Biography of Jyoti Prasad Agarwala in Assamese | Life History of Jyoti Prasad Agarwala in Assamese

Jyoti Prasad Agarwala's Life And Contributions : An Overall Evaluation | Contribution of Jyoti Prasad Agarwala in Social Reformation in Assam

জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন পৰিক্ৰমা

Hello, aspirants are you preparing for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams? If yes, then you must be aware of the most important topic of Assamese Culture and Literature the Biography of Jyoti Prasad Agarwala (জ্যোতিপ্ৰসাদ আগৰৱালা) in Assamese for Competitive Exam preparation. Therefore every aspirants need to know the Life History of Jyoti Prasad Agarwala in Assamese for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams. In this regard "Assam GK Gyan" decides to provide you the Jyoti Prasad Agarwala's Life And Contributions : An Overall Evaluation for Assam Tet exam. Infact the Contribution of Jyoti Prasad Agarwala in Social Reformation in Assam will be a key topic in the Assamese Literature and Assam GK section for the upcoming Assam Govt Exams. So the Biography of Jyoti Prasad Agarwala in Assamese Language for APSC, APDCL, Assam TET, Assam Direct Recruitment Grade III and Grade IV Exam, Assam Police, Irrigation, PNRD, JAA, DHS exams will be a pedestrian to crack your exam.

Jyoti Prasad Agarwala's Life And Contributions : An Overall Evaluation | Contribution of Jyoti Prasad Agarwala in Social Reformation in Assam  জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন পৰিক্ৰমা

Life History of Jyoti Prasad Agarwala

Jyoti Prasad Agarwala's Life And Contributions

In this article we have provided you most important Assam GK on Assamese Culture and Literature topic Jyoti Prasad Agarwala's Life And Contributions for the upcoming Assam TET exam. So, read this important article on Contribution of Jyoti Prasad Agarwala in Social Reformation in Assam for Assam govt exams. These General Knowledge Quiz on Jyoti Prasad Agarwala are extremely important and should be a part of your preparation.

GK Quiz on Jyoti Prasad Agarwala : Assam APSC GK Questions

In order to succeed in the prestigious Assam TET, Assam Direct Recruitment Grade III and Grade IV Exam, it is important that the aspirant has access to the all the Assam GK questions & Answers. Specially the toppers of APSC/Assam TET exams recommend that aspirant start their preparation with the most important topics of syllabus such as Assamese Culture and Literature of Assam for the upcoming exams.

A Brief note on Jyoti Prasad Agarwala

Here we are discussing about the Biography of Jyoti Prasad Agarwala in Assamese. Read this most important article on Life History of Jyoti Prasad Agarwala in Assamese in order to answer the questions :

Jyoti Prasad Agarwala was born in 17 June, 1903 in Tamulbari Tea Estate of Dibrugarh. His father was Paramanada Agarwala and mother was Kiranmayee. He started his education in Tezpur Government High School and completed his matricualtion. During high school time itself he joined the freedom movement. Jyoti Prasad Agarwala's actual artistic and political journey begins after 1930. 

He dedicated himself fully in the freedom movement. He was even jailed for 15 months and fined Rupees 500 for his active involvement in the fightings of Independence. Jyoti Prasad Agarwala started writing since the age of 14 years only. At that time he wrote down the famous play 'Sonit-Konwari'. Jyoti Prasad Agarwala was a fantastic poet as well. He wrote more than 300 songs and gave music to most of them. These songs collection is known as Jyoti Sangeet. 

The most valuable gift of Jyoti Prasad Agarwala to Assamese world is 'Joymoti', the first cinema. He is the father of Assamese film and he has invested huge amount of time and his own money into it. He first setup a studio 'Chitrban' in Bholaguri tea estate in Tezpur in 1934. he started making 'Joymati' from there. In 1935 the movie was released. In 1939 he made the second Assamese movie 'Indramalati'. He also built a cinema hall 'Junaki' in tezpur in 1937. Along with 'Kalaguru' Bishnu Prasad Rabha, he produced the record play of 'Joymoti' and 'Sonit Konwari'. 

It's unfortunate that Jyoti Prasad Agarwal who is known as 'Rupkonwar' (Prince of Beauty) to Assam, had to quit this life in just an age of 48. He was suffering from cancer and was in the charge of Tamulbari tea estate of Dibrugarh, the same place where he was born in, 17 June, 1951. Jyoti Prasad Agarwala is immortal in Assamese society. His death anniversary, 17 June is calebrated as 'Jyoti Divas' in Assam every year.

Biography of Jyoti Prasad Agarwala in Assamese | Life History of Jyoti Prasad Agarwala in Assamese

জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন পৰিক্ৰমা

জন্ম : ১৭ জুন, ১৯০৩ চন

জন্ম স্থান : তামোলবাৰী চাহ বাগিছা, ডিব্ৰুগড়, অসম

পিতৃৰ নাম  : পৰমানন্দ আগৰৱালা 

মাতৃৰ নাম : কিৰণময়ী আগৰৱালা

পেচা : গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা

পুত্ৰ সন্তান : চিন্ময় আগৰৱালা, বিশ্বেন্দু আগৰৱালা

কন্যা সন্তান : জয়শ্ৰী, জ্ঞানশ্ৰী, সত্যশ্ৰী, হেমাশ্ৰী, মনশ্ৰী

মৃত্যু : ১৯৫১ চনৰ ১৭ জানুৱাৰী

জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম আৰু শৈশৱ কাল :

জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৯০৩ চনৰ ১৭ জুন তাৰিখে ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত। তেখেতৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা। তেখেতৰ পূৰ্বপুৰুষ নবৰংগৰাম আগৰৱালা ১৮১১ চনত ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল। পৰমানন্দ আগৰৱালাৰ পিতৃ আছিল হৰিবিলাস আগৰৱালা- অসমীয়া ধৰ্ম পুথি ‘কীৰ্তন ঘোষা’ প্ৰথম ছপা কৰাওঁতা আৰু তেখেতৰ ভাতৃ আছিল বিখ্যাত অসমীয়া কবি আনন্দ চন্দ্ৰ আগৰৱালা। অসমীয়া সাহিত্যত "প্ৰতিমাৰ খনিকৰ" বুলি অভিহিত চন্দ্ৰকুমাৰ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বৰদেউতাক আছিল। সোণৰ চামুছ মুখত লৈ জন্ম গ্ৰহণ কৰা জ্যোতি প্ৰসাদ আগৰৱালাই সৰুৰে পৰা এক সংস্কৃতিবান পৰিৱেশত ডাঙৰ হৈছিল। তেখেতৰ দেউতাকো আছিল এজন ভাল গায়ক আৰু বেহেলাবাদক। ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰা জ্যোতি প্ৰসাদে জন্মৰ কিছু বছৰৰ পাছতেই পৰিয়ালৰ লগত তেওঁলোকৰ স্থায়ী বাসস্থান তেজপুৰলৈ গুছি আহে। তাতেই তেওঁ বাণ ৰঙ্গমঞ্চৰ সৈতে জড়িত হৈ সংগীত আৰু নাটকৰ চৰ্চা কৰিবলৈ লয়।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিক্ষা

জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্কুলীয়া শিক্ষা আৰম্ভ হয় ডিব্ৰুগড়ৰ চৰকাৰী হাইস্কুলৰ পৰা। চিত্ৰৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা জাতীয় বিদ্যালয়ৰপৰা তেওঁ ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কলিকতাৰ নেচনেল কলেজৰ পৰা আই.এ. দ্বিতীয় বৰ্ষৰ পঢ়া সাং কৰে। তাৰ পিছত ১৯২৬ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই অৰ্থনীতি বিষয়ত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায় যদিও পঢ়া সম্পূৰ্ণ নকৰাকৈয়ে ১৯৩০ চনত অসমলৈ উভতি আহে। ঘূৰি অহাৰ পথত জাৰ্মানীত তেখেতে সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয়।

স্বাধীনতা সংগ্ৰামী হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালা :

জ্যোতিপ্ৰসাদৰ বয়স ১৭ বছৰ হৈ থাকোতেই দেশত মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলন আৰম্ভ হয় । ১৯২১ চনৰ অসহযোগ আন্দোলনৰ যি ঢৌ অসমলৈ বৈ আহিছিল সেই সময়ত তেওঁ তেজপুৰ হাইস্কুলৰ পৰা মেট্ৰিকৰ পৰীক্ষাৰ্থী আছিল। আন্দোলনত যোগ দিবলৈ তেজপুৰ হাইস্কুলৰ পৰা ওলাই অহা ছাত্ৰসকলৰ মাজত জ্যোতিপ্ৰসাদ একেবাৰে আগৰণুৱা আছিল আৰু সেই সময়তে তেওঁ “বিশ্ব বিজয়ী নৱ জোৱান’’ নামৰ গীতটো ৰচনা কৰিছিল।

১৯৩২ চনত কংগ্ৰেছৰ সেৱাদলৰ কৰ্মী জ্যোতিপ্ৰসাদক স্বাধীনতা আন্দোলনত জড়িত থকাৰ অপৰাধত চৰকাৰে গ্ৰেপ্তাৰ কৰে।

জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অসমীয়া বোলছবি :

জে’লৰ পৰা ওলাই আহি ভোলাগুৰি চাহবাগিছাত অসমীয়া ফিল্মশিল্প প্রতিষ্ঠান ‘চিত্ৰলেখা মুভিটোন’ নামৰ এটি কথাছবি ষ্টুডিঅ প্রতিষ্ঠা কৰে। ১৯৩৫ চনত তাতেই ‘জয়মতী’ বোলছবি নিৰ্মাণ কৰি উলিয়ায়। এইখনেই অসমীয়া বোলছবিজগতত প্রথম ছবি। ভাৰতীয় চলচিত্ৰ সমালোচক সকলে জয়মতীক তৃতীয়খন ভাৰতীয় সবাক ছবিৰ মৰ্যদা দিয়াৰ লগতে প্ৰথমখন ভাৰতীয় ডাবিং ছবিৰ স্বীকৃতি দিছে। 

জয়মতী ছবি খনৰ মূল চৰিত্ৰ জয়মতী ৰূপায়ণ কৰিছিল আইদেউ সন্দিকৈয়ে আৰু গদাধৰৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল ফুনু বৰুৱাই।জয়মতী ছবিখন মুক্তি দিয়া হৈছিল কলিকতাৰ ‘ৰৌণক হল’ত ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে। আৰু অসমত তাৰ দহ দিনৰ পাছত ২০ মাৰ্চ তাৰিখে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মুক্তি দিয়া হৈছিল।

বিষ্ণুপ্ৰসাদ ৰাভাৰ সহযোগত ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ গ্ৰামফ’ন ৰেকৰ্ড কৰে আৰু তেজপুৰৰ বান থিয়েটাৰত ভাৰতীয় আৰু পাশ্চাত্য বাদ্যযন্ত্ৰৰ সমন্বয়ত অসমীয়া ৰংগমঞ্চ সংগীত জগতত নতুন ধাৰাৰ সৃষ্টি কৰে।

১৯৩৯ চনত ‘ইন্দ্ৰ মালতী’ নিৰ্মাণ কৰি উলিয়ায়। ছবিখনত ইন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল মনোভিৰাম বৰুৱাই। ফণী শৰ্মাই তেখেতৰ বন্ধু ললিতৰ চৰিত্ৰত অভিনয় কৰে। ৰাসেশ্বৰী বৰুৱাই মালতীৰ চৰিত্ৰত ৰূপদান কৰিছিল। থানু বৰাই কৰিছিল চণ্ডীৰামৰ চৰিত্ৰটো। সুন্দৰপ্ৰতীম বৰুৱা নামে কলিকতাত থকা এক চহকী অসমীয়া ব্যৱসায়ীৰ সৰু চৰিত্ৰ এটাত জ্যোতিপ্ৰসাদে নিজে অভিনয় কৰিছিল।

১৯৩৭ চনত ‘জোনাকী’ নামৰ চিনেমা হ’ল সাজি উলিয়ায়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ একমাত্ৰ কবিতা পুথি ‘লুইতৰ পাৰৰ অগ্নিসুৰ’। তেওঁৰ কবিতাৰ মাজেৰে জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্ৰতি দায়বদ্ধতা, ভাষা আৰু শব্দ প্রয়োগত ওজম্বিতা, মৌনসূলভ দৃপ্ততা তেওঁৰ কবিতাৰ বৈশিষ্ট্য। তেওঁৰ গীতবোৰ কোমল, মধুৰ আৰু পৌৰুষ দীপ্ত সুৰ ধ্বনিত হৈছে। গীতবোৰৰ ভাব, সুৰ আৰু অনুভূতিৰ অপূৰ্ব সমন্বয়। ১৯৪৪ চাহ ‘দৈনিক অসমীয়া’ কাকতৰ সম্পাদকৰ দায়িত্ব লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থাপত্যৰ আৰ্হি তেওঁ নিৰ্মাণ কৰিছিল।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্য প্রতিভা :

১৯১৭ চনত চৈধ্য বছৰ বয়সত তেওঁ শোণিত কুঁৱৰী নাটক ৰচনা কৰিছিল। শোণিত কুঁৱৰী নাটৰ বিষয়বস্তু পৌৰাণিক। নাটখনৰ মূল কাহিনী সংস্কৃত, পুৰাণ, হৰিবংশ, ভাগৱতৰ উপৰিও ‘কুমৰ হৰণ কাব্য’, ‘ঊষা পৰিণয় কাব্য’ৰ কাহিনীভাগৰ বৰ্ণনা পোৱা যায়। শোণিত কুঁৰৱী নাটৰ মূল বিষয় ঊষা-অনিৰুদ্ধৰ প্ৰেম। শোণিতপুৰৰ ৰজা বানৰ জীয়ৰী ঊষাৰ লগত শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ প্ৰেম কাহিনী নাটকখনত বৰ্ণনা কৰা হৈছে। বাণৰ শিৱভক্তি, উষাৰ স্বপ্ন, চিত্রলেখাৰ জৰিয়তে অনিৰুদ্ধক হৰণ, হৰি-হৰৰ যুদ্ধ আদিয়ে এই নাটকখনত পোৱা যায়।

জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৪৮ চনত লভিতা নাটকখন ৰচনা কৰিছিল। নাটকখন ৪২ৰ গণআন্দোলন আৰু দ্বিতীয় মহাযুদ্ধৰ ঘটনাৱলীৰ পটভূমিত ৰচিত অন্যতম নাটক। লভিতা নামৰ নাৰী চৰিত্ৰটোক কেন্দ্ৰ কৰি নাটৰ কাহিনীভাগৰ সৃষ্টি হৈছে।

কলা-সংস্কৃতিলৈ অৱদান সমূহ :

গল্প :

ৰূপহী

বগীতৰা

সোণতৰা

সোণটিৰ অভিমান

যুঁজাৰু

সতীৰ সোঁৱৰণি

সন্ধ্যা

শিলাকুটি

নীলাচৰাই আদি।

কবিতা :

লুইতৰ পাৰৰ অগ্নিসুৰ

জ্যোতি ৰামায়ণ

উপন্যাস :

আমাৰ গাঁও

অন্যান্য গ্ৰন্থ :

জ্যোতিৰ্ধাৰা

চন্দ্ৰকুমাৰ আগৰৱালা

Background of Assamese Architecture

শিশু- সাহিত্য- শিশু-কবিতা :

জ্যোতি-ৰামায়ণ,

ঘোঁৰা-ডাঙৰীয়া

চলচ্চিত্ৰ :

জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। তেখেতে একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল।

জয়মতী (১৯৩৫)

ইন্দ্ৰমালতী (১৯৩৯)

গীত :

জ্যোতিপ্ৰসাদে প্ৰায় ৩০০ মান গীত ৰচনা কৰি নিজে সুৰ দিছিল। সেইবোৰক "জ্যোতি সংগীত" বুলি কোৱা হয়।

সম্পূৰ্ণ নাটক :

শোণিত কুঁৱৰী (১৯২৫)

কাৰেঙৰ লিগিৰী (১৯৩o) 

লভিতা (১৯৪৮) 

ৰূপালীম (১৯৩৮) 

নিমাতী কইনা (১৯৬৪)

খনিকৰ (১৯৭৭)

অসম্পূৰ্ণ নাটক :

কনকলতা

সুন্দৰকোঁৱৰ

সোণপখিলী

অতিৰিক্ত তথ্য

কুৰি শতিকাৰ এজন অন্যতম শ্ৰেষ্ঠ অসমীয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। অসমীয়া সাংস্কৃতিক জগতখনলৈ অৱদানৰ ক্ষেত্ৰত বহুতেই তেওঁক শংকৰদেৱৰ পাছতেই স্থান দিব খোজে।

মৃত্যু : 

অসমীয়া সাহিত্য-সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক অসম সাহিত্য সভাৰ সভাপতি আনন্দ চন্দ্ৰ বৰুৱাই ‘ৰূপকোঁৱৰ’ উপাধিৰে বিভূষিত কৰিছিল। ১৯৫১ চনৰ ১৭ জানুৱাৰীত তেওঁৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৮ বছৰ। তেখেতৰ মৃত্যুত হোমেন বৰগোহাঞিয়ে ‘অসম বাণী’ কাকতত তেওঁক অসমৰ ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দহজন অসমীয়াৰ এজন বুলি ঘোষণা কৰিছিল৷ তেওঁৰ মৃত্যুৰ পাছত অসম চৰকাৰে তেওঁৰ মৃত্যুৰ দিনটোক অৰ্থাৎ ১৭ জানুৱাৰী তাৰিখটো গোটেই ৰাজ্যজুৰি ‘শিল্পী দিৱস’ হিচাপে উদযাপন কৰি আহিছে।

অসমীয়া সাহিত্য আৰু বোলছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৪ চনত ১৭ জুন তাৰিখে ভাৰত চৰকাৰে আগৰৱালাৰ এটা স্মৃতিৰক্ষামূলক এটা ডাকটিকট মুকলি কৰে। এই টিকটটোৰ মূল্য পাঁচ টকা।

জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে বিভিন্নজনৰ অভিমত :

বিষ্ণুপ্ৰসাদ ৰাভাই জ্যোতিপ্ৰসাদ আগৰৱালাক ‘আজীৱন ৰূপতীৰ্থৰ যাত্ৰী’ আজীৱন ৰূপতীৰ্থৰ সাধক, আমৰণ ঝঞ্জাবিজয়ী আত্মাৰ গৰাকী, নৱ-নৱােন্মেষশালিনী আৰু বহু প্ৰতিভাৰে উদ্ভাসিত শিল্পী’ বুলি আখ্যা দিছে৷

সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে-অসমৰ সাংস্কৃিতক আৰু ৰাজনৈতিক জীৱনত জ্যোতিপ্ৰসাদে যি মহান বিপ্লৱী শিল্পীৰ ভূমিকা গ্ৰহণ কৰি গৈছে তাৰ তুলনা দিবলৈ দ্বিতীয় এজন ব্যক্তি হয়তো বিচাৰি পোৱা টান হ’ব৷ ৷

হেমাংগ বিশ্বাসএ ‘ব্যক্তি জীৱনৰ সততা, সাহস, সত্যিনষ্ঠা আৰু সংগ্ৰামশীলতাৰ লগত সাহিত্য, শিল্প আৰু সংগীতৰ এনে সুসংগতি এই যুগৰ সংস্কৃতি জগতত দুৰ্লভ’ বুলি আখ্যা দিছে৷

হোমেন বৰগোহাঞিৰ মতে জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দহজন অসমীয়াৰ মাজৰ এজন।

ইমৰাণ শ্বাহএ কৈছে- কঠোৰ ব্ৰতৰ ধৰ্ম পিন্ধি লক্ষ্যৰ বাবে শত বিঘিনি উপেক্ষা কৰি, ত্যগৰ অগ্নিত নিজকে পুৰি সাধনাৰ বন্তি হাতত লৈ জগতখনকে সম্বোধিবলৈ জ্যোতিপ্ৰসাদ প্ৰস্তুত হৈছে৷

শিৱনাথ বৰ্মনৰ মতে- জ্যোতিপ্ৰসাদ প্ৰণালীবদ্ধ চিন্তাবিদ আছিলষ নিজৰ স্বীকাৰোক্তি মতেই তেওঁ পণ্ডিত নাছিল, তেওঁ আছিল মনে-প্ৰাণে শিল্পী৷ কিন্তু শিল্প তেওঁৰ বাবে নাছিল পংকময় পাৰ্থিৱ জগতৰ বহু ওপৰৰ শুকুলা ডাৱৰৰ আঁৰে-আঁৰে উটি-বুৰি ফুৰা কল্পনাৰ বিলাস৷ ই আছিল তেওঁৰ বাবে বাস্তৱৰ নিৰ্যাস।

আনন্দ বৰমুদৈৰ মতে জ্যোতিপ্ৰসাদৰ জীৱন এগৰাকী সংগ্ৰামী শিল্পীৰ জীৱন৷ নিজে সৃষ্টিশীল প্ৰতিভাৰ গৰাকী আছিল বাবে আনৰো শ্ৰম আৰু সৃষ্টি প্ৰতিভাৰ প্ৰতি তেওঁৰ সহানুভূতিশীল শ্ৰদ্ধা আছিল৷ তেওঁৰ জীৱনৰ আৰু ব্যক্তিত্বৰ আটাইতকৈ উজ্বল দিশটো হৈছে জনগণৰ ওপৰত আস্থা, জনগণৰ প্ৰতি দৰদ আৰু জনগণৰ মাজত তেওঁ দেখা পোৱা ইতিহাস সলনি কৰিব পৰা শক্তি৷

অনুৰাধা শৰ্মাৰ মতে- জ্যোতিপ্ৰসাদ৷ যাৰ নামেই প্ৰকাশ কৰে পোহৰৰ প্ৰসন্নতা৷ কিন্তু পৰিয়াল প্ৰদত্ত নামটোৰ বাবেই নহয়, নামৰ পৰা কামলৈ তেওঁৰ সমগ্ৰ শিল্পৰূপৰ মাজত শক্তিশালী ৰূপত স্থিতি লাভ কৰা জ্যোতি চেতনাই তেওঁৰ নাম, ব্যক্তিত্ব আৰু দৰ্শনক একাকাৰ কৰি তুলিছে৷ তেওঁৰ সমস্ত ৰচনাত ব্যাপ্ত হৈ আছে আন্ধাৰৰ বিৰুদ্ধে আলোকৰ সংগ্ৰাম ৷

জ্যোতিপ্ৰসাদ শইকীয়াই ‘জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা’ গ্ৰন্থত লিখিছে-তেখেত মাথোঁ ৰূপৰ কোঁৱৰ নহয়, গুণৰ কোঁৱৰো ৷

মৌচুমী কন্দলীয়ে লিখিছে- জ্যোতিপ্ৰসাদৰ দৰে সৌন্দৰ্য্য আৰু কলাৰ সুকীয়া ধ্যান-ধাৰণাৰে পুষ্ট চিন্তাশীল ব্যক্তি অসমৰ শিল্পচিন্তাৰ নিস্তেজ পৰিমণ্ডলত সঁচাকৈয়ে অনন্য৷

জয়ন্ত কুমাৰ বৰাৰ মতে- জ্যোতিপ্ৰসাদৰ ব্যক্তিত্ব আৰু প্ৰতিভা আধুনিক অসমীয়া সংস্কৃতিৰ এক দুৰ্লভ শক্তি৷ বিংশ শতিকাৰ যি কেইগৰাকী মহাপ্ৰয়ান অসমীয়াই জাতীয় জীৱনক আপোন যোগ্যতাৰে মহীয়ান কৰি তুলিছিল, তাৰ ভিতৰত জ্যোতিপ্ৰসাদ অন্যতম ৷

Must Read : Biography of Bishnu Prasad Rabha in Assamese

Must Read : Biography of Bhabendra Nath Saikia in Assamese

Must Read : Biography of Chandra Kumar Agarwal in Assamese

Must Read : Biography of Lokpriya Gopinath Bordoloi in Assamese

Must Read : Biography of Jadav Payeng in Assamese

Download General Knowledge E-book for Competitive Exam - Click Here

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

• অসম দিৱস বা ছ্যুকাফা দিৱসৰ বিষয়ে

• Renowned Writers of Assamese Literature and Culture

Well if you like the Biography of Jyoti Prasad Agarwala in Assamese | Life History of Jyoti Prasad Agarwala in Assamese for Assam TET Exam do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.