World Geography : Continents and Oceans of the World in Assamese language

পৃথিৱীৰ ভূগোল : মহাদেশ আৰু মহাসাগৰ কেইখনৰ বিষয়ে

World Geography : Continents and Oceans of the World in Assamese language

Hello, aspirants are you preparing for APSC or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important Monthly Current Affairs of Assam 2022 for the upcoming competitive exam preparation. Therefore every aspirants need to know the latest World GK in Assamese related to continents and oceans of the world for APSC and other Assam govt exams 2022. In this regard "AssamGKGyan" decides to provide you the most important World GK topic the World Geography : Continents and Oceans of the World in Assamese language for the upcoming APSC/PNRD/JAA/Irrigation/DHS/Assam Police exams. Infact the World GK, the World Geography will be a key topic in the GK section for the upcoming exams specially for the Assam Direct Recruitment Grade III and Grade IV Exam 2022. So the World Geography : Continents and Oceans of the World in Assamese language will be a pedestrian to crack your exam. 

World Geography : Continents and Oceans of the World in Assamese language

World GK in Assamese 2022

World Geography : Continents and Oceans of the World for APSC

In this article we have provided you Geography important topic the Continents and Oceans of the World for APSC Prelims & Mains exam. So, read this most important World GK  for the upcoming APSC Prelims & Mains exam as well as other govt exams. This Geography GK are extremely important and should be a part of your preparation.

Important Notes on World Geography for Assam TET

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the latest updated Important Notes on World Geography. Specially the toppers of APSC, Assam TET recommend that aspirant start their preparation with the latest Important Notes on World Geography for the upcoming any competitive exams.

Continents and Oceans of the World for Assam Direct Recruitment Exam 2022

There are mainly three very important world geography quiz related to Continents and Oceans of the World for Assam Direct Recruitment Exam 2022. They are :

1. Which is the largest continent?

Ans : Asia is the largest continent in the world. Asia reaches all the way from the Mediterranean Sea to the Pacific Ocean, measuring 44,579,000 square kilometres, which is about 30% of Earth's total land area.

2. Which is the largest ocean?

Ans : The Pacific Ocean is the largest ocean in the world. This ocean is located to the east of Asia, west of America, and North-East of Oceania. In total, the Pacific Ocean is 168,723,000 square kilometres in size. This ocean is so big that it is actually larger than the Atlantic and Indian oceans combined.

3. Which is the 8th continent?

Ans : Whilst it is widely agreed that there are only 7 continents around the world, there is technically an eighth one called Zealandia. This continent is buried under New Zealand and the surrounding Pacific. A whopping 94% of Zealandia is submerged, which is why it is not often recognised as one of the main continents around the world.

World Geography : Continents and Oceans of the World

Here are the detail notes on world geography  Continents and Oceans of the World in Assamese for your upcoming APSC, TET, Grade III and Grade IV exams. Read this most important World Geography on Continents and Oceans of the World in order to answer the questions :

পৃথিৱীৰ ভূগোল : মহাদেশ আৰু মহাসাগৰ কেইখনৰ বিষয়ে

পৃথিৱীৰ মহাদেশ -

মহাদেশীয় বিস্থাপন সূত্র অনুসৰি ৩০০ নিযুত বছৰ পূর্বে পূৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগত , অর্থাৎ গঠনৰ সময়ত পৃথিৱীৰ স্থলমণ্ডল কেৱল এটা একক ভূখণ্ড আছিল আৰু ইয়াক চাৰিওফালৰ পৰা জলমণ্ডলে আগুৰি আছিল । এই ভূখণ্ডটোক পেঞ্জিয়া আৰু চাৰিওফালে আগুৰি থকা জলমণ্ডলক পাছালা বুলি জনা গৈছিল ।

পৰৱর্তী সময়ত স্থলমণ্ডল বা পেঞ্জিয়াৰ সোঁমাজেৰে পূর্ব – পশ্চিমাকৈ এখন ঠেক তথা দীঘলীয়া সাগৰৰ সৃষ্টি হৈছিল যিয়ে সমগ্র স্থলমণ্ডলক দুটা ভাগত বিভক্ত কৰিছিল । এই সাগৰখনক টেথিছ সাগৰ বুলি জনা যায় ।

দ্বিখণ্ডিত হােৱা স্থলমণ্ডলৰ উত্তৰৰ অংশটোক লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড বুলি কোৱা হৈছিল । মধ্যজীৱীয় কল্পযুগত , অর্থাৎ প্রায় ২৫০ নিযুত বছৰ পূর্বে মহাদেশীয় সঞ্চাৰণ তথা বিভাজনৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড বিভাজিত হৈ বৰ্তমানৰ সাতখন মহাদেশৰ সৃষ্টি হয় ।

এই সূত্র অনুসৰি, লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা , গ্রীনলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে অৱস্থিত ইউৰােপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল ।

আনহাতে , দক্ষিণ আমেৰিকা , আফ্রিকা , মাদাগাস্কাৰ , ভাৰতবৰ্ষ , আৰব অঞ্চল , মালয়েছিয়া আৰু অষ্ট্রেলিয়া তথা এন্টার্কটিকাকে ধৰি অন্যান্য অঞ্চলসমূহৰ সৃষ্টি হৈছিল গণ্ডোৱানালেণ্ডৰ পৰা ।

পৃথিৱীৰ মহাদেশৰ সংখ্যা সাতখন। সেই কেইখন হ’ল :

1. এছিয়া মহাদেশ

2. আফ্ৰিকা মহাদেশ

3. ইউৰোপ মহাদেশ

4. উত্তৰ আমেৰিকা মহাদেশ

5. দক্ষিণ আমেৰিকা মহাদেশ

6. অষ্ট্ৰেলিয়া মহাদেশ

7. এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ

এছিয়া মহাদেশ - 

এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। এইখন মহাদেশে পৃথিৱীৰ স্থলভাগৰ প্ৰায় এক-তৃতীয়াংশ ঠাই আগুৰি আছে।

মাটিকালি : ৪,৩৯,৯৯,০০০ বৰ্গ কিলোমিটাৰ । পৃথিৱীৰ মুঠ মাটিকালিৰ ২৯.৫ শতাংশ।

জনসংখ্যা (২০০৮) : ৪০৫.৩৮ কোটি । পৃথিৱীৰ মুঠ জনসংখ্যাৰ শতকৰা ৬০.৪ ভাগ।

অৱস্থিতি : ২৫ ডিগ্ৰী পূব দ্ৰাঘিমাৰ পৰা ১৭০ ডিগ্ৰী পূব দ্ৰাঘিমালৈ এছিয়া মহাদেশ বিস্তৃত।কেইটামান পূব ভাৰতীয় দ্বীপৰ বাহিৰে এছিয়া মহাদেশৰ বাকী অংশ উত্তৰ গোলাৰ্ধত অৱস্থিত।

চাৰিসীমা : উত্তৰে তুষাৰাবৃত উত্তৰ মহাসাগৰ ; পূবে প্ৰশান্ত মহাসাগৰ ; দক্ষিণে ভাৰত মহাসাগৰ আৰু পশ্চিমে ইউৰোপ আৰু আফ্ৰিকা।

মুঠ দেশৰ সংখ‍্যা : ৪৭ খন।

আফ্ৰিকা মহাদেশ - 

আকাৰত আফ্ৰিকা পৃথিৱীৰ দ্বিতীয় বৃহৎ মহাদেশ। আফ্ৰিকা মহাদেশ এছিয়াৰ প্ৰায় দুই-তৃতীয়াংশৰ সমান। কৰ্কট ক্ৰান্তি আৰু দুয়োডাল ৰেখা এই মহাদেশৰ মাজেদি গৈছে। তদুপৰি বিষুৱ ৰেখাই আফ্ৰিকা মহাদেশক প্ৰায় দুটা সমান অংশত ভাগ কৰিছে।

মাটিকালি : ৩,০৩,৩১,০০০ বৰ্গ কিলোমিটাৰ । পৃথিৱীৰ ২০ শতাংশ ।

জনসংখ্যা (২০০৮) : ৯৭.২ কোটি ।পৃথিৱীৰ ১৪.৫ শতাংশ।

অৱস্থিতি : আফ্ৰিকা মহাদেশ ৩৭ ১/২ ডিগ্ৰী উত্তৰ অক্ষৰেখাৰ পৰা ৩৪ ১/২ ডিগ্ৰী দক্ষিণ অক্ষৰেখা আৰু ৫১ ডিগ্ৰী পূব দ্ৰাঘিমাৰ পৰা ১৭ ১/২ ডিগ্ৰী পশ্চিম দ্ৰাঘিমালৈ বিস্তৃত। ভূমধ্য আৰু লোহিত সাগৰে আফ্ৰিকা মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে।

চাৰিসীমা : উত্তৰে ভূমধ্য সাগৰ, এছিয়া মহাদেশ ; পূবে সংকীৰ্ণ লোহিত সাগৰ আৰু ভাৰত মহাসাগৰ; দক্ষিণে উত্তমাশা অন্তৰীপ, ভাৰত মহাসাগৰ; পশ্চিমে আটলাণ্টিক মহাসাগৰ।

মুঠ দেশৰ সংখ্যা : ৫৩ খন।

ইউৰোপ মহাদেশ -

ইউৰোপ মহাদেশ এছিয়াৰ পশ্চিমে অৱস্থিত। আন মহাদেশ কেইখনৰ তুলনাত (অষ্ট্ৰেলিয়া আৰু এণ্টাৰ্কটিকাক বাদ দি) ইয়াৰ মাটিকালি কম যদিও এই মহাদেশ অতি ঘন বসতিপূৰ্ণ। এই মহাদেশ খনৰ ৰাষ্ট্ৰবোৰে বহু বছৰ ধৰি বিশ্বৰ ৰাজনৈতিক ক্ষেত্ৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। ৰোমান আৰু গ্ৰীক সভ্যতা এই মহাদেশতেই গঢ়ি উঠিছিল। ইউৰোপ মহাদেশ সকলো দিশতে পৃথিৱীৰ এখন উন্নত মহাদেশ। ইউৰোপ আৰু এছিয়া দুয়োখনকে একেলগে ইউৰেছিয়া বোলা হয়।

মাটিকালি : ১,০৯,০০,০০০ বৰ্গ কিলোমিটাৰ । পৃথিৱীৰ ৬.৫ শতাংশ।

জনসংখ্যা (২০০৮) : ৭২.৯ কোটি । পৃথিৱীৰ ১০.৯ শতাংশ। ইউৰোপৰ মাটিকালি এছিয়া মহাদেশৰ মাটিকালিৰ এক-চতুৰ্থাংশৰ সমান।

অৱস্থিতি : এই মহাদেশ ৭১ ডিগ্ৰী উত্তৰে অক্ষৰেখাৰ পৰা ৩৬ ডিগ্ৰী দক্ষিণ অক্ষৰেখা আৰু ৯ ১/২ ডিগ্ৰী পশ্চিম দ্ৰাঘিমাৰ পৰা ৬৬ ডিগ্ৰী পূব দ্ৰাঘিমালৈ বিস্তৃত।

চাৰিসীমা : উত্তৰে উত্তৰ মহাসাগৰ; পূবে এছিয়া মহাদেশ; দক্ষিণে ভূমধ্য সাগৰ, কৃষ্ণ সাগৰ আৰু আফ্ৰিকা; পশ্চিমে আটলাণ্টিক মহাসাগৰ।

মুঠ দেশৰ সংখ্যা : ৪৫ খন।

উত্তৰ আমেৰিকা -

উত্তৰ গোলাৰ্ধৰ অন্যতম মহাদেশ উত্তৰ আমেৰিকা। এইখন মহাদেশ পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ। খনিজাত দ্ৰব্য আৰু বনজ সম্পদত চহকী উত্তৰ আমেৰিকা কৃষি আৰু উদ্যোগতো এখন আগশাৰীৰ মহাদেশ।

ত্ৰিভুজাকৃতিৰ উত্তৰ আমেৰিকাৰ মাটিকালি : ২,৩৭,২৪,০০০ বৰ্গ কিলোমিটাৰ । পৃথিৱীৰ ১৬.৩ শতাংশ।

জনসংখ্যা (২০০৮) : ৫২.৭৮ কোটি । পৃথিৱীৰ ৭.৯ শতাংশ।

অৱস্থিতি : এই মহাদেশ ৮৩ ডিগ্ৰী উত্তৰ অক্ষৰেখাৰ পৰা ৭ ডিগ্ৰী উত্তৰ অক্ষৰেখা আৰু ২০ ডিগ্ৰী পূব দ্ৰাঘিমাৰ পৰা ১৬৮ ডিগ্ৰী পশ্চিম দ্ৰাঘিমালৈ বিস্তৃত। বেৰিং প্ৰণালী আৰু পানামা খালে উত্তৰ আমেৰিকাক ক্ৰমে এছিয়া মহাদেশ আৰু দক্ষিণ আমেৰিকাৰ পৰা পৃথক কৰিছে।

চাৰিসীমা : উত্তৰে উত্তৰ মহাসাগৰ; পূবে আটলাণ্টিক মহাসাগৰ; দক্ষিণে মেক্সিকো উপসাগৰ, কেৰিবিয়ান সাগৰ; পশ্চিমে প্ৰশান্ত মহাসাগৰ।

মুঠ দেশৰ সংখ্যা : ১৬ খন।

দক্ষিণ আমেৰিকা -

ই দক্ষিণ গোলাৰ্ধৰ এখন অন্যতম মহাদেশ। ইয়াৰ ৰাষ্ট্ৰবোৰ অৰ্থনৈতিক ভাৱে দুৰ্বল।

অৱস্থিতি : আকৃতিত ত্ৰিভুজ এটাৰ দৰে এইখন মহাদেশ ১১ ১/২ ডিগ্ৰী উত্তৰ অক্ষৰেখাৰ পৰা ৫৫ ডিগ্ৰী দক্ষিণ অক্ষৰেখা আৰু ৩৫ ডিগ্ৰী পূব দ্ৰাঘিমাৰ পৰা ৮২ ডিগ্ৰী পশ্চিম দ্ৰাঘিমালৈ বিস্তৃত। এই মহাদেশৰ মাজেৰে মকৰ ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে।

মাটিকালি : ১৭,৫৯৯,০০০ বৰ্গ কিলোমিটাৰ । পৃথিৱীৰ ১১.৮ শতাংশ।

জনসংখ্যা (২০০৮) : ৩৮.৮৬ কোটি । পৃথিৱীৰ ৫.৮০ শতাংশ।

এই মহাদেশৰ উত্তৰৰ উপকূলীয় অঞ্চলৰ বাহিৰে বাকী সৰহ ভাগেই দক্ষিণ গোলাৰ্ধত অৱস্থিত। এই মহাদেশক আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰে আগুৰি আছে।

মহাদেশ খনৰ প্ৰায়বোৰ দেশেই দীৰ্ঘদিন ধৰি স্পেনিছ আৰু পৰ্টুগীজ ঔপনিৱেশিকৰ অধীনত থকাৰ পিছত বৰ্তমান স্বাধীন হৈছে আৰু আন আন উন্নতি অভিলাসী দেশৰ দৰে এইবোৰ দেশেও অৰ্থনৈতিক তথা সাংস্কৃতিক উন্নতিৰ পথত আগবঢ়াৰ প্ৰয়াস কৰিছে।

মুঠ দেশৰ সংখ্যা : ১৯ খন।

অষ্ট্ৰেলিয়া মহাদেশ -

অষ্ট্ৰেলিয়া পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ। ইয়াক এক বৃহৎ দ্বীপ-মহাদেশ বুলিব পাৰি।

মাটিকালি : ৭৬,৮২,৩০০০ বৰ্গ কিলোমিটাৰ । পৃথিৱীৰ ৫.২ শতাংশ।

জনসংখ্যা (২০০৮) : ৩.৪৩ কোটি । পৃথিৱীৰ ০.৫ শতাংশ।

অষ্ট্ৰেলিয়া আৰু ইয়াৰ লগতে নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আৰু প্ৰশান্ত মহাসগৰীয় দ্বীপপুঞ্জ একেলগে অষ্ট্ৰেলেছিয়া বা ওছেনিয়া বুলি কোৱা হয়।

কুমেৰু বা এণ্টাৰ্কটিকা মহাদেশ -

কুমেৰু মহাদেশ মাটিকালিৰ দিশত পৃথিৱীৰ পঞ্চম স্থানাধিকাৰী। এই মহাদেশৰ ভূভাগ বৰফেৰে আৱৰা। ইয়াৰ ভূভাগৰ ওপৰত থকা বৰফৰ আচ্ছাদন প্ৰায় দুহেজাৰ মিটাৰ।

পৃথিৱীৰ ভূভাগৰ প্ৰায় ১০ শতাংশ এই মহাদেশে আৱৰি ৰাখিছে। এই মহাদেশ বিশ্বৰ আটাইতকৈ শীতল অঞ্চল। ইয়াৰ অঞ্চল বিশেষে উষ্ণতাৰ মাত্ৰা -৮৯ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয়। সমগ্ৰ পৃথিৱীৰে মুঠ বৰফৰ ৯০ শতাংশ ইয়াত আছে। এই মহাদেশ জনবসতিহীন। পেংগুইন, তিমি, ছীল আদিয়েই ইয়াৰ প্ৰধান অধিবাসী।

তদুপৰি ইয়াত ৪০০ প্ৰজাতিৰ বিভিন্ন গছ আৰু প্ৰায় ৪৫ টা প্ৰজাতিৰ চৰাইৰ সন্ধান পোৱা গৈছে।

মাটিকালি : ১,৪২,৪৫,০০০ বৰ্গ কিলোমিটাৰ । পৃথিৱীৰ ৯.৭ শতাংশ।

জনসংখ্যা (২০০৭) : প্ৰায় ১০০ । পৃথিৱীৰ ০.০০০০১ শতাংশ।

পৃথিৱীৰ মহাসাগৰ কেইখন

মহাসাগৰ হৈছে অতি বিশাল আৰু লবণযুক্ত বিপুল জলৰাশি যি পৃথিৱীক পৰিবেষ্টন কৰি আছে। পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৭০% জলৰাশিৰে আবৰা। এই বিপুল জলৰাশি আকৌ অনেক মহাসাগৰ আৰু সৰু সৰু সাগৰত বিভক্ত। মহাসাগৰৰ ইংৰাজী প্ৰতিশব্দ Ocean আহিছে গ্ৰীক ভাষাৰ শব্দ ‘অচিনোজ’ -ৰ পৰা। অচিনোজ হৈছে গ্ৰীক পুৰাণৰ বাৰজন টাইটানৰ এজন। তেওঁ আছিল সমস্ত সামুদ্ৰিক জলভাগৰ আদি দেৱতা। টাইটানসকলৰ পৰাজয়ৰ পাছত পোচাইডন সমুদ্ৰৰ দেৱতা হয়। মহাসাগৰৰ অৰ্ধেকতকৈ বেছি অংশৰ গড় গভীৰতা ৪,২৬৭ মিটাৰ -তকৈ বেছি। বৈজ্ঞানিকসকলে হিচাপ কৰি দেখিছে যে, মহাসাগৰ প্ৰায় ২,৩০,০০০ সামুদ্ৰিক আৰু জলজ প্ৰাণী আছে। প্ৰকৃতপক্ষে ই নিৰ্ধাৰিত সংখ্যাতকৈ ১০ গুণ বেছি হব পাৰে।

পৃথিৱীৰ ধৰাপৃষ্ঠৰ প্ৰায় ৭১ শতাংশ জলভাগে আৱৰি আছে। ইয়াৰে ৯৭.৩ শতাংশ সাগৰ মহাসাগৰে আৰু বাকী ২.৭ শতাংশ হ্ৰদ, নদী, ভূগৰ্ভৰ জল আদিয়ে আৱৰি আছে।

পৃথিৱীৰ মহাসাগৰ পাঁচখন :

1. প্ৰশান্ত মহাসাগৰ

2. আটলাণ্টিক মহাসাগৰ

3. ভাৰত মহাসাগৰ

4. উত্তৰ মহাসাগৰ

5. দক্ষিণ মহাসাগৰ।

কোনো কোনো পণ্ডিতে অৱশ্যে পৃথিৱীত তিনি খনহে মহাসাগৰ আছে বুলি ক’ব খোজে। তেওঁলোকৰ মতে উত্তৰ মহাসাগৰ প্ৰশান্ত আৰু আটলাণ্টিক মহাসাগৰৰ অংশ আৰু দক্ষিণ মহাসাগৰ প্ৰশান্ত, আটলাণ্টিক আৰু ভাৰত মহাসাগৰৰ অংশ।

প্ৰশান্ত মহাসাগৰ -

প্ৰশান্ত মহাসাগৰ বিশ্বৰ বৃহত্তম মহাসাগৰ। মহাসাগৰ খনৰ কালি প্ৰায় ১৬,৫৭,৬০,০০০ বৰ্গ কিলোমিটাৰ, গড় গভীৰতা ৪,১৮৮ মিটাৰ। নিউগিনি দ্বীপৰ উত্তৰৰ মাৰিয়ানা খাতত ইয়াৰ গভীৰতা সৰ্বোচ্চ (১১,০৩৩ মিটাৰ/৩৬,১৯৮ ফুট)।

ভূপৃষ্ঠৰ প্ৰায় ৩৫ শতাংশ স্থান প্ৰশান্ত মহাসাগৰে অধিকাৰ কৰি আছে। মুঠ জলভাগৰ ৪৫ শতাংশ আছে এই মহাসাগৰতে। আলাস্কা উপসাগৰ, বেৰিং প্ৰণালী, কেলিফোৰ্ণিয়া উপসাগৰ, ওখটস্ক সাগৰ, চীন সাগৰ, জাপান সাগৰ আদি প্ৰশস্ত মহাসাগৰৰ অংশ।

আটলাণ্টিক মহাসাগৰ -

আটলাণ্টিক মহাসাগৰ্পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ। ইয়াৰ কালি ৮,২৪,৩৯,৭০০ বৰ্গ কিলোমিটাৰ। উপকূলৱৰ্তী নিৱেশিকা (creek) আৰু উপসাগৰ লৈ মহাসাগৰ খনৰ মুঠ কালি প্ৰায় ১০,৬৪,৬৩,০০০ বৰ্গ কিলোমিটাৰ। গভীৰতা গড়ে প্ৰায় ৩,৭৫৬ মিটাৰ।

মহাসাগৰ খনৰ গভীৰতা স্থান পুৱেৰ্টো ৰিকোৰ উত্তৰে অৱস্থিত; গভীৰতা ৮,৩৮৫ মিটাৰ। এই মহাসাগৰে ধৰাপৃষ্ঠৰ প্ৰায় ২৩.৯ শতাংশ আগুৰি আছে। ইয়াৰ দুয়োকাষে থকা বাল্টিক সাগৰ, ভূমধ্য সাগৰ, কৃষ্ণ সাগৰ, কেৰিবিয়ান সাগৰ, মেক্সিকো উপসাগৰ, উত্তৰ সাগৰ আদি সাগৰ উপসাগৰবোৰক আটলাণ্টিকৰ অংশ বুলি ধৰা হয়।

ভাৰত মহাসাগৰ -

ভাৰত মহাসাগৰ পৃথিৱীৰ তৃতীয় বৃহৎ মহাসাগৰ। মহাসাগৰ খনৰ কালি প্ৰায় ৭,৩৪,২৬,০০০ বৰ্গ কিলোমিটাৰ, গড় গভীৰতা প্ৰায় ৩,৪০০ মিটাৰ।

এই মহাসাগৰে ভূপৃষ্ঠৰ প্ৰায় ২০.৩ শতাংশ জুৰি আছে। বংগোপসাগৰ, আৰব সাগৰ, লোহিত সাগৰ, পাৰস্য উপসাগৰ আদি ভাৰত মহাসাগৰৰ অংশ।

উত্তৰ মহাসাগৰ -

উত্তৰ মেৰুৰ চাৰিওকাষে অৱস্থিত বৃত্তাকাৰ মহাসাগৰকে উত্তৰ মহাসাগৰ বা সুমেৰু মহাসাগৰ বুলি জনা যায়। মহাসাগৰ খনৰ কালি ১,৪০,৮৯,৬০০ বৰ্গ কিলোমিটাৰ আৰু গড় গভীৰতা ৫,৪৫১ মিটাৰ।

মহাসাগৰ খনৰ অধিকাংশ অঞ্চল বছৰৰ বাৰ মাহেই বৰফেৰে আবৃত্ত হৈ থাকে। চুটি গ্ৰীষ্মকালত ইয়াৰ বৰফ কিছু গলে আৰু সেইবোৰ প্ৰকাণ্ড একোটা বৰফৰ স্তুপৰ (Ice Berg)ৰুপত আটলাণ্টিক মহাসাগৰত পৰেহি। সমগ্ৰ অঞ্চলটোত শীতকালছোৱা অন্ধকাৰ আৰু গ্ৰীষ্মকালছোৱা একেৰাহে দিন।

দক্ষিণ মহাসাগৰ -

এণ্টাৰ্কটিকা বা সুমেৰুৰ চাৰিওফালে থকা বিশাল জলভাগক দক্ষিণ মহাসাগৰ বোলা হয়। আন্তৰ্জাতিকভাৱে প্ৰায় ৬৬ ডিগ্ৰী দক্ষিণ অক্ষৰেখাৰ নিম্নৱৰ্তী জলৰেখা দক্ষিণ মহসাগৰৰ উত্তৰ সীমা।

মহাসাগৰ খনৰ মধ্যস্থলত সুবিশাল এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ অৱস্থিত। দক্ষিণ মহাসাগৰৰ কালি ২,২২,৮০,০০০ বৰ্গ কিলোমিটাৰ আৰু গড় গভীৰতা ৭,০০০ মিটাৰ । ই ধৰাপৃষ্ঠৰ ৪.৯ শতাংশ আগুৰি আছে। মহাসাগৰ খনৰ উপৰি ভাগ বছৰৰ অধিকাংশ সময় বৰফেৰে ঢাক খাই থাকে। 

Must visit : Assam Geography MCQ

Must visit : Assam Grade III & Grade IV Exam Syllabus

Well here we have provided you World Geography : Continents and Oceans of the World in Assamese language for Assam TET, APSC, PNRD, DHS, APDCL, Assam Police exam. This article will be updated soon and we are going to add more related World GK to help our viewers to know more for the preparation of upcoming much awaited Assam govt exams. Thank You.

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Most Searches :

National Parks in Assam

Current Affairs Topics for APSC 2022

First in Assamese First Assamese

Child Development and Pedagogy Q&A

Hello if you like the article on World Geography : Continents and Oceans of the World in Assamese language, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.