500 Assam GK Questions and Answers for Competitive Exams - ৫০০ টা গুৰুত্বপূৰ্ণ অসম কুইজ

500 Assam GK Quiz - General Knowledge Questions and Answers in Assamese Language Set 3

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ Assam GK Gyan ৱেবছাইটলৈ। আমাৰ ৱেবছাইটৰ পেজ সমূহৰ দ্বাৰা আমি আপোনালোকক অসমৰ বিভিন্ন বিষয় তথ‍্য সম্পৰ্কে জনাব বিচাৰিছো। আশা কৰিছো আপােনালােকে আমাৰ Assam GK Gyan ৰ তথ্যৰাজিৰ পৰা সামান্য হ'লেও উপকৃত হ'ব। তলত আমাৰ টেলিগ্রাম গ্রুপ আৰু ফেচবুক পেজৰ লিংক প্ৰদান কৰা হৈছে তাতো গৈ জইন কৰিব পাৰে। আমাৰ টেলিগ্রাম গ্রুপত নিতৌ বিভিন্ন বিষয়ৰ পৰীক্ষাৰ Pdf প্ৰদান কৰা হয়‌।

Hello, aspirants are you preparing for APSC, Assam TET or any other Assam Govt Exams? If yes, then you must be aware of the most important Assam GK Questions and Answers for Competitive Exams preparation. Therefore every aspirants need to know the most important Assam GK for APSC,TET,PNRD,DHS,APDCL,Assam Police,Irrigation and any other Assam Govt exams. In this regard "Assam GK Gyan" decides to provide you the most important 500 Assam GK Questions and Answers for competitive exams. Infact the Assam GK & quiz questions and answers will be a key topic in the Assam GK section for the upcoming APSC Prelims, Assam TET and other Assam govt exams. So the 500 Assam GK in Assamese Language will be a pedestrian to crack your exam.

500 Assam GK Questions and Answers for Competitive Exams - ৫০০ টা গুৰুত্বপূৰ্ণ অসম কুইজ

Assam GK Quiz for All Competitive Exam

General Knowledge On Assam For Assam Civil Service

In this article we have provided you a total of 500 general knowledge On Assam for Assam Civil Services exam. So, read all these important Assam GK Questions and Answers for the upcoming exams as well as other Assam govt exams. These Assam GK Quiz in assamese language are extremely important and should be a part of your preparation.

Assam History GK Questions and Answers

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the Assam History GK Questions and Answers. Specially the toppers recommend that aspirant start their preparation with the Assam History questions and answers for the upcoming any competitive exams.

Assam GK Quiz - General Knowledge Questions and Answers

There are mainly two very important Assam GK quiz - general knowledge questions and answers. They are :

1. কোন জন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল?

উত্তৰ : নিপ বৰুৱাই।

2. প্ৰথম অসমীয়া ছনেট (sonnet) পুথি খন কি?

উত্তৰ : মলাৰ।

500 Assam GK Questions and Answers for Competitive Exams

Here are the 500 Assam GK questions and answers for all competitive exams. Read all these most important Assam Gk - Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :

২০১) ‘অসম’ নাম কেতিয়াৰ পৰা হয় ?

উত্তৰ : আহোমসকলৰ ৰাজত্ব কালৰ পৰা

২০২)প্ৰশ্ন :- আহোমৰ শেষ ৰজাজনৰ নাম কি ?

উত্তৰ : স্বৰ্গদেউ পুৰন্দৰ সিংহ

২০৩) আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন ?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ

২০৪) অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে ?

উত্তৰ : আহোম সকলে

২০৫) কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে ?

উত্তৰ : ১৮৫০ চনত এলিজা ব্ৰাউনে

২০৬) প্ৰাক-শংকৰী যুগৰ কবি সকলৰ নাম কি কি ?

উত্তৰ : হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী

২০৭) কোনে, কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল ?

উত্তৰ : কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণ মেননে, ১৯৪০ চনত

২০৮) ‘ধন্য নৰ তনু ভাল’ নামৰ পুথি খন কোনে ৰচনা কৰিছিল ?

উত্তৰ : শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ছৈয়দ আব্দুল মালিকে এই উপন্যাস খন ৰচনা কৰিছিল।

২০৯) ‘কীৰ্তন-ঘোষা’ আৰু ‘নামঘোষা’ ৰ ৰচক কোন?

উত্তৰ : মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষা আৰু মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল

২১০) পূৰ্বতে আহোম সকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভূক্ত আছিল ?

উত্তৰ : পূৰ্বতে আহোম সকল টাই ভাষাৰ অন্তৰ্ভূক্ত আছিল

২১১) অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি কি ?

উত্তৰ : তেওঁলোক হ’ল মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন

২১২) মামণি ৰয়চম গোস্বামীৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰ : ১৮৪২ চনৰ ১৪ নৱেম্বৰত

২১৩) বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰু সকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথি সমূহক অসমীয়া ভাষাত কি বুলি জনা যায় ?

উত্তৰ : চৰিত পুথি

২১৪) সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথি খনৰ নাম কি ?

উত্তৰ : সংগীত কোষ (লক্ষ্মীনাথ বেজবৰুৱা )

২১৫) ইতিহাসৰ আন এটা নাম কি?

উত্তৰ : বুৰঞ্জী।

২১৬) অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন ?

উত্তৰ : ভট্টদেৱ

২১৭) অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি কি ?

উত্তৰ : হিন্দী, ইংৰাজী, বঙালী, বড়ো, কাৰ্বি ইত্যাদি

২১৮) প্ৰথম অসমীয়া ছপা কৰা পুথি খনৰ নাম আৰু প্ৰকাশৰ চনটো কি ?

উত্তৰ : ‘ধৰ্ম-পুস্তক’, ১৮১৩ চনত। আত্মাৰাম শৰ্মা

২১৯) অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল ?

উত্তৰ : খ্ৰীষ্টীয় নৱম-দশম শতিকাত

২২০) জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি কোন কোন ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী

২২১) অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ‘ডাইজেষ্ট’ আলোচনী খনৰ নাম কি?

উত্তৰ : তফজ্জুল আলি সম্পাদিত ‘সংগম’

২২২) অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি ?

উত্তৰ : কীৰ্তন ঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ

২২৩) প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি ?

উত্তৰ : অসমীয়া পুথিৰ তালিকা

২২৪) ‘উত্তৰাকাণ্ড ৰামায়ণ’ৰ অসমীয়া অনুবাদ কোনে কৰিছিল ?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱে

২২৫) শোণিত কুঁৱৰী’ নাটক খনৰ লেখক কোন ?

উত্তৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

২২৬) অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি ?

উত্তৰ : অসম সাহিত্য সভা

২২৭) ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ?

উত্তৰ : মাধৱ কন্দলী

২২৮) অসমীয়া সাহিত্যৰ ‘ৱাল্টাৰ স্কট’ বুলি কাক আখ্যা দিয়া হয়?

উত্তৰ : ৰজনীকান্ত বৰদলৈ

২২৯) প্ৰায় সমগ্ৰ ‘মহাভাৰত’ কোনে অসমীয়াত ৰচনা কৰিছিল?

উত্তৰ : ৰাম সৰস্বতী

২৩০) ‘গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ’ নামৰ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ : নাথান ব্ৰাউন

২৩১) অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাট খনৰ নাম কি?

উত্তৰ : বীণ বৰাগী

২৩২) সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ ‘বনফুল’ ৰ ৰচক কোন?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা

২৩৩) প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল ?

উত্তৰ : ১৮৬৭ চন, মাইলছ ব্ৰনছনে

২৩৪) প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক কোন ?

উত্তৰ : ভট্টদেৱ

২৩৫) আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোন খন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি ?

উত্তৰ : অসমীয়া ল’ৰাৰ মিত্ৰ

২৩৬) অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড (Short Hand) পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি?

উত্তৰ : ফণী শৰ্মা

২৩৭) অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান খনৰ নাম কি ?

উত্তৰ : চন্দ্ৰকান্ত অভিধান

২৩৮) অসমৰ মুখ্য ভাষা কি ?

উত্তৰ : অসমীয়া

২৩৯) হিন্দী ভাষালৈ অনূদিত প্ৰথম অসমীয়া কিতাপ খনৰ নাম কি ?

উত্তৰ : চিত্ৰ ভাগৱত

২৪০) অসমীয়া ভাষা – সাহিত্যৰ ‘পিতৃ’ কোন ?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ

২৪১) অসমীয়া চুটি গল্পৰ জনক কোন ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা

২৪২) শংকৰদেৱে প্ৰথম বৰগীতটো ক'ত ৰচনা কৰিছিল?

উত্তৰ : বদৰিকাশ্ৰমত

২৪৩) কোন ৰজাৰ দিনত গোঁহাই কমল আলি সজোঁৱা হৈছিল?

উত্তৰ : মহাৰাজ নৰনাৰায়ণৰ দিনত। (কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ)।

২৪৪) বিষ্ণুৰাভাক ‘কলাগুৰু’ উপাধি কোনে প্ৰদান কৰিছিল?

উত্তৰ : কাশী হিন্দু বিশ্ববিদ্যালয়ৰ তৎকালীন উপাচাৰ্য ডঃ সৰ্বপল্লি ৰাধাকৃষ্ণণে

২৪৫) কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে?

উত্তৰ : ‘টাম চুক খামবাৰ” (মানস সৰোবৰৰ পৰা অলপ পূৱফালে অৱস্থিত)

২৪৬) হাজোৰ পোৱামক্কা কোনে সজাইছিল?

উত্তৰ : গিয়াছুদ্দিন আউলিয়া।

২৪৭) ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল?

উত্তৰ : শৰাইঘাট দলং। ১৯৬২ চনত।

২৪৮) অসমৰ প্ৰথম লোক আদালত ক’ত স্থাপন হৈছিল?

উত্তৰ : হাজোত।

২৪৯) অসমৰ প্ৰথম ছপাশাল খনৰ নাম কি?

উত্তৰ : মিছন প্ৰেছ, শিৱসাগৰ।

২৫০) অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত?

উত্তৰ : সৰ্থেবাৰী (বৰপেটা)।

২৫১) ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : প্ৰমত্ত সিংহই।

২৫২) কোনজন আহোম ৰজাই পোন প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?

উত্তৰ : চুহুংমুং।

২৫৩) কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : গদাধৰ সিংহ ; ১৬৯৪ চনত।

২৫৪) মূলা গাভৰুৰ স্বামীৰ নাম কি?

উত্তৰ : ফ্ৰাচেনমুং বৰগোহাঁই।

২৫৫) অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।

২৫৬) নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি?

উত্তৰ : শুক্লধ্বজ।

২৫৭) কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক ‘মোক্ষদেৱ’ বুলি কোৱা হয়?

উত্তৰ : হিউৱেন চাঙক।

২৫৮) বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল?

উত্তৰ : ১৬৭১ চনত।

২৫৯) অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়?

উত্তৰ : ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি।

২৬০) কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল?

উত্তৰ : স্বৰ্গদেউ লক্ষ্মীসিংহ।

২৬১) মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল?

উত্তৰ : ১৮৫৮ চনত।

২৬২) ‘হস্তী বিদ্যাৰ্ণৱ’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰ : সুকুমাৰ বৰকাইথ।

২৬৩) অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰৰ্প্ৰথম সভাপতি কোন?

উত্তৰ : তৰুণৰাম ফুকন।

২৬৪) কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হয়?

উত্তৰ : ১৯৭৮ চনত।

২৬৫) বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত ‘অসম আন্দোলন’ আৰম্ভ কৰিছিল?

উত্তৰ : ১৯৭৯ চনত।

২৬৬) কোন চনত প্ৰথম বাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হয়?

উত্তৰ : ১৯৭৯ চনত।

২৬৭) কোন চনত ছাহদুল্লাৰ মন্ত্ৰীসভা গঠন হয়?

উত্তৰ : ১৯৩৭ চনত (স্বাধীনতাৰ আগত)

২৬৮) অসমৰ প্ৰথম চাহ খেতিয়কজন কোন?

উত্তৰ : জগন্নাথ বৰুৱা। (যোৰহাট)।

২৬৯) স্বাধীনতা যুঁজৰ প্ৰথম গৰাকী অসমীয়া শ্বহীদ কোন?

উত্তৰ : পিয়লি ফুকন।

২৭০) ‘কলা শিৰোমণি বঁটা’ লাভ কৰা অসমৰ মুখ্যমন্ত্ৰী গৰাকী কোন?

উত্তৰ : হিতেশ্বৰ শইকীয়া। (১৯৯১ চনত তেওঁ এই সন্মান লাভ কৰে)।

২৭১) ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন?

উত্তৰ : বিষ্ণুৰাম মেধি (তামিলনাডুৰ)।

২৭২) তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কোন চনত অসম চৰকাৰৰ গাদীত বহিছিল?

উত্তৰ : ২০০১ চনত। (দ্বিতীয়বাৰ ২০০৬ চনত)

২৭৩) ২০০৫ চনত কাৰ নেতৃত্বত বি. টি. এ. ডি. ৰ কাৰ্যবাহী পৰিষদ গঠিত হৈছিল?

উত্তৰ : হাগ্ৰামা মহিলাৰী।

২৭৪) ইউনাইটেড লিবাৰেছন ফ্ৰণ্ট অৱ আছাম (আলফা) ই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি?

উত্তৰ : পিপল্‌ছ কনছালটেটিভ গ্ৰুপ (পি. চি. জি.)

২৭৫) কোন চনত অসমৰ ৰাজ্যপাল হিচাবে লে.জে. অজয় সিং এ কাৰ্যভাৰ গ্ৰহণ কৰিছিল?

উত্তৰ : ২০০৩ চনত।

২৭৬) অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?

উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ

২৭৭) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা ‘সত্যমেৱ জয়তে’ শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে।

উত্তৰ : মুণ্ডক।

২৭৮) ভাৰতৰ জাতীয় চৰাই আৰু জাতীয় জন্তু কি?

উত্তৰ : ম’ৰা চৰাই আৰু বাঘ।

২৭৯) ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন?

উত্তৰ : ৰাষ্ট্ৰপতি।

২৮০) ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন?

উত্তৰ : সৰোজিনী নাইডু (উত্তৰ প্ৰদেশ, ১৯৪৭-৪৮)।

২৮১) ভাৰতৰ প্ৰথম মহিলা আই. পি. এচ. বিষয়া গৰাকী কিন?

উত্তৰ : কিৰণ বেদী (১৯৭২)।

২৮২) ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল?

উত্তৰ : ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।

২৮৩) অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?

উত্তৰ : ভোগেশ্বৰ বৰুৱা ।

২৮৪) ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল?

উত্তৰ : ৫ ম ।

২৮৫) কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল?

উত্তৰ : ১৯৯৯ চনত ।

২৮৬) অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল?

উত্তৰ : হৰিশংকৰ ব্ৰক্ষ্ম ।

২৮৭) অসমৰ কাক Lion Man of Assam বুলি জনা যায়?

উত্তৰ : ৰাধা গোবিন্দ বৰুৱা ।

২৮৮) সৰ্বানন্দ সোণোৱাল বৰ্তমান অসমৰ কিমান তম মুখ্যমন্ত্ৰী?

উত্তৰ : ১৪ তম ।

২৮৯) চৈয়দ আব্দুল মালিকে ১৯৭২ চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰ : অঘৰী আত্মাৰ কাহিনী ।

২৯০) অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়?

উত্তৰ : ৰুদ্ৰ বৰুৱা ।

২৯১)২০১৭ চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰ : জয়ন্ত মাধৱ বৰা ।

২৯২) চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোন?

উত্তৰ : বীৰ পাল ।

২৯৩) শংকৰদেৱে প্ৰথম বৰগীতটো ক'ত ৰচনা কৰিছিল?

উত্তৰ : বদৰিকাশ্ৰমত

২৯৪) ভীষ্মক ৰজাই ক'ত ৰাজত্ব কৰিছিল? 

উত্তৰ : বিদর্ভ ৰাজ্যত। তেওঁৰ ৰাজধানী আছিল কুণ্ডিল নগৰী। 

২৯৫) ঘটোৎকোচ কোন ৰাজ্যৰ অধিবাসী আছিল? 

উত্তৰ : হিড়িম্বাপুৰ। 

২৯৬) অসমৰ জলপথত কেতিয়াৰপৰা জাহাজ চলাচল আৰম্ভ হয়? 

উত্তৰ : ইং ১৮৪৭ চনৰপৰা। 

২৯৭) অসমত কেতিয়াৰপৰা ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়? 

উত্তৰ : ইং ১৮৮২ চনৰ মে’ মাহৰ ১ তাৰিখৰপৰা। 

২৯৮) অসমত টেলিগ্রাফ সেৱা কেতিয়া প্ৰৱর্তন হয়? 

উত্তৰ : ইং ১৮৬৬ চনৰপৰা।

২৯৯) অসমৰ পঢ়াশালী আৰু আদালতত কেতিয়াৰপৰা অসমীয়া ভাষাৰ প্ৰৱৰ্তন হৈছিল? 

উত্তৰ : ইং ১৮৭১ চনত। গৱৰ্ণৰ কেম্বেলৰ আমােলত। 

৩০০) কোনে আৰু কেতিয়া অসমত চাহ গছৰ আৱিষ্কাৰ কৰে? 

উত্তৰ : চি এ ব্ৰুচ চাহাবে ইং ১৮২৩ চনত। 

500 Assam GK QUIZ - Set 1

500 Assam GK QUIZ - Set 2

500 Assam GK QUIZ - Set 4

500 Assam GK QUIZ - Set 5

Well here we have provided you the most important 500 Assam GK Questions and Answers for Competitive Exams - ৫০০ টা গুৰুত্বপূৰ্ণ অসম কুইজ. This article will be updated soon and we are going to add more related to Assam GK to help our viewers to know more for the preparation of upcoming much awaited Assam govt exams. Thank You.

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Most Searches :

* Indian Polity Questions & Answers 

* GK on Ahom Dynasty

* Assam TET GK on Assamese Literature & Language 

Hello if you like the article on 500 Assam GK Quiz - General Knowledge Questions and Answers in Assamese Language, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.