Assam History Notes for APSC Prelims & Mains | History Notes of Assam Questions and Answers for Assam Competitive Exam

Assam History GK for DHS exam 2023 | General Knowledge MCQ Questions on Assam for Grade III & Grade IV Exam

Hello, aspirants are you preparing for APSC or any other Assam Govt Exams 2023? If yes, then you must be aware of the most important Assam GK MCQ & Assam History Notes for the upcoming competitive exam preparation. Therefore every aspirants need to know the Assam History Notes for APSC Prelims & Mains Exam. In this regard "AssamGKGyan" decides to provide you the most important 200+ Assam History GK One Liner for the upcoming exams like Assam Direct Recruitment 2023 Grade III and Grade IV Exam, APDCL, DHS, Assam Police, Irrigation, PNRD, JAA exam. Infact the History Notes of Assam Questions and Answers for Assam Direct Recruitment 2023 Exam (Assam GK Quiz) will be a key topic in the Assam GK History section for the upcoming exams. So the Assam History Notes for APSC Prelims & Mains Exam in Assamese will be a pedestrian to crack your exam. 

Assam History Notes for APSC Prelims & Mains | History Notes of Assam Questions and Answers for Assam Competitive Exam

Assam History Quiz - অসমৰ বুৰঞ্জী কুইজ

Assam History GK Questions for Assam Public Service Commission

In this article we have provided you Assam History GK Questions for Assam Public Service Commission. So, read all these important Assam GK for APSC Prelims 2023 for the as well as other Assam govt exams. These History Notes of Assam Questions and Answers are extremely important and should be a part of your preparation.

Best History Notes For Assam Govt Exams

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the Best General Knowledge Questions of Assam. Specially the toppers of Assam Govt Exams recommend that candidates start their preparation with the best Assam History Notes for upcoming APSC Prelims Exam.

Assam History GK for DHS exam 2023 | General Knowledge MCQ Questions on Assam for Grade III & Grade IV Exam

There are mainly five very important Assam GK on Assam History GK for DHS exam 2023. Mark this general knowledge mcq questions on assam for Grade III & Grade IV Exam :

1. অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয়?

উত্তৰ- মহাৰাজ নৰনাৰায়ণ

2. কোন জন আহোম ৰজা দিনত প্ৰথম জনগণনা (Census) আৰম্ভ হৈছিল ?

উত্তৰ- চুহুংমুং

3. মধ্য যুগৰ কবি ৰাম স্বৰস্বতী কোনজন ৰজাৰ Court poet আছিল?

উত্তৰ- নৰনাৰায়ণ

4. বৈষ্ণৱ সত্ৰত শৰণ লোৱা প্ৰথম আহোম ৰজা কোন ?

উত্তৰ- জয়ধ্বজ সিংহ

5. আহোমৰ কোনজন ৰজাক বুদ্ধি স্বৰ্গনাৰায়ন বুলি কোৱা হয়?

উত্তৰ- প্ৰতাপ সিংহ

• Download General Knowledge E-book for Competitive Exam - Click Here

• Must visit : Assam History GK on Ahom Kingdom

• Must visit : Names of Ahom Kings and their Ruling Period

Assam History Notes for APSC Prelims & Mains | History Notes of Assam Questions and Answers

Here are the most important best Assam History Notes for APSC Prelims & Mains Exam. Also check all these important History Notes of Assam Questions and Answers for Assam Govt Recruitment Exam 2023 in order to answer the questions : 

প্ৰাচীন অসম :

৪ৰ্থ শতিকাত কামৰূপ ৰাজ্যত পুষ্য বৰ্মনে বৰ্মন ৰাজবংশ প্ৰতিষ্ঠা কৰাৰে পৰা অসমৰ জ্ঞাত ইতিহাস আৰম্ভ হয়। খুব সম্ভৱ ভূমিপুত্ৰসকল এই বংশৰ মূল আছিল, যাৰ পূৰ্বপুৰুষ আছিল নৰকাসুৰ। ৭ম শতিকাত ভাস্কৰ বৰ্মনৰ ৰাজত্বত এই ৰাজ্যই খ্যাতি অৰ্জন কৰে। হিউৱেন চাঙে এই সময়তে কামৰূপ ভ্ৰমণ কৰি নিজৰ অভিজ্ঞতা লিপিবদ্ধ কৰে।

সন্তানহীন ভাস্কৰবৰ্মনৰ মৃত্যুৰ পিছত শাসনভাৰ শালস্তম্ভৰ হাতলৈ যায় যি ম্লেছ ৰাজবংশ প্ৰতিষ্ঠা কৰে। ৯ম শতিকাত ম্লেছ বংশৰ পতনৰ পিছত নতুন শাসক ব্ৰহ্মপালে পাল ৰাজবংশ প্ৰতিষ্ঠা কৰে। শেষ পাল ৰজাজনক গৌৰৰ ৰজা ৰামপালে ১১১০ খ্ৰীষ্টাব্দত ক্ষমতাচ্যুত কৰে। কিন্তু গৌৰৰ ৰজাই পাতি যোৱা ইয়াৰ পিছৰ ৰজা দুজন তিম্জ্ঞদেৱ আৰু বৈদ্যদেৱে স্বতন্ত্ৰ ৰজা হিছাপেহে শাসন কৰিছিল আৰু প্ৰাচীন কামৰূপৰ মোহৰ ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ পতন হোৱাৰ পিছত ১২শ শতিকাত কামৰূপৰ ঠাইত সৰু সৰু ৰাজ্য স্থাপিত হয় আৰু লগে লগে প্ৰাচীন অসমৰ যুগৰ সামৰণি পৰে।

মধ্যযুগীয় অসম :

মধ্যযুগৰ প্ৰথম সময়ছোৱাত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম অংশত পৃথুৱে প্ৰতিষ্ঠা কৰা কমতা ৰাজ্যৰ খেন ৰাজবংশৰ উত্থান ঘটে। বঙ্গৰ তুৰ্কসকলৰ আক্ৰমণো আৰম্ভ হয়। ৰাজধানী কমতাপুৰৰ নামেৰে কমতা ৰাজ্যৰ নামটো হৈছিল। বঙ্গৰ শাসকে সঘনাই আক্ৰমণ কৰাৰ পিছত ১৪৯৮ চনত আল্লাউদ্দিন হুছেইন শ্বাহ ৰজাই শেষ খেন ৰজাজনক উৎখাত কৰে। কিন্তু মূলতঃ বাৰ ভূঞাৰ বিদ্ৰোহৰ বাবে হুছেইন শ্বাহ আৰু পিছৰ শাসকসকলে কমতা ৰাজ্যত খোপনি পুতিব নোৱাৰিলে।

১৬শ শতিকাত বিশ্বসিংহই কমতা ৰাজ্যত কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰে। তেওঁৰ পুত্ৰদ্বয় নৰ নাৰায়ণ আৰু চিলাৰায়ৰ দিনত কোচ বংশৰ খ্যাতিয়ে শিখৰ চোৱে।

পুৰণি কামৰূপ ৰাজ্যৰ পূব অংশত কছাৰী ৰাজ্য, চুতীয়া ৰাজ্য আৰু ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে বাৰ ভূঞাৰ উত্থান ঘটে। কছাৰী আৰু চুতীয়া ৰাজ্যৰ মাজতে চুকাফাৰ নেতৃত্বত এটা শান বংশৰ দলে আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে। সময়ৰ লগে লগে আহোম ৰাজ্য উত্তৰ ফালে চুতীয়া ৰাজ্যলৈ বিস্তৃত হয় আৰু কছাৰী ৰাজ্যক আৰু দক্ষিণলৈ ঠেলি পঠায়।

১৬শ শতিকাৰ শেষ ভাগত নৰ নাৰায়ণৰ মৃত্যুৰ পিছত কমতা ৰাজ্য পশ্চিমে কোচ বিহাৰ আৰু পূবে কোচ হাজোত দুভাগ হয়। দুই ৰাজ্যৰ মাজৰ শত্ৰুতা বাঢ়ি আহে। কোচ বিহাৰে মোগলৰ লগত আৰু কোচ হাজোৱে আহোমৰ লগত হাত মিলায়। ১৭শ শতিকাত বহুকেইখন আহোম-মোগল যুদ্ধ সংঘটিত হয়। 

১৬৭১ চনত আহোমে শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰে আৰু শেষত ১৬৮২ চনত ইটাখুলিত পৰাস্ত কৰি নিজৰ পশ্চিম সীমা স্থিৰ কৰে। আহোমসকলে পশ্চিমৰ কৰতোৱা নদীলৈকে নিজৰ ৰাজ্য বিস্তাৰৰ বাবে মন মেলিছিল যদিও তেনে হৈ নুঠিল। কেৱল ১৬শ শতিকাত স্বৰ্গদেউ চুহুংমুঙৰ সেনাপতি টংখামে এবাৰ আক্ৰমণকাৰীসকলক খেদি কৰতোৱা নদী পাৰ কৰাই আহিছিল।

আহোম ৰাজ্যই উন্নতিৰ শিখৰত উপনীত হোৱাৰ পিছত ১৮শ শতিকাত মোৱামৰীয়া বিদ্ৰোহৰ পিছত ইয়াৰ পতন আৰম্ভ হয়। শাসন পুনৰ অধিকাৰ কৰাৰ পিছতো অভ্যন্তৰীণ খেলিমেলি চলি থাকে আৰু ১৯শ শতিকাৰ প্ৰথমভাগত মানৰ অসম আক্ৰমণ সংঘটিত হয়। ইংৰাজৰ হাতত মান পৰাস্ত হয় আৰু ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। অসমৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ যোৱাৰ লগে লগে মধ্যযুগৰ অন্ত পৰে।

ফুলগুৰি ধেৱা :

ফুলগুৰি ধেৱা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ। বিদেশী ইংৰাজ চৰকাৰৰ শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহ। ১৮৬১ চনত (১৮ অক্টোবৰ) এই বিদ্ৰোহ সংঘটিত হৈছিল নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত। ফুলগুৰি আছিল তিৱা জনবসতিপূৰ্ণ এখন গাঁও য'ত অত্যাধিক পৰিমাণৰ আফু খেতি কৰা হৈছিল ।এই বিদ্ৰোহ ফুলগুৰি ধেৱা নামেৰে খ্যাত। ইংৰাজ আৰু চিপাহীবোৰে তেতিয়া বিদ্ৰোহক ধাৱা বুলি অভিহিত কৰিছিল আৰু সেই ধাৱা অপভ্ৰংশ ৰূপত প্ৰচলিত হ’ল ধেৱা ৰূপে।

এই বিদ্ৰোহে অসমত কৃষক বিদ্ৰোহ, আন্দোলনৰ পাতনি মেলিছিল। ১৮৬১ চনত ব্ৰিটিছ চৰকাৰে আফু খেতি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত সমগ্ৰ তিৱা জাতিটোৰ লোকসকল অতিশয় অসন্তুষ্ট হৈ পৰে , কিয়নো চৰকাৰী কানি প্ৰচলন বন্ধ কৰা নাছিল। তদুপৰি তামোল পাণৰ ওপৰতো কৰ লগাব বুলি বাতৰি প্ৰকাশ পাইছিল।

ভাৰতীয় স্বাধীনতা আইন, ১৯৪৭ :

১৯৪৭ চনৰ ১৮ জুলাইত ভাৰতীয় স্বাধীনতা আইন কাৰ্যকৰী হয়। এই আইনৰ যোগেদি ব্ৰিটিছ ভাৰতক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্তান ৰাষ্ট্ৰৰ সৃষ্টি কৰা হয়। সংবিধান প্ৰবৰ্তন পৰ্যন্ত এই দুই ৰাষ্ট্ৰ কমনৱেলথ অৱ নেশ্যনছৰ দুটি অধিৰাজ্যৰ ময্যদা পাব বুলি স্থিৰ কৰা হয়। এই আইনৰ ফলত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ভাৰত আৰু পাকিস্তান সংক্ৰান্ত বিষয়বোৰৰ অব্যহতি দিয়া হয় আৰু উভয় ৰাষ্ট্ৰৰ ওপৰত সংশ্লীষ্ট গণ পৰিষদ সকলৰ সাৰ্বভৌমত্ব মানি লোৱা হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান প্ৰবৰ্তিত হোৱাত ভাৰতীয় স্বাধীনতা আইন প্ৰত্যাহাৰ কৰা আৰু ভাৰত ব্ৰিটিছ ৰাজশক্তিৰ অধি ৰাজ্যেৰ সলনি সাৰ্বভৌম গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ ময্যদা অৰ্জন কৰে। সেইবাবে ১৯৪৯ চনৰ ২৬ জানুৱাৰী দিনটো ভাৰতীয় জাতীয় আইন দিৱস হিচাপেও পৰিচিত।

ভাৰতীয় সংবিধান :

ভাৰতৰ সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা আৰু কৰ্তব্য নিৰ্দ্ধাৰণ; মৌলিক অধিকাৰ, ৰাষ্ট্ৰপৰিচালনাৰ নিৰ্দেশমূলক নীতি আৰু নাগৰিকসকলৰ কৰ্তব্য নিৰ্দ্ধাৰণ কৰা হৈছে।

দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখাটি নিৰ্দিষ্ট কৰা হৈছে। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গণপৰিষদত গৃহীত হোৱাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধান কাৰ্যকৰী কৰা হয়। উল্লেখ্য যে, ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ঐতিহাসিক স্বাধীনতা ঘোষণাৰ স্মৃতিতেই ২৬ জানুৱাৰী তাৰিখটোতে সংবিধান প্ৰবৰ্তনৰ বাবে গৃহীত কৰা হৈছিল। 

সংবিধানত ভাৰতীয় ৰাজ্যসংঘক এটা সাৰ্বভৌম, সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰা হৈছে; এই দেশৰ নাগৰিকসকলৰ বাবে ন্যায়বিচাৰ, সাম্য আৰু স্বাধীনতা সুনিশ্চিত কৰা হৈছে আৰু জাতীয় সংহতি ৰক্ষাৰ বাবে নাগৰিকসকলৰ পৰস্পৰৰ মাজত ভাতৃভাৱ জাগৰিত কৰি তোলাৰ বাবে অনুপ্ৰাণিত কৰা হৈছে। "সমাজতান্ত্ৰিক", "ধৰ্মনিৰপেক্ষ" , "সংহতি" , আৰু সকলো নাগৰিকৰ মাজত ভ্ৰাতৃভাৱ" – এই শব্দবোৰ ১৯৭৬ চনত সংবিধান সংশোধনীৰ মাধ্যমত সংবিধানৰ লগত সংযোগ কৰা হয়। 

সংবিধান প্ৰবৰ্তনৰ স্মৃতিত ভাৰতীয়সকলে প্ৰতি বছৰৰ ২৬ জানুৱাৰী তাৰিখটো গণৰাজ্য দিৱস হিচাপে উদ্‌যাপন কৰে। ভাৰতীয় সংবিধান বিশ্বৰ সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ মাজত বৃহত্তম লিখিত সংবিধান। এই সংবিধানত মুঠ ২৪টা অংশ ৪৪৮টা ধাৰা আৰু ১২টা অনুসূচী আছে। ভাৰতীয় সংবিধানৰ ইংৰাজী সংস্কৰণৰ মুঠ শব্দসংখ্যা ১১৭,৩৬৯ টা। এই সংবিধানখন প্ৰবৰ্তনৰ লগে লগে পূৰ্বপ্ৰচলিত ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ অৱসান ঘটে। দেশৰ সৰ্বোচ্চ আইন হোৱাৰ বাবে, ভাৰত চৰকাৰ প্ৰবৰ্তিত প্ৰতিখন আইনক সংবিধান-অনুসৰিহে কৰা হয়। সংবিধানৰ খচৰা কমিটিৰ সভাপতি ড॰ ভীমৰাও ৰামজী আম্বেদকাৰ ভাৰতীয় সংবিধানৰ প্ৰধান হোতা আছিল।

মণিৰাম দেৱান :

মণিৰাম দেৱান উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল। তেওঁৰ জন্ম হয় ১৮০৬ চনৰ ২৭ এপ্ৰিলত শিৱসাগৰ জিলাৰ চাৰিঙত। তেওঁৰ পিতৃৰ নাম মুক্তিয়াৰ ৰামদত্ত আৰু মাকৰ নাম কৌশল্যা আছিল।

১৮২৮ চনত উজনি অসমৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে ইংৰাজৰ অধীনত মণিৰাম দেৱানক ৰেভিনিউ চিৰস্তাদাৰ আৰু তহছিলদাৰ বাব দিয়ে। ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে ব্ৰিটিছৰ কৰতলীয়া ৰজা পুৰন্দৰ সিংহৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল। পুৰন্দৰ সিংহই ৰাজ্য হেৰুৱাৰ পাছত মাহে ৫০ টকাৰ বেতনত এতিয়াৰ শিৱসাগৰ জিলাৰ চেৰেকাপাৰ, কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হয়। 

১৮৩৯ চনত মৌজাদাৰৰ কাম ইস্তফা দি ব্ৰিটিছৰ আচাম টি কোম্পানীত দেৱান পদ গ্ৰহণ কৰে। ১৮৪৫ চনত কোম্পানীৰ চাকৰি এৰি এতিয়াৰ যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে।

১৮৫২ চনত পুৰন্দৰ সিংহৰ পুত্ৰ চাৰিংৰজা কামেশ্বৰ সিংহৰ মৃত্যু হোৱাত তেখেতৰ নাবালক পুত্ৰ কন্দৰ্পেশ্বৰ সিংহ চাৰিংৰজা হয়। নাবালক ৰজাৰ হৈ মণিৰাম দেৱানে সেই সময়ত চাৰিংৰাজ্য পৰিচালনা কৰিছিল। ১৮৫৭চনৰ শেহৰফালে মণিৰাম দেৱানে চাৰিংৰজা কন্দৰ্পেশ্বৰ সিংহক সমগ্ৰ উজনি অসমৰ ৰজা পাতিবলৈ ব্ৰিটিছক অনুৰোধ কৰাৰ ঊদ্দশ্যে তেতিয়াৰ ব্ৰিটিছ-ভাৰতৰ ৰাজধানী কলিকতালৈ যায়। সেই সময়তে ভাৰতত চলি থকা চিপাহী বিদ্ৰোহৰ কথা জানিব পাৰি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিবলৈ সাজু হবৰ বাবে কলিকতাৰ পৰাই কন্দপেৰ্শ্বৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰে। 

সেই পত্ৰখন ব্ৰিটিছৰ আৰক্ষী বিষয়া হৰনাথ দাৰোগাৰ হাতত পৰে। হৰনাথে সেইখন শিৱসাগৰ জিলাৰ জিলাধিপতি হলউদক দিয়ে। চিঠিখনৰ দ্বাৰাই মণিৰাম দেৱানে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰাত তেওঁক তেতিয়াই কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচী দিয়ে।

চিফ কমিছনাৰ্‌ছ প্ৰভিন্স (১৮৭৪-১৯০৫) : 

১৮৭৪ চনত অসমক বেঙ্গল প্ৰেচিডেন্সীৰ পৰা পৃথক কৰা হয় আৰু চিলেট অঞ্চল যোগ দি ইয়াক চিফ কমিছনাৰ্‌ছ প্ৰভিন্সলৈ উন্নীত কৰা হয়। ইয়াৰ ৰাজধানী আছিল শ্বিলং। চিলেটৰ লোকসকলে এই কাৰ্যৰ প্ৰতিবাদ কৰিছিল। ১৮৩৭ চনত অসমীয়া ভাষাৰ সলনি বঙালী ভাষাক চৰকাৰী ভাষা ঘোষণা কৰা হৈছিল, কিন্তু এই সময়ত অসমীয়া ভাষাক পুনৰ স্ব-মৰ্যাদা প্ৰদান কৰা হয়। ১৮৮৯ চনত ডিগবৈত তেলৰ আৱিষ্কাৰ হোৱাৰ লগে লগে তৈল উদ্যোগে গঢ় লৈ উঠে। সেই সময়ছোৱাত নগাঁৱত দুৰ্ভিক্ষৰ ফলত বহু মানুহৰ মৃত্যু হৈছিল।কৃষিতকৈ চাহ, তেল আৰু কয়লা উদ্যোগ বহুখিনি আগুৱাই গৈছিল।

শোষণৰ বিৰুদ্ধে লাহে-লাহে কৃষকসকল জাগি উঠিবলৈ ধৰিলে। বিভিন্ন ৰাইজ-মেলৰ যোগেদি কৰ পৰিশোধ নকৰাৰ সিদ্ধান্ত লোৱা হ'ল। ১৮৯৪ চনত পথৰুঘাটত তেনে এখন প্ৰতিবাদী সভাৰ ওপৰত ব্ৰিটিছে কৰা আক্ৰমণত প্ৰায় ১৫ জন লোক নিহত হয়। ইয়াৰ পিছত গাঁৱৰ ৰাইজক অত্যাচাৰ কৰি সম্পত্তি লুট-পাত কৰা হয়।

১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত "অসম এছ'চিয়েচন" গঠন হয়।

গোমধৰ কোঁৱৰ :

অসম তথা ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামী সকলৰ এজন। তেখেতৰ পিতৃৰ নাম আছিল ফেনা কোঁৱৰ। ১৮২৮ চনত গোমধৰ কোঁৱৰৰ নেতৃত্বত ধনঞ্জয় বৰগোহাঁই আদি কৰি বহুকেইজন আহোম কোঁৱৰে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল।

ইয়াণ্ডাবু সন্ধিৰ পিছত ১৮২৮ চনৰ আগভাগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শাসন ভাৰ নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল। আৰম্ভণিতে ব্ৰিটিছ শাসনে কথা দিছিল যে মানক অসমৰ পৰা খেদি শাসন ভাৰ আহোমসকলক গতাই দিব। কিন্তু এই প্ৰতিশ্ৰুতি নৰখাৰ বাবেই ১৮২৮ চনত গোমধৰ কোঁৱৰৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে এক বিদ্ৰোহে গা কৰি উঠে। ভাৰত বুৰঞ্জীত এই বিদ্ৰোহ হৈছে ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভণিৰ এক স্বাধীনতা সংগ্ৰাম।

বিদ্ৰোহী সকলে যোৰহাটত আহোম ৰীতিমতে গোমধৰ কোঁৱৰক অসমৰ স্বৰ্গদেউ ৰূপে প্ৰতিষ্ঠা কৰে যদিও ব্ৰিটিছে ১৮২৮ চনৰ শেষ ভাগলৈ এই বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হয়। বিদ্ৰোহৰ অন্তত গোমধৰ কোঁৱৰ নগা পাহাৰলৈ পলাই যায়। কিন্তু ব্ৰিটিছে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ব্ৰিটিছে শাসনে তেওঁক ৰাজদ্ৰোহৰ অপৰাধত ১৪ বছৰৰ বাবে কাৰাদণ্ড বিহে আৰু ৰংপুৰৰ (বৰ্তমান বাংলাদেশত) জেললৈ প্ৰেৰণ কৰে। গোমধৰ কোঁৱৰৰ জীৱনৰ বিষয়ে এই ঘটনাৰ পিছত সবিশেষ জনা নাযায়। বহু বুৰঞ্জীবিদৰ মতে ব্ৰিটিছ শাসনে তেওঁক একে অপৰাধৰ নামত মৃত্যুদণ্ড বিহে।

ব্ৰিটিছৰ অসম অধিগ্ৰহণ :

মানসকলে অসম অধিকাৰ কৰাৰ পিছত ব্ৰিটিছসকলে মানৰ বিৰুদ্ধে ৰণৰ প্ৰস্তুতি চলায়। ১৮২৪ চনত নামনি অসম (কোচ হাজো‌) অধিগ্ৰহণ কৰা হয়। তাৰ পিছৰ বছৰ ব্ৰিটিছে উজনি অসমত মানক পৰাস্ত কৰে আৰু তেওঁলোকৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। এই যুদ্ধখনত আহোমে ব্ৰিটিছক সহায় কৰা নাছিল। একে বছৰতে ৰজা গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পিছত "ডক্‌ট্ৰিন অৱ লেপ্‌ছ"মতে কছাৰী ৰাজ্যকো ব্ৰিটিছ শাসিত অঞ্চলৰ অন্তৰ্ভুক্ত কৰা হয়।

১৮৩২ চনত খাচী ৰজাৰ আত্মসমৰ্পণৰ পিছত জয়ন্তীয়া ৰাজ্যৰ ওপৰতো ব্ৰিটিছৰ প্ৰভুত্ব বাঢ়ে। ১৮৩৩ চনত আহোম ৰজা পুৰন্দৰ সিংহৰ অধীনৰ আহোম ৰাজ্যক ব্ৰিটিছ ৰক্ষিত অঞ্চল বুলি ঘোষণা কৰা হয়। কিন্তু ১৮৩৮ চনত আনুষ্ঠানিকভাৱে আহোম ৰাজ্যক ব্ৰিটিছ অঞ্চলত অন্তৰ্ভুক্ত কৰা হয়। ১৮৩৯ চনত মৰাণ-মটক অঞ্চল অধিকাৰ কৰাৰ লগে লগে ব্ৰিটিছে গোটেই অসমতে নিজৰ শাসন স্থাপন কৰে।

বেঙ্গল প্ৰেচিডেন্সী (১৮২৬-১৮৭৩) :

অসমক বেঙ্গল প্ৰেচিডেন্সীৰ অন্তৰ্ভুক্ত কৰা হৈছিল। উজনি অসম অধিগ্ৰহণৰ এটা কাৰণ আছিল ১৮৩৭ চনত অসমৰ চাহৰ সফল উৎপাদন আৰু ১৮৩৯ চনত অসম কোম্পানী স্থাপন। ১৮৩৮ চনৰ ৱেষ্ট্‌লেণ্ড নিয়ম অনুসৰি স্থানীয় লোকৰ বাবে চাহ খেতি কৰাটো দুৰূহ আছিল। ১৮৫৪ চনত এই নিয়ম শিথিল কৰাৰ লগে লগে এই পৰিস্থিতি সলনি হয়। খেতি কৰিবৰ বাবে অনা চীনা লোকসকলে ১৮৪৩ চনত অসম ত্যাগ কৰে আৰু তাৰ ঠাইত স্থানীয় লোক (বিশেষকৈ কছাৰী সম্প্ৰদায়ৰ) মকৰল কৰা হয়। ১৮৫৯ চনত মধ্য ভাৰতৰ পৰাও চাহ খেতিৰ বাবে বনুৱা আমদানি কৰা হয়। এইসকল লোকৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় আছিল। ইতিমধ্যে ঔপনিবেশিক চৰকাৰে কানি খেতিৰ ওপৰতো নিজৰ অধিকাৰ বিস্তাৰ কৰিছিল।

ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ আৰু বিদ্ৰোহ নোহোৱাকৈ থকা নাছিল। ইয়াণ্ডাবু সন্ধি হোৱাৰ দুবছৰ পিছত ১৮২৮ চনত গোমধৰ কোঁৱৰে বিদ্ৰোহ ঘোষণা কৰে, কিন্তু সহজেই তাক দমন কৰা হয়। ১৮৩০ চনত ধনঞ্জয় বুঢ়াগোহাঁই, পিয়লি ফুকন আৰু জীউৰাম মেধিয়ে বিদ্ৰোহ ঘোষণা কৰে। তেওঁলোকৰ মৃত্যুদণ্ড প্ৰদান কৰা হয়।

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত অসমৰ মানুহও ব্ৰিটিছক অসহযোগিতাৰে আন্দোলনলৈ সহায় আগবঢ়ায়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচী দিয়া হয়।

১৮৬১ চনত নগাঁৱৰ কৃষকসকলে ফুলগুৰিত তামোল-পাণৰ ওপৰত কৰৰ বিৰুদ্ধে ৰাইজ মেলৰ বাবে সন্মিলিত হৈছিল। তাতে ব্ৰিটিছ বিষয়া চিংগাৰ ৰাইজৰ লহত হতাহতিত নিহত হয়। তাৰ পিছত এই বিদ্ৰোহক কঠোৰ হাতেৰে দমন কৰা হয়|

পুৰন্দৰ সিংহ :

পুৰন্দৰ সিংহ (১৮১৮–১৯, ১৮৩৩–১৮৩৮) অসমৰ আহোম ৰাজ্যৰ অন্তিমজন স্বৰ্গদেউ আছিল। তেওঁক দুবাৰ স্বৰ্গদেউ পতা হৈছিল। প্ৰথমবাৰ ১৮১৮ চনত চন্দ্ৰকান্ত সিংহক পদচ্যুত কৰাৰ পাছত ৰুচিনাথ বুঢ়াগোঁহাইয়ে তেওঁক স্বৰ্গদেউ পাতিছিল। ১৮১৯ চনত মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰি আহোম সেনাক পৰাস্ত কৰে আৰু চন্দ্ৰকান্ত সিংহক পুনৰ সিংহাসনত বহুৱায়। পুৰন্দৰ সিংহ‌ই ব্ৰিটিছৰ সহায় লৈ ৰুচিনাথ বুঢ়াগোহাঁইৰ লগত মানক আঁতৰাবলৈ চেষ্টা অব্যাহত ৰাখে। 

প্ৰথম ইংগ'-বৰ্মী যুদ্ধৰ পাছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মানৰ হাতৰ পৰা অসম উদ্ধাৰ কৰে। অচিনাকী ঠাইত শাসন কৰিবলৈ অসুবিধা পাই আৰু বিদেশী অসাসনৰ প্ৰতি স্থানীয় লোকৰ অসন্তোষ দেখি ব্ৰিটিছ প্ৰশাসনে উজনি অসম অংশ আহোম কোঁৱৰ এজনক গতাই দিবলৈ সিদ্ধান্ত লয়। পুৰন্দৰ সিংহ বাছনিত উঠাত ১৮৩৩ চনৰ এপ্ৰিলত শদিয়া আৰু মটক অঞ্চলৰ বাহিৰে গোটেই উজনি অসম আনুষ্ঠানিকভাৱে তেওঁক গতাই দিয়া হয়। বিনিময়ত পুৰন্দৰ সিংহ‌ই বছৰি ৫০,০০০ টকা কৰ দিবলৈ গাত লয়। ১৮৩৩ চনত নিয়মিতভাৱে কৰ নোশোধোৱা পুৰন্দৰ সিংহক অনুপযুক্ত যেন দেখি ব্ৰিটিছে তেওঁৰ ৰাজ্য অধিকাৰ কৰে আৰু ফলত আহোম ৰাজবংশৰ ৬০০ বছৰীয়া শাসনৰ অন্ত পৰে।

শৰাইঘাট দলং :

শৰাইঘাট দলং(পুৰণি) ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথম দলং। গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰৈত নিৰ্মিত শৰাইঘাট দলং ৰে’ল আৰু মটৰ গাড়ী একেলগে যাব পৰা ভাৰতৰ প্ৰথম দলং। দলং খনৰ দৈৰ্ঘ্য ১,২৯৫ মিটাৰ (১.২৯ কিলোমিটাৰ)। ১৯৬০ চনৰ ১০ জানুৱাৰীত দলঙ খনৰ আধাৰ শিলা স্থাপন কৰা হয় আৰু ১৯৬২ চনৰ অক্টোবৰ মাহত দলং খনৰ ৰে’ল পথটো মুকলি কৰা হয়। ইয়াৰ পিছত ১৯৬৩ চনৰ ৭ জুনত প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলং আনুষ্ঠানিক ভাৱে দেশক উদ্দেশি মুকলি কৰে। শৰাইঘাট দলঙৰ তলত ব্ৰডগজ ৰে’ল লাইন আৰু ওপৰত ৭.৩ মিটাৰ বহল ৰাষ্টা তথা ১.৮ মিটাৰ বহল দুটা পদপথ আছে। শৰাইঘাট দলঙে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পাণ্ডুৰ লগত উত্তৰ পাৰৰ আমিন গাঁৱক সংযোগ কৰিছে।

অসমীয়া লিপি :

অসমীয়া লিপি অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয়। পণ্ডিতসকলে এই লিপি ব্ৰাহ্মী লিপিৰপৰা কুটিল বা সিদ্ধিমাতৃকা লিপি হৈ নাইবা ব্ৰাহ্মীৰ পৰা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা বুলি মত পোষণ কৰে। ১৭শ শতিকা মানত অসমীয়া লিপিৰ তিনিটা শৈলী গঢ় লৈ উঠে (কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপি) যি ছপা আখৰৰ সৃষ্টিৰ পিছত আধুনিক লিপিৰ ৰূপ পায়। 

৮ম-১২শ শতিকামানত ৰচনা কৰা বৌদ্ধ ধৰ্মসাধনাৰ গীত চৰ্যাপদত অসমীয়া লিপিৰ সকলোতকৈ পুৰণি প্ৰমাণ পোৱা যায়। আহোম ৰাজ্যতো বুৰঞ্জী লিখিবৰ বাবে অসমীয়া ভাষা আৰু লিপিৰ ব্যৱহাৰ কৰা হৈছিল। ১৯শ শতিকাৰ প্ৰথম ভাগত আত্মাৰাম শৰ্মাই পঞ্চানন কৰ্মকাৰে সাজি উলিওৱা ছপা আখৰ ব্যৱহাৰ কৰি শ্ৰীৰামপুৰত প্ৰকাশ কৰা 'ধৰ্মপুস্তক' (বাইবেলৰ অসমীয়া অনুবাদ)ত ছপা আখৰত প্ৰথম আধুনিক অসমীয়া লিপি দেখা পোৱা যায়।

বাগ্‌ধ্বনি বা ধ্বনি :

বাগ্‌ধ্বনি বা ধ্বনি (Phone বা Speech sound) বুলিলে মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বুজোৱা হয়। ধ্বনি, ধ্বনিগুণ আৰু লয়ৰ বিশ্লেষণাত্মক আলোচনাক ধ্বনিবিজ্ঞান (Phonetics) আৰু বৰ্ণবিজ্ঞানৰ (Phonemics) অন্তৰ্ভুক্ত কৰা হয়। বাগ্‌বিজ্ঞানৰ আলোচনা পদ্ধতি ভাষা নিৰপেক্ষ হোৱা বাবে জগতৰ ভিন ভিন ভাষাৰ বিশ্লেষণত বা ব্যাকৰণত একেবোৰ পাৰিভাষিক শব্দৰ প্ৰয়োগ হ’ব পাৰে। সেয়েহে, ভাষাৰ লিখিত ৰূপদানত আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি (International Phonetic Alphabet) স্বীকৃতি হ’ব পাৰিছে।

বৰ্তমান ভাষাত ধ্বনিৰ উচ্চাৰণ আৰু আখৰৰ মাজত বৰ্তমানে সামঞ্জস্য দেখা নাযায়। অসমীয়া ভাষাত আঠোটা বিশিষ্ট স্বৰধ্বনি আৰু একৈশটা বিশিষ্ট ব্যঞ্জন ধ্বনি ('ৱ' আৰু 'য়' এই দুটা অৰ্ধস্বৰ ধৰিলে তেইশটা ব্যঞ্জন বৰ্ণ) উচ্চাৰিত হয়।

উমানন্দ :

উমানন্দ বিশ্বৰ আটাইতকে ক্ষুদ্ৰ নদীদ্বীপ।উমানন্দ-গুৱাহাটীৰ পাৰত ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত।উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে।এই উমানন্দ দেৱালয়ৰ নামৰ-পৰায়ে দ্বীপটোৰ নাম-উমানন্দ হল।ব্ৰিটিছ সকলে উমানন্দৰ আকৃতিৰ বাবে-পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ বুলিছিল।

ধৰ্মীয় আখ্যান -
উমানন্দ নাম উমা আৰু আনন্দ এই দুই শব্দৰে গঠিত।উমা পাৰ্ৱতীৰ আন এটা নাম।হিন্দু শাস্ত্ৰৰ মতে-উমাৰ আনন্দৰ বাবে ভগৱান শিৱয়ে এই দ্বীপ সৃষ্টি কৰিছিল।জন বিশ্বাস মতে শিৱয়ে ইয়াত ভয়ানন্দ ৰূপেৰে বিৰাজমান।

কালিকা পুৰাণৰ এক আখ্যান মতে-সতীৰ মৃত্যুৰ পাছত মহাদেৱ ঘোৰ তপস্যাত নিমগ্ন আছিল।শিৱৰ তপস্যা ভাঙিবলৈ দেৱতাসকলে কামদেৱৰ সক্ষিয় ললে।তপস্যা ভংগ হোৱাত ক্ৰোধিত শিৱয়ে কামদেৱক এই স্থানতে ভষ্ম কৰে।সেয়ে ইয়াৰ এক অন্য নাম হল-ভস্মাঞ্চল।

ইতিহাস -
১৬৯৪চনত-আহোম স্বৰ্গদেউ গদাধৰ সিংহয়ে গড়গঞা সন্দিকৈ ফুকনক উমানন্দ মন্দিৰ নিৰ্মাণ কৰিবলৈ আদেশ দিছিল।১৮৯৭চনৰ ভূমিকম্পত এই মন্দিৰৰ বিস্তৰ ক্ষতি সাধন কৰিছিল।তাৰ পাছত স্থানীয় সদাগৰে উমানন্দ পুনৰ নিৰ্মাণ কৰে।উমানন্দ মন্দিৰত বৈষ্ণৱ আৰু শিৱ দুয়ো শৈলীৰ মিশ্ৰিষত আৰু স্পষ্ট নিদৰ্শন পোৱা যায়।ইয়াষত-শিৱ,পাৰ্ৱতী,গণেশ, বিষ্ণু আদিৰ লগতে অন্যান্য দেৱ-দেৱীৰ অসমীয়া শৈলীৰ মূৰ্তি পোৱা যায়। পুনঃনিৰ্মাণ আৰু মেৰামতিৰ সময়ত ইয়াৰ দেৱালবোৰত কিছুমান বৈষ্ণৱ লিপি খোদিত কৰা হৈছে। উমানন্দ দ্বীপত সিচৰিত হৈ থকা বিভিন্ন শিলত ভাস্কৰ্যৰ নমুনা দেখিবলৈ পোৱা যায়।

অসমৰ তেল শোধনাগাৰ :

বৰ্তমান অসমত চাৰিটা তেল শোধনাগাৰ আছে। ডিগবৈত ১৯০১ চনত অসম ৰে’লৱে আৰু ট্ৰেডিং কোম্পানীয়ে প্ৰথমটো শোধনাগাৰ স্থাপন কৰিছিল। ইয়াৰ পাছত ক্ৰমে ১৯৬২ চনত গুৱাহাটীৰ নুনমাটিত প্ৰথমটো ৰাজহুৱা খণ্ডত ৰোমানিয়াৰ সহায়ত ১৭.২৯ কোটি টকাত, ১৯৭৯ চনত ৪৪৫.১৫ কোটি টকাত বঙাইগাঁৱত আৰু ১৯৯৯ চনত ২৭২৪ কোটি টকাত নুমলীগড়ত ভাৰতীয় প্ৰযুক্তি বিদ্যাৰ আধাৰত প্ৰতিষ্ঠা কৰা হৈছিল। শোধনাগাৰসমূহৰ প্ৰডাক্টবোৰ হৈছে : এল পি জি (L P G), নেপথা (Naphtha), কেৰাচিন (Kerosene), ডিজেল(Diesel), ফুৱেল অইল (Fuel oil), এ টি এফ, গ্ৰীন ক’ক, কেলছাইড ক’ক, ছালফাৰ, লুব অইল, ছোলভেণ্ট ইত্যাদি।

ডিগবৈ তেল শোধনাগাৰ :

ডিগবৈত ১৯০১ চনত অসম ৰে’লৱে আৰু ট্ৰেডিং কোম্পানীয়ে প্ৰথমটো শোধনাগাৰ স্থাপন কৰিছিল। ১৯৮১ চনৰপৰা শোধনাগাৰটোৰ পৰিচালনা কৰাৰ দায়িত্ব লয় ভাৰতীয় তেল নিগম (Indian Oil Corporation Ltd, চমুকৈ IOC)। পৰিশোধন ক্ষমতা প্ৰতিদিনে ৫০০ বেৰেল আছিল। ১৯২৩ চনত বাৰ্মা অইল কোম্পানীয়ে চলিব পৰা ক্ষমতাৰে ডিগবৈ শোধনাগাৰ নতুনকৈ নিৰ্মাণ কৰিছিল। সুদীৰ্ঘ ১০০ বছৰৰ ডেওনা পাৰ কৰা এইটোৱেই এছিয়াৰ সৰ্বপ্ৰথম শোধনাগাৰ। অসমত খাৰুৱা তেলৰ উৎপাদন বঢ়াৰ লগে লগে ইয়াৰ ক্ষমতা বাৰ্ষিক ০.৫ৰ পৰা ০.৬৫ মিলিয়ন মেট্ৰিক টনলৈ বঢ়োৱা হয়।

গুৱাহাটী তেল শোধনাগাৰ :

গুৱাহাটী তেল শোধনাগাৰ হৈছে ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ প্ৰথমটো শোধনাগাৰ। ১৯৬২ চনত ৰোমানিয়াৰ সহায়ত ১৭.২৯ কোটি টকাত এই শোধনাগাৰটো স্থাপন কৰা হৈছিল। ইয়াৰ ক্ষমতা হৈছে বাৰ্ষিক ১ মিলিয়ন মেট্ৰিক টন। শোধনাগাৰটো উদ্বোধন কৰিছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে।শোধনাগাৰটো বৰ্তমান ভাৰতীয় তেল নিগমৰ (Indian Oil Corporation Limited) অধীনত আছে।

বঙাইগাঁও তেল শোধনাগাৰ :

অসমৰ তেল বিহাৰৰ বাৰাউনীলৈ নি শোধনাগাৰ পতাৰ প্ৰতিবাদত, অসমবাসীয়ে আন্দোলন কৰি অসমৰ তৃতীয়টো শোধনাগাৰ বঙাইগাঁৱত পাবলৈ সক্ষম হৈছিল। ১৯৬৯ চনৰ ৫ ডিচেম্বৰ তাৰিখে ভাৰত চৰকাৰে বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ’ৰাসায়নিক প্ৰকল্প স্থাপন কৰিবলৈ লোৱাৰ কথা ঘোষণা কৰিছিল। ১৯৭২ চনৰ ১৯ জানুৱাৰী তাৰিখে ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছিল। বৰ্তমান ইয়াৰ নাম বঠাইগাঁও শোধনাগাৰ নাম দি ভাৰতীয় তেল নিগমৰ অধীনত চলি আছে। ইয়াৰ ক্ষমতা বৰ্তমানে ২.৩৫ যদিও ই ২.৭ মিলিয়ন মেট্ৰিক টন শোধন কৰিব পাৰে।

নুমলীগড় তেল শোধনাগাৰ :

অসম আন্দোলনৰ পাছত হোৱা স্বাক্ষৰিত হোৱা চুক্তি অনুসাৰে চতুৰ্থটো ৩ মিলিয়ন মেট্ৰিক টন ক্ষমতাৰ শোধনাগাৰটো গোলাঘাট জিলাৰ নুমলীগড়ত স্থাপন কৰা হৈছিল। এই শোধনাগাৰটোৰ ১২.৩৪ শতাংশৰ অংশীদাৰ হৈছে অসম চৰকাৰ। ১৯৯৯ চনত ২৭২৪ কোটি টকাত নুমলীগড়ত ভাৰতীয় প্ৰযুক্তিৰ আধাৰত এই শোধনাগাৰটো মুকলি কৰা হৈছিল।

Assam History Questions and Answers 2023 (Assam GK Quiz)

We hope that the given Assam History Notes for upcoming exams is very helpful and useful at the time of preparation. To get more History notes on Assam, visit our site : www.assamgkgyan.com

APSC, Assam Direct Recruitment 2023 Grade III and Grade IV Exam, DHS, Assam Police is considered as one of the toughest exams in Assam and is conducted with tight security. So to grab a job it's always all about how well you have read & how much revisions you have done. Thank you. Best of Luck. 

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

You may also visit :

• Important Facts of History of Assam in Assamese

• 3000+Indian History MCQ Questions and Answers PDF

Well if you like this article on Assam History Notes for APSC Prelims & Mains | History Notes of Assam Questions and Answers for Assam Direct Recruitment 2023 Exam, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.