Biography of Sarvepalli Radhakrishnan in Assamese | Life History of Sarvepalli Radhakrishnan in Assamese

Dr. Sarvepalli Radhakrishnan's Life And Contributions : An Overall Evaluation | Contribution of Dr. Sarvepalli Radhakrishnan in Social Reformation in Assam

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন পৰিক্ৰমা

Hello, aspirants are you preparing for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams? If yes, then you must be aware of the most important topic of sports the Biography of Dr. Sarvepalli Radhakrishnan (ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ) in Assamese for Competitive exam preparation. Therefore everyone need to know the Life of Dr. Sarvepalli Radhakrishnan in Assamese for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams. In this regard "Assam GK Gyan" decides to provide you the Sarvepalli Radhakrishnan's Life And Contributions : An Overall Evaluation for Assam Tet exam. Infact the Contribution of Sarvepalli Radhakrishnan in social reformation in Assam will be a key topic in the culture & literature GK section for the upcoming Assam Govt Exams. So the Biography of Sarvepalli Radhakrishnan in Assamese Language for APSC/Assam TET will be a pedestrian to crack your exam.

Biography of Sarvepalli Radhakrishnan in Assamese | Life History of Sarvepalli Radhakrishnan in Assamese

Life History of Sarvepalli Radhakrishnan

Sarvepalli Radhakrishnan's Life And Contributions

In this article we have provided you most important Assam GK on Assamese Culture and Literature topic Sarvepalli Radhakrishnan's Life And Contributions for the upcoming Assam TET exam. So, read this important article on Contribution of Sarvepalli Radhakrishnan in Social Reformation in Assam for Assam govt exams. These General Knowledge Quiz on Sarvepalli Radhakrishnan are extremely important and should be a part of your preparation.

GK Quiz on Sarvepalli Radhakrishnan : Assam APSC GK Questions

In order to succeed in the prestigious APSC, Assam TET, Assam Direct Recruitment Grade III and Grade IV Exam, it is important that the aspirant has access to the all the Assam GK questions & Answers. Specially the toppers of APSC/Assam TET exams recommend that aspirant start their preparation with the most important topics of syllabus such as Assamese Culture and Literature of Assam for the upcoming exams.

A Brief note on Dr. Sarvepalli Radhakrishnan

Here we are discussing about the Biography of Dr. Sarvepalli Radhakrishnan in Assamese. Read this most important article on Life History of Dr. Sarvepalli Radhakrishnan in Assamese in order to answer the questions :

Sarvepalli Radhakrishnan, (born Sept. 5, 1888, Tiruttani, India—died April 16, 1975, Madras [now Chennai]), scholar and statesman who was president of India from 1962 to 1967. He served as professor of philosophy at Mysore (1918–21) and Calcutta (1921–31; 1937–41) universities and as vice chancellor of Andhra University (1931–36). He was professor of Eastern religions and ethics at the University of Oxford in England (1936–52) and vice chancellor of Benares Hindu University (1939–48) in India. From 1953 to 1962 he was chancellor of the University of Delhi.

Radhakrishnan led the Indian delegation to the United Nations Educational, Scientific and Cultural Organization (UNESCO; 1946–52) and was elected chairman of UNESCO’s executive board (1948–49). From 1949 to 1952 he served as Indian ambassador to the Soviet Union. On his return to India in 1952 he was elected vice president, and on May 11, 1962, he was elected president, succeeding Rajendra Prasad, who was the first president of independent India. Radhakrishnan retired from politics five years later.

Radhakrishnan’s written works include Indian Philosophy, 2 vol. (1923–27), The Philosophy of the Upanishads (1924), An Idealist View of Life (1932), Eastern Religions and Western Thought (1939), and East and West: Some Reflections (1955). In his lectures and books he tried to interpret Indian thought for Westerners.

Biography of Sarvepalli Radhakrishnan in Assamese | Life History of Sarvepalli Radhakrishnan in Assamese

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন পৰিক্ৰমা

নাম : ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ (Dr. Sarvepalli Radhakrishnan)

জন্ম চন : ৫ ছেপ্টেম্বৰ, ১৮৮৮ চন

জন্ম  স্থান : তিৰুটানি, মাদ্ৰাজ (বৰ্তমান তামিলনাডুৰ চেন্নাই)

পিতৃৰ নাম :  সৰ্বপল্লী বীৰাস্বামী (বীৰ চমাইয়া)

মাতৃৰ নাম :  সীতামা

দাম্পত্যসঙ্গী : চিভকামু, লেডী ৰাধাকৃষ্ণণ

সন্তান : ৫ জনী পুত্ৰী, ১জন পুত্ৰ

শিক্ষা : ১) লুথেৰান মিছন স্কুল, তিৰুপটি

২) এলিজাবেথ বােডমান ভূৰীছ কলেজ, ভেলোৰ 

৩) খ্ৰীষ্টিয়ান কলেজ, মাদ্ৰাজ

৪) মাদ্রাজ বিশ্ববিদ্যালয়

মৃত্যু : ১৯৭৫ চন, ১৭ এপ্ৰিল

স্বাধীন ভাৰতৰ ১ম গৰাকী উপ-ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱ হ'ল শিক্ষাৰ মাধ্যমেৰে সমাজখনত পোহৰৰ সূচনা কৰা এজন স্বনামধন্য মনিষী, বিশ্ব বৰেণ্য শিক্ষাবিদ, দাৰ্শনিক তথা শিক্ষক।

সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল এটা তেলেগু ব্ৰাহ্মণ পৰিয়ালত ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাছৰ তিৰুতানি নামে অঞ্চলত। তেখেতৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী (বীৰ চমাইয়া) আৰু মাতৃৰ নাম আছিল- সীতামা। কৰ্মসূত্ৰে তেখেতৰ পিতৃ আছিল এজন সাধাৰণ কৰ্মচাৰী। 

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে সেইসময়ৰ সমাজত বাধ্যবাধকতাৰ বাবে ১৬ বছৰ বয়সতে বাল্যবিবাহত বহিবলগা হৈছিল। তেখেতৰ পত্নীৰ নাম আছিল শিৱকামু। ডঃ ৰাধাকৃষ্ণণৰ পাঁচগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তান আছিল।

ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি  আছিল (১৯৫২-১৯৬২)। পৰৱৰ্তী পৰ্যায়ত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি  পদতো নিৰ্বাচিত হৈছিল। উদাৰ নৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি তেওঁ আস্থাশীল আছিল। দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰি তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেওঁক বিশ্ববাসীয়ে এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেও সন্মান কৰিছিল।

শিক্ষা :: 

সৰ্বপল্লী ৰাধাকৃষ্ণণে ১৮৯৬ চনত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল তিৰুপাটিৰ লুথেৰান মিছনেৰী স্কুলত। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে লুথেৰান মিছনেৰী স্কুলত শিক্ষা গ্ৰহণ কৰা ৰাধাকৃষ্ণণে পৰৱৰ্তী সময়ত ভেলোৰ কলেজ ১৯০০ চনৰ পৰা ১৯০৪ চনলৈকে শিক্ষা গ্ৰহণ কৰে আৰু মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে ১৯০৪ ৰ পৰা ১৯০৮ চনলৈকে। ছাত্ৰ হিচাপে সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল এগৰাকী মেধা তথা বুদ্ধিদীপ্ত ছাত্ৰ। 

গুৰুত্বপূৰ্ণ কথা যে সৰ্বপল্লী ৰাধাকৃষ্ণণে দৰ্শনৰ লগতে সংস্কৃত আৰু হিন্দী ভাষাও অধ্যয়ন কৰিছিল। উল্লেখ্য যে মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা ২০ বছৰ বয়সতে স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে ৰাধাকৃষ্ণণে তৈয়াৰ কৰিছিল এখন গৱেষণা পত্ৰ। এই গৱেষণা পত্ৰই ৰাধাকৃষ্ণণৰ দাৰ্শনিক চিন্তাৰ গভীৰতাৰ উমান দিছিল। তেওঁৰ এই গৱেষণা পত্ৰখনৰ বিষয় আছিল- “The ethics of the Vedānta and its metaphysical presuppositions”

কৰ্মজীৱন :: 

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে স্নাতকোত্তৰ পঢ়ি শেষ কৰিয়েই ১৯০৯ চনত মাদ্ৰাছ প্ৰেচিডেন্সী কলেজত মালায়ালম ভাষাৰ এটা অস্থায়ী পদত শিক্ষকতাৰে তেওঁৰ শিক্ষক জীৱন আৰম্ভ কৰিছিল। তাৰপাছতেই ডঃ ৰাধাকৃষ্ণণে মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শন বিভাগৰ সন্মানীয় প্ৰবক্তা হিচাপে যোগদান কৰিলে। 

১৯২১ চনত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণক কলকাতা বিশ্ববিদ্যালয়ৰ ৰজা পঞ্চম জৰ্জ আসনৰ অধ্যাপক হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ১৯৩১ ত চনত ডঃ ৰাধাকৃষ্ণণক অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হয়। তেওঁ ১৯৩৬  লৈকে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত তেওঁক ইংলেণ্ডৰ অক্সফোর্ড বিশ্ববিদ্যালয়লৈ প্ৰবক্তা হিচাপে যোগদান কৰিবলৈ নিমন্ত্ৰণ জনোৱা হ’ল। তাৰপাছত পণ্ডিত মদন মোহন মালব্যৰ আমন্ত্ৰণত ডঃ ৰাধাকৃষ্ণণে ১৯৩৯ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদ গ্ৰহণ কৰে। আৰু তেওঁ ১৯৪৮ চনলৈকে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত থাকে। 

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ১৯৪৬ ৰ পৰা ১৯৫২ চনলৈ ইউনেস্ক’ত ভাৰতৰ প্ৰধান প্ৰতিনিধি আছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ডঃ ৰাধাকৃষ্ণণ ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ সংবিধান সভালৈ নিৰ্বাচিত হৈছিল। ১৯৪৯ চনত গঠন হোৱা ভাৰতৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ তেওঁ সভাপতি আছিল আৰু অতি দক্ষতাৰে তেওঁ সফলতাৰে এই শিক্ষা আয়োগৰ প্ৰতিবেদন প্ৰস্তুত কৰিছিল। 

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ১৯৫২ চনত ভাৰতৰ উপৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হয়। আৰু তেওঁ পুনৰবাৰ ১৯৫৭ টো ভাৰতৰ উপৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হয়। তাৰপাছতেই ডঃ ৰাধাকৃষ্ণণে ১৯৬২ চনত ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত  হোৱাৰ পাছত ডঃ ৰাধাকৃষ্ণণে তেওঁৰ ৰাজনৈতিক জীৱনৰ অন্ত পেলায়। 

১৯৬২ চনত ৰাষ্ট্রপতি পদত অধিষ্ঠিত হোৱা বছৰটোতে এইজনা বিদগ্ধ পণ্ডিত, প্রসিদ্ধ শিক্ষকৰ প্রতি শ্রদ্ধা জনাই তেখেতৰ জন্ম দিন ৫ ছেপ্তেম্বৰ দিনটো  'শিক্ষক দিৱস’ ৰূপে পালন কৰিবলৈ লয়। খ্ৰীষ্টিয়ান মিছনেৰী বিদ্যালয়ত অধ্যয়ন কৰাৰ পাছতো তেখেতে সম্পূৰ্ণৰূপে ভাৰতীয় বেদ-বেদান্ত-উপনিষদ, গীতা-ভাগৱত আদি গভীৰভাৱে অধ্যয়ন কৰি অনেক মূল্যবান পুথি ৰচনা কৰিলে। বিভিন্ন বিশ্ববিদ্যালয়ত আন্তৰিকতাৰে অধ্যাপক, উপাচার্যর দায়িত্ব পালন কৰি দেশৰ আৰু সমাজৰ প্রতি সেৱা আগবঢ়ালে।

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ৰচনাসমূহ ::

বিশ্বৰ মহানতম দাৰ্শনিকৰূপে দাঙি ধৰা তেওঁৰ দাৰ্শনিক ৰচনাসমূহৰ মাজৰ কিছুমান তলত দিয়া হ’ল:-

The Ethics of the Vedanta and its Material Presuppoliton (1908);

The Philosophy of Rabindranath Tagor (1918);

The Reign of Religion in Contemporary Philosophy (1920);

Indian Philosophy (2 volumes 1923 and 1927);

The Hindu view of Life (1926); The religion we Need (1928);

Kalki or The Future of Civilization (1929);

An Idealist view of Life (1932);

East and West in Religion (1933),

Freedom and Culture (1936);

The Heart of Hinduism (1936);

My Search for Truth (Autobiography 1937)

Gautama the Buddha (1938);

Eastern Religion and Western Thought (1939);

Mahatma Gandhi (1939); India and China (1944);

Education, Politics and War (1944):

The Religion and Society (1947);

The Bhagavadgita (1948);

Great Indians (1949);

The Dhammapada (1950);

The Religion of the spirit and the Worlds Need (1952).

কীৰ্তি আৰু সন্মান :: 

একেধাৰে এগৰাকী ৰাজনীতিবিদ, শিক্ষক, দাৰ্শনিক, প্ৰচুৰ অধ্যয়নশীল ব্যক্তি সৰ্বপল্লী ৰাধাকৃষ্ণণে নোবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল ২৭ বাৰ, ১১ বাৰ মনোনীত হৈছিল শান্তিৰ নোবেল বঁটাৰ বাবে আৰু ১৬ বাৰ মনোনীত হৈছিল সাহিত্যৰ নোবেল বঁটাৰ বাবে। উল্লেখ্য যে  ভাৰত স্বাধীন হােৱাৰ আগতে বৃটিছ চৰকাৰে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণক নাইট উপাধিৰে ১৯৩১ চনত বিভূষিত কৰিছিল। 

১৯৫৪ চনত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ পুৰষ্কাৰ ভাৰত ৰত্ন’ সন্মানৰে বিভূষিত কৰা হৈছিল ৰাধাকৃষ্ণণক । ইয়াৰ ওপৰিও ১৯৭৫ চনত ফেব্ৰুৱাৰী মাহত তেওঁক Templeton পুৰস্কাৰ প্ৰদানৰ কথা ঘােষণা কৰা হৈছিল। গুৰুত্বপূৰ্ণ কথা যে এই পুৰস্কাৰ আগতে মাদাৰ টেৰেচাক প্রদান কৰা হৈছিল।
ৰাধাকৃষ্ণণ আছিল Templeton পুৰস্কাৰ লাভ কৰা তৃতীয়জন ব্যক্তি। এইসমূহৰ ওপৰিও ড° সৰ্বপল্লী ৰাধাকৃষ্ণণক অক্সফোর্ড বিশ্ববিদ্যালয়ে এমাৰিটাচ প্রফেচাৰৰ মর্যাদা প্রদান কৰি ডি.এল উপাধি প্রদান কৰিছিল ১৯৫২ চনত। গুৰুত্বপূৰ্ণ কথা যে বহুমুখী প্ৰতিভা তথা শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী ৰাধাকৃষ্ণণক বিশ্বৰ বিভিন্ন পণ্ডিতে ষাঠি বছৰীয়া জন্ম দিৱসত  ‘যুগশ্রেষ্ঠ মনিষী’ (Master mind of age) উপাধিৰে সন্মানিত কৰিছিল।

ৰাধাকৃষ্ণণৰ দৃষ্টিত নাৰী ::

নাৰী জাতিৰ প্রতি ৰাধাকৃষ্ণণৰ সহানুভূতি আৰু অপৰিসীম মৰম আছিল। নিজৰ সার্থক গার্হস্থ জীৱনৰ কথা উল্লেখ কৰি তেওঁ কৈছিল যদিও আমাৰ সমাজত আৰু আমাৰ যুগত পাশ্চাত্য দেশৰ বিবাহৰ বয়সতকৈ অতি কম বয়সতে বিবাহৰ প্রথা প্রচলন আছিল তথাপি এই কম বয়সতে হােৱা বিবাহ অসার্থক নাছিল। হিন্দু স্ত্রীৰ আদৰ্শ যেনেদৰে মহিমামণ্ডিত আনফালে তেনেকৈ সেই আদর্শ অনুকৰণ কৰাও কঠিন। কিন্তু সেয়া স্বত্ত্বেও সৰল স্বভাৱৰ হিন্দু ৰমণীৰ এই আদৰ্শৰ প্ৰভাৱাে আছিল প্রচুৰ, হিন্দু ধৰ্মৰ নাৰী ‘যদিও তেওঁ অবিশ্বাসী হয় তেতিয়া হলেও মই থাকিম সদায় বিশ্বস্ত। তেওঁ চঞ্চল মতি হলেও, মই প্রতীক্ষাই কৰিম আৰু তেওঁ আনৰ প্রতি অনুৰক্ত হলেও, তেওঁ আপােন ঘৰলৈ ওভটাৰ সময়ৰ দৰে মই অপেক্ষা কৰিম। এই অন্ধ অনুকৰণক যদি প্রায় কালিকামণ্ডিত বুলি ভবা হয় তেন্তে ক'ব লাগিব ভগবানৰ অঙ্গতাে কলঙ্কৰ ছাপ বিৰাজমান। কাৰণ ভগৱানেও আমাক এনেকৈ ভাল পায়। তেওঁৱাে হিন্দু নাৰীৰ দৰে ক্লান্তিহীন ধৈর্যৰে সেই ক্ষণৰ বাবে অপেক্ষাত থাকে যেতিয়া আমি মিছা আনন্দ ভােগ ভাবনাত ক্লান্ত দেহ মনেৰে তেওঁৰ কাষলৈ উভতি যাও। যি সংশয়হীন বিশুদ্ধ প্ৰেমৰ উত্তৰাধিকাৰী সকলে দুর্বলতাৰ ওপৰত জয়লাভ কৰে সেই প্রেমেই সম্ভৱত ভগৱানৰ শ্রেষ্ঠতম দান। 

হিন্দু নাৰীৰ প্রতি তেওঁ কৈছিল যুগে যুগে ভাৰতত এনে লাখ লাখ নাৰীয়ে জন্ম গ্রহণ কৰিছে যি সকলে যশ বা খ্যাতিৰ মুখ কাহানিও দেখা নাই। যদিও তেওঁলােকেই দৈনন্দিন জীৱন ধাৰাত সমগ্র জাতিকে সভ্যতাৰ আলােকত উদ্ভাসিত কৰিছে। এই মহিয়সী মহিলাকুলৰ অন্তৰৰ আবেগ আৰু উত্তাপ, আত্মত্যাগৰ উৎসাহ, বহিঃপ্রকাশ প্রৱণতাহীন বিশ্বস্ততা আৰু চৰম পৰীক্ষাৰ ক্ষেত্ৰতাে কঠোৰ কষ্টসাধ্য ব্রত পালনত সিদ্ধহস্ত— এই সকলােবােৰেই এই সুপ্রাচীন জাতিৰ একান্ত গৌৰৱৰ সম্পদ।

কুমাৰী নাৰী আৰু বিধবা নাৰীৰ ভাই, ভনী, পুত্র, কন্যা আৰু আত্মীয় স্বজনৰ মুখাপেক্ষী হৈ জীৱন ধাৰণৰ তিক্ত অভিজ্ঞতাৰ কথাও তেওঁ 'Religion and society' গ্রন্থত প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও তেওঁ পিতৃ ধনত পুত্র কন্যাৰ সমান অধিকাৰৰ নীতিও সুন্দৰকৈ সমর্থন কৰিছিল। সেই সম্পর্কে প্রয়ােজনীয় আইন ৰচনাৰ বাবেও তেওঁ তাগিদা দিছিল। পৰৱৰ্তী কালত ভাৰত স্বাধীন হােৱাৰ পাছত এই আইন বাস্তৱত পৰিণত হয়।

সামৰণি ::

গভীৰ চিন্তাশীল ব্যক্তিত্বৰ অধিকাৰী ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে ১৯৭৫ চনৰ ১৬ এপ্রিলৰ দিনা শেষ নিশ্বাস ত্যাগ কৰে। ভাৰতৰে নহয় এজন বিশ্বৰ বৰেণ্য ব্যক্তি এক জ্ঞানৰ মূৰ্তি হিচাপে পৰিচিত ড° সৰ্বপল্লী ৰাধাকৃষ্ণন কায়িক ভাৱে নাথাকিলেও তেওঁৰ কৰ্মৰাজি সদায় ভাৰতবাসীৰ মাজত চিৰ উজ্জীৱিত হৈ থাকিব। এগৰাকী চিন্তাবিদ, দাৰ্শনিক, ৰাজনীতিবিদ, সাহিত্যৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে সমাদৃত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বৌদ্ধিক দৃষ্টিভংগী,কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো সকলোৰে মাজত জনপ্ৰিয় তথা বৰ্তমানো ৰাধাকৃষ্ণণৰ চিন্তাৰ প্ৰাসংগিকতা সকলোৱে অনুভৱ কৰে। বৰ্তমান ৰাজনৈতিক পশ্চাদগমীতাৰ সময়ত নেহৰুৰ মূল্যবোধৰ ৰাজনীতি অনুকৰণীয় আৰু অনুসৰণীয়।

Must Read : Biography of Lokpriya Gopinath Bordoloi in Assamese

Must Read : Biography of Jadav Payeng in Assamese

Must Read : Biography of Bhogeswar Baruah  in Assamese

Download General Knowledge E-book for Competitive Exam - Click Here

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

500 Assam GK Quiz

• Child Development and Pedagogy GK

Well if you like the Biography of Sarvepalli Radhakrishnan in Assamese | Life History of Sarvepalli Radhakrishnan in Assamese for APSC, Assam TET Exam do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.