Assam Govt to fill up over 1 Lakh Vacancies - ১ লাখ যুৱক-যুৱতীক নিয়োগৰ সিদ্ধান্ত

বিধানসভাত দাখিল ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট

বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰিলে ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট । বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা পূৰ্ণাংগ বাজেটত নতুনকৈ ১ লাখ যুৱক-যুৱতীক নিয়োগৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে৷

Assam Govt to fill up over 1 Lakh Vacancies - ১ লাখ যুৱক-যুৱতীক নিয়োগৰ সিদ্ধান্ত

Assam Budget 2022-22

এই এক লাখ নিযুক্তিৰ ভিতৰত ইতিমধ্যে ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগত ১০৪ গৰাকী, গৃহ বিভাগত ১২৩ গৰাকী আৰু শিক্ষা বিভাগত ৯৩০ গৰাকী যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছে বুলি অজন্তা নেওগে প্ৰকাশ কৰে।

ৰাজ্য চৰকাৰে নিযুক্তি দিবলগীয়া ১ লাখ পদৰ ভিতৰত গৃহ বিভাগত ১৬,৬৫৪ টা, প্ৰাথমিক শিক্ষা বিভাগত ১০,০০০ টা পদ, কাৰিকৰী শিক্ষা বিভাগত ২৯৬ টা পদ, এছ চি ই আৰ টি সঞ্চালকালয়ত ২৭৯ টা, মাধ্যমিক শিক্ষা বিভাগত ১৩,৫৬৮ টা পদ, উচ্চ শিক্ষা বিভাগত ১৮৯১ টা পদ, স্বাস্থ্য বিভাগত মুঠ ৬০৯৮ টা পদ, পৰিবেশ আৰু বন বিভাগত ২১৪৮ টা পদ, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১৩,৫৭২ টা আৰু ১৩৭৮৭ টা পদ, অসম লোকসেৱা আয়োগে গ্ৰেড-১ৰ বাবে ৩,৫৮৭ টা পদ আৰু গ্ৰেড-২ৰ বাবে ১৫৬৮ টা পদ পুৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিত্ত মন্ত্ৰী অজন্তা নেওগে সদৰী কৰে।

ইতিমধ্যে ৰাজ্য চৰকাৰে বহু সংখ্যক পদত নিযুক্তি দিয়া প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত কৰিছে আৰু শীঘ্ৰে ১ লাখ পদত নিযুক্তি প্ৰদান সম্পুৰ্ণ হ’ব বুলি অজন্তা নেওগে কয়।

কি কি বিভাগত পষ্ট খালী হৈছে?

গৃহ বিভাগ-

‌অসম আৰক্ষী উপ পৰিদৰ্শক (ইউ বি)- ৩০৬ টা পদ

‌কামাণ্ডো বেটেলিয়েনৰ উপ পৰিদৰ্শক (এ বি)- ৩২০ টা পদ

‌ডি জি চি ডি তথা চি জি এইচ জিৰ অধীনৰ অসামৰিক প্ৰতিৰক্ষাৰ - সহকাৰী উপ নিয়ন্ত্রক (কনিষ্ঠ)- ১০ টা পদ

‌অসামৰিক প্ৰতিৰক্ষা ডেমনষ্ট্রেটৰ (উচ্চতৰ মাধ্যমিক তথা ফিজিকেল ইনষ্ট্রাক্টৰৰ প্ৰমাণ পত্ৰ)- ৪২ টা পদ

‌ডি জি চি ডি তথা চি জি এইচ জিৰ অধীনত ষ্ট’ৰমেন- ০২ টা পদ

‌এ পি আৰ অ’ত কনিষ্টবল তথা সহকাৰী স্কোৱাড কমাণ্ডাৰৰ ৫ টা পদ আৰু এফ এণ্ড ই সমূহত ১২ টা ড্ৰাইভাৰ- ৪৮৭ টা পদ

‌কনিষ্টবল (ইউ বি)- ২৩৯১ টা পদ

‌কনিষ্টবল (এ বি)- ৪২৭১ টা পদ

‌কনিষ্টবল (এ পি আৰ অ’)- ৮১৩ টা পদ

‌কনিষ্টবল (অগ্নি নির্বাপন আৰু জৰুৰী সেৱা)- ৭৮৮ টা পদ

‌ডি জি চি ডি তথা চি জি এইচ জিৰ অধীনত কনিষ্টবল/গার্ডছমেন- ৭৫৪ টা পদ

‌ডি জি চি ডি তথা চি জি এইচ জিৰ অধীনস্থ এ আই এছ এফত কনিষ্টবল (কেৱল এছ পি অ’)-১৫৪ টা পদ

‌ডি জি চি ডি তথা চি জি এইচ জিৰ অধীনত প্লাটুন কমাণ্ডাৰ-৪০ টা পদ

‌এ পি আৰ অ’ত উপ পৰিদৰ্শকৰ ৬৮ টা পদ- ৮৩ টা পদ

‌বিভিন্ন বিভাগত কনিষ্ঠ সহায়ক তথা ষ্টেন’গ্ৰাফাৰ- ৩৫৮ টা পদ

‌কমাণ্ডো বেটেলিয়নৰ বাবে কনিষ্টবল (ডব্লিউ অ’/ডব্লিউ টি/ চি ৱাই)- ৭০ টা পদ

‌কাৰাগাৰ বিভাগত সহকাৰী জেইলৰ- ৩২ টা পদ

‌কাৰাগাৰ বিভাগত জেইল ৱাৰ্ডাৰ- ২৫৩ টা পদ

‌অসম আৰক্ষীত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী- ৫৩৩ টা পদ

‌কমাণ্ডো বেটেলিয়নত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী- ৩৬০ টা পদ

‌ডিজি চি ডি তথা চি জি এইচ জিৰ অধীনত হাবিলদাৰ- ২ টা পদ

‌ফিজিঅ’থেৰাপি- ১ টা পদ

‌নিযুক্তিৰ বাবে পি এছ টি এণ্ড পি ই টি- ৭০৫ টা পদ

‌কনিষ্টবল (এ বি)- ১৪২৯ টা পদ

‌পি এছ টি তথা পি ই টি কনিষ্টবল (এ বি) – ২৪৫০ টা পদ

প্রাথমিক শিক্ষা বিভাগ

‌নিম্ন প্রাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক- ৭২৪২ টা পদ

‌উচ্চ প্রাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক- ১৭১৯ টা পদ

‌উচ্চ প্রাথমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক- ৩০৭ টা পদ

‌উচ্চ প্রাথমিক বিদ্যালয়ত অসমীয়া ভাষা শিক্ষক-৬০ টা পদ

‌উচ্চ প্রাথমিক বিদ্যালয়ত মণিপুৰী ভাষা শিক্ষক- ২৬ টা পদ

‌উচ্চ প্রাথমিক বিদ্যালয়ত হিন্দী শিক্ষক- ৬৪৬ টা পদ

কাৰিকৰী শিক্ষা

‌অভিযান্ত্রিক মহাবিদ্যালয়ত সহকাৰী অধ্যাপক (কাৰিকৰী আৰু ১০৩ অনা- কাৰিকৰী)- ১০৩ টা পদ

‌অভিযান্ত্রিক মহাবিদ্যালয়ত কর্মশালা অধীক্ষক- ৬ টা পদ

‌গ্রন্থাগাৰিক- ১২ টা পদ

‌প্রশিক্ষণ আৰু নিয়োগ বিষয়া- ০২ টা পদ

‌ছিষ্টেম এনালিষ্ট- ০২ টা পদ

‌প্রবক্তা (কাৰিকৰী আৰু অনা-কাৰিকৰী)- ১৩১ টা পদ

‌পলিটেকনিক আৰু অভিযান্ত্রিক মহাবিদ্যালয়ত জ্যেষ্ঠ নিৰ্দেশক- ৪০ টা পদ

এছ চি ই আৰ টি সঞ্চালকালয়

‌প্রবক্তা- ১২৮ টা পদ

‌কাৰ্যসূচী আৰু স্ক্রীপ্ট ৰাইটাৰ- ০২ টা পদ

‌তৃতীয় বর্গ- ৫৫ টা পদ

‌চতুৰ্থ বৰ্গ- ৯৪ টা পদ

মাধ্যমিক শিক্ষা

‌শিক্ষক- ৯৩৬০ টা পদ

‌তৃতীয় বর্গ- ১৩১৮ টা পদ

‌চতুৰ্থ বৰ্গ- ২৮৯০ টা পদ

উচ্চ শিক্ষা

‌সহকাৰী অধ্যাপক- ৯৩৫ টা পদ

‌তৃতীয় বর্গ- ৩২৭ টা পদ

‌চতুৰ্থ বৰ্গ- ৬২৯ টা পদ

‌শিক্ষা (সকলো বিভাগ আৰু সঞ্চালকালয়) সৰ্বমুঠ ২৬০৩৮ টা পদ

স্বাস্থ্য বিভাগ

‌ষ্টাফ নাৰ্ছ (ক্রিটিকেল কেয়াৰ)- ১০২৪ টা পদ

‌ষ্টাফ নাৰ্ছ- ৪৯৮ টা পদ

‌তৃতীয় বৰ্গৰ কৰ্মচাৰী (অনাকাৰিকৰী)- ২২৫ টা পদ

‌তৃতীয় বৰ্গৰ কৰ্মচাৰী (কাৰিকৰী)- ১৫৮ টা পদ

‌চতুৰ্থ বৰ্গৰ কৰ্মচাৰী- ১৮৮ টা পদ

স্বাস্থ্য শিক্ষা সঞ্চালকালক

‌তৃতীয় বৰ্গৰ কৰ্মচাৰী (কাৰিকৰী)- ২৫৭ টা পদ

‌তৃতীয় বৰ্গৰ কৰ্মচাৰী (অনা-কাৰিকৰী)- ১২৭ টা পদ

‌চতুৰ্থ বৰ্গৰ কৰ্মচাৰী- ১৮৮ টা পদ

আয়ুষ সঞ্চালকালয়

‌তৃতীয় বৰ্গৰ কৰ্মচাৰী- ১৩ টা পদ

‌চতুৰ্থ বৰ্গৰ কৰ্মচাৰী- ৪৩ টা পদ

স্বাস্থ্য সেৱা সঞ্চালকালয়

‌তৃতীয় বৰ্গৰ কৰ্মচাৰী- ৯০৭ টা পদ

‌কাৰিকৰী তৃতীয় বৰ্গৰ কৰ্মচাৰী (অনা-কাৰিকৰী)- ৬২১ টা পদ

‌চতুৰ্থ বৰ্গৰ কৰ্মচাৰী- ১১৯২ টা পদ

স্বাস্থ্য সেৱা সঞ্চালকালয় (পৰিয়াল কল্যাণ)

‌তৃতীয় বৰ্গৰ কৰ্মচাৰী কাৰিকৰী- ১৬৬ টা পদ

‌তৃতীয় বৰ্গৰ কৰ্মচাৰী (অনা-কাৰিকৰী)- ১৬ টা পদ

‌চতুৰ্থ বৰ্গৰ কৰ্মচাৰী- ২৫ টা পদ

খাদ্য সুৰক্ষা আৰু ঔষধ আয়ুক্ত

‌ঔষধ পৰিদৰ্শক- ২২ টা পদ

‌খাদ্য সুৰক্ষা বিষয়া- ৩৮ টা পদ

আনহাতে পৰিবেশ তথা বন বিভাগত সৰ্বমুঠ ২১৪৮ টা পদ থকা বুলিও উল্লেখ কৰিছে বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটত৷

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

Hello this notification is about Assam Govt job - Assam Govt to fill up over 1 Lakh Vacancies - ১ লাখ যুৱক-যুৱতীক নিয়োগৰ সিদ্ধান্ত. Therefore do comment & show your support by sharing it to the other Job seekers and if there is any query you are welcome to ask.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.