History of Israel in Assamese - ইজৰাইলৰ ইতিহাসৰ বিষয়ে জানো আহক

Israel A Threat to whole World|ইজৰাইলৰ ইতিহাসৰ বিষয়ে জানো আহক|Israel-Palestine Conflict

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ Assam GK Gyan ৱেবছাইটলৈ। আমাৰ ৱেবছাইটৰ পেজ সমূহৰ দ্বাৰা আমি আপোনালোকক অসমৰ বিভিন্ন বিষয় তথ‍্য সম্পৰ্কে জনাব বিচাৰিছো। আশা কৰিছো আপােনালােকে আমাৰ Assam GK Gyan ৰ তথ্যৰাজিৰ পৰা সামান্য হ'লেও উপকৃত হ'ব। বিশেষভাৱে এই প্রশ্নোত্তৰবােৰ সকলাে প্রতিযােগিতামূলক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰস্তুত কৰা হৈছে। আপোনালোকে যদি আমাৰ ৱেবছাইটৰ বিভিন্ন তথ‍্যসমূহ পঢ়ি উপকৃত হৈছো বুলি ভাবে তেন্তে যিমান পাৰে সিমানেই পেজবোৰ শ্বেয়াৰ কৰক, যাতে আনসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ'ব পাৰে। লগতে তলত আমাৰ টেলিগ্রাম গ্রুপ আৰু ফেচবুক পেজৰ লিংক প্ৰদান কৰা হৈছে তাতো গৈ জইন কৰিব পাৰে। আমাৰ টেলিগ্রাম গ্রুপত নিতৌ বিভিন্ন বিষয়ৰ পৰীক্ষাৰ Pdf প্ৰদান কৰা হয়‌। 

Hello everyone, in this article we have provided you the History of Israel in Assamese language - ইজৰাইলৰ ইতিহাসৰ বিষয়ে. So, read the history of creation of Israel. How the Jewish State of Israel Born in Assamese. This article on Complete History of Israel in Assamese language are extremely important and should be a part of your preparation. 

History of Israel in Assamese - ইজৰাইলৰ ইতিহাসৰ বিষয়ে জানো আহক

How the Jewish State of Israel Born?

The History of creation of Israel-How the Jewish State of Israel Born?

বৰ্তমান পৃথিৱীৰ এখন আটাইকৈ শক্তিশালী ৰাষ্ট্ৰৰ ভিতৰত অন্যতম এখন ৰাষ্ট্ৰ হ'ল ইজৰাইল। যি নেকি ইহুদি সম্প্ৰদায়ৰ দেশ । কিন্তু এটা আচৰিত কথা জানেনে যে পৃথিৱীত এসময়ত ইজৰাইল বুলি কোনো দেশেই নাছিল । তেন্তে আহক এই ভিডিঅটিৰ মাধ্যমেৰে জানো কেনেদৰে ইজৰাইল দেশ খনৰ সৃষ্টি হ'ল, ইয়াৰ ইতিহাস কি, কেনেদৰে ই এখন শক্তিশালী ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হ'ল ? যাৰ কাৰণে আজি সমগ্ৰ বিশ্ব ত্ৰাসমান হৈ আছে।

ইজৰাইলৰ ইতিহাসৰ বিষয়ে (Complete History of Israel)

বহু চৰ্চিত ইজৰাইলৰ ইতিহাস আৰম্ভ হয় Palestine নামৰ দেশখনৰ পৰা । Palestine যি নেকি ওচমান সাম্ৰাজ্যৰ অংশ আছিল য'ত ১৮৭৮ চনত ৮৭ শতাংশ মুচলিম, ১০ শতাংশ ইচাই আৰু মাত্ৰ ০৩ শতাংশ ইহুদি লোকে বাস কৰিছিল।

কিন্তু ১৯ শ শতিকাত পোন প্ৰথমবাৰৰ বাবে ইহুদি সকলে ইজৰাইল দেশ প্ৰতিষ্ঠা কৰাৰ দাবী তুলিবলৈ ধৰিলে । এনে বহু বাদ বিসম্বাদৰ পিছত দ্বিতীয় যুদ্ধৰ পিচত ওচমান সাম্ৰাজ্যৰ পটন ঘটিল আৰু সমগ্ৰ Palestine-ত ব্ৰিটিছৰ শাসন আৰম্ভ হ'ল । পিছলৈ ইংৰাজে ইহুদি সকলৰ পক্ষত থিয় হৈ তেওঁলোকৰ বাবে এখন স্বাধীন দেশৰ দাবীক সৰ্মথন কৰিব ধৰিলে যিয়ে নেকি ইহুদি সকলৰ স্বাধীনতা সংগ্ৰামত আৰু অধিক ইন্ধন যোগালে । ইয়াৰ লগে লগে ইংৰাজ সকলে ইহুদি সকলৰ প্ৰব্ৰজনৰ অনুমতি প্ৰদান কৰি দিলে যাৰ ফলস্বৰুপে পৃথিৱীৰ চুকে কোনে বাস কৰি থকা ইহুদি সকল Palestine-ৰ দিশে প্ৰব্ৰজিত হবলৈ ধৰিলে ।

এনেদৰেই এই ইহুদি সকল Palestine-লৈ আহি নিজৰ জীৱন যাপনৰ বাবে পোন প্ৰথমে মাটি দখল কৰি খেতি কৰিব ললে আৰু লাহে লাহে বাঢ়ি অহা ইহুদি সকলৰ জনসংখ্যাৰ ফলত Palestine-ৰ মুল বাসিন্দা মুচলমান সকলৰ লগত তেওঁলোকৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিলে, যাৰ বাবে ইংৰাজ সকলে ১৯৩০ চনত ইহুদি সকলৰ আগৰ যি প্ৰব্ৰজনৰ অনুমতি আছিল তাক সম্পুৰ্ণ ৰুপে বন্ধ কৰি দিয়ে । কিন্তু ইংৰাজৰ এই সিদ্ধান্তৰ ফলত Palestine-ত হিংসা আৰু অতি দ্ৰুত গতিত বাঢ়িবলৈহে ধৰিলে । কিয়নো ইহুদি সকলৰ মাজৰ পৰাই বহুতো হিংসাবাদী-বিদ্ৰোহী গোটৰ সৃষ্টি হ'ল যিয়ে স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিব ধৰিলে, Palestine-ত বাস কৰা অইহুদি সকলৰ ওপৰত আক্ৰমন কৰিব ধৰিলে । তাৰোপৰি নীতি বহিৰ্ভূত ভাৱে ইহুদিৰ প্ৰব্ৰজন Palestine-ত পিছলৈ হৈয়ে থাকিল । চাওঁতে চাওঁতে মাত্ৰ ০৩ শতাংশৰ ইহুদি সকলৰ জনসংখ্যা এটা সময়ত ৩০ শতাংশ হৈ পৰিল ।

এনে সময়ত বিশ্বজুৰি চলি থকা দ্বিতীয় বিশ্বযুদ্ধ সামৰণি হ'ল যদিও ইহুদি সকলৰ সংগ্ৰাম কিন্তু চলিয়েই থাকিল । অৱশেষত Palestine-ত হোৱা এই সংঘাতৰ সমাধান বিচাৰি বিষয়টো ৰাষ্ট্ৰসংঘৰ মজিয়া পালেগৈ । ৰাষ্ট্ৰসংঘ য়ে অৱশেষত দীৰ্ঘদিনীয়া এই সমস্যাৰ সমাধানৰ অৰ্থে Palestine-ক তিনিটা অংশত বিভক্ত কৰিবলৈ সিদ্ধান্ত লয় য'ত নেকি এটা অংশ ইহুদি সকলক, দ্বিতীয় অংশ আৰৱক আৰু তৃতীয় অংশ য়ৰোচালামক দিয়ে । যাৰ লগে লগে সমগ্ৰ Palestine-ত বৃট্ৰিছ সাম্ৰাজ্যৰো অন্ত পৰে। 

এনেদৰেই ইহুদি সকলে নিজকে স্বাধীন দেশ হিচাপে ঘোষনা কৰি নিজকে আৰু অধিক শক্তিশালী কৰাৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত উঠি পৰি লাগে, আনফালে আৰৱ, য়ৰোচালেমে ধৰ্ম, ভেড়া পালন আদিত কামতহে ব্যস্ত হৈ থাকে।

ইফালে ইহুদিৰ প্ৰব্ৰজন ইজৰাইল দেশখনলৈ অবিৰত ভাৱে চলিয়েই থাকিল । বহু প্ৰব্ৰজিত ইহুদি ক্ৰমাত য়ৰোচালেমত আশ্ৰয় লবলৈ আৰম্ভ কৰে । যাৰ পৰিপ্ৰেক্ষিতত য়ৰোচালেমৰ আৰৱীয়ান সকলে বাধা দিয়াত ইজৰাইলে য়ৰোচালেমক আক্ৰমন কৰি নিজৰ অধীনলৈ লৈ আনে ।

কোৱা হয় যে ইহুদি সকলৰ মগজু পৃথিৱীৰ অন্যান্য লোকৰ তুলনাত অধিক শক্তিশালী আৰু বুদ্ধিমত্তা সেইহে চাগে মাত্ৰ ৯০ লাখ জনসংখ্যাৰে পৃথিৱীৰ শক্তিশালী দেশসমুহৰ ভিতৰত নিজকে অন্তভুক্ত কৰিব পাৰিছে । ভাৱি চাওক যি ইহুদিৰ এটা সময়ত কোনো দেশ নাছিল কেনেকৈ তেওঁলোক ০৩ শতাংশৰ পৰা লাহে লাহে বাঢ়ি গৈ এখন দেশ প্ৰতিস্থা কৰিলে আৰু মুচলিম সকলক খেদি নিজকে শক্তিশালী ৰূপত থিয় কৰাই ললে । এই কথাটোৰ বাবেই পৃথিৱীৰ কোনো মুচলিম ৰাষ্ট্ৰ ই ইজৰাইল বন্ধু ৰাষ্ট্ৰ বুলি গণ্য নকৰে ।

এইখিনিতে এটা কথা জানি থওঁক যে আজিৰ তাৰিখত ইজৰাইলক আক্ৰমন কৰা মানে নিজৰ মৃত্যুক নিজে মাতি অনা কিয়নো পৃথিৱীৰ ভিতৰত ইজৰাইলেই এনে এখন দেশ যিয়ে অন্য দেশৰ ওপৰত কোনো বস্তুৰ বাবেও নিৰ্ভৰশীল নহয় আৰু এই দেশ অস্ত্ৰ-শস্ত্ৰত ইমানেই আগবঢ়া যে আমি তাক কল্পনাও কৰিব নোৱাৰো ।

যুদ্ধত যদি মহিলাকে ধৰি সৰু সৰু শিশুক হত্যা কৰা দেশ আছে তেন্তে সেইখনেই হ'ল ইজৰাইল, ইজৰাইলে এনেদৰে আক্ৰমন কৰে যে মানৱতা লাজত লুকাই চকুপানী টুকিবলৈ বাধ্য হয় । ইজৰাইল পৃথিৱীৰ একমাত্ৰ ইহুদি ৰাষ্ট্ৰ সেইহে ইজৰাইলে এই নীতি গ্ৰহণ কৰে যে পৃথৱীৰ যিকোনো দেশ বা ঠাইত থকা ইহুদি ইয়াৰ নাগৰিক অৰ্থাৎ আপুনি যদি এজন ইহুদি তেন্তে আপুনি ইজৰাইলৰো এজন নাগিৰক । ইজৰাইলত মাত্ৰ ৯০ লাখ জনসংখ্যা অৰ্থাৎ আমাৰ দিল্লী চহৰখনতকৈ কম জনসংখ্যা ইজৰাইলৰ ! তাৰোপৰি চাৰিখন ইজৰাইল মিলিত হৈয়ো উত্তৰ প্ৰদেশৰ জনসংখ্যাৰ সমান হ'ব নোৱাৰে ।

ইজৰাইল পৃথিৱীৰ একমাত্ৰ এনে দেশ য'ত প্ৰত্যক নাগৰিকৰ মিলিটাৰি ট্ৰেনিং অনিবাৰ্য্য । তাৰোপৰি প্ৰত্যক নাগৰিকে ২বছৰ কাল সেনাত কাম কৰাটো বাধ্যতামুলক লাগিলে তেওঁ প্ৰধানমন্ত্ৰীৰ পুত্ৰই হওক বা ৰাষ্ট্ৰপতিৰ জীয়েকে হওক ।

ইজৰাইলৰ বায়ু সেনা পৃথিৱীৰ চতুৰ্থতম শক্তিশালী বায়ু সেনা ৰুপে জনাজাত । এই বায়ু সেনা ইমানেই শক্তিশালী যে ৰুচ আৰু আমেৰিকাৰ দৰে দেশও ভয় কৰে । ইমান কম জনসংখ্যা আৰু মাটিকালি থকাৰ স্বতেও ইজৰাইল পৃথিৱীৰ সেই দেশসমুহৰ ভিতৰত অন্যতম যাৰ নেকি নিজৰ satellite system আছে আৰু এই satellite system ইজৰাইলে কোনো দেশৰ লগত 'share' নকৰে । 

ইজৰাইল পৃথিৱীৰ একমাত্ৰ এনে দেশ যি নেকি Anti Ballistic Missile System দ্বাৰা পুৰ্ণ অথাৎ এই Anti Ballistic Missile System-ৰ বাবেই কোনো দেশেই ইজৰাইলক মিচাইলেৰে আক্ৰমন কৰিব নোৱাৰে আৰু যদিওবা কোনোবাই কৰে তেন্তে মিচাইল আধা বাটতে নষ্ট হৈ যায়

আপুনি জানি ভাল পাব যে ইজৰাইলৰ টকাত Brailli লিপি ব্যৱহাৰ কৰে যাতে অন্ধ এজন ব্যক্তিয়েও যিকোনো টকাৰ মুল্য জানিব পাৰে । ইজৰাইলৰ জন্মৰ পৰা মুচলিম ৰাষ্ট্ৰ ইয়াৰ শত্ৰু হৈ আহিছে যাৰ ফলস্বৰুপে ইজৰাইলে এতিয়ালৈকে সাতখন বৃহৎ যুদ্ধত অৱতীৰ্ণ হৱ লগা হৈছে নহবনো কিয় মুচলিম ৰাষ্ট্ৰ সমুহেই আশ্ৰয় দিছিল আৰু এতিয়া তেওঁলোকে ইজৰাইলৰ তলত থাকিব লগীয়া হৈছে ।

তাৰোপৰি এসময়ত সাতখন মুচলিম ৰাষ্ট্ৰই একেলগে একে সময়তে ইজৰাইলক আক্ৰমণ কৰিছিল কিন্তু পৰাজয়হে স্বীকাৰ কৰিব লগা হ'ল । ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ইজৰাইল কিমান শক্তিশালী এখন দেশ ।

আপুনি জানে যে ভাৰতত যেতিয়াই কোনো সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে আমাৰ নেতাই তেনে আক্ৰমনৰ ঘোৰ বিৰোধিতা কৰে, নিন্দা কৰে কিন্তু ইজৰাইলত এনে কোনো নীতি নাই । তেওঁলোকৰ এটাই নীতি যদি তেওঁলোকৰ এজন নাগৰিকক হত্যা কৰে তেন্তে সেই হত্যাকাৰী সংগঠনৰ ৫০ জনক হত্যা কৰিব লাগিলে পৃথিৱীৰ যতেই লুকাই নাথাকক কিয় ।

১৯৭২ চনত জামাৰ্নীত অনুষ্ঠিত হোৱা অলিম্পিক গেমছত পেলিচটাইনৰ সন্ত্ৰাসবাদী এটা সংগঠনে ইজৰাইলৰ ১২ জন খেলুৱৈক হত্যা কৰিছিল । সেই সময়ৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰী Golda Meir - য়ে কোনো নিন্দা, ভাষন, পৰিয়ালৰ লোকক সহানিভূতি নিদি পোনে পোনে এটাই কথা কৈছিল আজিৰ পৰাই মিচন আৰম্ভ সেই সন্ত্ৰাসবাদী সংগঠনৰ এজন এজন সদস্যক মৃত্যু দণ্ড দিয়া হ'ব আৰু এমাহৰ ভিতৰতে সিহঁতক বিচাৰি বিচাৰি ইজৰাইলৰ সেনাই হত্যা কৰিছিল ।

বৰ্তমান ইজৰাইল আৰু পেলিচটাইনৰ সন্ত্ৰাসবাদীৰ মাজৰ যুদ্ধখন কিয় হৈ আছে আপুনি চাগে হয়টো অলপ আভাস পাইছে আৰু মনত এইটো প্ৰশ্ন উঠিছে চাগে ইজৰাইল শক্তিশালী বুলি জানিও কিয় ইজৰাইলক আক্ৰমন কৰিছে এটা সৰু সংগঠনে । এই প্ৰশ্নটোৰ উত্তৰ এটাই, সেইটো হ'ল উচটনি, কিন্তু মনত ৰাখিব ইজৰাইলে দয়া-মমতা, মানৱতা একো নাচায়, সাধাৰন জনতাই বাস কৰা জনবহুল ঠাইতো ব'ম পেলাই বিভিষীকাৰ সৃষ্টি কৰিব পৰা দেশখনেই হ'ল ইজৰাইল।।

Well here we have provided you the History of Israel in Assamese - ইজৰাইলৰ ইতিহাসৰ বিষয়ে।This article will be updated soon and we are going to add more to help our viewers to know more about the history of creation of Israel. Thank You.

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Most Searches :

* মিছাইল মানৱ ড° এ পি জে আব্দুল কালামৰ জীৱন বৃত্তান্ত

Bir Chilarai-The Great Warrior of Koch Kingdom 

অসম দিৱস বা ছ্যুকাফা দিৱসৰ বিষয়ে 

Hello if you like the article on 

Israel A Threat to whole World|ইজৰাইলৰ ইতিহাসৰ বিষয়ে জানো আহক|Israel-Palestine Conflictdo comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.