কোকিলকন্ঠী গায়িকা লতা মংগেশকাৰৰ জীৱন পৰিক্ৰমা - Life History of Lata Mangeshkar in Assamese

লতা মংগেশকাৰ বা লতাজী (২৮ ছেপ্টেম্বৰ ১৯২৯ - ৬ ফেব্ৰুৱাৰী ২০২২) ৰ জীৱন সম্পৰ্কে কিছু তথ্য

Biography of of Lata Mangeshkar in Assamese

বিখ্যাত টাইম পত্ৰিকাই লতা মংগেশকাৰক 'ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য্য আৰু একচ্ছত্ৰী সম্ৰাজ্ঞী' আখ্যা দিছিল। তেওঁক ভাৰতৰ নাইটিংগেল বুলিও জনা যায়। মুঠ ৩৪ টা ভাষাত ৫০ হাজাৰতকৈও অধিক গীতত কণ্ঠদান কৰাৰ লগতে বিগত ৭ টা দশক লতা মংগেশকাৰে সংগীত ক্ষেত্ৰখনত ৰাজত্ব কৰিছে তেওঁ। ৰংগমঞ্চৰ কলাকাৰ হিচাপে জনপ্ৰিয় লতাৰ পিতৃৰ বাবেই লতা মংগেশকাৰে লাভ কৰিছিল সংগীতৰ এটা সুন্দৰ পৰিৱেশ। জন্মৰ পৰা “হেমা” নামেৰেই ডাঙৰ দীঘল হোৱা এই গৰাকী তাৰকাক তেওঁৰ ৫ বছৰ বয়সতহে “লতা” নামটো দিয়া হয়।

কোকিলকন্ঠী গায়িকা লতা মংগেশকাৰৰ জীৱন পৰিক্ৰমা

লতাজীৰ জীৱন সম্পৰ্কে কিছু তথ্য :

• 1929 চনৰ 28 ছেপ্টেম্বৰত ইন্দোৰত জন্ম হৈছিল লতা মংগেশকাৰৰ
• 13 বছৰ বয়সতে সংগীত জগতত ভৰি দিছিল লতাজীয়ে
• 1942 চনত বাণীবদ্ধ হৈছিল লতাজীৰ কণ্ঠত প্ৰথমটো গীত
• সুধাকণ্ঠ ড. ভূপেন হাজৰিকাৰ বহুতো গীতত কণ্ঠদান কৰিছিল লতাজীয়ে
• 3 বাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল লতাজীয়ে
• 35 হাজাৰৰো অধিক গীতত কণ্ঠদান কৰিছিল তেখেতে
• 1969 চনত 'পদ্মভূষণ বঁটা'ৰে সন্মানিত হৈছিল তেখেত
• 1989 চনত 'দাদা চাহেব ফাল্কে বঁটা' লাভ কৰিছিল লতাজীয়ে
• 'পদ্মবিভূষণ বঁটা'ৰে সন্মানিত হৈছিল 1999 চনত
• 2001 চনত লতাজীক প্ৰদান কৰা হৈছিল ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ' ভাৰত ৰত্ন'
• 2009 চনত ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক বঁটাও লাভ কৰিছিল তেখেতে
• লতাজীয়ে ভূপেন হাজৰিকাদেৱৰ পৰিচালিত 'এৰা বাটৰ সুৰ' নামৰ ছবিখনত কণ্ঠদান কৰিছিল
• অভিনেত্ৰী ৰূপে তেখেতৰ প্ৰথমখন কথাছবি আছিল 1942 চনৰ মাৰাঠী ছবি 'পাহিলী মংগলাগৌৰ'

জীৱনকালত লতাজীয়ে লাভ কৰা ভিন্ন পুৰস্কাৰসমূহ :

• ফিল্ম ফেয়াৰ বঁটা (১৯৫৮,১৯৬২,১৯৬৫,১৯৬৯,১৯৯৩ আৰু ১৯৯৪)
• ৰাষ্ট্ৰীয় পুৰস্কাৰ (১৯৭২,১৯৭৫ আৰু ১৯৯০)
• মহাৰাষ্ট্ৰ চৰকাৰ পুৰস্কাৰ (১৯৬৬ আৰু ১৯৬৭)
• পদ্মভূষণ- ১৯৬৯
• সৰ্বাধিক সংখ্যক গীত গোৱাৰ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড- ১৯৭৪
• দাদাচাহেব ফাল্কে বঁটা- ১৯৮৯
• ফিল্ম ফেয়াৰৰ লাইফটাইম এচিভমেণ্ট বটা- ১৯৯৩
• স্ক্ৰীনৰ লাইফটাইম এচিভমেণ্ট বটা- ১৯৯৬
• ৰাজীৱ গান্ধী পুৰস্কাৰ- ১৯৯৭
• এন.টি.আৰ. পুৰস্কাৰ- ১৯৯৯
• পদ্মবিভূষণ বটা- ১৯৯৯
• জী চিনে লাইফটাইম এচিভমেণ্ট বটা- ১৯৯৯
• আই.আই.এ.এফ লাইফটাইম এচিভমেণ্ট বটা- ২০০০
• ষ্টাৰডাষ্ট লাইফটাইম এচিভমেণ্ট বটা- ২০০১
• ভাৰতৰত্ন - ২০০১
• নুৰজাহান বঁটা- ২০০১
• মহাৰাষ্ট্ৰ ভূষণ- ২০০১

ভাৰতীয় সংগীত জগতক নিজৰ সুৰীয়া কন্ঠৰে মহীয়ান কৰা কোকিলকন্ঠী গায়িকা লতা মংগেশকাৰৰ ২০২২ বৰ্ষৰ ৬ ফেব্ৰুৱাৰী তাৰিখে মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ৯২ বছৰ বয়সত মৃত্যু ঘটে।

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Related Top Most Searches :

* Himanta Biswa Sarma New Chief Minister of Assam 

* মিছাইল মানৱ ড° এ পি জে আব্দুল কালামৰ জীৱন বৃত্তান্ত 

* Bir Chilarai-The Great Warrior of Koch Kingdom

Well if you like the article on কোকিলকন্ঠী গায়িকা লতা মংগেশকাৰৰ জীৱন পৰিক্ৰমা - Life History of Lata Mangeshkar in Assamese do comment & show your support by sharing it to the others and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.