবিৰি’। মৰণোত্তৰভাৱে প্ৰকাশ পোৱা তেওঁৰ গল্পৰ পুথিখন আছিল ‘কেহোঁকলি’।

লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘সুৰভি’ প্ৰকাশ পাইছিল ১৯০৯ চনত। ইয়াত মুঠ বাৰটি চুটিগল্প সন্নিৱিষ্ট হৈ আছে। ‘সুৰভি’য়েই আছিল প্ৰথম অসমীয়া চুটিগল্পৰ সংকলন। তেওঁৰ ‘সাধুকথাৰ কুকি’ প্ৰকাশ পাইছিল ১৯১০ চনত। ইয়াত মুঠ সাতাইশটি চুটিগল্প সন্নিৱিষ্ট হৈ আছে। তেওঁৰ ‘জোনবিৰি’ প্ৰকাশ পাইছিল ১৯১৩ চনত। ইয়াত মুঠ ষোল্লটি চুটিগল্প সন্নিৱিষ্ট হৈ আছে।

বেজবৰুৱাৰ শিশু সাহিত্য

লক্ষ্মীনাথ বেজবৰুৱাই শিশু-কিশোৰৰ উপযোগী হোৱাকৈও বহুতো সাধু একগোট কৰিছিল। তেওঁৰ দ্বাৰা প্ৰকাশিত সাধুকথাৰ পুথি তিনিখন হৈছে ‘বুঢ়ী আইৰ সাধু’, ‘ককাদেউতা আৰু নাতি ল’ৰা’ আৰু ‘জুনুকা’। বুঢ়ী আইৰ সাধুত একত্ৰিশটা, ককাদেউতা আৰু নাতিল’ৰাত ঊনত্ৰিশটা আৰু জুনুকাত দহটাকৈ সাধু সন্নিৱিষ্ট হৈ আছে। 'বুঢ়ী আইৰ সাধু' কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯১২ চনৰ অক্টোবৰ অথবা নৱেম্বৰ মাহত। লক্ষ্মীনাথ বেজবৰুৱাদেৱে বহুজনৰপৰা লিখিত ৰূপত সংগ্ৰহ কৰা এই সাধুকথা বোৰকে "বুঢ়ী আইৰ সাধু" নাম দি সংকলনৰূপে প্ৰকাশ কৰিছিল। বেজবৰুৱাই ১৯১১ চনত “বুঢ়ী আইৰ সাধু”ৰ পাতনি লিখিছিল।

সাহিত্যিক কৰ্মৰাজি

বেজবৰুৱাৰ সাহিত্যৰাজিক তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি।

আত্ম-জীৱনী আৰু জীৱনী

মোৰ জীৱন সোঁৱৰণ (প্ৰথম খণ্ড, ১৯৪৫)

মোৰ জীৱন সোঁৱৰণ (দ্বিতীয় খণ্ড, ১৯৬১)

ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত

শ্ৰীশ্ৰী শংকৰদেৱ

শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ

চিন্তাশীল ৰচনা

তত্ত্বকথা

শ্ৰীকৃষ্ণকথা

ভগৱৎ কথা

উপন্যাস

পদুমকুঁৱৰী

গল্পপুথি

সুৰভি (১৯০৯)

সাধুকথাৰ কুঁকি (১৯১০)

জোনবিৰি (১৯১৩)

কেহোঁকলি (মৰণোত্তৰ প্ৰকাশ)

সম্পাদকীয় কাৰ্য

বাঁহী

সাধুকথা আৰু শিশু সাহিত্য

প্ৰধান প্ৰবন্ধ: বুঢ়ী আইৰ সাধু

বুঢ়ী আইৰ সাধু:

ইয়াত থকা সাধুকেইটা হ'ল:

মেকুৰীৰ জীয়েকৰ সাধু

বান্দৰ আৰু শিয়াল

ঔ-কুঁৱৰী

ঢোঁৰাকাউৰী আৰু টিপচীচৰাই

এজনী মালিনী আৰু এজোপাৰ ফুল

বুধিয়ক শিয়াল

বাঘ আৰু কেঁকোৰা

তেজীমলা

বুঢ়া-বুঢ়ী আৰু শিয়াল

দীঘল ঠেঙীয়া

ককাদেউতা আৰু নাতিল’ৰা

জুনুকা

গঙ্গাটোপ

নুমলীয়া পো

সৰবজান

এটা শিঙৰা মাছৰ কথা

এটা বলী মানুহ

চিলনী জীয়েকৰ সাধু

তুলা আৰু তেজা

কটা যোৱা নাক,খাৰণী দি ঢাক

তীখৰ আৰু চুটিবাই

চম্পাৱতী

জৰদগৱ ৰজাৰ উপাখ্যান

পানেশৈ

জোঁৱাইৰ সাধু

কুকুৰীকণা

ভেকুলীৰ সাধু

তাৱৈয়েকৰ সাধু

লটকন

লখিমী তিৰোতা

দুই বুধিয়ক

কাঞ্চনী

ৰস ৰচনা বা হাস্যৰসাত্মক ৰচনা

কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা

কৃপাবৰ বৰুৱাৰ ওভতনি

বৰবৰুৱাৰ বুলনি

বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড)

বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড)

বৰবৰুৱাৰ চিন্তাৰ শিলগুটি

বৰবৰুৱাৰ সাহিত্যিক ৰহস্য

কৃপাবৰ বৰুৱাৰ সামৰণি

অনুবাদ

ভাৰতবৰ্ষৰ বুৰঞ্জী

অন্যান্য

অসমীয়া ভাষা আৰু সাহিত্য

পত্ৰলেখা

কাঁহুদী আৰু খাৰলি

সম্পাদকৰ চ'ৰা

নাটক

ধেমেলীয়া নাটক (প্ৰহসন)

লিতিকাই

নোমল

পাচনি

চিকৰপতি নিকৰপতি

নাটৰ কুকি

গদাধৰ ৰজা

বাৰেমতৰা

হ-য-ব-ৰ-ল

হেমলেত

মঙলা

বুৰঞ্জীমূলক নাটক

চক্ৰধ্বজ সিংহ

বেলিমাৰ

জয়মতী কুঁৱৰী

মৃত্যু

বেজবৰুৱাই জীৱনৰ অন্তিম সময়খিনি সম্বলপুৰ, বৰোডা, বোম্বাই, নাগপুৰ আদি বিভিন্ন ঠাইত কটোৱাৰ পিছত ১৯৩৭ চনৰ ১৮ আগষ্টত অসমলৈ ঘূৰি আহে। ১৯৩৮ চনৰ মাৰ্চ মাহৰ ২৬ তাৰিখে ডিব্ৰুগড় চহৰত থকা জী-জোৱাইৰ ঘৰত বেজবৰুৱাৰ মৃত্যু হয়।

সামৰণি

ভাষা সাহিত্য সংস্কৃতিৰ সাধক লক্ষ্মীনাথ বেজবৰুৱাই সৃষ্টি কৰি থৈ যোৱা অসংখ্য ৰচনা আৰু এইসমূহৰ প্ৰাসংগিকতাৰ বাবে ১৮৯০ চনৰ পৰা ১৯৪০ চনলৈকে এই সময়চোৱা বেজবৰুৱাৰ যুগ বুলি অভিহিত কৰা হয়। অসমীয়া সাহিত্যত পাশ্চাত্য সাহিত্যৰ ধাৰা প্ৰবাহিত কৰি নব্য ধাৰাৰ অসমীয়া সাহিত্যৰ বাটকটীয়া স্বৰূপ লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰ প্ৰধান বৈশিষ্ট্য হ’ল দেশাত্মবোধ, জাতীয়তাবোধ, সংস্কাৰমুখী ভাৱধাৰা আত্ম মৰ্যাদা।

লক্ষ্মীনাথ বেজবৰুৱাই জোনাকীৰ বুকুত সাহিত্যৰ পাতনি মেলি ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা বিংশ শতিকাৰ ত্ৰিশৰ দশকলৈ সমগ্ৰ সময়খিনি একছত্ৰী সম্ৰাটৰ দৰে সাহিত্যৰ প্ৰধান জুমুঠিটো ধৰি ৰাখিছিল। জোনাকীয়ে সৃষ্টি কৰা যি অসমীয়া নৱ উন্মেষিত যুগ তাৰ সিংহভাগ বৰঙণি আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ। অসমীয়া সাহিত্যত এনে এটা ভাগ নাই য’ত বেজবৰুৱাক উপেক্ষা কৰি আলোচনা কৰিব পাৰি। অসমীয়া সাহিত্যৰ একনিষ্ঠ সাধনা কৰা লক্ষ্মীনাথ বেজবৰুৱা হ’ল অসমৰ গৌৰৱ তথা অসমীয়াৰ স্বাভিমান। জন্মভূমিৰ প্ৰতি লক্ষ্মীনাথ বেজবৰুৱা অকৃত্ৰিম আৰু বিমল ভালপোৱা হ’ল নতুন প্ৰজন্মৰ বাবে পাথেয়।

Must Read : Biography of Dr. Bhabendra Nath Saikia

FAQs on Lakshminath Bezbaruah ::

লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত কিছু প্ৰশ্ন উত্তৰ ::

1) লক্ষ্মীনাথ বেজবৰুৱা জন্ম হোৱা ঠাইখনৰ নাম কি ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা জন্ম হোৱা ঠাই খনৰ নাম হল আঁহতগুৰি।

2) লক্ষ্মীনাথ বেজবৰুৱা পিতৃ নাম কি আছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা পিতৃ নাম আছিল দীননাথ বেজবৰুৱা।

3) লক্ষ্মীনাথ বেজবৰুৱা মাতৃ নাম কি আছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা মাতৃ নাম আছিল থানেশ্বৰী দেৱী।

4) লক্ষ্মীনাথ বেজবৰুৱা কিমান চনত জন্ম হৈছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা জন্ম  হয় ১৮৬৪ চনত।

5)  লক্ষ্মীনাথ বেজবৰুৱা পত্নী নাম কি?

উত্তৰঃ  লক্ষ্মীনাথ বেজবৰুৱা পত্নী নাম আছিল প্ৰজ্ঞাসুন্দৰীৰ।

6) লক্ষ্মীনাথ বেজবৰুৱা কোনটো গল্পত সৰ্বমুঠ ছটা অধ্যায়ত বিভক্ত এটি দীঘল গল্প?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা গল্পত সৰ্বমুঠ ছটা অধ্যায়ত বিভক্ত এটি দীঘল গল্পটো নাম হল ধোঁৱাখোৱা।

7) লক্ষ্মীনাথ বেজবৰুৱা দেশপ্ৰেম মূলক কবিতা দুটা কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা দুটা দেশপ্ৰেম মূলক কবিতা হল- অ মোৰ আপোনাৰ দেশ আৰু আনটো নাম হল আমি অসমীয়া নহওঁ দুখীয়া।

8) লক্ষ্মীনাথ বেজবৰুৱা মৃত্যু কিমান চনত হয়?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা মৃত্যু হয় ১৯৩৮ চনত।

9) ১৯২৮ চনত তেখেতে অসম সাহিত্য সভাৰ গুৱাৱাটীত অনুষ্ঠিত সপ্তম অধিৱেশনত তেখেতে কি পদ লাভ কৰে?

উত্তৰঃ ১৯২৮ চনত তেখেতে অসম সাহিত্য সভাৰ গুৱাহাটী অনুষ্ঠীত হোৱা সপ্তম অধিৱেশনত সভাপতিত্ব লাভ কৰে।

10) লক্ষ্মীনাথ বেজবৰুৱা একমাত্ৰ উপন্যাসখনৰ নাম কি আছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা একমাত্ৰ উপন্যাসখনৰ  নাম আছিল পদুম কুঁৱৰী।

Download Assam Direct Recruitment Exam E-book - Click Here

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

• Biography of Jyoti Prasad Agarwala in Assamese

• Biography of Chandra Kumar Agarwala in Assamese

Well if you like the Biography of Lakshminath Bezbaruah in Assamese | Life History of Lakshminath Bezbaruah in Assamese for Assam TET Exam do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.