Child Development and Pedagogy Questions and Answers for Assam TET Exam

GK on Educational Psychology for Assam UP TET Exam - Important Questions Of Education Psychology in Assamese Set 2

অসম টেট ২০২১ ৰ বাবে উপযোগী শিক্ষা মনোবিজ্ঞানৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

Hello, aspirants are you preparing for Assam TET Exam? If yes, then you must be aware of the most important Educational Psychology (শিক্ষা মনোবিজ্ঞান) of Child Development and Pedagogy (শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান) for the upcoming Assam TET exam 2021. Therefore every aspirants of Assam TET need to know the Educational Psychology for Assam UP TET Exam. In this regard "Assam GK Gyan" decides to provide you the most important information about Child Development and Pedagogy questions and answers for Assam TET Exam according to the syllabus. Infact the important questions and answers of Education Psychology in Assamese will be a key topic in the Child Development and Pedagogy (শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান) section for the upcoming Assam TET UP level exam. So the GK on Educational Psychology of Child Development and Pedagogy will be a pedestrian to crack your exam.

Child Development and Pedagogy Questions and Answers for Assam TET Exam

Education Psychology for Assam TET Exam

GK on Educational Psychology for Assam UP TET Exam

Read all these most important GK on Educational Psychology for Assam UP TET Exam 2021. These Educational Psychology gk questions and answers are extremely important and should be a part of your preparation.

Child Development and Pedagogy Questions and Answers

শিশু বিকাশ আৰু শিক্ষাবিজ্ঞানৰ লগত জড়িত প্ৰশ্নোত্তৰ

বিশেষকৈ অসম টেট ২০২১ বৰ্ষৰ পৰীক্ষাৰ বাবে NCTE ৰ নিৰ্দেশনা অনুসৰি ষষ্ঠ মানৰ পৰা অষ্টম মানলৈ যি Syllabus প্ৰকাশ কৰিছে, সেই Syllabus অনুসৰি উক্ত পেপাৰ খনৰ "শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান" (Child Development and Pedagogy) ভাগটিৰ বাবে "শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান" বিষয়টো অতি গুৰুত্বপূৰ্ণ।

এই Article টোৰ জড়িয়তে আমি শিশু বিকাশ আৰু শিক্ষাবিজ্ঞানৰ "কৈশোৰ কাল"ৰ লগত জড়িত প্ৰশ্নোত্তৰৰ বিষয়ে অৱগত হ'ম।

Important Questions Of Education Psychology

কৈশােৰকাল কাক বােলে?

বিশেষকৈ ১২ বছৰৰ পৰা ১৮ বছৰলৈকে এই সময়ছােৱাক কৈশােৰ কাল বােলে। কৈশােৰকালক ইংৰাজীত 'Adolescence বােলে। এই 'Adolescence' শব্দটো লেটিন শব্দ 'Adolescere' শব্দৰ পৰা আহিছে। ইয়াৰ অর্থ 'to grow' অর্থাৎ 'বর্ধন হােৱা'। এই কালছােৱা দ্রুত দৈহিক বৃদ্ধিৰ সময়। এই সময়ত শৰীৰৰ অংগ-প্রত্যংগবােৰ বৃদ্ধি আৰু বলৱান হৈ উঠে, যৌন গ্রন্থিবােৰ সক্রিয় হয়, ল'ৰা-ছােৱালীয়ে প্রজননিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকামিতা এই সময়ৰ বিশেষ লক্ষণ। ল’ৰাৰ ক্ষেত্ৰত বীৰ্য্য ধাৰণ ক্ষমতা, স্বপ্নদোষ, স্বৰভংগ আদি হয়। ছােৱালী ঋতুমতী হয়। ল’ৰাই পৌৰুষত্ব আৰু ছােৱালীয়ে নাৰীত্ব লাভ কৰে। মনােবিজ্ঞানীসকলে এই কালছােৱা জীৱনৰ জটিল তথা সংকটপূর্ণ কাল বুলি কৈছে। 

আমেৰিকাৰ চিন্তাবিদ ষ্টেনলি হ'লে (Stanley Hall) কৈশােৰকালক ধুমুহা আৰু পীড়নৰ (Storm and stress) সময় বুলি কৈছে। ল'ৰা-ছােৱালীৰ দৈহিক, মানসিক, আৱেগিক, যৌন জীৱনৰ অভিজ্ঞতা আদিয়ে এনে ধুমুহা আৰু পীড়াৰ সৃষ্টি কৰে। 

আর্নেষ্ট জোনচে (Earnest Jones) কৈশােৰকালক শৈশৱৰ পুনৰাবৃত্তি বুলি অভিহিত কৰিছে। অথাৎ শৈশৱকালৰ দেহ মানসিক বৈশিষ্ট্য কিছুমান এই স্তৰত পুনৰাবৃত্তি হােৱা দেখা যায়। কৈশােৰকালক বয়ঃসন্ধিকাল বুলিও কোৱা হয়।

কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

১। কৈশোৰ কালৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ কৈশোৰ কালত দ্রুত শাৰীৰিক বিকাশ লক্ষ্য কৰা যায়।

২। কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়?

উত্তৰঃ কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা পৰিৱৰ্তন আৰু বৈশিষ্ট্যসমূহলৈ লক্ষ্য কৰি ১০-১১ বছৰ বয়সৰ পৰা ১৮-১৯ বছৰ বয়সৰ মাজৰ সময়খিনিকে সচৰাচৰ কৈশোৰ কাল বুলি জনা যায়। বাল্যকাল আৰু প্রাপ্তবয়স্কৰ মাজৰ সময়ছোৱা হৈছে কৈশোৰ কাল।

৩। মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰকাল বুলি অভিহিত কৰিব পাৰি?

উত্তৰঃ কৈশোৰ কালক।

৪। নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাবৰ উন্মেষ হোৱাত সহায় কৰে ?

উত্তৰঃ কিশোৰ-কিশোৰীক নৈতিকতাৰ বিকাশে সামাজিক দায়বদ্ধতা, দেশপ্রেম বা বিশ্ব প্রেম আদি ভাৱৰ উন্মেষ হোৱাত সহায় কৰে।

৫। কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষাক কি বুলি কোৱা হয়?

উত্তৰঃ মাধ্যমিক শিক্ষা।

৬। কৈশোৰকালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ কৈশোৰকালৰ দ্রুত বিকাশ সহজেই লক্ষণীয়। যৌৱন প্ৰাপ্তিৰ লগে লগে হোৱা জৈৱিক পৰিৱর্তনে ল’ৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈঘ্য বৃদ্ধি কৰাৰ লগে লগে নাৰী-পুৰুৰ দেহৰ গঠনৰ পাৰ্থক্যও পৰিলক্ষিত হয়।

প্রজনন ক্ষমতা কৈশোৰকালৰ এক প্রধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন, কণ্ঠস্বৰৰ পৰিৱর্তন আনিয়ে দেখা দিয়ে। এই অভাৱনীয় পৰিৱর্তনসমূহে কিশোৰ-কিশোৰীৰ মনলৈ আত্ম সচেতনতাৰ ভাৱ আনি দিয়ে, যিটোৱে অনাহক লাজ, ভয় বা উৎকণ্ঠাৰ সৃষ্টি কৰে।

বিপৰীত লিংগকামিতাও কৈশোৰকালৰ আন এক প্রধান বৈশিষ্ট্য। এই সময়ছোৱাত কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ প্রতি আসক্তিৰ ভাৱ অনুভৱ কৰে।

৭। কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱর্তন সমূহ ফঁহিয়াই লিখা।

উত্তৰঃ কৈশোৰ কালছোৱাত মানুহৰ নিজস্ব মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে। ধৰ্মৰ প্রতি, দর্শনৰ প্রতি বা জীৱনৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু তাৰেই ফলস্বৰূপে মানসিক দ্বন্দৰো সৃষ্টি হ’ব পাৰে। 

কৈশোৰকালত সমাজ চেতনাৰ লগতে গঢ়ি উঠে নিঃস্বার্থ মনোভাৱ। যাৰ ফলত কিশোৰে নতুন সমাজ গঢ়াৰ সপোনত – নৈতিকতাৰ এনে বিকাশে সামাজিক দায়বদ্ধতা, দেশপ্রেম বা বিশ্বপ্ৰেমৰ ভাৱৰ উন্মেষ হোৱাত সহায় কৰে।

৮। কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কি দৰে হয় ?

উত্তৰঃ কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূর্ণ গতিত হয়। মানসিক শক্তি মানে হ’ল- বুদ্ধি, বিমূর্ত চিন্তনৰ ক্ষমতা, যুক্তি শক্তি, বিভিন্ন দিশত আগ্রহ আদি। কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু হ্রাস পায়, শেষৰ পিনে ই দ্রুতগতি লয় আৰু কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকর্ষ লাভ কৰে।

শৈশৱ কালৰ অনুকৰণ শিক্ষাৰ সলনি নিজৰ বিচাৰ-বুদ্ধিক যুক্তিসংগতভাবে চিন্তা কৰিব পৰা শক্তিৰ বিকাশ এই কালছোৱাতেই হয়। মূর্ত চিন্তাৰ বিপৰীতে বিমূর্ত চিন্তনৰ ক্ষমতা কৈশোৰকালৰ এক বৈশিষ্ট্য, যিটোৱে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যোগায়। এক কথাত ক’বলৈ গ’লে, জীৱশ্রেষ্ঠ মানুহৰ ভিন-ভিন মানসিক ক্ষমতাৰ পূর্ণ বিকাশ ঘটে এই কৈশোৰকালতে।

৯। কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি?

উত্তৰঃ কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় - ভাষা শিক্ষা, গণিত, বিজ্ঞান আৰু সমাজবিজ্ঞান।

১০। কিশোৰ-সংস্কৃতি কি ?

উত্তৰঃ কৈশোৰ কালৰ সামাজিক বিকাশ এক লেখত ল’বলগীয়া বিষয়। দলীয় মনোভাবৰ লগতে সহমর্মিতাৰ উন্মেষ হয় এই কালছোৱাত। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক ‘উপ-সংস্কৃতি’ যাক কিশোৰ-সংস্কৃতি বুলি অভিহিত কৰা হয়। কিশোৰ অৱস্থাৰ চা-চলন, সাজ-পাৰ, বাকৃভংগী, ধ্যান-ধাৰণা৷ আনকি ৰাজনৈতিক মতাদর্শ আদিতো কৈশোৰ সংস্কৃতিয়ে যথেষ্ট প্রভাৱ পেলোৱা দেখা যায়।

১১। কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ কৈশোৰ কাল জীৱনৰ ৰূপান্তৰৰ কাল। এই কালতে জীৱনলৈ নানান শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক আনি পৰিৱৰ্তনসমূহ আহি পৰে। অর্থাৎ শিশুটোৰ আৱেগিক অৱস্থা বা সামাজিক অৱস্থাই বিকাশ লাভ কৰে।

আৱেগিক বিকাশঃ

কিশোৰ কিশোৰীৰ আৱেগিক দিশৰ বিকাশ পূর্ণতম বুলিব পাৰি। আৱেগ-অনুভূতিৰ অত্যাধিক বিকাশ হোৱাৰ বাবেই তেওঁলোক আৱেগপ্রৱন হয় আৰু তেওঁলোকৰ জীৱন সম্পুর্ণভাবে আৱেগে পৰিচালিত কৰে। আবেগে তেওঁলোকৰ মনত এক আলোড়নৰ সৃষ্টি কৰে যাৰ ফলত তেওঁলোকৰ মন কেতিয়াবা অতি আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবা্দি হৈ পৰে। আশা নিৰাশাৰ দোমোজাত পৰি বহুতৰে আনৰ লগত মিলিব নোৱৰা সমস্যাই দেখা দিয়ে। সুস্থভাৱে নিজৰ মনটো পৰিচালনা কৰিব নোৱাৰাৰ বাবেই কিশোৰ-কিশোৰী বিদ্রোহীভাবাপন্নও হৈ পৰে। পৰিয়াল বা সমাজৰ প্রতি এনে নেতিবাচক মনোভাব পোষন কৰাসকল যথাযথ ভাবে শিক্ষিত কৰিব নোৱাৰিলে তেওঁলোকৰ মাজত অপৰাধ প্রৱণতাই দেখা দিয়ে। এয়াই হল কৈশোৰত আৱেগিক বিকাশৰ লক্ষণ৷

সামাজিক বিকাশঃ

কৈশোৰৰ সামাজিক বিকাশ এক উল্লেখনীয় বিষয়। দলীয় মনোভাব লগতে সহমর্মিতাৰ উন্মেষ হয় এইখিনি সময়তে। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে। সমনীয়াৰ সৈতে ঘোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত এক “উপসংস্কৃতি’ গঢ় লৈ উঠে যাক কিশোৰ সংস্কৃতি বোলা হয়। কিশোৰ অৱস্থাৰ চাল চলন, বাকভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতিক মতাদর্শ আদিতো এই সংস্কৃতিয়ে প্ৰভাৱ পেলায়। 

কিশোৰসকলৰ মাজত ধনাত্মক দিশতকৈ ঋণাত্মক দিশৰহে প্ৰভাৱ বেছি। মদ, ড্রাগছ আদিৰ প্রতি আসক্তি অথবা সমাজৰ স্বীকৃতি আচৰণৰ প্রতি অনীহা আদিও সামাজিক বিকাশৰে লক্ষণ। সেয়েহে এই সময়তে যথার্থ শিক্ষাৰ প্ৰয়োজন, যাৰ অবিহনে এনে সময়তে কিশোৰসকল বিপথগামী হ’ব পাৰে।

১২। কৈশোৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযোগী ? উদাহৰণসহ বর্ণনা কৰা। উদাহৰণসহ বৰ্ণনা কৰা৷

উত্তৰঃ কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষা হ’ল মাধ্যমিক শিক্ষা। কৈশোৰ বা সন্ধি কালৰ ল’ৰা-ছোৱালী পঢ়া শিক্ষানুষ্ঠানসমূহ হল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান। অৱশ্যে কৈশোৰৰ শিক্ষা ব্যৱস্থাৰ কথা কওঁতে আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাৰ সমানে গুৰুত্ব আছে।

ব্যক্তি জীৱনৰ জটিলতাপূর্ণ কৈশোৰ কালটোক সামৰি লোৱা মাধ্যমিক শিক্ষাই সমগ্র শিক্ষা ব্যৱস্থাতে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

স্বাধীনতাৰ পৰৱর্তী দশকটোতে গঠিত হোৱা মাধ্যমিক শিক্ষা আয়োগে (১৯৫২-৫৩) মাধ্যমিক শিক্ষাৰ তিনিটা লক্ষ্যৰ বিষয়ে ব্যক্ত কৰিছে। সেই কেইটা হল –

১) দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক অর্থনৈতিক সমস্যাৰ পটভূমিত বর্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ় দিয়া

২) নিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্রয়োজনীয় গুণ আয়ত্ত কৰি অথনৈতিক অগ্রগতিত সহায় কৰা

৩) জাতীয় সংহতিৰ বিকাশ সাধন কৰা।

আনহাতে ১৯৮৬ চনত ভাৰত চৰকাৰে ঘোষণা কৰা ৰাষ্ট্রীয় শিক্ষা নীতিতো মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লোৱা হৈছে। আনহাতে একৈশ শতিকাৰ শিক্ষা ব্যৱস্থাৰ বাবে গঠিত হোৱা আন্তৰাষ্ট্ৰীয় শিক্ষা আয়োগে (১৯৯৬) মাধ্যমিক শিক্ষাক জীৱনৰ আলি-কেঁকুৰী (Crossroads of life) বুলি অভিহিত কৰিছে। য’ত ভৱিষ্যত জীৱনৰ অতি লাগতিয়াল সমলসমুহ আহৰণ কৰিব পাৰি আৰু যোগ্যতা, অভিৰুচি প্রয়োজন অনুসৰি নিজস্ব পথেদি জীৱনৰ বাটত অগ্রসৰ হ’ব পাৰি।

কৈশোৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্রমৰ চাৰিটা প্রাথমিক আৰু মৌলিক বিষয় হল –

(ক) ভাষা শিক্ষণ,
(খ) গণিত,
(গ) বিজ্ঞান আৰু
(ঘ) সমাজ বিজ্ঞান।

ইয়াৰ লগতে কাৰিকৰী শিক্ষা, স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা, পৰিবেশ শিক্ষা, যৌন শিক্ষা, জনশিক্ষা, মানৱ অধিকাৰ আৰু শান্তিৰ শিক্ষা, মূল্যবোধৰ শিক্ষা আদিকো ওপৰঞ্চি বিষয় হিচাপে শিকোৱাৰ পৰামর্শ দিয়া হৈছে। এনেবোৰ বিষয় অন্তর্ভুক্তিয়ে কিশোৰৰ মনৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰি কিশোৰসকলক এক সুস্থ মানৱ হোৱাত সহায় কৰিব ।

১৩৷ চমু টোকা :

দিবাস্বপ্ন

দিবাস্বপ্ন হল অলীক কল্পনা। ই কৈশোৰ কালৰ সমস্যা। কল্পনা শক্তিৰ অভূতপূর্ব বিকাশে কিশোৰ কিশোৰীৰ মনত কল্পনাৰ মায়াজাল বিস্তাৰ কৰে আৰু বহুক্ষেত্ৰত বাস্তৱৰ পৰা ফালৰি কাটি কেৱল কল্পনাৰ জগততে তেওঁলোকে বিচৰণ কৰে। অৱশ্যে দিবাস্বপ্নই কিশোৰৰ সৃজনী শক্তিত যোগাত্মক প্রভাৱো পেলাব পাৰে। আনহাতে এনেবোৰ কল্পনাই সৃষ্টিশীল কাম-কাজত অংশ গ্ৰহণ কৰাতো প্ৰেৰণা দিয়ে। বহুতে দুঃসাহসিক কামত অংশগ্রহণ কৰে। বহুতৰ মাত ভ্রমণতৃষ্ণা জাগে, দেশ-বিদেশ ফুৰাৰ ইচ্ছা হয় আৰু অজানিতে ক’ৰবালৈ গুচিও যায়। মুঠতে দিবাস্বপ্ন হ’ল কৈশোৰ কালৰ অন্তহীন কল্পনা।

বীৰপূজা

বীৰপূজাৰ প্রবৃত্তি কৈশোৰৰ আন এক বৈশিষ্ট। নিজৰ ভাল লগা ব্যক্তিৰ জীৱনাদর্শ গ্ৰহণৰ প্ৰবৃত্তি এই সময়তে প্রৱল হৈ পৰে। তেনে ব্যক্তিৰ সকলো গুণ মানুহে নীৰৱে অনুকৰণ কৰিবলৈ লয়। সাধাৰণতে এই ক্ষেত্ৰত ছবি জগতৰ, খেল জগতৰ, সংগীত জগতৰ ব্যক্তিসকলকে কিশোৰে আদর্শ হিচাপে গ্ৰহণ কৰে। বীৰপূজাৰ এই প্রবৃত্তিক সঠিক পথেৰে লৈ কৈশোৰ কালৰ পাঠ্যক্ৰমত মহৎ লোকৰ জীৱনী পাঠ অন্তর্ভুক্ত হয়।

অপৰাধ প্ৰৱণ কিশোৰ

কৈশোৰৰ আবেগিক অনুভূতি অন্তহীন। এনে অত্যাধিক আৱেগৰ ফলতে কিশোৰৰ মন কেতিয়াবা আশাবাদী আৰু কেতিয়াবা নিৰাশাবাদী হৈ পৰে। আশা নিৰাশাৰ দোমোজাই বহুতকে সামাজিকভাৱে মিলিব নোৱাৰা সমস্যাত পেলায়। এনেকুৱা অৱস্থাত মনক সুস্থভাৱে পৰিচালনা কৰিব নোৱাৰি কিশোৰে সমাজৰ প্ৰতি নেতিবাচক মনোভাব গ্রহণ কৰে আৰু এক সময়ত অপৰাধপ্রবণ হৈ উঠে। এনে অপৰাধপ্রৱণ কিশোৰক যথেষ্ট আৰু মৰমৰে সহযোগিতা কৰিব লাগে। তেওঁৰ প্ৰতি অমনোযোগিতাই তেওঁৰ এনে প্রৱণতা আৰু বঢ়াইহে তুলিব পাৰে।

১৪। 'কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত।' – ব্যাখ্যা কৰা।

উত্তৰঃ কিশোৰ-কিশোৰীৰ মনৰ এক ডাঙৰ সংঘাত হ’ল ব্যক্তিত্ব গঠনৰ সংঘাত। এই সময়ছোৱাতে নানাজনক দেখি, নানা কথা জানি তাৰ মাজত তেওঁলোকে নিজক আৱিস্কাৰ কৰাৰ চেষ্টা কৰে। এয়া হ’ল ব্যক্তিত্ব গঠনৰ সময়। সেয়েহে সকলোৱেই এই সময়ছোৱাত এক ধৰণৰ (Identity Crisis) সমস্যাত ভোগে। নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি বাস্তৱৰ নানা জটিলতা কিশোৰসকলে নিজে ফঁহিয়াই চাব নোৱাৰে। তেওঁলোকৰ মনত গঢ়ি উঠা আদৰ্শৰ লগত বাস্তৱৰ সংঘাতে তেওঁলোকৰ মনত সংঘাতৰ জন্ম দিয়ে। ই হ’ল নিজস্বতাৰ সংঘাত। কেতিয়াবা এনে শক্তিশালী সংঘাতেই সমাজৰ গাঁথনিও সলাই পেলাই নতুন সমাজ সৃষ্টিত অৰিহণা যোগায়। সেয়েহে লেখিকাই এই নিজস্বতাৰ সংঘাতক কৈশোৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হিচাপে চিনাক্ত কৰিছে।

১৫। 'বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্রধান বৈশিষ্ট্য৷’ -চমুকৈ আলোচনা কৰা।

উত্তৰঃ কৈশোৰকালত কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ প্রতি আসক্তিৰ ভাৱ অনুভৱ কৰে। প্ৰকৃততে আমাৰ দেহত থকা অন্তঃস্রাৱী গ্রন্থিসমূহৰ নিঃসৰণৰ ফলস্বৰূপে হোৱা জৈৱ ৰাসায়নিক প্রক্রিয়াৰেই এই ফল। এই প্রক্রিয়াত দেহৰ যৌন গ্রন্থিসমূহ সক্রিয় হৈ উঠি কিশোৰক অফুৰন্ত শক্তিৰ গৰাকী কৰি তোলে। এই শক্তিক সুপথে পৰিচালিত কৰিব পাৰিলে কৈশোৰত দেখা দিয়া বহুবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।

* Must read : Child Development and Pedagogy Questions and Answers Set 1

Well here we have provided you the concept and brief knowledge about Child Development and Pedagogy as questions and answers for Assam TET. This article will be updated soon and we are going to add more related contents to help our viewers to know more for the preparation of upcoming much awaited Assam TET for UP level exam. Thank You.

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Most Searches :

* Renowned Writers of Assamese Literature and Culture 

Names of Ahom Kings and their Ruling Period 

First in Assamese First Assamese

Cultural History of Ahom Kingdom

Hello if you like the article on Child Development and Pedagogy Questions and Answers for Assam TET Exam, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.