Bhabendra Nath Saikia's Life And Contributions : An Overall Evaluation | Contribution of Bishnu Prasad Rabha in Social Reformation in Assam
ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ জীৱন পৰিক্ৰমা
Hello, aspirants are you preparing for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams? If yes, then you must be aware of the most important topic of Assamese Culture and Literature the Biography of Dr. Bhabendra Nath Saikia (ড° ভবেন্দ্ৰ নাথ শইকীয়া) in Assamese for Competitive Exam preparation. Therefore every aspirants need to know the Life History of Dr. Bhabendra Nath Saikia in Assamese for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams. In this regard "Assam GK Gyan" decides to provide you the Dr. Bhabendra Nath Saikia's Life And Contributions : An Overall Evaluation for Assam Tet exam. Infact the Contribution of Bhabendra Nath Saikia in Social Reformation in Assam will be a key topic in the Assamese Literature and Assam GK section for the upcoming Assam Govt Exams. So the Biography of Dr. Bhabendra Nath Saikia in Assamese Language for APSC, APDCL, Assam TET, Assam Direct Recruitment Grade III and Grade IV Exam, Assam Police, Irrigation, PNRD, JAA, DHS exam will be a pedestrian to crack your exam.
Life History of Bhabendra Nath Saikia
Dr. Bhabendra Nath Saikia's Life And Contributions
In this article we have provided you most important Assam GK on Assamese Culture and Literature topic Dr. Bhabendra Nath Saikia's Life And Contributions for the upcoming Assam TET exam. So, read this important article on Contribution of Dr. Bhabendra Nath Saikia in Social Reformation in Assam for Assam govt exams. These General Knowledge Quiz on Bhabendra Nath Saikia are extremely important and should be a part of your preparation.
GK Quiz on Dr. Bhabendra Nath Saikia : Assam APSC GK Questions
In order to succeed in the prestigious Assam TET, Assam Direct Recruitment Grade III and Grade IV Exam, it is important that the aspirant has access to the all the Assam GK questions & Answers. Specially the toppers of APSC/Assam TET exams recommend that aspirant start their preparation with the most important topics of syllabus such as Assamese Culture and Literature of Assam for the upcoming exams.
A Brief note on Dr. Bhabendra Nath Saikia
Here we are discussing about the Biography of Dr. Bhabendra Nath Saikia in Assamese. Read this most important article on Life History of Bhabendra Nath Saikia in Assamese in order to answer the questions :
Dr. Bhabendra Nath Saikia was a well known novelist, short story writer and film director from Assam. Bhabendra Nath Saikia was born on 20 February 1932 in Faujdari Patti, Nagaon town in Assam. He won many literary awards, including Sahitya Akademi in 1976, and was also honored with the Padma Shri award in 2001.
Dr. Saikia became a member of the Sangeet Natak Akademi, which started his illustrious career in Assamese theatre. He also edited an Assamese monthly magazine the Prantik and an Assamese children’s magazine named Xaphura. He was also the president of the only film studio in Assam, Jyoti Chitraban. Dr. Saikia was also the founder editor of the popular Assamese children’s magazine ‘Xaphura’.
He made seven Assamese films and for each of his films he won the National Awards. In 2001, Dr Saikia was awarded the Padma Shri for his contributions to the literature, culture and cinema of Assam.
He received the the Rajat Kamal Award of the Government of India for the film Sandhyarag in 1978, Anirban in 1981, Agnisnan in 1985, Kolahal in 1988, Sarothi in 1992, Abartan in 1994 and for Itihaas in 1996. Dr. Saikia died on 13 August 2003 in Guwahati at the age of 71. He is survived by his wife Preeti Saikia and two daughters.
Dr. Bhabendra Nath Saikia was adjudged as one of the ‘Twenty-One Greatest Assamese Persons of the Twentieth Century’.
Biography of Dr. Bhabendra Nath Saikia in Assamese | Life History of Bhabendra Nath Saikia in Assamese
ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ জীৱন পৰিক্ৰমা
জন্ম : ২০ ফেব্ৰুৱাৰী, ১৯৩২ চন
জন্ম স্থান : নগাঁওৰ ফৌজাদাৰী পট্টি
পিতৃৰ নাম : বিদূৰ কুমাৰ শইকীয়া
মাতৃৰ নাম : চম্পাবালা শইকীয়া
ছদ্মনাম : প্ৰহৰী, সত্যপ্ৰিয় পাঠক,সঞ্জয় আদি
দাম্পত্য সংগী : প্ৰীতি শইকীয়া
সন্তান : সংগীতা আৰু ৰশ্মি
মৃত্যু : ১৩ আগষ্ট, ২০০৩ চন
ড° ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম আৰু শিক্ষা : :
ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীৰ দিনা নগাঁওৰ ফৌজাদাৰী পট্টিত । তেখেতৰ পিতৃ আছিল বিদূৰ কুমাৰ শইকীয়া আৰু মাতৃ চম্পাবালা শইকীয়া । পিতৃ নগাঁও মোক্তাব স্কুলৰ শিক্ষক হোৱাৰ বিপৰীতে মাতৃ আছিল নিৰক্ষৰা । ভবেন্দ্ৰনাথ শইকীয়াই ১৯৪৮ চনত তিনিটা বিষয়ত লেটাৰসহ ষ্টাৰ নম্বৰ লৈ প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় । ১৯৫০ চনত কটন কলেজৰ পৰা বিজ্ঞান শাখাত সুখ্যাতিৰে প্ৰথম বিভাগত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সেই কলেজৰ পৰাই ১৯৫২ চনত পদাৰ্থ বিজ্ঞানত দ্বিতীয় শ্ৰেণীৰ অনাৰ্ছসহ বি.এছ. ছি. ডিগ্ৰী লাভ কৰে ।
১৯৫৫-৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰেচিডেন্সি কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত দ্বিতীয় শ্ৰেণীসহ স্নাতকোত্তৰ ডিগ্ৰী লয় ।১৯৬১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰপৰা উল্লিখিত বিষয়ত গৱেষণা কৰি পি. এইচ.ডি আৰু একে বছৰতে লণ্ডনৰ ইম্পেৰিয়েল কলেজ অৱ ছায়েন্স এণ্ড টেকনলজিৰ ডিপ্লমা লাভ কৰে ।
কৰ্মজীৱন :
ড° ভবেন্দ্ৰ নাথ শইকীয়াই কৰ্মজীৱন আৰম্ভ কৰে শিৱসাগৰ মহাবিদ্যালয়ত (তাণ্টিয়া বিজ্ঞান মন্দিৰত), পদাৰ্থ বিজ্ঞানৰ প্ৰৱক্তা হিচাপে। তাৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত কিছুদিনৰ বাবে ডেমনষ্ট্ৰেটৰ হিচাপে যোগদান কৰে। তাৰ পিছত তেখেতে গৱেষণাৰ বাবে লণ্ডনলৈ যায় আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰি উভতি আহি পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগত অধ্যাপক হিচাপে যোগদান কৰে আৰু ৰীডাৰ পদলৈ পদোন্নতি লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাকৰি ত্যাগ কৰি তেখেতে কেইবছৰমানৰ বাবে ভাৰতীয় ৰেলৱেৰ উত্তৰ পূব মণ্ডলৰ মহাপ্ৰবন্ধক হিচাপেও সেৱা আগবঢ়ায়। তেখেতৰ বহুতো গল্প অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ হৈছে।
ড° শইকীয়া অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। গুৱাহাটী মঞ্চৰ সৈতে তেওঁৰ সম্পৰ্ক স্থাপন হয় ১৯৫৭-৫৮ চনত।
বসন্ত কুমাৰ শইকীয়াৰ চোৰ নাটকত কুমাৰ ভাস্কৰ নাট্যমন্দিৰত অভিনয় কৰিছিল। ড° ভবেন্দ্ৰ নাথ শইকীয়াই ১৯৭৬ চনত সাহিত্য অকাডেমি বঁটা আৰু ১৯৯০ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰাৰ উপৰিও পদ্মশ্ৰী সন্মান লাভ কৰিছিল। অসমীয়া নাট্য জগতলৈ ড° ভবেন্দ্ৰ নাথ শইকীয়াই বিশেষ অৱদান আগবঢ়াই গৈছে। কেইবাখনো ৰেডিঅ' নাট, একাঙ্কিকা নাটক ৰচনা কৰাৰ উপৰিও ভ্ৰাম্যমাণ মঞ্চৰ বাবেই তেখেতে একাধিক নাটক ৰচনা কৰে।
চলচ্চিত্ৰ পৰিচালকৰূপে ড° ভবেন্দ্ৰ নাথ শইকীয়া :
বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত প্ৰদৰ্শিত হয়। তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ৰজত কমল বঁটা প্ৰদান কৰে।
সন্ধ্যাৰাগ, কথাছবিৰে শইকীয়াদেৱে চলচিত্ৰ পৰিচালকৰূপে আত্মপ্ৰকাশ কৰে। এক ব্যতিক্ৰমী আৰু কলাসন্মত ছবি হিচাপে কথাছবিখনে অসম আৰু ভাৰতবৰ্ষৰ চলচিত্ৰপ্ৰেমীৰ মন জোকাৰি যায়। ইয়াৰ পিছত শইকীয়াদেৱে পৰিচালনা কৰে অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আবৰ্তন, ইতিহাস আৰু কালসন্ধ্যা।
'কালসন্ধ্যা' হিন্দীভাষাত নিৰ্মিত। আটাইকেইখন ছবিয়েই কলাসন্মত ছবি হিছাপে উচ্চ প্ৰসংশিত। 'অগ্নিস্নান'ৰ চিত্ৰনাট্যই সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰে।
'কালসন্ধ্যা'ৰ বাহিৰে আন কেইখন ছবিযে় শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ বাবে ৰজত কমল বঁটা পায়।
ভবেন্দ্ৰনাথ শইকীয়াৰ কেউখন অসমীয়া ছবিয়েই নিজৰ গল্প আৰু উপন্যাসৰ চিত্ৰৰূপ। তেখেতৰ ছবিত কথাছবি সুলভ ৰূপকৰ পৰিবৰ্তে সাহিত্যৰ উপাদানৰ পয়োভৰ বেছি বুলি সমালোচকে কয়। সংলাপৰ ওপৰত প্ৰাধান্য দিয়াৰ কাৰণে কিছুমান সমালোচকে তেওঁৰ কথাছবি বৰ বেছি পৰিমানে সাহিত্যধৰ্মী বুলি অভিযোগ কৰে। ভবেন্দ্ৰনাথ শইকীয়াৰ মতে সাহিত্যধৰ্মীতা তেওঁৰ ছবিৰ বিশেষ উপাদান আৰু কিছুসংখ্যক কথাছবি নিৰ্মাণ কৰিব পাৰিলে সাহিত্যধৰ্মী ছবিৰ এটা ধাৰা তেওঁ সৃষ্টি কৰিব পাৰিলেহেঁতেন বুলি তেখেতে নিজে উল্লেখ কৰি গৈছে।
হাস্য-ব্যংগাত্মক সাহিত্যত :
ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই তেখেতৰ একাধিক সাহিত্যিক ৰচনা লিখোঁতে ছদ্মনাম ব্যৱহাৰ কৰিছিল। বিশেষকৈ হাস্য-ব্যংগমিশ্ৰিত ৰচনাসমূহ তেখেতে ছদ্মনামেৰে লিখিছিল। সেই ৰচনাসমূহ ‘প্ৰান্তিক’ আৰু সাপ্তাহিক কাকত ‘বুধবাৰ’ৰ বিভিন্ন সংখ্যাত প্ৰকাশিত হৈছিল। তেখেতৰ দ্বাৰা সৰ্বাধিক ব্যৱহৃত ছদ্মনামটি আছিল সত্যপ্ৰিয় পাঠক। উক্ত ছদ্মনামেৰে লিখা আটাইকেইটা লেখা প্ৰান্তিকৰ পাততে প্ৰকাশ হৈছিল।
সত্যপ্ৰিয় পাঠকৰ পাছত তেওঁ বেছিকৈ সদানন্দ পাঠক ছদ্মনামটি ব্যৱহাৰ কৰিছিল। এইটো ছদ্ননামেৰে তেওঁ সৰ্বমুঠ ছটা লেখা লিখিছিল।
লেখাকেইটা হৈছে :
(১) সোণালী এণ্টাৰপ্ৰাইজ, (২) বিগ ক্ল’জ আপ, (৩) বেলি ডুবাৰ সময়, (৪) পৰম প্ৰিয় বন্ধুবৰ, (৫) বিশ্বাসঘাতক বান্দৰ, আৰু (৬) ভিতৰবিলাক।
এইকেইটা লেখা প্ৰকাশ পাইছিল ‘বুধবাৰ’ত। সত্যপ্ৰিয় আৰু সদানন্দ পাঠকৰ উপৰিও ৰচনা লিখিবলৈ তেওঁ আন বহুকেইটা ছদ্মনামৰ সহায় লৈছিল।
সাহিত্যিক কীৰ্তিৰাজি :
ভ্ৰাম্যমাণ নাটক :
ৰম্যভূমি
নীলকণ্ঠ
মহাৰণ্য
দীনবন্ধু
পাণ্ডুলিপি
আম্ৰপালি
অৰণ্যত গধূলি
মণিকূট
গহ্বৰ
অমৃত
বৰ্ণমালা
বন্দীশাল
পৰমানন্দ
শুভ-সংবাদ
বিষকুম্ভ
অন্ধকূপ
দিগম্বৰ
স্বৰ্ণজয়ন্তী
স্বৰ্গৰ দুৱাৰ
ৰামধেনু (১৯৮১-৮২ চন, ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰথম ভ্ৰাম্যমাণ নাটক
শতাব্দী
সমুদ্ৰ-মন্থন
জোনাক ৰাতি (অসম্পূৰ্ণ)
বৃন্দাবন
জন্মভূমি
প্ৰতিবিম্ব
একাংকিকা নাটক :
এজাক জোনাকীৰ জিলমিল
পুতলা নাচ
অলংকাৰ
তীৰ্থ
অৱৰোধ
বাওনা
তৃতীয় বন্ধু
অনাতাঁৰ নাটক :
জোনাকী
জোনাকীৰ বিয়া
জোনাকী বোৱাৰী হ’ল
দেউতা
আগন্তুক
অন্ধকূপ
জংঘল
বাওনা
দুৰ্ভিক্ষ
আবেলি
ডাইনী
উপন্যাস :
অন্তৰীপ (১৯৮৬)
ৰম্যভূমি (১৯৯১)
আতংকৰ শেষত ( ১৯৫২, দশম শ্ৰেণীত থাকোঁতে ৰচনা কৰা; ভবেন্দ্ৰ নাথ শইকীয়াৰ একমাত্ৰ ডিটেক্টিভ উপন্যাস)
আত্মজীৱনী :
জীৱন বৃত্ত
জীৱন ৰেখা
মোৰ শৈশৱ, মোৰ কৈশোৰ
চুটি গল্প :
প্ৰহৰী (১৯৬৩),
সেন্দূৰ (১৯৭১),
গহ্বৰ (১৯৬৯),
শৃংখল (১৯৭৫),
উপকণ্ঠ (১৯৯১),
এই বন্দৰৰ আবেলি (১৯৮৮),
বৃন্দাবন (১৯৬৫),
তৰংগ (১৯৭৯),
সান্ধ্য ভ্ৰমণ (১৯৯৮),
গল্প আৰু শিল্প,
আকাশ।
চিন্তামূলক গ্ৰন্থ :
প্ৰবন্ধ সংকলন- শেষ পৃষ্ঠা (চাৰিটা খণ্ড)।
শিশুসাহিত্য :
মৰমৰ দেউতা (১৯৯১)
তোমালোক ভালে থাকা (তোমালোকৰ ভাল হওক) (১৯৯৮)
শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট (১৯৯৭)
মহাদুষ্টৰ দুষ্ট
মৃত্যু :
এগৰাকী প্ৰকৃত মানৱপ্ৰেমী, জাতিপ্ৰেমী, অতি সাধাৰণ জীৱন-যাপনৰে দহৰ কাৰণে অসাধাৰণ কাম কৰা ড° ভবেন্দ্ৰ নাথ শইকীয়াই ২০০৩ চনৰ ১৩ আগষ্টৰ পুৱা ১০ বাজি ৫ মিনিটত ইহসংসাৰৰ পৰা মেলানি মাগিলে৷ মহাপ্ৰাণ অসমীয়া ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ বিয়োগ অসমৰ ভাষা-সাহিত্য, কলা-সংস্কৃতি তথা শৈক্ষিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি৷
সামৰণি :
ড° ভবেন্দ্রনাথ শইকীয়া কেৱল ব্যক্তি নহয়, এক বিশাল অনুষ্ঠান।বটবৃক্ষৰ দৰে অসমীয়া সাহিত্য সংস্কৃতিক ঘাঁ দি থকা ব্যক্তিগৰাকীৰ ব্যক্তিত্বৰে মই শৈশৱৰেপৰা প্ৰভাৱান্বিত হৈ আহিছে।কুৰি শতিকাৰ এজন শ্রেষ্ঠ অসমীয়া ড° ভবেন্দ্ৰনাথ শইকীয়াক মােৰ প্রিয় সাহিত্যিক ৰূপে ক’বলৈ পাই সঁচাকৈয়ে মইনিজকে ধন্য মানিছে। এজনজীৱন শিল্পী, প্রতিভাশালী অথচ নিৰহংকাৰী, সততা আৰুকর্মনিষ্ঠাৰ প্ৰতিভূৰূপেড° শইকীয়াই অসমীয়া সাহিত্য সংস্কৃতি জগতত নিজাকৈ এটি স্বর্ণিল বাট কাটিবলৈ সক্ষম হ’ল।
ড° ভবেন্দ্ৰ নাথ শইকীয়াই লাভ কৰা বটা আৰু সন্মান সমূহ :
ক্ৰম | বৰ্ষ | কথাছবি | ভাষা | তথ্য |
---|---|---|---|---|
১ | ১৯৭৭ | সন্ধ্যাৰাগ | অসমীয়া | ৰজত কমল বঁটা (১৯৭৭) ১৯৭৮ চনৰ Cannes Film Festivalত প্ৰদৰ্শিত। |
২ | ১৯৮১ | অনিৰ্বাণ | অসমীয়া | ৰজত কমল বঁটা (১৯৮১) |
৩ | ১৯৮৫ | অগ্নিস্নান | অসমীয়া | ৰজত কমল বঁটা (১৯৮৫) |
৪ | ১৯৮৮ | কোলাহল | অসমীয়া | ৰজত কমল বঁটা (১৯৮৮) |
৫ | ১৯৯১ | সাৰথি | অসমীয়া | ৰজত কমল বঁটা (১৯৯২) |
৬ | ১৯৯৩ | আৱৰ্তন | অসমীয়া | ৰজত কমল বঁটা 1(১৯৯৪) |
৭ | ১৯৯৫ | ইতিহাস | অসমীয়া | ৰজত কমল বঁটা (১৯৯৬) |
৮ | ১৯৯৭ | কালসন্ধ্যা | হিন্দী | International Film Festival of India আৰু International Film Festival of India ত প্ৰদৰ্শিত। |
Must Read : Biography of Chandra Kumar Agarwal in Assamese
Must Read : Biography of Lokpriya Gopinath Bordoloi in Assamese
Must Read : Biography of Jyoti Prasad Agarwala in Assamese
Must Read : Biography of Jadav Payeng in Assamese
Download General Knowledge E-book for Competitive Exam - Click Here
Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You.
• Subscribe our Youtube channel
* Recent Top Most Searches :
• 250+ Assamese Culture and Literature GK
• Renowned Writers of Assamese Literature and Culture
Well if you like the Biography of Dr. Bhabendra Nath Saikia in Assamese | Life History of Dr. Bhabendra Nath Saikia in Assamese for Assam TET Exam do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.
(Please do not enter any spam link)