Biography of Bhogeswar Baruah in Assamese | Life History of Bhogeswar Baruah in Assamese

Bhogeswar Baruah's Life And Contributions : An Overall Evaluation | Contribution of Bhogeswar Baruah in Social Reformation in Assam

ভোগেশ্বৰ বৰুৱাৰ জীৱন পৰিক্ৰমা

Hello, aspirants are you preparing for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams? If yes, then you must be aware of the most important topic of sports of Assam the Biography of Bhogeswar Baruah (ভোগেশ্বৰ বৰুৱা) in Assamese for Competitive Exam preparation. Therefore everyone need to know the Life of Bhogeswar Baruah in Assamese for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams. In this regard "Assam GK Gyan" decides to provide you the Arjuna Awardee Bhogeswar Baruah's Life And Contributions : An Overall Evaluation for Assam Tet exam. Infact the Contribution of Bhogeswar Baruah in social reformation in Assam will be a key topic in the sports GK section for the upcoming Assam Govt Exams. So the Biography of Bhogeswar Baruah in Assamese Language for APSC/Assam TET will be a pedestrian to crack your exam.

Biography of Bhogeswar Baruah in Assamese | Life History of Bhogeswar Baruah in Assamese

Life History of Bhogeswar Baruah

Bhogeswar Baruah's Life And Contributions

In this article we have provided you most important Assam GK on Assam sports topic Bhogeswar Baruah's Life And Contributions for the upcoming Assam TET exam. So, read this important article on Contribution of Bhogeswar Baruah in Social Reformation in Assam for Assam govt exams. These General Knowledge Quiz on Bhogeswar Baruah are extremely important and should be a part of your preparation.

GK Quiz on Bhogeswar Baruah : Assam APSC GK Questions

In order to succeed in the prestigious Assam TET, Assam Direct Recruitment Grade III and Grade IV Exam, it is important that the aspirant has access to the all the Assam sports GK questions & Answers. Specially the toppers of APSC/Assam TET exams recommend that aspirant start their preparation with the most important topics of syllabus such as legends of sports of Assam for the upcoming exams.

A Brief note on Legendary Athlete and Arjuna Awardee Bhogeswar Baruah

Here we are discussing about the Biography of Legendary Athlete and Arjuna Awardee Bhogeswar Baruah in Assamese. Read this most important article on Life History of Bhogeswar Baruah in Assamese in order to answer the questions :

Bhogeswar Baruah is an Indian former-athlete and coach. He was one of the first Assamese to win gold at an international event. He was the winner of the gold medal in an 800-metre running event of 1966 Asian Games. He also won a silver medal in the 4 x 400 metres relay  in the 1970 Asian games.

Baruah's birthday is celebrated on 3 September every year in Assam, called "Abhiruchi Sports Day" in his honor. He had started a sports academy at Dimow in Sivasagar in the early 90s. But after operating for three years, he had closed it down due to lack of funds.  He is the first Assamese to get the Arjuna award. He was the Chef-de-mission of the Assam Olympic Association.

Biography of Bhogeswar Baruah in Assamese | Life History of Bhogeswar Baruah in Assamese

ভোগেশ্বৰ বৰুৱাৰ জীৱন পৰিক্ৰমা

নাম : ভোগেশ্বৰ বৰুৱা  (Bhogeswar Baruah)

জন্ম চন : ৩ চেপ্তেম্বৰ, ১৯৪০ (3 September, 1940)

জন্ম স্থান : জয়সাগৰ পুখুৰীৰ পাৰৰ সুন্দৰপুৰ, শিৱসাগৰ

পিতৃৰ নাম : ভদ্ৰেশ্বৰ বৰুৱা

মাতৃৰ নাম :  আইকণ বৰুৱা

শিক্ষা : ১) খালিকোট মহাবিদ্যালয়, মাদ্ৰাজ বিশ্ববিদ্যালয়, চেন্নাই

২) নেশ্যনেল ইউনিভাৰটিটী অৱ আয়াৰল্যাণ্ড, ডাবলিন    

মৃত্যু : ২৪ জুন, ১৯৮০ চন

 ৩ ছেপ্টেম্বৰ, অসম তথা অসমীয়াৰ বাবে এক গৌৰৱৰ দিন। ৩ ছেপ্টেম্বৰৰ দিনটো প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি প্ৰত্যেক বছৰেই এই দিনটোতেই সমগ্র অসমত “অভিৰুচি ক্ৰীড়া দিৱস” পালন কৰা হয়। ১৯৮৪ চনৰ পৰা সমগ্ৰ অসমজুৰি ৩ ছেপ্টেম্বৰৰ দিনটোত “অভিৰুচি ক্ৰীড়া দিৱস” হিচাপে পালন কৰি অহা হৈছে। বৰ্ণিল জীৱন পৰিক্ৰমাৰে নিজকে ক্ৰীড়াক্ষেত্ৰত প্ৰতিষ্ঠা কৰা  ভোগেশ্বৰ বৰুৱাৰ কৰ্মজীৱনো আছিল বৰ্ণিল। আন্তৰ্জাতিক ক্ৰীড়া ক্ষেত্ৰত ঈৰ্ষণীয় সফলতাৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্জুন বঁটা লাভ কৰা প্ৰথম জন ক্ৰীড়াবিদ আছিল ভোগেশ্বৰ বৰুৱা (Bhogeswar Baruah)।

এই অভিৰুচি ক্ৰীড়া দিৱসৰ আৰম্ভণিৰ এটা সুন্দৰ ইতিহাস আছে। সেই সময়ত অসমৰ ক্ৰীড়াজগতৰ লগত জড়িত ব্যক্তিসমাজৰ বাবে এক চিনাকি নাম আছিল অভিৰুচি” আলোচনী। এই আলোচনীখনৰ স্বত্বাধিকাৰী বলেন চক্ৰৱৰ্তীয়ে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ স্মৃতি অনন্তকাললৈ সঞ্জীৱিত কৰি ৰাখিবলৈ পোন প্ৰথমে অভিৰুচি ক্ৰীড়া দিৱস ৰ আৰম্ভণি কৰিছিল। পৰৱৰ্তী সময়ত অসম চৰকাৰে তথা অসমৰ ৰাইজে এই  ছেপ্টেম্বৰ দিনটো অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস ৰূপে প্ৰতি বছৰেই পালন কৰি আহিছে।

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জীৱন আৰু কীৰ্তি :: 

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিল ১৯৩৭ চনৰ ৩ ছেপ্টেম্বৰত শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পাৰৰ সুন্দৰপুৰ নামৰ এক অঞ্চলত। তেওঁ সৰুতে প্ৰথম এজন ফুটবল খেলুৱৈহে আছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁ দৌৰত মনোনিৱেশ কৰে আৰু ৰাজ্য তথা দেশৰ গৰিমা কঢ়িয়াই আনে।

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ক্ৰীড়া জীৱন ::

১৯৬০ চনত অৰ্জুন ভোগেশ্বৰ বৰুৱাই ভাৰতীয় সেনাবাহিনীত যোগদান কৰে। 

তেওঁ ১৯৬৩ চনত নতুন দিল্লীত অনুষ্ঠিত অল ইণ্ডিয়া অ’পেন এথলেটিকছ মীটত ৰীলেত স্বৰ্ণপদক, ১৯৬৪ চনত শ্রীলংকাত অনুষ্ঠিত অ’পেন এথলেটিকছত ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ দৌৰত স্বৰ্ণপদক অধিকাৰ কৰিছিল৷
চণ্ডীগড়ত আয়োজিত ৰাষ্ট্রীয় এথলেটিক প্রতিযোগিতাত আৰু বাংগালুৰুত অনুষ্ঠিত ১৯৬৪–৬৫ চনৰ ৰাষ্ট্রীয় এথলেটিক প্রতিযোগিতাত অৰ্জুন ভোগেশ্বৰ বৰুৱাই স্বর্ণপদক অধিকাৰ কৰে ৷

অৰ্জুন ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনত তেওঁৰ ঈৰ্ষণীয় সাফল্যৰে নিজ মাতৃভূমি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। 

১৯৬৬ চনত বেংককত অনুষ্ঠিত পঞ্চম সংখ্যক এছিয়ান গেমছত অৰ্জুন ভোগেশ্বৰ বৰুৱাই ৮০০ মিটাৰ দৌৰত প্ৰথম স্থান অধিকাৰেৰে সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল।

গুৰুত্বপূৰ্ণ কথা যে, ইয়াৰ পিছতেই আন্তৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদকপ্ৰাপক প্ৰথমগৰাকী অসমীয়াৰূপে পৰিগণিত হয় ভোগেশ্বৰ বৰুৱা।কেৱল মাত্ৰ স্বৰ্ণ পদক লাভ কৰাই নহয় তেওঁ এছিয়ান গেমছত এটা নতুন অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ৮০০ মিটাৰ দৌৰত মাত্ৰ ১ মিনিট ৪৯.৪ ছেকেণ্ডৰ প্ৰয়োজন হৈছিল ভোগেশ্বৰ বৰুৱাক। এইটো আছিল তেতিয়াৰ নতুন এছিয়াৰ ৰেকৰ্ড। তেওঁৰ এই সাফল্যৰ পাছতেই ১৯৬৭ চনত ভোগেশ্বৰ বৰুৱাক ভাৰত চৰকাৰে প্ৰদান কৰে অৰ্জুন বঁটা। 

ভোগেশ্বৰ বৰুৱাই আছিল অৰ্জুন বঁটাপ্ৰাপ্ত প্ৰথমজন অসমীয়া। তাৰপাছত, ১৯৭০ চনৰ ষষ্ঠ এছিয়ান গেমছত ৪×৪০০ মিটাৰ ৰীলে ৰেছত ৰূপৰ পদক লাভ কৰা ভাৰতীয় দলটিৰ ভোগেশ্বৰ বৰুৱা অন্যতম সদস্য আছিল। 

অৰ্জুন ভোগেশ্বৰ বৰুৱা ‘অল ইণ্ডিয়া কাউন্সিল অৱ স্প’টছ’ আৰু ৰাষ্ট্রীয় এথলেটিক দলৰ নির্বাচক কমিটীৰ সদস্যও আছিল। ১৯৬৭ চনৰ পৰা দীৰ্ঘকালৰ বাবে প্রায় ৫০ বছৰ কাল তেওঁ অর্জুন বঁটা সমিতিৰ নির্বাচক হিচাপেও সফলতাৰে কাৰ্য্যনিৰ্বাহ কৰিছিল। 

অৰ্জুন ভোগেশ্বৰ বৰুৱাই লাভ কৰা বটাঁ সমূহ ::

১) ১৯৬৩ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া অ’পেন এথলেটিকছ মীটৰ ৰীলেত স্বৰ্ণপদক লাভ ।

২) ১৯৬৪ চনত চণ্ডীগড়ত আয়োজিত ৰাষ্ট্রীয় এথলেটিক প্রতিযোগিতাত স্বৰ্ণ পদক লাভ।

৩) ১৯৬৫ চনত বাংগালুৰুত অনুষ্ঠিত হোৱা ৰাষ্ট্রীয় এথলেটিক প্রতিযোগিতাত স্বর্ণপদক লাভ।

৪) ১৯৬৬ চনত বেংককত অনুষ্ঠিত হোৱা পঞ্চম এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত প্ৰথম স্থান দখল কৰি স্বৰ্ণ পদক লাভ।

৫) ১৯৭০ চনত ষষ্ঠ এছিয়ান গেমছৰ ৪০০ মিটাৰ ৰীলেত ৰূপৰ পদক লাভ।

৬) ১৯৬৭ চনত ভাৰত চৰকাৰে প্ৰদান কৰা ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান অৰ্জুন বঁটা লাভ।

৭) ২০১৫ চনত তাই আহোম যুৱ-পৰিষদৰ লাচিত বঁটা লাভ।

৮) অৰ্জুন ভোগেশ্বৰ বৰুৱাক তেখেতৰ জীৱনজোৰা সাধনা তথা সাহসিকতাৰ বাবে অসম চৰকাৰে ২০২০ চনত তেওঁক “বীৰ চিলাৰায় বঁটা” প্ৰদান কৰে।

নব্বৈৰ দশকৰ আৰম্ভণিতে অৰ্জুন ভোগেশ্বৰ বৰুৱাই শিৱসাগৰ জিলাৰ অন্তৰ্গত ডিমৌত এখন ক্ৰীড়া একাডেমী প্ৰতিষ্ঠা কৰিছিল। এই একাডেমী খনৰ জৰিয়তে বৰুৱাই নিজৰ অভিজ্ঞতা সমূহ বিলাই দিয়াৰ লগতে নতুন প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহাম্বিত কৰি তুলিবলৈ আৰু খেলুৱৈ সকলে নিজৰ লক্ষ্যত কিদৰে আগবাঢ়ি যাব সেই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল এইখন ক্ৰীড়া একাডেমী। কিন্তু দুৰ্ভাগ্যবশতঃ পুঁজিৰ অভাৱত প্ৰতিষ্ঠা কৰা প্ৰায় তিনি বছৰ পিছতেই এই একাডেমী খন বন্ধ হৈ যায়।

ক্ৰিয়া জগতলৈ অৱদান  (Contribution to the World of Sports) ::

প্ৰাক্তণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৯ বৰ্ষত গুৱাহাটী সৰুসজাই স্থিত ক্ৰীড়া কমপ্লেক্সত ভোগেশ্বৰ বৰুৱা ৰাজ্যিক ক্ৰীড়া বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।

২০২০ বৰ্ষত সেই সময়ৰ শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই গ্ৰহণ কৰা ‘ছৌলফুল শিৱসাগৰ’ অভিযানৰ অধীনত পৰিকল্পনা কৰা এটা অভিলাষী ক্ৰীড়া পদক্ষেপৰ “খেল’ শিৱসাগৰ খেল’” ৰ ব্ৰেণ্ড এম্বেচেডৰ ৰূপেও দায়িত্ব পালন কৰিছিল অৰ্জুন ভোগেশ্বৰ বৰুৱাই।

সামৰণি  ::

ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰা প্ৰথম জন খেলুৱৈ হ’ল অসম গৌৰৱ তথা শিৱসাগৰৰ সন্তান ভোগেশ্বৰ বৰুৱা। মনত অদম্য ইচ্ছাশক্তি, কামৰ প্ৰতি হেঁপাহ থাকিলে লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত কোনো কাৰকে যে হেঙাৰ সৃষ্টি কৰিব নোৱাৰে এই কথাকে নিজৰ কামৰ জৰিয়তে প্ৰতীয়মান কৰি ভোগেশ্বৰ বৰুৱাই সমাজত দাঙি ধৰিলে এক নতুন দৃষ্টান্ত।  

যথেষ্ট কষ্ট তথা ত্যাগ স্বীকাৰ কৰি একাগ্ৰতা আৰু অধ্যাবসায়ৰ জৰিয়তে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা ভোগেশ্বৰ বৰুৱা‌ হ’ল নতুন প্ৰজন্মৰ বাবে আইকন (Icon)।
আন্ত: গাঁথনিৰ অভাৱ হ’লেও ভোগেশ্বৰ বৰুৱাৰ কঠোৰ জীৱন সংগ্ৰামে প্ৰতিপন্ন কৰিল যে, কৰ্তব্যনিষ্ঠা,সাহস, একাগ্ৰতা, বুদ্ধিদীপ্ততা, লক্ষ্যত উপনীত হ’বলৈ দৃঢ়তা থাকিলে কোনো কাৰকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব নোৱাৰে।

অসমীয়া হিচাপে অৰ্জুন ভোগেশ্বৰ বৰুৱা প্ৰাপ্তিক লৈ অসমবাসী সদায় গৌৰৱান্বিত হৈ থাকিব। ভোগেশ্বৰ বৰুৱাই ক্ৰীড়াৰ ক্ষেত্ৰখনত এটা বাট কাটি তেওঁৰ আদৰ্শৰে বহু অসমীয়া যুৱক-যুৱতীক ক্ৰীড়া ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিলে। সমগ্ৰ বিশ্বৰ আগত ক্ৰীড়া ক্ষেত্ৰখনত তেঁৱেই অসমৰ নাম প্ৰথমবাৰৰ বাবে উজ্বলাই তুলিলে। অসমৰ ক্ৰীড়া জগতত ভোগেশ্বৰ বৰুৱাৰ নাম আৰু কাম সদায় একক আৰু অদ্বিতীয় হৈ থাকি যাব।

Must Read : Biography of Lokpriya Gopinath Bordoloi

Must Read : Biography of Jadav Payeng in Assamese

Download General Knowledge E-book for Competitive Exam - Click Here

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

• 250+ Assamese Culture and Literature GK

• Renowned Writers of Assamese Literature and Culture for Assam TET

Well if you like the Biography of Bhogeswar Baruah in Assamese | Life History of Bhogeswar Baruah in Assamese for Assam TET Exam do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.