Bir Chilarai-The Great Warrior of Koch Kingdom | মহান যোদ্ধা বীৰ চিলাৰায়

Ancient History of Assam : Chilarai - The Mighty Warrior of Koch Kingdom

মহান যোদ্ধা বীৰ চিলাৰায়

Chilarai, the Great General of Koch Kingdom is a symbol of the might and valour of great Koch Dynasty.

Bir Chilarai-The Great Warrior of Koch Kingdom

Bir Chilarai-The Great Warrior of Koch Kingdom

চিলাৰায় বা বীৰ চিলাৰায় ৰ জীৱন পৰিক্ৰমা

নাম : চিলাৰায় বা বীৰ চিলাৰায়

প্ৰকৃত নাম : শুক্লধ্বজ

জন্ম : ১৫১০ খ্ৰীষ্টাব্দত

পিতৃৰ নাম : বিশ্বসিংহ

মাতৃৰ নাম : পদ্মাৱতী

মৃত্যু : ১৫৭৯ খ্ৰীষ্টাব্দত

চিলাৰায় বা বীৰ চিলাৰায় ৰ জন্ম হৈছিল ১৫১০ খ্ৰীষ্টাব্দত। প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ ষষ্ঠদশ শতিকাৰ কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ , মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ । চিলাৰায় নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল।। তেওঁ চিলাৰ দৰে যুদ্ধ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায় । চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেই কাৰণে তেওঁক লোকে চিলাৰায় দেৱান বুলিছিল । তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল । 

ইতিহাসত পোৱা যায় যে, কোঁচ বংশৰ প্ৰতিষ্ঠাতা বিশ্ব সিংহই ১৯ গৰাকী কুঁৱৰী বিবাহ কৰাইছিল । কুঁৱৰী সকলৰ ভিতৰত জ্যেষ্ঠ গৰাকী নেপালৰ আছিল– তেওঁৰ পুত্ৰ নৰসিংহ । গৌড়ৰ দুগৰাকী কুঁৱৰী আছিল : হেমপ্ৰভা আৰু পদ্মাৱতী দেৱী । নৰ নাৰায়ণ হেমপ্ৰভাৰ পুত্ৰ আৰু শুক্লধ্বজ পদ্মাৱতীৰ পুত্ৰ আছিল । বিশ্ব সিংহৰ মুঠ ১৯ জন পুত্ৰ আছিল বুলি বুৰঞ্জীত পোৱা যায়।

চিলাৰায়ে বাল্য কালত বাৰাণসী ক্ষেত্ৰলৈ গৈ তাৰ ব্ৰহ্মানন্দ বিশাৰদ নামৰ এজন সন্ন্যাসীৰ ওচৰত বিদ্যা গ্ৰহণ কৰিছিল। বাৰাণসীত তেওঁ হিন্দুৰ বেছিভাগ ধৰ্মগ্ৰন্থ আৰু যুদ্ধ শিক্ষা গ্ৰহণ কৰি সকলো বিষয়তে পৰিপক্ক হৈ উঠিছিল।

বিশ্ব সিংহই মৃত্যুৰ আগতেই পুত্ৰ সকলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰি ৰাখিছিল। সেই মতে, জ্যেষ্ঠ পুত্ৰ নৰ সিংহ‌ই বিদেশলৈ যাবলৈ, নৰ নাৰায়ণে নিজ দেশত ৰাজত্ব কৰিবলৈ আৰু চিলাৰায়ে ৰণধৰ্ম পালন কৰিবলৈ আদেশ পাইছিল।

১৫৩৩ চনত বিশ্ব সিংহৰ মৃত্যু হয় । সেই সময়ত,চিলাৰায় আৰু নৰ নাৰায়ণ দুয়ো বাৰাণসীত আছিল। সেয়ে বিশ্ব সিংহৰ জ্যেষ্ঠ পুত্ৰ নৰ সিংহ ৰাজপাটত বহে । নৰনাৰায়ণ-চিলাৰায়ৰ “ৰতনী ধাই” নামৰ ধাইগৰাকী ৰাজ অন্তঃপুৰত আছিল। তেওঁ স্বৰ্গী মহাৰাজৰ আদেশ উলঙ্ঘা হোৱা দেখি “নাগভোগ” নামৰ এজন সন্ন্যাসীৰ হাতত চিঠি দি দুয়োকে ৰাজধানীলৈ মাতি পঠিয়ায়। নৰ নাৰায়ণ-চিলাৰায় দুয়ো ৰাজধানীত উপস্থিত হৈ নৰসিংহক পৰাস্ত কৰে। তেতিয়া নৰ সিংহ নেপাললৈ পলাই যায়। 

১৫৩৪ খ্ৰীষ্টাব্দত নৰ নাৰায়ণ কোঁচ বংশৰ ৰাজপাটত উঠে আৰু চিলাৰায় যুৱৰাজ হয়। ৰাজ-অভিষেক হোৱাৰ সময়ত চিলাৰায়ক সংগ্ৰাম সিংহ নাম দিয়া হয়।

নৰ নাৰায়ণে সিংহাসনত উঠিয়েই পিতৃ ৰাজ্য বঢ়াবলৈ মন কৰে । শুক্লধ্বজৰ সহায়ত নৰ নাৰায়ণে কোঁচ ৰাজ্যৰ বিস্তাৰ কৰে । ১৫৬৩ চনৰ জুন মাহত চিলাৰায়ে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে । ইয়াৰ পিছত, তেওঁ কাছাৰ আক্ৰমণ কৰি ৰাজধানী মাইবং দখল কৰে । ফলত কছাৰী ৰজাই কোঁচ ৰজাৰ বশ্যতা স্বীকাৰ কৰে। 

কাছাৰ জয় কৰি উঠিয়েই শুক্লধ্বজে মণিপুৰ, শ্ৰীহট্ট, খাইৰাম, চট্টগ্ৰাম, ডিমৰুৱা আদি ৰাজ্য জয় কৰি বশ্যতা স্বীকাৰ কৰোৱায়। জয়ন্তীয়া ৰজা, ত্ৰিপুৰাৰ ৰজা আৰু ছিলেটৰ ৰজাই তেওঁৰ সৈন্যৰ হাতত মৃত্যুবৰণ কৰিছিল।

চিলাৰায়ৰ শাসন কালত দেশৰ সকলো কাৰ্য্যতে ৰাজ্যৰ শাসন বান্ধ সুদৃঢ় কৰিবলৈ আলি, পুখুৰী, দেৱালয়, ৰাজ্যৰ প্ৰধান প্ৰধান লোকক বৃত্তি আদি দানৰ ব্যৱস্থা কৰাইছিল। নৰ নাৰায়ণৰ আদেশ মতে, চিলাৰায়ে কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ সংস্কাৰ কৰিছিল।

চিলাৰায় এজন পণ্ডিত আছিল ; তেওঁ পণ্ডিতক অশেষ আদৰ কৰিছিল। কোনো দূৰ দেশৰ পৰা পণ্ডিত আহিলে, চিলাৰায়ৰ সহায়তেই ৰজাৰ পৰা বৃত্তি বিধান লাভ কৰি জ্ঞান-চৰ্চ্চা কৰিছিল। চিলাৰায়ৰ সহায়তেই শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। 

শংকৰদেৱ, ৰাম সৰস্বতী , অনিৰুদ্ধ , শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে নৰ নাৰায়ণৰ সভা উজ্বলাই ৰাখিছিল। ইয়াত চিলাৰায়ৰ বিশেষ স্বৰূপ সহায় আছিল।

নৰনাৰায়ণ আৰু চিলাৰায় দুয়ো শিৱ ভক্ত আছিল। সেয়ে, ঠায়ে ঠায়ে অসংখ্য দেৱ-দেৱালয় পাতি শিৱ-দুৰ্গাৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছিল। কিন্তু, চিলাৰায়ে যেতিয়া শংকৰদেৱৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম ভাল পোৱা হ’ল, তেতিয়া শংকৰদেৱক প্ৰাণৰ দেৱতা কৰিবলৈ একান্ত ইচ্ছা হ’ল। 

আনহাতে, নৰনাৰায়ণে শংকৰদেৱক শাস্তি বিহিবলৈ যত্ন কৰিলে। চিলাৰায়ে গুৰুজনাক নিজৰ কোঠাৰ ভিতৰতে লুকুৱাই ৰাখিছিল। তাৰ পিছত সুযোগ বুজি আৰু সু-ব্যৱস্থাৰে ৰজাৰ সন্মুখত এনেদৰে উপস্থিত কৰালে যে, নৰ নাৰায়ণে শংকৰক আদৰ কৰিব লগীয়াত পৰিল। 

শংকৰ দেৱৰ গুণ-গৰিমাত চিলাৰায় মোহিত হৈ সপৰিবাৰে প্ৰভুৰ পৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। নৰনাৰায়ণেও শংকৰদেৱৰ পাণ্ডিত্যত সন্তোষ পাই ৰাজসভাত ৰাখে। তাৰ পাছত, তেওঁলোকৰ সহযোগত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে।

১৫৭৯ খ্ৰীষ্টাব্দত চিলাৰায়ৰ গংগাতীৰত বসন্তৰোগত মৃত্যু হয়। বর্তমান এই বীৰজনাক শ্ৰদ্ধাজনাই বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয়। বীৰ চিলাৰায়ৰ স্মৰণত, ২০০৫ চনৰে পৰা অসম চৰকাৰে তেওঁৰ জন্ম দিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰে । তদুপৰি, সাহসিকতাৰ পৰিচয় দিয়া লোকক বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল।

* Must visit : Cultural History of Ahom Kingdom - The Ahom Culture

Download GK E-book for Competitive Exam - Click Here

• সহায় লোৱা হৈছে -

১. হৰিনাৰায়ণ দত্ত বৰুৱা (১৯৯০). চিলাৰায় (পঞ্চম প্ৰকাশ) জ্যোতীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা (History of Assam) ।

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

• অসম দিৱস বা ছ্যুকাফা দিৱসৰ বিষয়ে

• Biography of Lachit Barphukan in Assamese

• Assam History GK on Ahom Kingdom

Well if you like the Biography of Bir Chilarai-The Great Warrior of Koch Kingdom | মহান যোদ্ধা বীৰ চিলাৰায়  for Competitive Exam do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.