The Reign of Swargadeo Chaolung Sukapha - Asom Divas or Su-Ka-Pha Divas - অসম দিৱস বা ছ্যুকাফা দিৱসৰ বিষয়ে

Biography of Chaolung Sukaphaa in Assamese | Life History of Chaolung Sukaphaa in Assamese

স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ জীৱন কাহিনী

Hello, aspirants are you preparing for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important topic of Assam the Biography of Chaolung Sukaphaa (চাওলুং ছ্যুকাফা) in Assamese for Competitive Exam preparation. Therefore everyone need to know the Life of Chaolung Sukaphaa in Assamese for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams. In this regard "Assam GK Gyan" decides to provide you the Chaolung Sukaphaa's Life And Contributions : An Overall Evaluation for Assam Tet exam. Infact the essay on Chaolung Sukaphaa in Assamese will be a key topic in the Assam GK section for the upcoming Assam Govt Exams. So the Biography of Chaolung Sukaphaa in Assamese Language for APSC/Assam TET 2022 will be a pedestrian to crack your exam.

The Reign of Swargadeo Chaolung Sukapha - Asom Divas or Su-Ka-Pha Divas - অসম দিৱস বা ছ্যুকাফা দিৱসৰ বিষয়ে

ছ্যুকাফা দিৱস বা অসম দিৱস

Swargadeo Chaolung Sukaphaa's Life And Contributions

In this article we have provided you most important Assam GK topic Chaolung Sukaphaa's Life And Contributions for the upcoming Assam TET exam. So, read this important article on Chaolung Sukaphaa essay in Assamese for Assam govt exams. This essay on Chaolung Sukaphaa is useful for general knowledge quiz on Chaolung Sukaphaa are extremely important and should be a part of your preparation.

GK Quiz on Chaolung Sukaphaa : Assam APSC GK Questions

In order to succeed in the prestigious Assam TET, Assam Direct Recruitment Grade III and Grade IV Exam 2022, APDCL, DHS exam it is important that the aspirant has access to the all the Assam GK questions & Answers. Specially the toppers of APSC/Assam TET exams recommend that aspirant start their preparation with the most important topics of syllabus such as Assamese Culture and Literature of Assam for the upcoming exams.

২ ডিচেম্বৰ ছ্যুকাফা দিৱস বা অসম দিৱস আৰু ছ্যুকাফা

Sukapha founded the capital of the Ahom Kingdom in Charaideo in about 1253 A.D. Initially Sukaphaa’s kingdom was bounded by the Brahmaputra, Buri Dihing, the Dikhow and the Naga Hills. However, with time, the Kingdom was expanded to cover the whole of the Brahmaputra valley. Sukaphaa remained in Charaideo until his death in 1268 A.D. Charaideo became the capital of the new Ahom Kingdom and remained so for the next 145 years. Even though the capital of the Ahom Kingdom changed many times after this, but Charaideo remained the symbolic center of Ahom rule. 

Asom Divas or popularly known as Sukaphaa Divas commemorates the advent of the first King Swargadeo Chaolung Sukapha of the Ahom Kingdom in Assam. Sukapha's reign established the Ahom Kingdom that would rule medieval Assam for the next six hundred years, famously resisting other great powers such as the Mughals. The period of Ahom rule is seen as a glorious chapter in the history of Assam. Therefore every year on 2nd December Assam celebrates Asom Divas or Su-Ka-Pha Divas.

Well this article provides you the brief detail about the reign of Swargadeo Chaolung Sukapha in Assam as well as Asom Divas (অসম দিৱস) in Assamese. So, read this most important article on Asom Divas or Su-Ka-Pha Divas for the upcoming Assam TET, APSC Prelims & Mains as well as other Assam govt exams. This article on the reign of Ahom Swargadeo Chaolung Sukapha and Asom Divas (অসম দিৱস) in Assamese are extremely important and should be a part of your preparation.

Biography of Chaolung Sukaphaa in Assamese | Life History of Chaolung Sukaphaa in Assamese

নাম - চাওলুং ছ্যুকাফা (Chaolung Sukaphaa)

জন্ম - ১১৮৯ চন

পিতৃৰ নাম - Chao Chang-Nyeu

মাতৃৰ নাম - Blak Kham Sen

ভ্ৰাতৃ - ছ্যু জৎ ফা আৰু ছ্যু খাম ফা

বংশদ্ভূত - চাং বংশীয় চ্যু ফৈদ

ৰাণী - আই-মে-চাও-লো, নাং-চেন-চুম-ফা, আৰু য়ি-লো-ৱেং-চি-চুম-ফা

পুত্ৰ - ছ্যু- খাং-ফা আৰু ছ্যু-তেউ-ফা

গৃহস্থান : Mong Mao, Yunnan Province, China

ধৰ্ম - আহোম

মৃত্যু - ১২৬৮ চন

সমাধিস্থল - চৰাইদেউ

স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ জীৱন কাহিনী আৰু অসম দিৱস

আহোমৰ আদিপুৰুষ লেংডনৰ আজোনাতি চাও চাং ন্যেওৰ পুত্ৰ টাই আহোম ফৈদৰ ৰাজকোঁৱৰ চাওলুং ছ্যুকাফাই ১২১৫ চনত আঠজন ডাঙৰীয়া আৰু বিষয়া, ৯০০০ জন পুৰুষ-তিৰোতা-ল’ৰা-ছোৱালী, দুটা হাতী আৰু ৩০০০ টা ঘোঁৰা লগত লৈ এক নতুন ঠাইত এখন নতুন ৰাজ্য প্ৰতিষ্ঠাৰ উদ্দেশ্যে এক দীঘলীয়া যাত্ৰা আৰম্ভ কৰে ।‌

The Reign of Swargadeo Chaolung Sukapha - অসম দিৱস বা ছ্যুকাফা দিৱসৰ বিষয়ে

স্বৰ্গদেউ চাওলুং ছ্যুকাফা

ছ্যুকাফাৰ অসম আগমনৰ ইতিহাস -

১৩বছৰ কাল অতিক্ৰম কৰাৰ পাছত ১২২৮ চনৰ ডিচেম্বৰ মাহৰ ২ তাৰিখে অসমীয়া লেখেৰে আঘোণ মাহৰ ১৬ তাৰিখে দৈ-কাও-ৰাং মানে পাটকাই পৰ্বতৰ পাংটো গিৰিপথেদি আহি ব্ৰহ্মপুত্ৰ উপত্যাকাত মানে সৌমাৰ পীঠত প্ৰবেশ কৰে ,এই ভূমিতে তেওঁৰ এক নতুন ৰাজ্য প্ৰতিষ্ঠাৰ যি সপোন আছিল তাক দিঠকত পৰিণত কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে ।‌ পুৰণি অসম চাৰিটা ভাগত বিভক্ত আছিল সৌমাৰপীঠ, ৰত্নপীঠ, কামপীঠ আৰু সূৱৰ্ণপীঠ বা স্বৰ্ণপীঠ ৷ সৌমাৰপীঠত আহি ভৰি দিয়া ছ্যুকাফাই এই ঠাইক ম্যুং ডুন চুন খাম অৰ্থাৎ সোণৰ বাগিচাৰে ভৰা দেশ বুলি আখ্যায়িত কৰিছিল ৷

ছ্যুকাফা আছিল সু বৃহৎ আৰু সু প্ৰাচীন টাই জাতিৰ লোক, যি বিশ্বৰ বিভিন্ন প্ৰান্তত আজিও সিঁচৰতি হৈ আছে ৷ দক্ষিণ চীন য়ুন্নান,গোৱাংজি,গোইঝাও,গোৱাংদং আৰু হুনান প্ৰদেশত, ম্যানমাৰ, থাইলেণ্ড,লাওচ, ভিয়েটনাম আদিত টাই বসতি আজিও বিদ্যমান ৷ এটা ইতিহাস প্ৰসিদ্ধ জাতিৰ ৰাজকোঁৱৰ ছ্যুকাফা প্ৰব্ৰজনৰ জড়িয়তে অসমলৈ আহিছিল ৷ 

অসমৰ প্ৰব্ৰজনৰ ইতিহাস পুৰণি ৷ প্ৰাগঐতিহাসিক কালৰে পৰাই ইয়ালৈ জন প্ৰব্ৰজন হৈ আহিছে ৷ আৰ্য অনাৰ্যৰ মিলনভূমি এই আমাৰ অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা প্ৰাগঐতিহাসিক কালতে ইয়াত ভগদত্তই ৰাজত্ব কৰিছিল যাৰ বৰ্ণনা পৌৰাণিক সাহিত্য তথা মহাভাৰতৰ পাতত পোৱা যায় ৷ নৰকাসুৰ, ভাস্কৰবৰ্মন আদিকৰি বহু ৰজাই তথা শালস্তম্ভ, পাল বৰ্মন আদি বংশই ৰাজত্ব কৰিছিল ৷ 

এনে এক ঐতিহ্যপূৰ্ণ, গৰিমামণ্ডিত পীঠলৈ ছ্যুকাফা আহিছিল তেৰশ শতিকাৰ তৃতীয় দশকত ৷ অসমৰ ৰাজনৈতিক সাংস্কৃতিক আৰু আৰ্থ-সামাজিক ইতিহাসত ছ্যু-কা-ফাৰ আগমন আছিল এক অতিকৈ গুৰুত্বপূৰ্ণ পৰিঘটনা ৷

পৃথিৱীৰ বিভিন্ন দেশৰ ইতিহাস খুচৰিলে দেখা যায় যে সেই ইতিহাস প্ৰব্ৰজনৰ ইতিহাস ৷ বিভিন্ন সময়ত যুদ্ধ বিগ্ৰহ, খাদ্য, বাসস্থান আদিৰ বাবে প্ৰব্ৰজন কৰে আৰু নতুন দেশৰ মাটি, পানী সেৱন কৰি নিজৰ নতুন পৰিচয় গঢ়ি তুলে ছ্যুকাফাইও ইয়াকে কৰিছিল ৷ ছ্যুকাফাই অসমত আগৰে পৰা বসবাস কৰা জাতি জনজাতি সমূহক লৈ নতুন ৰাজ্য গঠন কৰিছিল আৰু বৃহত্তৰ অসমীয়া জাতি গঠনৰ পক্ৰিয়া আৰম্ভ কৰিছিল,  ইয়াৰ বাবে তেওঁ ৰক্তক্ষয়ী যুদ্ধত অৱতীৰ্ণ হোৱা নাছিল ৷ তেখেতে সাম্য আৰু মৈত্ৰীৰ গুণেৰে সকলোকে নিজৰ আপোন কৰি লৈছিল ৷ 

ছ্যুকাফাই সকলোকে একগোট কৰি এক ৰাজনৈতিক ছত্ৰ-ছায়াত থাকি উমৈহতীয়া ভাৱে কাম কৰিবলৈ শিকাইছিল ৷ যুদ্ধ-বিগ্ৰহ এৰাই চলি অতি বিচক্ষণতাৰে চ্যুকাফাই ব্ৰহ্মপুত্ৰ দুয়োপাৰে থকা সৰু সৰু জনগোষ্ঠীয় ৰাজ্যসমূহক একত্ৰিত কৰি ‘‘অসম’’ আৰু ‘‘অসমীয়া জাতি’’ গঢ়ি তুলিছিল। অসমীয়া জাতি আচলতে না না জাতি উপজাতিৰ সংমিশ্ৰণেৰে সৃষ্টি ৷ 

অসমীয়া জাতি গঠন পক্ৰিয়া নিজে নিজে হোৱা নাছিল, ই হৈছিল এক ৰাজনৈতিক প্ৰক্ৰিয়াৰে আৰু এই ৰাজনৈতিক প্ৰক্ৰিয়াৰ পাতনি মেলিছিল বৃহৎ টাই জাতিৰ এটা ফৈদ আহোম সকলে ৷ বৰ্তমানৰ আমাৰ এই আপোন অসমীয়া জাতিটোৰ জন্মদাতা আছিল মহান পুৰুষ চাওলুং ছ্যু-কা-ফা ৷ ছ্যুকাফাক বাদ দি অসম আৰু অসমীয়া জাতিৰ কথা ভাবিবই নোৱাৰি ৷

সকলোৰে মাজত মিত্ৰতা বজাই ৰাখিবলৈ নিজৰ ভাষা টাই আৰু নিজৰ টাই ধৰ্ম ত্যাগ কৰি সকলো জনগোষ্ঠীৰ সৈতে মিলি এক নতুন ভাষা সৃষ্টিত অৰিহনা যোগাইছিল। অনান্য জাতি জনজাতিৰ লগত আহোম ডা-ডাঙৰীয়া সকলে বৈবাহিক সম্পৰ্ক স্থাপন কৰি একতাৰ ডোলেৰে সকলোকে বন্ধাৰ প্ৰয়াস কৰিছিল ।‌ 

আহোম সম্ৰাজ্যৰ প্ৰতিষ্ঠাতা এই জনা মহান স্বৰ্গদেউৰ মৃত্যু হয় ১২৬৮ চনত ।‌ তেখেতৰে মহৎ আদৰ্শ গ্ৰহণ কৰি আহোম সকলে ছশ বছৰকাল অসমত শাসন কৰি উজনি নামনি সকলো এক কৰি জাতি ভেদ আঁতৰাই বৃহৎ অসমীয়া জাতি গঠন কৰিছিল ।‌

চ্যুকাফাই অসমত বুৰঞ্জী চৰ্চাৰ পৰম্পৰাও আৰম্ভ কৰিছিল। চাওলুং চ্যুকাফাই কেৱল আহোম সম্ৰাজ্যই প্ৰতিষ্ঠা কৰাই নহয় অসমীয়া জাতি গঠনৰো প্ৰথম পদক্ষেপ লৈছিল সেয়ে তেওঁক অসমীয়া জাতিৰ পিতৃপুৰুষ আখ্যা দিলেও ভুল কোৱা নহয় ।‌ 

১২২৮ চনৰ ২ ডিচেম্বৰ অসমীয়া লেখেৰে আঘোন মাহৰ ১৬ তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যাকাত মানে সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক এই দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই চ্যুকাফা দিৱসৰ আৰম্ভণী ঘটে। 

ভীমকান্ত বুঢ়াগোঁহাই য়ে শদিয়াৰ মৌজাদাৰ আৰু শদিয়া আঞ্চলিক ছাত্ৰসন্থাৰ লগত আলোচনা কৰি সকলোৰে সহমতত শদিয়াৰ পাটিদৈ নগাঁৱৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ত পোন প্ৰথম বাৰৰ বাবে চ্যুকাফা দিৱস উদযাপন কৰে । ১৯৭৩ চনত একে ঠাইতে চ্যুকাফা দিৱস পতা হয় ,তৃতীয় বছৰ একে ঠাইতে ১৯৭৪ চনত এই দিৱস অতি ধুমধামেৰে পাতে। ভীমকান্ত বুঢ়াগোঁহাই, শদিয়াৰ তেতিয়াৰ মৌজাদাৰ আৰু বুৰঞ্জীবিদ ভবানন্দ বুঢ়াগোঁহাইৰ উদ্যোগত পতা সভাখনত শদিয়াৰ সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে সহযোগ কৰে।

ড° লীলা গগৈ দেৱে সভাপতিত্ব কৰা উক্ত সভাখনৰ উদ্বোধক আছিল অসম সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ বৰা আৰু নিৰ্দিষ্ট বক্তা আছিল ড° নগেন শইকীয়া দেৱ । বক্তৃতা প্ৰসংগত ড° লীলা গগৈয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবি জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়।

ছ্যুকাফা দিৱস বা অসম দিৱস -

১৯৮১ চনত শিৱসাগৰ জিলাৰ চৰাইদেউত চ্যুকাফা দিৱস পতা হয় আৰু তেতিয়াৰ পৰা কেইবাটাও জাতীয় সংগঠনে সেই দিনটো ‘চ্যুকাফা দিৱস’ হিচাপে স্বীকৃতি দিবৰ বাবে দাবী জনাই। ১৯৮৭ চনত ড° লীলা গগৈ, পদ্ম বৰকটকী আৰু ড° ধ্ৰুৱজ্যোতি বৰাই ১ মাৰ্চৰ ‘'আজিৰ সময়'’ কাকতত চ্যুকাফাৰ বিষয়ে বিভিন্ন লেখা লিখি সেই সংখ্যাটো চ্যুকাফা সংখ্যা হিচাপে প্ৰকাশ কৰি উলিয়ায়। 

সেই বছৰৰেই ২ ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত জজ খেল পথাৰত চ্যুকাফা দিৱস আয়োজন কৰা হয় আৰু তাতেই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চ্যুকাফা দিৱসক ‘‘‘অসম দিৱস’’’ হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে। সেই বছৰৰ পৰাই প্ৰতি বছৰে ২ ডিচেম্বৰ তাৰিখ টোক "চ্যুকাফা দিৱস বা অসম দিৱস" ৰূপে সমগ্ৰ অসমতে পালন কৰা হয় ।

যি জন মহান পুৰুষ ছ্যুকাফাৰ অসমত প্ৰবেশ কৰাৰ সৈই ঐতিহাসিক দিনটোক অসম দিৱস হিচাপে পালন কৰোঁ সেইজনা পুৰুষৰ জন্ম ল’ৰালিকাল আদিৰ বিষয়ে সাম্যক জ্ঞান আমাৰ নাথাকিলে এই দিৱস পতাৰ কোনো সাৰ্থকতা নাথাকিব ৷ সেয়ে তেওঁৰ বিষয়ে অকমান জনোৱাৰ চেষ্টা কৰিলোঁ ৷ আজিৰ পৰা প্ৰায় ৯০০ বছৰৰ আগতে ১১৮৯ খ্ৰীষ্টাব্দত মাওলুং ৰাজ্যৰ ৰাজধানী চেন চেত থকা লাকনি নামৰ ঠাইত পুথায়েক চাও তাই পঙৰ কাৰেঙত ছ্যুকাফাই জন্মগ্ৰহণ কৰিছিল ৷

ছ্যু-কা-ফাৰ জন্ম ৰাজ্য মাওলুং অঞ্চল বৰ্তমানৰ ম্যানমাৰত অৱস্থিত য’ত তেওঁৰ পূৰ্বপুৰুষ সকলে সেই ঠাইত ৪৬৮ বছৰ ধৰি ৰাজত্ব কৰিছিল ৷ ছ্যু-কা-ফাৰ পুঠায়েক চাও তাই পঙ এই ৰাজ্যৰে ৰজা মানে চাওফা আছিল ৷ চাও তাই পঙৰ পা-মেউ- পুং নামৰ এটা পুত্ৰ আৰুো নাং মুং ব্লক খাম চেং নামৰ এগৰাকী কন্যা আছিল ৷

The Reign of Swargadeo Chaolung Sukapha - অসম দিৱস বা ছ্যুকাফা দিৱসৰ বিষয়ে

সেই সময়তে মং মিৎ বা মং মিৎ কুপ ক্লিং নও নামৰ ৰাজ্যখনৰ চাওফা বা ৰজা আছিল ফু চাং কাং বা চাওখুন ন্যেউ বা চাওচাং ন্যেউ ৷ মং মিৎ ৰাজ্যৰ ৰজাই মাওলুং ৰাজ্য অধিকাৰৰ বাবে বিশাল সৈন্য বাহিনী লৈ অভিযান আৰম্ভ কৰে তেতিয়া মাওলুঙৰ ৰজা চাও তাই পঙৰ পুত্ৰ পা মেউ পুঙে আক্ৰমণ নকৰিবলৈ অনুৰোধ জনাই যুক্তি দৰ্শালে যে দুয়োখন ৰাজ্য মূলতঃ মং ৰি মং ৰামৰ পৰাা বাঢ়ি অহা ৰাজ্যহে আৰু সকলো একে তাই গোষ্ঠীৰ লোক ৷ ইয়াৰ উপৰিও পা মেউ পুঙে ৰজা চাওচাং ন্যেউলৈ গাভৰু ভনীয়েক নাং মুং ব্লক খাম চেঙক বিয়া দিয়াৰ প্ৰস্তাৱ আগবঢ়ালে আৰু যুদ্ধৰ পৰিবৰ্তে বিবাহৰ জড়িয়তে দুয়ো ৰাজ্যৰ মাজত এক সম্বন্ধ গঢ় লৈ উঠে ৷

মং মিৎ ৰাজ্যৰ ৰজা ফু চাং কাং বা চাওখুন ন্যেউ বা চাওচাং ন্যেউ আৰু মাওলুং প্ৰদেশৰ ৰাজকুমাৰী নাং মুং ব্লক খাম চেঙৰ যুগ্ম জীৱনৰ স্বাক্ষৰ হিচাপে জন্মগ্ৰহণ কৰে আমাৰ অসমীয়া জাতিৰ পিতৃ পুৰুষ চাওলুং ছ্যু-কা-ফাই ৷ ছ্যুকাফাৰ ছ্যু জৎ ফা আৰু ছ্যু খাম ফা নামেৰে দুজন জ্যেষ্ঠ ভ্ৰাতৃ আছিল যি পিছলৈ ছ্যুকাফাৰ পিতৃ ৰাজ্য মং মিৎ ত ৰাজত্ব কৰিছিল ৷

ছ্যুকাফাৰ মাতৃ এগৰাকী বুদ্ধিমতী আৰু ৰূপৱতী তিৰোতা আছিল ৷ সৰুৰে পৰা ছ্যুকাফা আছিল অসীম সাহসী আৰু বলবান ৷ অতি সুন্দৰ চকুতলগা ব্যক্তিত্বৰে ছ্যুকাফাৰ টাই সংস্কৃতিৰ প্ৰতি আছিল অগাধ শ্ৰদ্ধা ৷ কৰ্তব্য পৰায়ণ সদা সজাগ অতন্ত্য অভিমানী হৈয়ো ছ্যুকাফা নীতিৰ ক্ষেত্ৰত আছিল অতিকৈ উদাৰ ৷ 

তীক্ষ্ণবুদ্ধিৰ ছ্যুকাফাই ১৯ বছৰ বয়সলৈকে নিচাদেউক পা মেউ পুঙৰ তত্বাৱধানত ডাঙৰ দীঘল হৈছিল ৷ নিচাদেউকৰ বহু সময়লৈকে সন্তান জন্ম হোৱা নাছিল বাবেই তেওঁকেই মাওলুং প্ৰদেশৰ উত্তৰাধিকাৰী বুলি ভৱা হৈছিল যদিও শেষ বয়সত নিচাদেউকৰ এটি পুত্ৰ সন্তান ছ্যুখান ফাৰ জন্ম হোৱাত ছ্যুকাফাৰ সেই ৰাজ্যৰ ৰজা হোৱাৰ আশা নীতিগতভাৱে চিৰদিনলৈ নিৰ্বাপিত হৈছিল ৷ 

ছ্যুকাফাৰ জন্মৰ কিছুদিনৰ পিছতেই তেওঁৰ পিতৃ মাতৃৰ মৃত্যু হৈছিল যাৰ বাবে তেওঁক পুথায়েক আৰু এনায়েকে তুলি তালি ডাঙৰ দীঘল কৰিছিল ৷ এই পুথায়েক আৰু এনায়েকৰ উপদেশ মতেই ১২০৯ খ্ৰীষ্টাব্দত ছ্যুকাফাই মাওলুং ৰাজ্য ত্যাগ কৰি পিতৃ ৰাজ্য মং মিৎ লৈ যাত্ৰা কৰে ৷ 

মং মিৎ ৰাজ্য দক্ষিণ চীনৰ ইৰাৱতী নদীৰ পশ্চিম পাৰত আছিল ৷ মং মিৎ ৰাজ্যত বৰককায়েক ছ্যু জৎ ফাই তাই প’ ৰাজ্যত, মাজু ককায়েক ছ্যু খাম ফাই তাই পং বা মাওপং বা নৰা ৰাজ্যত আৰু ছ্যুকাফাই মং মিৎ আৰু কেং লাও ৰাজ্যত শাসন কৰিছিল ৷ ছ্যুকাফাই ১১ বছৰ সেই ৰাজ্যত শাসন কৰিছিল ৷ 

অৱশ্যে তেওঁলোকে শাসন বেছিদিন সুখেৰে কৰিব পৰা নাছিল নিজৰ নিছায়েকৰ পুতেক মাওলুংৰ ৰজা ছ্যু খান ফাৰ বাবে ৷ নিজৰ ককাই ভাইৰ মাজতে যুদ্ধ হৈছিল আৰু ছ্যু খান ফাই ছ্যুকাফাৰ ককায়েক ছ্যু জৎ ফাক হত্যা কৰিছিল আৰু ছ্যু খাম ফাক নিজৰ তলতিয়া কৰিছিল ৷

ছ্যুকাফাই ককাই ভাইৰ মাজত কাজিয়া কৰি থকাটো পচন্দ কৰা নাছিল ৷ ভ্ৰাতৃঘাতী সংঘৰ্ষৰ পক্ষপাতী তেওঁ নাছিল তেওঁ আছিল বহল মনৰ বিশাল হৃদয়ৰ ৷ ছ্যুকাফাই সেয়ে দূৰলৈ প্ৰবজন কৰি এখন নতুন স্বাধীন শান্তিময় ৰাজ্য প্ৰতিষ্ঠাৰ পোষকত কৰি পাটকাই পৰ্বতৰ দিশে আগবাঢ়ি আহে ৷ এইয়া হ’ল ছ্যুকাফাৰ প্ৰবজনৰ নতুন ইতিহাস আৰু এটা নতুন জাতি গঠনৰ সম্ভাব্য পক্ৰিয়া যি পিছলৈ আহোম জাতি নামেৰে জনাজাত হয় যাৰ ৬০০ বছৰীয়া সোণোৱালী ইতিহাস সমৃদ্ধ শাসনৰ তলত অসমীয়া জাতিগঠন পক্ৰিয়া আৰম্ভ হৈ পূৰ্ণতা পোৱাৰ দিশে আগবাঢ়ে ৷

নতুন ৰাজ্য প্ৰতিষ্ঠাৰ অভিযানত ওলোৱা ছ্যুকাফাক নিজ ককায়েক ছ্যু খাম ফাই লগত বয়বস্তু মানুহ দি পাটকাই পৰ্বতৰ নামনিলৈকে আগবঢ়াই দিছিল ৷ ছ্যুকাফাক নৰা ৰাজ্য অৰ্থাৎ ছ্যু খাম ফা আৰু তেওঁৰ মানুহে যি ঠাইলৈকে আগবঢ়াই থৈ গৈছিলহি কালক্ৰমত সেই ঠাইৰ নাম নৰা ওলোটা নামে জনাজাত হয় ৷ 

সৌমাৰপীঠলৈ ছ্যুকাফা আহোঁতে লগত তিনিগৰাকী ৰাণী, দুজন মন্ত্ৰী, পাঁচজন কোঁৱৰ, চাৰিজন দেউধাই পণ্ডিত, সাতঘৰ আহোম ডাঙৰীয়া, ৯০০০ সৈনিক, ৩০০০ ঘোঁৰা আৰু ঘোঁৰাচোৱা, এটা দঁঁতাল হাতী, এজনী মাখুন্দী আৰু এজন মাউত আহিছিল ৷ ৰাণী তিনি গৰাকী আছিল ক্ৰমে আই-মে-চাও-লো, নাং-চেন-চুম-ফা, আৰু য়ি-লো-ৱেং-চি-চুম-ফা ৷ মন্ত্ৰী দুজন আছিল থাও-মুং- ক্লিন-লুং-মাংৰাই মানে বুঢ়াগোহাঞি আৰু থাও-মুং-কাং-ঙান মানে বৰগোহাঞি, পাঁচজন কোঁৱৰ ক্ৰমে খুন-বা, খুন-বিং, খুন-চেং,খুন-ফু-কিন আকু খুন-ফ্ৰং ৷ চাৰিজন দেউধাই পণ্ডিত ক্ৰমে থাও-মং-লুং-কাং বা দেওধাই, থাও-খেন-লুং মানে মহন, চাও-ফ্ৰাং আৰু থাও-মং-ম-ছাই মানে বাইলুুং ৷

ছ্যুকাফাৰ লগত অহা পুৰোহিতে ইষ্ট দেৱতা চোম চেং বা চোম-দেওৰ বিগ্ৰহো লগত আনিছিল ৷ লগত কিছু খাৰ বাৰুদ হিলৈ আনিছিল ৷ এইবোৰৰ পৰা অনুমান কৰিব পাৰি যে ছ্যুকাফা অসমলৈ আহোঁতে পৰিয়াল সহ এক বিশাল বাহিনী লগত লৈ আহিছিল ৷ ছ্যুকাফাই প্ৰব্ৰজন কৰি পাটকাই অভিমূখে হুকং উপত্যকাৰ মাজেৰে আহোঁতে বহু টাই মানুহ পৰিয়াল এই প্ৰব্ৰজনৰ লগত লগ লাগি আগুৱাই আহিছিল ৷ তেওঁ প্ৰব্ৰজন কালৰ ১৩ টা বছৰ পাটকাইৰ পৰ্ববতৰ পৰ্বতীয়া জাতি বোৰক বশ কৰি আগুৱাই আহিব লগা হৈছিল ৷ 

হুকং উপত্যকা পাৰ হোৱাৰ পাচত যি পাহাৰ অতিক্ৰম কৰিলে সেই পাহাৰৰ নাম থলে দৈখাম ৷ দৈ খাম পৰ্বত পাৰহৈ এখন নদী পালে এই নদীৰ নাম দিলে খাম খাং আৰু এই নদী পৰা হ্ৰদটোৰ নাম দিয়ে নাং য়াং হ্ৰদ ৷ আৰু এই হ্ৰদৰ পাৰতে ছ্যুকাফাই কিছুদিন জিৰণি লয়, যাৰ স্মৃতিচিহ্ন পৰবৰ্তী কালত উদ্ধাৰ হৈছে ৷ মেজৰ চিঃ আৰ মেকগ্ৰিগ চাহাবে সেই ঠাইত ১৮৮৪ চনত জৰীপ কৰোঁতে এটা শিলত টাই আহোম ভাষাত ছ্যু-কা-ফা নামটো খোদাই কৰি থোৱা পাইছিল ৷ 

ছ্যুকাফাই নাং য়াং হ্ৰদ ত্যাগ কৰাৰ সময়ত নিজৰ সৈন্য বাহিনী হিচাপ কৰি ৬৭ জন সৈনিক কম পোৱাত দেওধাই মহন আৰু বাইলুং পণ্ডিতক বুৰঞ্জী লিখিবলৈ আদেশ দিয়ে ৷ অৱশ্যে টাই আহোমৰ বুৰঞ্জী লিখাৰ পৰম্পৰা তাতোকৈ বহু আগৰ ৷ আহোমৰ বুৰঞ্জী লিখাৰ পৰম্পৰা সেইদিনাৰ পৰাই আৰম্ভ হয় ৷ এই আহোম জাতিৰে এক শ্ৰেষ্ঠ অৱদান হ’ল বুৰঞ্জী সাহিত্য ৷

পাটকাই পৰ্বতত প্ৰথমে আধিপত্য বিস্তাৰ কৰি ছ্যুকাফাই পাংটো গিৰিপথেদি সৌমাৰপীঠৰ ফালে আহে ৷ দৈ কাও ৰাং বা পাটকাই পাৰ হৈ ১২২৭ খ্ৰীষ্টাব্দত ছ্যুকাফা নাম-বং নদী পালেহি ৷ এই নদীৰ কাষেৰে ভটিয়াই আহি নাম-ৰূক পালেহি তাৰপৰা ভটিয়াই আহি বুঢ়িদিহিং নৈপায়৷ দিহিঙেদি ভটিয়াই আহি ছ্যুকাফা যি ঠাই পালেহি সেই ঠাই হ’ল তি-পাম ৷ সেই ওখ আহল বহল অঞ্চলত ভৰি দিয়াৰ লগে লগেই এইয়াই হয় ছ্যুকাফাৰ ম্যুং-ডুন-চুন-খামত প্ৰথম ঐতিহাসিক পদাৰ্পণ ৷ সেই ঐতিহাসিক দিনটো আছিল ১২২৮ খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ ১৬ তাৰিখ ইংৰাজী ২ ডিচেম্বৰ ৷ এইয়াই আছিল অসমীয়া জাতিৰ পিতৃ পুৰুষ চাওলুং ছ্যুকাফাৰ সোণালী খোজ অসমত ছশ বছৰীয়া আহোম ৰাজত্বৰ সূচনা কালৰ প্ৰাক মূহূৰ্ত ৷

ছ্যুকাফাই লগত অনা সৈন্য খাৰ বাৰুদ হিলৈ বৰতোপ আদিৰ দ্বাৰা দেশ জয় কৰিব নিবিছাৰিলে তাৰ সলনি সাম্য মৈত্ৰী বন্ধুত্বৰ সম্বন্ধৰে ৰাজ্য বিস্তাৰ কৰিলে ৷ কোনো জাতিৰ অণুভূতিক কোনোদিনে আঘাট নাহানিলে এইয়া আছিল ছ্যুকাফাৰ কৌশল আৰু দূৰদৃষ্টি যাৰ বাবেই আহোম ৰাজতন্ত্ৰই অসমত বৰঅসম গঢ়িবলৈ সক্ষম হৈছিল ৷

ছ্যুকাফাৰ উদাৰ আৰু বহল মনৰ দৃষ্টান্ত পোৱা যায় ভাষা সংস্কৃতিৰ আদান প্ৰদানৰ ক্ষেত্ৰত এই মূলুকৰ মানুহৰ ভাষা সংস্কৃতিক মোৰ বুলি আঁকোৱালি ল’লে আৰু নিজৰ সংস্কৃতিক সকলোৰে মাজত বিলাই দিলে ৷ 

ছ্যুকাফা বা টাইসকল বৃহৎ মংগোলীয় গোষ্ঠীৰ লোক ৷ মংগোলীয় গোষ্ঠীৰ মাজত সৰু বৰ উচ্চ নীচ ভেদাভেদ অস্পৃশ্যতা নাই ৷ এই মহান মংগোলীয় নৃগোষ্ঠীয় জাতিৰ অংশ হোৱাৰ বাবেই ছ্যুকাফা তথা তেওৰ বংশ পৰিয়াল তথা সমষ্ট আহোম জাতিয়ে সকলো জাতি উপজাতিক সহজেই আকোঁৱালি লৈ আপোন কৰি ল’ব পাৰিছিল সেই উদাৰতা মহানুভৱ আজিও আহোম জাতিৰ মাজত বিদ্যমান ৷ 

সমতা আৰু ভ্ৰাতৃত্ববোধ আছিল ছ্যুকাফাৰ জনগোষ্ঠীয় মজ্জাগত চৰিত্ৰ আৰু বৈশিষ্ট্য ৷ যদিও তেওঁ দূৰদৃষ্টি সম্পন্ন আৰু সু নেতৃত্ব দিব পৰা ব্যক্তি আছিল কিন্তু ছ্যুকাফাই অসমত বিশাল আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিব পৰা নাছিল তেখেতৰ উত্তৰ পুৰুষেহে অসমত বিশাল সম্ৰাজ্য গঢ়ি তুলিছিল ৷ ছ্যুকাফা আছিল বিশাল আহোম সাম্ৰাজ্য গঢ়াৰ স্বপ্নদ্ৰষ্টা পুৰুষ ৷

মৃত্যু : 

এইজনা মহান তাই ৰাজকোঁৱৰ, অসমীয়া জাতিৰ জনক, জাতিৰ পিতৃ স্বৰূপ, প্ৰথমজন অসমীয়া চাওলুৎ ছ্যু-কা-ফাই চৰাইদেউত ৰাজধানী পাতি ৩৯ বছৰ ৪মাহ ১৪ দিন ৰাজত্ব কৰি ১২৬৮ খ্ৰীষ্টাব্দত ৭৯ বছৰ বয়সত এই পৃথিৱীৰ পৰা চিৰবিদায় মাগে ৷ তেখেতে বান্ধিযোৱা বৰ অসমৰ ভেটিতে তেওঁৰ উত্তৰপুৰুষে বীৰত্বৰে ছশ বছৰ ধৰি এই ভূমিত শাসন কৰে ৷ মৃত্যুৰ পাছত চৰাইদেউ পাহাৰতে ছ্যুকাফাক আহোম নীতি নিয়মৰে মৈদাম দিয়া হয় ৷ মৃত্যুৰ সময়ত ছ্যুকাফাই দুজন পুত্ৰ ছ্যু- খাং-ফা আৰু ছ্যু-তেউ-ফাক এৰি যায় ৷ 

Well here we have provided you the most important topic of Assam History the Biography of Chaolung Sukaphaa in Assamese | Life History of Chaolung Sukaphaa in Assamese and Asom Divas or popularly known as Sukaphaa Divas for Assam TET, APSC, PNRD, DHS, APDCL, Assam Police exam. Thank You.

Must Read : Cultural History of Ahom Kingdom 

Must Read : Bir Chilarai-The Great Warrior of Koch Kingdom

Must Read : Names of Ahom Kings and their Ruling Period 

Must Read : Life History of Lachit Barphukan in Assamese

Download GK E-book for Competitive Exam -  Click Here

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

Recent Most Searches :

Renowned Writers of Assamese Literature and Culture 

Assam History GK on Ahom Kingdom

Hello if you like the article on The Reign of Swargadeo Chaolung Sukapha - Asom Divas or Su-Ka-Pha Divas - অসম দিৱস বা ছ্যুকাফা দিৱসৰ বিষয়ে in Assamese Language, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.