Assam's Role in the Historic Quit India Movement in Assamese - ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা

Participation of Assamese in the Quit India Movement - Quit India Movement in Assam

ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ Assam GK Gyan ৱেবছাইটলৈ। আমাৰ ৱেবছাইটৰ পেজ সমূহৰ দ্বাৰা আমি আপোনালোকক অসমৰ বিভিন্ন বিষয় তথ‍্য সম্পৰ্কে জনাব বিচাৰিছো। আশা কৰিছো আপােনালােকে আমাৰ Assam GK Gyan ৰ তথ্যৰাজিৰ পৰা সামান্য হ'লেও উপকৃত হ'ব। বিশেষভাৱে এই প্রশ্নোত্তৰবােৰ সকলাে প্রতিযােগিতামূলক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰস্তুত কৰা হৈছে। আপোনালোকে যদি আমাৰ ৱেবছাইটৰ বিভিন্ন তথ‍্যসমূহ পঢ়ি উপকৃত হৈছো বুলি ভাবে তেন্তে যিমান পাৰে সিমানেই পেজবোৰ শ্বেয়াৰ কৰক, যাতে আনসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ'ব পাৰে। লগতে তলত আমাৰ টেলিগ্রাম গ্রুপ আৰু ফেচবুক পেজৰ লিংক প্ৰদান কৰা হৈছে তাতো গৈ জইন কৰিব পাৰে। আমাৰ টেলিগ্রাম গ্রুপত নিতৌ বিভিন্ন বিষয়ৰ পৰীক্ষাৰ Pdf প্ৰদান কৰা হয়‌। 

Quit India Movement in Assam

Hello everyone, in this article we have provided you Assam's Role in the Historic Quit India Movement in Assamese language - ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে । So, read the article on Participation of Assamese in the Quit India Movement in assamese. 

ভাৰত ত্যাগ আন্দোলন আৰু অসম

Assam's Role in the Historic Quit India Movement in Assamese - ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা

ভাৰত ত্যাগ আন্দোলন আৰু অসম

৪২ ৰ গণ আন্দোলনত অসমৰ ভূমিকা

জাপানে ১৯৪২ চনত ছিংগাপুৰ আৰু ৰেংগুন দখল কৰাৰ পিছত, ভাৰতলৈ দ্রুত গতিত অগ্রসৰ হৈছিল। গান্ধীজী আৰু কংগ্ৰেছ দলৰ অন্য নেতাসকলে ভাবিছিল যে ভাৰতত ব্রিটিছসকলৰ অস্তিত্বই জাপানীসকলক ভাৰত আক্ৰমণ কৰিবলৈ প্ৰৰােচিত কৰিব। ঘটনাক্রমে, বহু আলােচনা-বিলােচনাৰ পিছত ১৯৪২ চনৰ ৮ আগষ্টত সর্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে বােম্বাইত বিখ্যাত ভাৰত ত্যাগ’ আন্দোলনৰ ঘােষণা কৰিছিল।

গান্ধীজীয়ে ঐতিহাসিক আগষ্ট সভাত বােম্বাইৰ গােৱালিয়া টেংকত নিজৰ ভাষণ দিছিল, যিখন ঠাইক পৰবৰ্তী সময়ত ‘আগষ্ট ক্রান্তি মৈদান’ নামেৰে নামকৰণ কৰা হৈছে। তৎক্ষণাত ব্রিটিছ শাসনৰ অন্ত পেলাই অনতিপলমে ভাৰতক স্বাধীনতা প্রদানৰ দাবীত এক মহান সংগ্রাম আৰম্ভ হৈছিল। এই আন্দোলনৰ সময়ছােৱাত গান্ধীজীয়ে তেওঁৰ শক্তিশালী কৰিম কিম্বা মৰিম (Do or die)' শ্লোগানেৰে জনতাক আন্দোলনলৈ আহ্বান জনাইছিল। সকলাে স্তৰৰ জনসাধাৰণে সেই আহ্বানত উদ্বুদ্ধ হৈ আন্দোলনত মৰণপণ দি যােগদান কৰিছিল।

চৰকাৰে কঠোৰ হাতেৰে এই আন্দোলন দমন কৰিবলৈ চেষ্টা কৰিছিল। কংগ্ৰেছ দলক অবৈধ ঘােষণা কৰা হৈছিল আৰু এই দলৰ নেতাসকলক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। হাজাৰ হাজাৰ লােকক গ্রেপ্তাৰ কৰি কাৰবাস দিয়া হৈছিল। বহুতাে লােকৰ মৃত্যু হৈছিল আৰু বহুতাে লােক আহত হৈছিল।

ভাৰতৰ অন্যান্য প্রান্তৰ দৰে অসমতাে কংগ্রেছৰ প্রধান নেতাসকলক গ্রেপ্তাৰ কৰাৰ লগতে অসম প্রদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘােষণা কৰা হৈছিল। সকলাে ধৰণৰ সভা, হৰতাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছিল। অসমত এই আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শােভাযাত্রা, সমাৰােহ আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল। জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰে সীমা চেৰাই যােৱাত এই আন্দোলনে বিপ্লৱ বা হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ আৰু সামৰিক বাহিনীৰ অস্ত্র-শস্ত্ৰ সৰবৰাহৰ পথসমূহ ধ্বংস কৰি দিছিল।

বিশেষকৈ নগাঁও আৰু দৰং জিলাত চৰকাৰী ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াবােৰক হাৰাশাস্তি কৰা হৈছিল। হবিগঞ্জৰ চাহাবী বজাৰ, গােলাঘাটৰ সৰুপথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া আৰু শিৱসাগৰৰ চাফ্রাইত ৰেলপথ বগৰােৱাৰ ঘটনা সংঘটিত হৈছিল।

সমগ্র দেশজুৰি প্ৰসাৰিত এই আন্দোলনক ব্রিটিছ চৰকাৰে বিভিন্ন উপায়েৰে দমন কৰিবলৈ চেষ্টা কৰিছিল। শ শ নিৰপৰাধী মানুহ পুলিচৰ লাঠিচালনাত আহত হৈছিল আৰু যুদ্ধ শেষ নােহােৱালৈকে কংগ্ৰেছ নেতাসকলৰ বৰ্হিবিশ্বৰ সৈতে সকলাে সম্পর্ক বন্ধ কৰি ৰখা হৈছিল। অসমতাে এই আন্দোলন দমন কৰিবলৈ ব্রিটিছসকলে কঠোৰ পদক্ষেপ গ্রহণ কৰিছিল। সৰুপথাৰত ৰেল বগৰােৱাৰ অভিযােগ কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল।

চৰকাৰে অতি কঠোৰ হাতেৰে ১৯৪২ চনৰ আন্দোলন দমন কৰিছিল। নগাঁৱৰ বেবেজীয়া, বাপুজীয়া, বঢ়মপুৰ, জোঙালবলহু গড়, দৰঙৰ গহপুৰ, ঢেকিয়াজুলি, বৰপেটাৰ পাটাছাৰকুছি আৰু গােৱালপাৰাৰ ফকিৰাগ্রাম আদি। ঠাইত পুলিচৰ গুলিচালনাত ন্যূনধিক ২৭গৰাকী লােক ছহিদ হৈছিল। শ শ লােকে কাৰাবৰণ কৰিছিল। মৃত্যুবৰণ কৰাসকলৰ ভিতৰত গহপুৰৰ ১৪ বছৰীয়া কনকলতা বৰুৱাও আছিল।

ভাৰত ত্যাগ আন্দোলন প্রকৃতাৰ্থত এক গণ আন্দোলন আছিল। বহু হেজাৰ সাধাৰণ জনতাই অংশগ্রহণ কৰা এই আন্দোলনে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত হিংসাত্মক ৰূপ লৈছিল। ব্রিটিছ চৰকাৰেও আন্দোলনৰ নেতাসকৰ্লৰ লগতে হেজাৰ হেজাৰ মানুহ গ্রেপ্তাৰ কৰি ১৯৪৫ লৈকে জেলত আটক কৰি ৰাখিছিল। তদুপৰি চৰকাৰে ৰাইজৰ অসামৰিক অধিকাৰ, বাক স্বাধীনতা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা খর্ব কৰিছিল। এনেধৰণৰ কঠোৰ নীতিৰ দ্বাৰা চৰকাৰে এই আন্দোলন দমন কৰিবলৈ সক্ষম হৈছিল। কিন্তু জেলৰ বাহিৰত থকা কিছুসংখ্যক নেতাই আত্মগােপন কৰি এই আন্দোলন অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছিল।

আত্মগােপনকাৰী নেতাসকলৰ ভিতৰত অন্যতম আছিল জয়প্রকাশ নাৰায়ণ, এছ এম যােশী, অৰুণা আছফ আলী, ৰামমনােহৰ লােহিয়া, সুচেতা কৃপালনী। অসমত আত্মগােপনকাৰী সংগঠনৰ নেতৃত্ব বহন কৰিছিল শংকৰচন্দ্ৰ বৰুৱা, মহেন্দ্রনাথ হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীপ্রসাদ গােস্বামী, ব্রজনাথ শৰ্মা আৰু গহনচন্দ্র গােস্বামীয়ে অকল বজালীতে ১৯৪৩ চনত কমেও ৩২টা গােপন স্বেচ্ছাসেৱী কেন্দ্র গঠন হৈছিল এনেধৰণৰ সংগঠন অসমৰ আন আন ঠাইত ঘাইকৈ কামৰূপ, নগাঁও, দৰং শিৱসাগৰতাে গঠিত হৈছিল।

ব্রিটিছৰ সমান্তৰালভাৱে চৰকাৰ গঠন কৰা ভাৰত ত্যাগ আন্দোলনৰ একাংশ নেতাৰ অন্যতম কর্মসূচী আছিল। অসমৰ বজালী, ঢকুৱাখনা, ৰহা, জামুগুৰি, বাঁহজানি আদি ঠাইত আন্দোলনকাৰীয়ে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন গাঁওবাসীৰ হাতত তুলি দিছিল। কংগ্ৰেছৰ নেতাসকল জেল খাটি থকাৰ সময়তে ১৯৪৪ত ঔপনিৱেশিক চৰকাৰে সর্বশক্তি প্রয়ােগ কৰি এই আন্দোলন দমন কৰিছিল। এই আন্দোলনৰ বিফলতাত বহু জাতীয়তাবাদী নেতা হতাশাগ্রস্ত হৈছিল। 

Well here we have provided you Assam's Role in the Historic Quit India Movement in AssameseThis article will be updated soon and we are going to add more to help our viewers to know more about the Quit India Movement in Assam. Thank You.

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Most Searches :

Cultural History of Ahom Kingdom

অসমত কোন তাৰিখে কি দিৱস পালন কৰা হয় ?

অসম দিৱস বা ছ্যুকাফা দিৱসৰ বিষয়ে 

Hello if you like the article on Participation of Assamese in the Quit India Movement, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.